by Arup Kakoti

‘‘বিহুটি নামেৰে তিনিটি আখৰে
কোনে লিখি গ’ল শিলত,
ঘূণেও নধৰে মামৰেও নধৰে
আছে অসমীয়াৰ প্ৰাণত৷’’
সঁচাকৈয়ে বিহু অসমীয়াৰ প্ৰাণ, অসমীয়াৰ স্বাভিমান৷ বিহু অসমৰ জাতীয় উৎসৱ, যাৰ লগত জাতীয় জীৱনৰ সকলো আশা আকাংক্ষা, ৰং-আনন্দ, আবেগ-অনুভূতি ওতঃপ্ৰোতভাৱে জড়িত৷ বিহুক বাদ দি অসমীয়া জাতিৰ কৃষ্টি-সংস্কৃতি, সভ্যতা আৰু সাহিত্যৰ পথাৰখন উৰুঙা হৈ ৰ’ব৷ বিভিন্ন জাতি-জনজাতি, কৃষ্টি-সংস্কৃতিৰ সংমিশ্ৰণত গঢ়ি উঠা অসমীয়া সংস্কৃতি এখন জীপাল তথা বিশাল পথাৰ৷ কিন্তু বহুতে ভাবে বিহু নিৰ্দ্দিষ্ট এটা ধৰ্মাৱলম্বী লোকৰহে উৎসৱ৷ কিন্তু এই ধাৰণা ভুল৷ কাৰণ অসমত বাস কৰা সকলো অসমীয়াই বিহুক নিজৰ বুলি ভাবিলেহে আমি বৰ অসম গঢ়িব পাৰিম৷ যিহেতুকে বিহু ঐক্য-সম্প্ৰীতিৰ উৎসৱ৷ বিহু সাৰ্বজনীন হোৱাটো বাঞ্চনীয় বিভিন্ন জনগোষ্ঠীৰ নিজা উৎসৱ থাকিলেও বিহুকো নিজৰ উৎসৱ বুলি গ্ৰহণ কৰিলেহে আমি বৃহত্তৰ অসমীয়া জাতি বুলি চিনাকি দিব পাৰিম৷ অৱশ্যে বিহু জাতি, ধৰ্ম নিৰ্বিশেষে বহু ঠাইত পালন কৰে৷
সংস্কৃতি এখন বোৱতী নদীৰ দৰে৷ নদীয়ে যেনেকৈ কেতিয়াবা গতিপথ সলনি কৰে, ঠিক সেইদৰে সময়ৰ লগে লগে বিহুৰ ক্ষেত্ৰতো কিছুমান পৰিৱৰ্তন আহিছে আৰু অহাটো স্বাভাৱিক৷ পৰিৱৰ্তনৰ মাজেদি আহি বৰ্তমানৰ অৱস্থা পোৱা এই কৃষিভিত্তিক উৎসৱটি অসমীয়া জাতি থকালৈকে থাকিব আৰু ৰাখিব লাগিব৷
এতিয়া আহো মূল বিষয়লৈ অৰ্থাৎ বিহু সন্মিলনলৈ৷ সন্মিলনসমূহৰ নিৰ্দ্দিষ্ট বৈশিষ্ট্য, উদ্দেশ্য আৰু লক্ষ্য থাকে৷ ঠিক সেইদৰে বিহু সন্মিলন সমূহৰো নিৰ্দিষ্ট লক্ষ্য আছে৷ অসমীয়া ভাষা-সংস্কৃতিক ভালপোৱা, অসমীয়া কৃষ্টি-সংস্কৃতিৰ সংৰক্ষণ, প্ৰসাৰ আৰু প্ৰচাৰৰ হকে কাম কৰি ভাল পোৱা কিছুলোক একেলগ হৈ সামূহিকভাৱে বিহু পালন কৰাটোৱেই বিহু সন্মিলন৷ আগৰ দিনৰ দৰে মাহ জুৰি বিহু মৰাৰ দিন আৰু এতিয়া নাই৷ আনকি এক সপ্তাহ জুৰি বিহুমৰা পৰিৱেশো নাই৷ ব্যস্ততাৰ মাজত বিহুৰ কেইটামান দিন ৰং-ৰহইচ কৰি সামূহিকভাবে সময়ৰ লগত খাপ খুৱাই বিভিন্ন কাৰ্যসূচীৰে বিহু পালন কৰে৷ বিহু সন্মিলনৰ লগত জড়িত ব্যক্তিসকলে অৱশ্যে তিনিটা বিহুৰ ভিতৰত ব’হাগৰ বিহুটোকে অধিক গুৰুত্ব দিয়া হয়৷ বিহু সমিতিসমূহে এই বিহুকে সামূহিকভাৱে জাক-জমকতাৰে পালন কৰে৷ কিন্তু দুই এখন সমিতি ব্যতিক্ৰম৷ এই ব্যতিক্ৰমী সমিতিয়ে ভোগালী বিহু আৰু কাতি বিহুও পালন কৰে৷ উদাহৰণ স্বৰূপে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা বৃহত্তৰ বালিগাঁও কেন্দ্ৰীয় বিহু সন্মিলনে অসমীয়া পৰম্পৰাৰে তিনিটা বিহু উদ্যাপন কৰে৷ যিকি নহওক বিহু সন্মিলনসমূহে বিহুৰ স্বকীয়তা ৰক্ষা কৰি বিহু উদ্যাপন কৰিলে উদ্দেশ্য সফল হয় আৰু হৈছে৷ গতিকে বিভিন্ন দিশৰ পৰা চালে বিহু সন্মিলনৰ প্ৰাসংগিকতা সকলোৱে স্বীকাৰ কৰিছে আৰু ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে৷
বিহু সন্মিলন বুলি ক’লে প্ৰতিযোগিতাৰ কথা ঘাইকৈ মনলৈ আহে৷ সংখ্যাত কম হ’লেও কোনো বিহু সন্মিলনৰ সমিতিয়ে কাতি বিহুত তুলসী ভেটি প্ৰতিযোগিতা, আকাশ বন্তি প্ৰতিযোগিতা, পলমকৈ ভেলাঘৰ নিৰ্মাণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷ এই প্ৰতিযোগিতাসমূহে নতুন প্ৰজন্মক বিহুৰ প্ৰতি আকৰ্ষিত কৰিছে৷ কিন্তু কেৱল বৈদ্যুতিক মাধ্যমত অনুষ্ঠিত কৰা ভেলাঘৰৰ অঘোষিত প্ৰতিযোগিতাই বিহুৰ ঐতিহ্য ৰক্ষা কৰাত সহায় কৰা নাই বুলি ধাৰণা হয়৷
ৰঙালী বিহু সন্মিলনত সাধাৰণতে হুচৰি, দলীয় বিহু, বিহুকোঁৱৰ, বিহুকুঁৱৰী, ঢোল-বাদন, বিহুনাম, পেঁপা বাদন আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷ এই প্ৰতিযোগিতাত যোগদান কৰিবলৈ ই২৬া কৰা যুৱক-যুৱতীয়ে বিহুৰ ৰীতি-নীতি, কিছুমান নাচ, হুচৰি নাম, বাদ্য, পোছাক আদি সম্পৰ্কত অধ্যয়ন কৰে৷ প্ৰয়োজন সাপেক্ষে অভিজ্ঞ লোকৰ পৰা জানি লয়৷ এই প্ৰক্ৰিয়াই বিহুৰ ঐতিহ্য ৰক্ষা কৰাত নি(য় সহায় কৰিছে আৰু কৰিব৷ কিন্তু নগদ ধনৰ পুৰস্কাৰৰ অঘোষিত প্ৰতিযোগিতাই কম বাজেটত পতা বিহু সন্মিলনক অপকাৰ নকৰা নহয়৷ বিভিন্ন কোম্পানীয়ে স্পন্সৰ কৰা বিহুত দামী সামগ্ৰী, চকুত লগা নগদ ধন আগবঢ়োৱা বাবে তেনে প্ৰতিযোগিতালৈ পাৰ্গত প্ৰতিযোগী ঢাপলি মেলে৷ ফলত বহুত বিহু সন্মিলনত ভাল প্ৰতিযোগী প্ৰায়ে দেখা নাযায়৷ হুচৰিতা নায়েই৷ এইটো ঠিক যে এগৰাকী বিহুৱতীক প্ৰতিযোগিতাত যোগদান কৰিব পৰাকৈ সাজু কৰিবলৈ যথেষ্ট ধনৰ প্ৰয়োজন হয়৷ সেয়েহে আমি ভাবো বিহু সন্মিলনত সমিতিসমূহে কিছু নগদ ধন আগবঢ়াব লাগে৷ এইটো সময়ৰ আহ্বান৷

বিহু সমিতিসমূহে অকল প্ৰতিযোগিতাতে গুৰুত্ব নিদি কৰ্মশালা অনুষ্ঠিত কৰি অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা বিহু নাচ, হুচৰি, বিহুত ব্যৱহাৰ হোৱা বাদ্য, বিহু নামৰ প্ৰশিক্ষণ দিলে প্ৰতিযোগিতাত প্ৰতিযোগীৰ অভাৱ নহয়৷ দুখৰ বিষয় যে বহুত বিহু সন্মিলন আয়োজক সমিতিয়ে ৰাতিৰ সাংস্কৃতিক সন্ধ্যাৰ বাবে আয়ৰ সিংহ ভাগ খৰচ কৰে৷ তাৰ পৰা আমাৰ ক্ষন্তেকীয়া আমোদৰ বাহিৰে একো নহয়৷ সেই বাজেটৰ কিছু অংশ প্ৰতিযোগিতাত খৰচ কৰিলে প্ৰতিযোগিতাৰ মানদণ্ড উন্নত হ’ব, প্ৰতিযোগীসকলৰ উপকাৰত আহিব আৰু দৰ্শকসকলো উপকৃত হ’ব৷ যিহেতুকে বৰ্তমান হুচৰি পাবলৈ নাই বুলিয়ে ক’ব পাৰি, গতিকে সমিতি সমূহে আদৰ্শ হুচৰিৰ দল আমন্ত্ৰণ কৰি প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিলে ভাল হয়৷ সন্মিলনৰ সমিতিসমূহে অসমৰ ঐক্য-সম্প্ৰীতি, ৰীতি-নীতি, আচাৰ-আদৰ্শ ৰক্ষা কৰিব পৰা কাৰ্যসূচী হাতত ল’ব লাগে৷ শেষত কওঁ যে পৰিৱৰ্তন আদৰণীয়, কিন্তু শিপাৰ পৰা বহুত আঁতৰত ৰখা পৰিৱৰ্তন আমাৰ কাম্য নহয়৷ nn