সাংবিধানিক আইন আৰু সু-নাগৰিক (ড॰ চিত্তৰঞ্জন বৰুৱা) – Purbodix.com

সাংবিধানিক আইন আৰু সু-নাগৰিক (ড॰ চিত্তৰঞ্জন বৰুৱা)

কেৱল ভোটাধিকাৰ সাব্যস্তকৰণেৰে নিজ দায়িত্ব আৰু কৰ্তব্য পালনৰ সচৰাচৰ দিশৰ দোহাই দি, অধিকাৰ ভোগৰ বাবে তৎপৰ হোৱা, এই সংকীৰ্ণ অৰ্থৰ সু-নাগৰিকৰ ধাৰণাৰ পৰা আঁতৰি অহাৰ সময় সমাগত৷ ই কেৱল সচৰাচৰ কাৰ্যত নামমাত্ৰ বিষয়ক বা নাগৰিক হোৱাৰ নামমাত্ৰ দিশ৷
এজন সু-নাগৰিকৰ যথাৰ্থতা কেৱল ৰাজনৈতিক চেতনাযুক্ত আচৰণ, ৰাজনীতিৰ তালিবাজি অথবা ধুৰ্ত সঞ্চাৰনশীলতা তথা অশুভ দিশৰ অংশীদাৰ নহয়৷ ক্ষমতাৰ সচ্চলতাও প্ৰকৃত নাগৰিকৰ সজ্জিত নীতি নহয় বা হ’ব নোৱাৰে৷ একেদৰে ৰাজনীতি দেশ তথা দেশৰ সেৱা-শাসন নীতিৰ অপবাদৰ দিশ কেৱল উন্মোচিত কৰা, ৰোজগাৰ-ব্যক্তিত্ব (Professionalism) ক সু-নাগৰিকৰ শাৰীত ধৰা অনুচিত৷ উল্লেখ থাকিল মহান-মহামানৱ-মনীষী¸ সমাজ নাগৰিক অথবা সু-নাগৰিক সমাজৰ পৰা পৃথক নতুবা সেই সমাজক একাকাৰ কৰা নহয়৷
মনীষী সমাজৰ চিন্তাৰ ব্যাপ্তিৰ দিশেই সেইসকলক সাধাৰণৰ পৰা পৃথক কৰে৷ অতি বাস্তৱ দিশেৰে বিশ্লেষণ কৰিলে সু-নাগৰিকৰ মনস্বী তথা উচ্চমনা দিশৰ সৈতে নিৰ্দিষ্ট কৰা দেশ-জাতিৰ সংবিধানৰ নীতি-দৰ্পণৰ নেৰা-নেপেৰা চৰ্চা অতীব প্ৰয়োজন৷ সংবিধানৰ অধ্যয়ন, চৰ্চা আৰু আলচ এজন সু-নাগৰিক হোৱাৰ নেপথ্যৰ প্ৰধান ফচল৷ ৰাজনৈতিকভাৱে প্ৰভাৱশালী, নীতিহীন ৰাজনীতিকৰ ক্ষমতা, বীৰ্যৱান ৰাজনৈতিক নেতৃত্বও বহু ক্ষেত্ৰত সু-নাগৰিকৰ উপমান নহয়৷ বহু ক্ষেত্ৰত এইসকল েস্বচ্ছাচাৰী (Imperial) ৰাজনৈতিক অপকাৰী কীট হিচাপে অভিহিত কৰা হয়৷ ইয়াৰ স্পষ্ট উমান আৰু তথ্য ৰাজনৈতিক ঘটনা বিৱৰণ-টোকা (Political Chronicle) সমূহত বিদ্যমান৷ ইয়াত ৰাজনৈতিক নেতা-প্ৰতিনিধিৰ অৰ্হতা আৰু নূন্যতম জ্ঞানৰ দিশটো আলোচনাৰ বিষয় হ’ব পাৰে৷ এবাৰ অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে জন প্ৰতিনিধিসকলৰ অৰ্হতা-জ্ঞান আৰু অধ্যয়নপুষ্ট দিশেটোৰ ওপৰত ৰাজহুৱাভাৱে মত প্ৰকাশ কৰি গুৰুত্ব আৰোপ কৰিছিল৷
সাংবিধানিক জ্ঞান-অৰ্জনেৰে দেশৰ প্ৰতিজনেই প্ৰকৃতাৰ্থত সু-নাগৰিক হোৱাটো গণতান্ত্ৰিক দেশ এখনৰ বাবে ৰাজনৈতিক অন্য এক বুনিয়াদ৷ অতি-বাস্তৱ কথাটো হ’ল আমাৰ আইনপালিকা (বিধান সভা আৰু কেন্দ্ৰীয় সংসদক সামৰা হৈছে) ১ প্ৰায়বোৰ সদস্যৰ আছে সাংবিধানিক বৌদ্ধিক চেতনাৰ প্ৰতি নিৰ্লিপ্ততা৷ সংসদ, য’ত আইন প্ৰণয়ন হয় আৰু যিসকল আইন সৃষ্টিৰ অংশীদাৰ৷ সেই ৰাজনৈতিক প্ৰতিনিধি সকলো প্ৰাথমিক কালত এজন নাগৰিক বা ভোটাৰহে৷ প্ৰতিনিধিসকলৰ ক্ষেত্ৰত সু-নাগৰিকৰ দিশটো উন্মোচিত হ’লে সমাজত ৰাজনৈতিক উদাৰতা আৰু কল্যাণ সঁচা অৰ্থত প্ৰতিষ্ঠা হ’ব৷

ভাৰতৰ সংবিধান, ১৯৪৯ ক প্ৰকৃতাৰ্থত ভাৰতৰ প্ৰধান মৌলিক আৰু মাতৃ আইন হিচাপে গণ্য কৰা হয়৷ সেয়ে ইয়াক সাংবিধানিক আইন (Constitutional Law) বুলি অভিহিত কৰে৷ সংবিধান তথা সাংবিধানিক আইনে বিধান সভা আৰু কেন্দ্ৰীয় সংসদত প্ৰণীত আইনসমূহক পুৰামাত্ৰাই সাংবিধানিক বৈধতাৰ দিশত নজৰ ৰাখে৷ সেয়ে পুনৰ উল্লেখ থাকিল জন-প্ৰতিনিধি বা অন্য নাগৰিক সমাজ পোন প্ৰথমেই সু-নাগৰিক হোৱাটো বাঞ্চনীয়৷ দাৰ্শনিকৰ চিন্তা আৰু চেতনাত নাগৰিকৰ সু-নাগৰিক হোৱাৰ যোগ্যতা বহু ক্ষেত্ৰত স্পষ্টকৈ উল্লেখ কৰিছে৷ দাৰ্শনিক প্লেটোৰ নাগৰিক সম্পৰ্কীয় ধাৰণাত এজন নাগৰিকৰ তীক্ষ্ণ জ্ঞান-বুদ্ধি সম্পৰ্কীয় (Intellectual Keenness) বিষয়টি উল্লেখ কৰিছে৷ তেওঁ এজন ব্যক্তি বা নাগৰিক তীক্ষ্ণ বুদ্ধিসম্পন্ন হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ সেইদৰে দাৰ্শনিক এৰিষ্টোটলৰ নাগৰিকত্ব শীৰ্ষক দৰ্শনত এজন নাগৰিক ৰাষ্ট্ৰ বা জাতীয় উদ্দেশ্যৰ লগত সহমত প্ৰকাশেৰে ৰাষ্ট্ৰৰ নিৰাপত্তাৰ স্বাৰ্থত আইনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা তথা তেনে ব্যক্তিক ভাল-নাগৰিক বুলি বিবেচিত কৰে৷ এই মহৎ দাৰ্শনিকৰ নাগৰিকত্ব সম্পৰ্কীয় মত-দৰ্শনৰ প্ৰাসংগিকতা আজি বহু ওপৰত৷ হয় আজি সাম্প্ৰতিক সময়ত আমাৰ সমাজত সু-নাগৰিকৰ অৰ্হতা তীক্ষ্ণ জ্ঞান-বুদ্ধি আৰু সাংবিধানিক জ্ঞান অৰ্জনৰ প্ৰয়োজনীয়তা অতীব প্ৰয়োজন৷ স্বাধীন ভাৰতৰ প্ৰাক্‌ক্ষণত ই সম্ভৱ নহ’লেও আজিৰ সামাজিক-ৰাজনৈতিক প্ৰেক্ষাপটত ইয়াৰ পূৰ্ণ ব্যৱহাৰিক প্ৰয়োগ জাতীয় কাম্য হোৱা উচিত৷
জনসাধাৰণৰ সু-নাগৰিকৰ তাত্ত্বিক আৰু ব্যৱহাৰিক আলোচনা-চেতনা উন্মোচনৰ বাস্তৱসন্মত কৰণীয় হিচাপে উল্লেখ কৰিব পাৰি৷ স্বাধীন ভাৰতৰ সংবিধান অধ্যয়ন আৰু চৰ্চাৰ কথা৷ ইয়েই হৈছে ফলপ্ৰসু আৰু সু-নাগৰিক হোৱাৰ সোপান৷ সংবিধানৰ দৰ্শন আৰু আত্মানুসন্ধানে দেশৰ জনতাক তথা নাগৰিক সমাজক অধিকাৰৰ পৰা মুক্তি দিব৷ সংবিধান অধ্যয়ন-অনুসন্ধান বা চৰ্চাৰ অবিহনে ভোট প্ৰদান, দল আৰু দলীয় নীতি পৰিচালনা নতুবা সক্ৰিয় বা পৰোক্ষ ৰাজনীতিত অংশগ্ৰহণ বা শাসনত অংশীদাৰ হোৱা ইত্যাদিয়ে সমাজ-ৰাজনীতিক অধিক-অধোগামী কৰিব৷ বহু ক্ষেত্ৰত দেখা যায় দল-দলীয় নেতা, কৰ্মী, জনপ্ৰতিনিধি (পঞ্চায়ত সদস্য, এম. এল এ আৰু এম. পি ক সামৰা হৈছে)সকল দেশ-জাতি-সমাজ আৰু সাংবিধানিক জ্ঞান শূন্যতাৰ স্পষ্ট ছবি হাতে হাতে৷ বহু সময়ত সেইসকল কেৱল দলীয় ব্যক্তিৰ প্ৰভাৱ আৰু কোনো প্ৰভাৱশালী ব্যক্তিৰ হাতৰ হাতিয়াৰ হৈ থকাৰ অগণন উদাহৰণ ভৰপুৰ৷ অতি পৰিতাপৰ দিশটো হ’ল জ্ঞাতে-অজ্ঞাতে নাগৰিকসকলেই এচাম ‘ৰাজনৈতিক দগাবাজক জনপ্ৰতিনিধি আৰু পিছত শাসনৰ ভাৰ অৰ্পণ কৰে৷ মুৰকত গভাইত ৰাজনৈতিক দগাবাজৰ হাতত বাৰে বাৰে নাগৰিক নিজেই লাঞ্চিত, প্ৰতাৰিত আৰু অপমানিত হয়৷ ইয়াৰ পিছত আমি অবলা-সাধাৰণ সৰল জনতা বুলি কৈ নিজে নিজৰ চুবুৰীৰ আলোচ্য বিষয় কৰিলে নহ’ব বা নিজক অবলা সজাই ভগৱানৰ নামত জীৱন জীৱিকা-সমাজ আৰু দেশক উৎসৰ্গা কৰা দিন উকলিল৷ ই নাগৰিকসকলে নিজেই নিজত নিজ-হাতেৰে দাগ মচিব নোৱৰা কালিমা সনাৰ উদাহৰণ হে হ’ব৷
কথাবোৰ যুক্তি সহকাৰে আঁতিগুৰি মাৰি ফঁহিয়াই চালে উত্তৰ ওলাব৷ আচলতে আমিবোৰ কিমান যোগ্য নাগৰিক৷ সাংবিধানিক নীতিৰে ৰাষ্ট্ৰ, সমাজ আৰু জাতিৰ উদ্দেশ্য আগুৱাই নিয়াৰ সময়ত যদি কাৰ্য্যতঃ সংবিধানৰ নীতিৰ ওপৰত অজ্ঞতা প্ৰকাশ কৰোঁ তেনেহ’লে আজি জনতাৰ মূৰৰ ওপৰত ৰাজনৈতিক দগাবাজে ওভতগোৰে নচাৰ বাবত কোন দায়ী হ’ব৷ সাংবিধানিক জ্ঞান আৰু নীতিৰ ৰাজনীতিৰ অজ্ঞতাৰ পাৰ্«ক্ৰিয়া হিচাপে–ৰাজনৈতিক আৰু আইনৰ চেতনা থকা ব্যক্তি-জন-নেতা সকলেও গণতান্ত্ৰিক দেশৰ অজ্ঞ জনতাক লৈ একো কৰিব নোৱৰা উদাহৰণ অনেক৷
এজন নাগৰিক দেশৰ সংবিধানৰ আত্মা-নীতি দৰ্শনক এই কাৰণে ফঁহিয়াই চোৱা দৰকাৰ যে ব্যক্তিয়ে–  (ৰ) নিজক অভেদ্য নাগৰিক হিচাপে প্ৰতিষ্ঠা কৰা; (২) সুশাসন-কুশাসনৰ নক্সা বুজাৰ পৰিৱেশ সৃষ্টি কৰা; (৩) চৰকাৰ-জনপ্ৰতিনিধি সেৱক নে শাসক তাৰ আদৰ্শগত ব্যাখ্যাৰ বাবে নিজক প্ৰস্তুত কৰা; (৪) ভোট-ভোটাৰ-নিৰ্বাচন ইত্যাদি বিষয় বিশ্লেষণৰ বাবে সু-বিবেচক কৰি গঢ়ি তোলা; (৫) শাসন, প্ৰশাসন আৰু জন সম্পৰ্কৰ গণতান্ত্ৰিক ধাৰণাক নিভুৰ্ল ভাবে প্ৰতিপালন কৰা; (৬) আৰু সাংবিধানিক অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতি ধাউতি বৃদ্ধি কৰা ইত্যাদি প্ৰধান ভাৰতৰ সংবিধানৰ সকলোবোৰ অনুচ্ছেদৰ চৰ্চা বা অধ্যয়ন নকৰিলেও বা সম্ভৱ নহ’লেও বিশেষকৈ সংবিধানৰ প্ৰস্তাৱনাৰ ব্যাখ্যা আৰু দৰ্শনৰ অধ্যয়ন আলোচনা-জ্ঞান অৰ্জন কৰা প্ৰয়োজন৷ শৈক্ষিক আৰু বিদ্যায়তনিক দিশেৰে নহ’লেও সাধাৰণ আলোচনাৰেই ইয়াক আয়ত্ব কৰাটো সম্ভৱ৷ বিশেষতঃ দুটা প্ৰধান উপমা– (ক) জনতা প্ৰধান বা জনপ্ৰধান (Supremacy of Citizen) (খ) সুচল গণতান্ত্ৰিক সংযোগ বা যোগাযোগ (Popular Democratic Communication) দিশ দুটা সাংবিধানিকভাবেই বুজি উঠা উচিত৷ এই দুটা দিশে প্ৰধানকৈ উদাৰ সমাজবাদী দেশ এখনৰ আধাৰ, এই দিশৰ চৰ্চা আৰু ব্যৱহাৰিক দিশ আওলিয়াই দিয়াটো যুগুত বা সম্ভৱপৰ হ’ব৷
ভাৰতৰ সংবিধানত উল্লেখিত নাগৰিকত্ব সম্পৰ্কীয় অনুচ্ছেদ–৫১ পৰা ১১ লৈ আলোচনা, চৰ্চা আৰু অধ্যয়ন অতীব প্ৰয়োজন৷ ইয়াৰ দ্বাৰা নাগৰিকত্ব দিয়া-লোৱা বৈধ-অবৈধ, স্বদেশী-বিদেশী আদি সংবিধানৰ ব্যাখ্যা নীতিৰ বিশদ আলোচনাৰ প্ৰয়োজনীয়তা আছে৷ তদুপৰি নাগৰিকত্ব নিৰ্দিষ্ট কৰা অনুচ্ছেদৰ সৈতে নাগৰিকত্ব সংসদীয় আইন (Porliamentary statute or legislation) বা বিল সম্পৰ্কেও চৰ্চাৰ বিষয় হ’ব লাগে৷ একেদৰে মৌলিক অধিকাৰ শীৰ্ষক অনুচ্ছেদসমূহৰ কথাও আলোচনা সমান্তৰালকৈ হোৱা উচিত একেদৰেই মানৱ অধিকাৰ আৰু আইন সমূহৰ ব্যাখ্যা আৰু সাংবিধানিক জ্ঞান অৰ্জন প্ৰতিগৰাকী নাগৰিকৰ অন্যতম কৰ্মসূচী হোৱা উচিত৷ দ্ৰুত গতিত মানৱ অধিকাৰ ভংগ হোৱা আৰু মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰ্মকাণ্ড অতি সহজ আৰু সাধাৰণভাবে জনতাৰ সন্মুখত দাঙি ধৰা নিতান্তই প্ৰয়োজন৷ মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰৰ অংগাংগী নীতি আৰু পৰিসৰ সম্পৰ্কত অন্য এক পৰ্যালোচনাৰ প্ৰয়োজন আছে৷ তেতিয়াহে অধিকাৰ ভোগ-দখল আৰু বঞ্চিত দিশ প্ৰকট ৰূপত প্ৰতিফলিত হ’ব৷ মৌলিক অধিকাৰ যে জনপূৰ্ণতা বা জনসমাগম (Populating Manner) ত শেষ নহয় তাৰো ব্যাখ্যা হ’ব লাগে৷ ইফালে সময়ে সময়ে অহা নিৰ্বাচনবোৰৰ সৈতে জনসাধাৰণ জড়িত হ’লেও অতি বাস্তৱ কথাটো হ’ল বহু সংখ্যকে নিৰ্বাচনী নীতিৰ আওভাও আৰু দলীয় কৰ্মসূচী প্ৰাৰ্থী বা জনপ্ৰতিনিধিৰ সম্পৰ্কত অজ্ঞ আদি দিশবোৰ সামৰি বিশদ   আলোচনা আৰু ব্যাখ্যা প্ৰয়োজন৷ সংসদীয় বা বিধান সভাৰ প্ৰতিনিধি, নিৰ্বাচন ক্ষেত্ৰত (Constituency) ইয়াৰ সাৰমৰ্ম বুজি নোপোৱা দিশবোৰে সচেতনজনে বা সামাজিক সচেতন মহলে চকু দিয়া দৰকাৰ৷ এইবোৰ আমাৰ চকুৰ সাক্ষী আৰু নিৰন্তৰ অভিজ্ঞতা৷ ইয়াক আমি তলত দিয়া ধৰণেৰে উল্লেখ কৰা উচিত হ’ব– (ৰ) এচাম জনতা সঁচাই অজ্ঞ আৰু সংবিধান তথা সাংবিধানিক আইনৰ আওভাও নুবুজা বা বুজি নোপোৱা৷ (২) এচাম জনতা কেৱল আনৰ লিখিলে জ্ঞাত৷ কিন্তু সি পূৰ্ণ বা বিতং তথ্যৰ পৰা বঞ্চিত৷ (৩) এচাম জনতাই কেৱল বিশেষ কাৰণত, প্ৰয়োজনত অধ্যয়ন কৰি নিজ প্ৰয়োজন পূৰণৰ হেতু পুনৰ বাৰ ইয়াৰ চৰ্চা বা প্ৰয়োগক অধিকাৰ কৰা৷ (৪) এচাম জনতাই নিজ বৃত্তি আৰু কৰ্মসূত্ৰে নিজক নিয়োজিত সংবিধানিক জ্ঞান অৰ্জন বা চৰ্চাৰ পৰা বিৰত  থাকে৷ (ৰাজনীতি বেয়া পাওঁ বা জড়িত নথকাৰ অজুহাত) ইত্যাদি৷
সংবিধান চৰ্চা, আলোচনা প্ৰকৃতাৰ্থত এজন সু-নাগৰিক অৰ্জনৰ জ্ঞান আৰু অৰ্হতাৰ পৰম্পৰা বুজায়৷ ইয়াত ৰাজনীতি ভালপোৱা অথবা শিক্ষিত-অশিক্ষিত-উচ্চশিক্ষিত অথবা বিশেষ শিক্ষাৰে শিক্ষিত আদি ব্যক্তিৰ কথা আলোচিত নহয়৷ সংবিধান আৰু সাংবিধানিক আইন-নীতি অনুধাৱনে সেই নাগৰিকৰ জীৱন ধাৰণ আৰু সামাজিক স্বকীয়তা বৰ্জনৰ দিশটো প্ৰতিফলন নঘটায়৷ বৰঞ্চ নাগৰিকৰ স্বাভিমান, সামাজিক স্তৰত সামাজিক স্বকীয়তাৰ সন্মান অটুট ৰখাৰ অন্য এক সুযোগৰ অংশীদাৰহে হ’ব পৰা যায়৷
উদাহৰণ স্বৰূপে ৰাজ্যসমূহক দিয়া বিশেষ মৰ্যদা সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰি ‘‘The provision of the Administation of tribal Areas, Article ২২৪ (২)-২৭৫(ৰ)’’ অনুসৰি৷ একেদৰে ইয়াৰ সৈতে জড়িত আইনসমূহ, যেনে–The Sonowal Kachari Autonomous Council Act ২০০৫, The Mising Autonomous Council Act ১৯৯৫, বা The Rabha Hasong Autonomous Council Act ১৯৯৫ ইত্যাদি বহুতো আইনৰ নাম ল’ব পাৰি৷ যিবোৰ সংবিধানৰেই ফচল বা সাংবিধানিক উদ্দেশ্য পূৰণৰ বাবে প্ৰসাৰিত আইন৷ য’ত পূৰ্ণ স্বায়ত্ব শাসন (Maximum Autonomy) দিয়াৰ কথা আইনীভাবে লিপিবদ্ধ৷ স্বায়ত্ব শাসনৰ পূৰ্ণ সোৱাদ বা প্ৰয়োজন পূৰণ সংবিধান অধ্যয়ন-চৰ্চাৰ দ্বাৰাহে সম্ভৱ আৰু সু-নাগৰিকৰ কৰ্মৰ সৈতে জড়িত৷ নহ’লে সাংবিধানিক স্বায়ত্ব শাসিত আইন (Autonomy Law or Legislation)ৰ পৰাও সুফল নোপোৱাটো স্বাভাৱিক৷ সেয়ে নিৰ্দিষ্ট কৰা স্বায়ত্ব শাসিত অঞ্চলৰ নাগৰিক আৰু প্ৰশাসনীয় চৰকাৰী প্ৰতিনিধিও সমভাৱেই দায়বদ্ধ হ’ব লাগে৷
ই কেৱল সামাজিক বা ৰাজনৈতিকভাৱে সচেতন ব্যক্তিৰ বাবেই নহয়৷ ইয়াত ভোটাৰ প্ৰতিনিধি, মন্ত্ৰী আমোলা আৰু অন্য প্ৰশাসনীয় নেতৃত্ব আৰু কতৃৰ্ত্বৰ মূলতে এজন নাগৰিক৷ সেয়েহে কৰ্ম আৰু দায়িত্বৰ তাগিদাতেই সংবিধান অধ্যয়ন, সাংবিধানিক আইনৰ দ্বাৰা এখন সঁচা কল্যাণকামী সমাজৰ প্ৰকৃত চেতনাৰে জীপাল কৰা উচিত৷ আৰু মাতৃ আইন সংবিধানৰ লক্ষ্য আৰু উদ্দেশ্যৰ সৈতে সময়ে সময়ে প্ৰণয়ন কৰা আইনসমূহে সমাজ-জাতিৰ ভৱিষ্যতৰ সৈতে প্ৰত্যক্ষভাবে জড়িত৷
শেষত উল্লেখ থাকিল সংবিধান মানে সাংবিধানিক আইন৷ সাংবিধানিক আইনৰ মাতৃ আইন বা সৰ্বোচ্চ আইন হিচাপে বিবেচিত৷ ইয়াৰ সৈতে সময়ে সময়ে প্ৰয়োজনত প্ৰণয়ন কৰা আইন সমূহো সমানেই গুৰুত্বপূৰ্ণ আৰু প্ৰয়োগ সমভাৱেই হ’ব লাগে৷ ইয়াৰ সাৰমৰ্ম তথা অন্বেষণ, লগতে ব্যৱহাৰিক দিশসমূহ এজন সু-নাগৰিকৰ দ্বায়িত্ব অধিকাৰ আৰু অস্তিত্বৰ সৈতে নিৰৱচ্ছিন্ন৷ ই কেৱল সংবিধান অধ্যয়নৰ দ্বাৰাহে সু-নাগৰিক হোৱাৰ সুযোগ সম্ভৱ৷
অধিবক্তা
গুৱাহাটী উচ্চ ন্যায়ালয়
ড্ৰ-mail-dr.chittaranjanphdঞ্ঝgmail.com       

Leave a Reply

Your email address will not be published. Required fields are marked *