by Arup Kakoti

অসমৰ মাটিৰ বুকুত, প্ৰতিজন অসমীয়াৰ হৃদয়ৰ পৰা স্বতঃস্ফূৰ্তভাৱে নিঃসৃত হোৱা প্ৰিয়তম আৰু সৰ্বশ্ৰেষ্ঠ শব্দটোৱেই বোধহয় ব’হাগ৷ অসমৰ আৰু অসমীয়াৰ বাবে স্বাভিমান, অহংকাৰ, গৌৰৱ আৰু আত্মপৰিচয়ৰ প্ৰতীকো এই ব’হাগেই৷ ব’হাগৰ এই অনন্য অনুভূতি, গৌৰৱ গাঁথা, অহংকাৰক কেন্দ্ৰ কৰি যুগে যুগে সৃষ্টি হৈ আহিছে অলেখ, অজস্ৰ বিহুনাম, বিহুগীত৷ ব’হাগৰ আগমনত চহাৰ সবল প্ৰাণত সাৰ পাই উঠা এই বিহুনাম, বিহুগীতসমূহত দেখা যায় প্ৰকৃতিৰ অনুপম ৰূপ- সুধাৰ বৰ্ণনা, প্ৰেম-বিৰহৰ গাঁথা, সমসাময়িক ঘটনা-পৰিঘটনাৰ প্ৰতি২৬বি৷ বিহুৰ এই বিনন্দীয়া ৰূপ আৰু গৰিমাক কেন্দ্ৰ কৰি আমাৰ কবি, সাহিত্যিক, গীতিকাৰ, শিল্পীসকলেও সৃষ্টি¸ কৰি থৈ গৈছে বহু কালজয়ী চিত্তাকৰ্ষক ৰচনা৷ এই লেখাত ব’হাগকলৈ ৰচনা কৰা ড॰ নিৰ্মলপ্ৰভা বৰদলৈৰ কেইটামান বাচকবনীয়া গীতৰ বিষয়ে চমু আৱলোকন কৰিবলৈ চেষ্টা কৰা হ’ব৷
আধুনিক অসমীয়া গীতি-সাহিত্যক ভাব-ভাষা, ৰূপ-ৰসেৰে সমৃদ্ধ কৰাসকলৰ ভিতৰত ড॰ নিৰ্মলপ্ৰভা বৰদলৈ এগৰাকী উল্লেখযোগ্য গীতিকাৰ৷ কুৰি শতিকাৰ পঞ্চাশৰ দশকতে প্ৰতিষ্ঠা লাভ কৰা এইগৰাকী গীতিকাৰৰ হাতত প্ৰায় ডেৰহাজাৰ গীত ৰচিত হৈছিল৷ বিষয় বৈচিত্ৰ্য, আৱেগ-অনুভূতি আৰু গীতিব্যঞ্জক মাধুৰ্যই তেখেতৰ গীতসমূহক সকলো ফালৰপৰাই সমৃদ্ধ কৰিছে৷ গীতসমূহ ৰচনা কৰি তেওঁ অসমীয়া গীতৰ ধাৰাত এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে৷ ড॰ সত্যেন্দ্ৰনাথ শৰ্মাই ৰৈছে– ‘‘তেওঁৰ বিভিন্ন উপলক্ষ্যে ৰচনা কৰা গীতৰাজিৰ মাজত যোগসূত্ৰ স্থাপন কৰি গীত ৰচনাৰ সাধাৰণ বৈশিষ্ট প্ৰদৰ্শন কৰিবলৈ অসুবিধাজনক যদিও ৰচনা-শৈলীৰ মাধুৰ্যৰ মাধ্যমেদি ধৰাৰ বিচিত্ৰ খণ্ড খণ্ড সৌন্দৰ্যই আত্মপ্ৰকাশ কৰা দেখা পাওঁ৷’’ৰ নিৰ্মলপ্ৰভা বৰদলৈৰ গীতৰ পুথি তিনিখন হ’ল– ‘সোণবৰণীয়া আই’ (১৯৮০), ‘সুৰুযমুখী’ (১৯৮৫) আৰু ‘ফুলৰ এই মেলাতে’ (২০০২)৷ ‘সোণবৰণীয়া আই’ দেশপ্ৰেমমূলক গীতৰ সমষ্টি, ‘ফুলৰ এই মেলাতে’ত মুঠ ৫২৩ টা গীত সন্নিৱিষ্ট আছে৷ একবিংশ শতিকাৰ আৰম্ভণিৰ সময়ছোৱালৈকে নিৰৱচ্ছিন্নভাৱে গীত ৰচনা কৰি যোৱা বৰদলৈৰ প্ৰতিটো গীতৰ মাজেৰে এক বাৰ্তা প্ৰেৰণ কৰাৰ চেষ্টা অনুভৱ হয়৷ অসমীয়া ভাষা-সাহিত্য অসমীয়াৰ জাতীয় অস্তিত্ব আদি ভিন্ন বিষয় তেওঁৰ গীতত থাকিলেও মানৱ জীৱনৰ বৈচিত্ৰ্য তেওঁৰ গীতৰ বক্তব্যত সুন্দৰভাৱে ধৰা পৰিছে৷
১৯৩৩ চনত শিৱসাগৰত নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম হয়৷ দেউতাক ধৰ্মেশ্বৰ শৰ্মা বৰদলৈ আৰু মাক মুক্তাবালা বৰদলৈ৷ শিক্ষা জীৱনৰ আৰম্ভ হৈছিল শিৱসাগৰতে৷ ফুলেশ্বৰী হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি শিৱসাগৰ কলেজৰ পৰা আই. এ. পাছ কৰি সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা বি.এ পৰীক্ষাত উত্তীৰ্ণ হোৱা বৰদলৈয়ে ১৯৫৫ চনত অসমীয়া বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম. এ ডিগ্ৰী আৰু একেখন বিশ্ববিদ্যালয়ৰ পৰা পি. এইচ. ডি লাভ কৰিছিল৷ ১৯৫৮ চনৰ পৰা সুদীৰ্ঘকাল গুৱাহাটীৰ বি. বৰুৱা মহাবিদ্যালয়ত অধ্যাপনা কৰাৰ পিছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা পদত নিযুক্ত হয় ১৯৭৫ চনত৷ এই বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ জৱাহৰলাল নেহেৰু আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে৷ ১৯৮৩ চনত ‘সুদীৰ্ঘ দিন আৰু ঋতু’ গ্ৰন্থখনৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰে৷ অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী মহিলা সভাপতি ৰূপে ১৯৯১ চনত দুধনৈ অধিৱেশনত সভাপতিত্ব কৰিছিল৷ বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ছোৱাতে কবিতা আৰু অন্যান্য ৰচনা লিখিবলৈ লোৱাৰ লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাবে গীত লিখিবলৈ লয় আৰু অতি কমদিনৰ ভিতৰতে এগৰাকী জনপ্ৰিয় গীতিকাৰৰূপে পৰিগণিত হয়৷ নিৰ্মলপ্ৰভা বৰদলৈৰ গীতবোৰ অসমৰ সকলো গায়ক-গায়িকাই গাবলৈ ই২৬া প্ৰকাশ কৰিছিল৷ ইয়াৰ পৰা অসমীয়া সংগীত জগতত গীতিকাৰ হিচাপে তেওঁৰ স্থান কেনেকুৱা সেয়া অনুমান কৰিব পাৰোঁ৷ দিলীপ দত্তই কৈছে– ‘‘আজি অসমৰ এনে এজন সুৰকাৰ বিচাৰি পোৱা টান হ’ব যি ড॰ নিৰ্মলপ্ৰভা বৰদলৈয়ে ৰচা গীতত সুৰ দিয়া নাই৷’’২ তদুপৰি নিৰ্মলপ্ৰভা বৰদলৈয়ে ‘ফুলৰ এই মেলাতে’ৰ পাতনিত নিজেই কৈছে– ‘‘অসমীয়া শিল্পীসকলৰ শতকৰা আশীভাগেই মোৰ গীতত কণ্ঠদান কৰি মোক ধন্য কৰিছে৷’’৩ কথাৰ অপূৰ্ব ভংগিমা, নিজস্ব ৰীতিৰে শব্দৰ মালা গাঁথি তেওঁ গীত লিখে৷ বিচিত্ৰ ৰূপৰ শব্দসম্ভাৰ, অনুপম বৰ্ণবিন্যাস আৰু সুৰৰ মনোহৰিত্বই বাখৰ লগোৱা অলংকাৰৰ দৰে তেওঁৰ গীতসমূহে শ্ৰোতাক মুগ্ধ কৰে৷

‘‘বিহু বিহু বুলি, অমিয়া মাতকে
কুলিয়ে মাতেহি
তগৰ কপৌ ফুলত
পখিলা পৰেহি
গছে গছে কুঁহিপাত
ন কাপোৰ যেনহে গাত…৷’’ (ফুলৰ এই মেলাতে, পৃষ্ঠা ঃ ৩০)
শীতৰ লঠঙা গছক বসন্তই চুমা যাচি ন-সাজ পিন্ধায়৷ পত্ৰে-পুস্পে সুশোভিত হৈ পৰে বসন্তৰ গছ-লতিকা৷ ধৰনী সলনি হৈছে এখন মনোমোহা ফুলনিলৈ৷ ময়লা বতাহে বোকোচাত কঢ়িয়ায় নানাবিধৰ ফুলৰ সুগন্ধি৷ ভোমোৰাৰ গুণ গুণ, ফুলৰ উষ্ম সম্ভাষণ৷ চৌদিশে ব’হাগক আদৰাৰ গোপন আয়োজন চলে৷ গছৰ খোৰোঙত ফুলা কপৌৰ পাহিবোৰে সোঁৱৰাই দিয়ে বসন্তৰ এক নৱ শুভাৰম্ভ৷ কুলিৰ সুৰীয়া মাতে আৰু মাজনিশা কেতেকীৰ বিননীয়ে সমগ্ৰ অসমক বসন্তৰ এক নতুন ৰঙেৰে ৰাঙলী কৰি তোলে৷ ঋতুৱে ঋতুৱে বৰণ সলোৱা প্ৰকৃতিৰ ৰম্যভূমি বৰ্ণাঢ্য অসমৰ চিত্ৰ-বিচিত্ৰ ৰূপ কুশলী চিত্ৰকৰৰ দৰে গীতিকাৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে তেওঁৰ বহুতো গীতত ধৰি ৰাখিছে৷ প্ৰকৃতিৰ পটভূমিতে তেওঁ আঁকিছে নানাৰঙী ছবি৷
‘‘কিয় উগুল থুগুল মনত
বাৰে বাৰে নিজকে চাওঁ
কিয় দাপোণত
ৰিঙা ৰিঙা কিয় লাগে
দূৰৰ পেঁপাৰ মাতত…৷’’ (ফুলৰ এই মেলাতে, পৃষ্ঠা ঃ ২৪৩)
বসন্তৰ স’তে মনৰ কি যে এক আজন্ম সম্বন্ধ৷ প্ৰকৃতিৰ সাজোন-কাচোনে আমাৰ জীৱনক জীপাল কৰে৷ নতুন পল্লৱে প্ৰাণে প্ৰাণে ন-জীৱনৰ বতৰা আনি দিয়ে৷ বসন্তৰ মৃদু বতাহজাকেই কঢ়িয়াই আনে প্ৰেম, উদ্বাউল কৰে মন, মতলীয়া কৰে তন৷ বসন্ত মানেই জীৱনৰ যৌৱন৷
‘‘বিহু আনন্দীয়া বিহু বিনন্দীয়া
বিহুটি বুকুৰে ধন
পাহাৰ-ভৈয়ামৰ একেটিয়ে সুৰ
বিহুতে বছৰৰ পণ…৷’’ (ফুলৰ এই মেলাতে, পৃষ্ঠাঃ ২৪৮)
পাহাৰে-ভৈয়ামে, গছে-বনে, ডালে-পাতে, ফলে-ফুলে, খালে-বিলে, নদ-নদীয়ে প্ৰাণ পাই উঠা ঋতুটোৱেই হ’ল বসন্ত৷ এনে এক ঋতুৰ আগমনতেই আমাৰ জাতীয় উৎসৱ বাপতিসাহোন ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি চলে শদিয়াৰ পৰা ধুবুৰীলৈকে৷ চাৰিওফালে এক উৎসৱ মুখৰ পৰিৱেশ৷ সমগ্ৰ অসমতে বিহুবলীয়া ৰাইজ ব্যস্ত হৈ পৰে৷ আমাৰ সমাজত দ্বিতীয় এনে কোনো উৎসৱ নাই যি অসমীয়া জাতিটোক একতাৰ ডোলেৰে বান্ধি ৰাখিব পাৰে৷ কেৱল বিহুৱেই এনে এক উৎসৱ যি সমূহ অসমবাসীক মৰমৰ ডোলেৰে বান্ধি ৰাখিছে৷
‘‘বাঁহৰ চাকে সাজি গৰুৰ গা ধুৱালোঁ
তৰাৰ পঘাডাল দিলোঁ…৷’’ (ফুলৰ এই মেলাতে, পৃষ্ঠা ঃ ৪৯)
চহা-জীৱনৰ লগত গৰুৰ নিবিড় সম্পৰ্ক আছে৷ গৰুক বশ কৰিবলৈ অথবা মহ-ডাহ খেদিবলৈ বিহুৰ দিনা এছাৰিৰ পৰিৱৰ্তে মাখিয়তি আৰু দীঘলতিৰ সৰু ডাল ব্যৱহাৰ কৰা হয়৷ বাঁহৰ চাকত সীঁ নিয়া লাউ, বেঙেনা, থেকেৰা গৰুৰ গালৈ মৰা হয়৷ কেৰেলা চাকত সীঁ লোৱা হয় কিন্তু গৰুৰ গালৈ মৰা নহয়৷ কাৰণ বিশ্বাস আছে যে, কেৰেলা মাৰিলে গৰু লেৰেলা হয়, গা ধুৱাই গৰুক পাৰলৈ তুলি আনি গৰুৰ সকলো আপদ-বিপদ নেওঁচা যাবলৈ পুৰণা পঘাবোৰ গৰুৰ ঠেঙৰ তলেৰে সৰকাই পেলোৱা হয়৷ গৰু বিহুৰ দিনা গৰুক ন-পঘা দিয়া হয়৷ তৰা গছৰ পঘাৰে বান্ধি তৰা গছৰ দৰেই সোনকালে ডাঙৰ-দীঘল হোৱাৰ কামনা কৰে৷ মুঠতে বিহুৰ প্ৰতিটো লোকাচাৰত আছে শ্ৰীবৃদ্ধিৰ কামনা৷
‘‘বাঁহৰে গৰকা
বাঁহৰে তাঁতশাল
কাঠৰে টোলোঠা, মাকো
আনিছো বিহুৱান
দি যাম বিহুৱান
বিহুতি পীৰিতিৰ সাকো…৷’’ (ফুলৰ এই মেলাতে, পৃষ্ঠা ঃ ৪৯)
চ’ত সোমাল, বিহু পালেহিয়েই বুলি মানুহৰ মন ব্যাকুল হৈ পৰে৷ ঘৰে ঘৰে জীয়াৰী-বোৱাৰী শিপিনীসকলে তাঁতশালত বিহুৱান প্ৰস্তুত কৰাত ব্যস্ত হৈ মৰমৰ দীঘ দি চেনেহৰ বাণীৰে বৈ বিহুৱানখনি প্ৰস্তুত কৰি চেনেহৰ চেনাইক দিবলৈ নাপালে যেন জীৱনটোৱেই অৰ্থহীন হ’ব৷ অন্যহাতে বিহুৱা ডেকাজনেও চেনেহীৰ হাতে বোৱা বিহুৱানখনি অধীৰ আগ্ৰহেৰে বাট চাই থাকে৷ মন কমোৱা তুলা হৈ উৰাৰ বয়সতে ডেকা-গাভৰুৰ প্ৰিয়জনৰ কাষলৈ উৰা মাৰে৷
‘‘ঢোলৰ মাতে শুনি অ’ ৰুণু জুনু
গছকত ভাঙি যাওঁ যঁতৰ ৰুণু জুনু
আহিছে ফুল
আহিছে নাচৰ
আহিছে ৰঙৰে বতৰ৷’’ (ফুলৰ এই মেলাতে, পৃষ্ঠা ঃ ১১৪)
চ’ত মাহৰ পৰাই আয়োজন কৰা বিহুৰ বিহুৱান ববলৈ ওলোৱা তাঁতশালখনত গাভৰুৰ মন নবহে৷ বিহু ওচৰ চাপি আহে মানে ডেকা-গাভৰুৰ গাত তত নাইকীয়া হয়৷ প্ৰিয়জনক চেনেহৰ মহুৰা ফুৰাই বৈ দিব যোৱা বিহুৱানখন নোটোতে৷ দূৰত চেনাইৰ ঢোলৰ গিৰগিৰণিত ঘৰত মন নবহে৷ বাৰে বাৰে সূতা ছিঙে৷ ফুল বাচোঁতে কেনা লাগে, সাজোন-কাচন কৰিবলৈকো সময়ৰ নাটনি৷ ঢোলত চাপৰ মাৰি ঢুলীয়া ওলালে৷
‘‘অ’ চেনাই ধনে মোৰ
নবজাবি পেঁপা তোৰ
উজান ভাটি কৰে মন
শুনি তোৰ ঐ পেঁপাৰ সুৰ
চেনাই ধন মো১…৷’’ (ফুলৰ এই মেলাতে, পৃষ্ঠা ঃ ১১০)
ম’হ ৰখীয়া ডেকাই পেঁপাৰ লহৰেৰে, মন পৰশা সুৰেৰে গাভৰুৰ মন উতলা কৰে৷ সেই পেঁপাৰ সুৰৰ কালিকাই গাভৰু নাচনীক বাউল কৰে- সেইদৰে বিহু মাৰিবলৈ বিহুৱা ডেকাই নাচনীলৈ বাট চাই আমনি পায়৷ পেঁপুৱা চেনায়ে নাচনী চেনেহীৰ আগমন নেদেখি অভিযোগ কৰে৷ আনফালে নাচনীৰ ক’তো মন নবহে৷ তৰি তোলা তাঁতখনত ঘনে পতি আউল লাগে৷ কোনোবা অনাখৰী সুৰৰ খনিকৰে নিজ উদ্ভাৱনী শক্তিৰে কোনো কাহানিতে ম’হৰ শিঙৰ খোলাটো বুটলি আনি যি শিল্পৰ সৃষ্টি কৰিলে- বাপতি সাহোন বিহুত সেই শিল্প- বাদ্যৰ প্ৰয়োজন অপৰিহাৰ্য৷
চ’তৰে চাপৰিত বিহুৰে সঁুহুৰি
ৰাঁই-জাঁই কৰে মনে
নৈৰে যুঁৱলিত ৰ’দে গা ধুলেহি
ক’জলা শেলুৱৈ বনে…৷’’
(ফুলৰ এই মেলাতে, পৃষ্ঠা ঃ ১১১)
সাধাৰণতে কৃষিভিত্তিক সমাজখনে নৈক জনজীৱনৰ লগত সাঙুৰি লয় আৰু নদীৰ লগত জীৱনৰ আশা-আকাংক্ষাবোৰ জড়িত হৈ থাকে৷ নিৰ্মলপ্ৰভা বৰদলৈৰ গীততো নদীয়ে স্থান পাইছে৷ নদী, প্ৰেম, জীৱন আৰু গতিশীলতাৰ প্ৰতীক৷ নদীবিহীন বিহু কল্পনা কৰা নাযায়৷ নদীয়ে সভ্যতা গঢ়ে৷ বোঁৱতী নদীৰ সতে সংস্কৃতিক তুলনা কৰা হয়৷ নদীৰ যিদৰে উত্থান-পতন হয়, সংস্কৃতিৰো হয়৷ নৈপৰীয়া লোক সমাজখনেই বাস্তৱ জীৱনৰ প্ৰতিফলন ঘটে বিহুত৷
‘‘কৃষ্ণাইৰ মূৰৰে
বকুল ফুল এপাহি
নিয়ৰ পাই মুকলি হ’ল অ’
পুৱাতে মুকলি হ’ল
অ’ ধেনু লৈ যাবৰে হ’ল…৷’’ (ফুলৰ এই মেলাতে, পৃষ্ঠা ঃ ৯২)
নিৰ্মলপ্ৰভা বৰদলৈয়ে গীত ৰচনা কৰোঁতে বহু সময়ত লোক-সংস্কৃতিৰ অংগ বিহুনামৰ পৰা সমল আহৰণ কৰিছিল৷ এই গীতটি তেনে এটি গীতৰ উদাহৰণ বুলি ক’ব পাৰি৷ হুঁচৰিৰ ঐতিহ্য বহনকাৰী পবিত্ৰ অনুষ্ঠান৷ বালক, বৃদ্ধ, পুৰুষ-মহিলাকে সুবিমল আনন্দ দিব পৰা ভক্তিমূলক অনুষ্ঠান৷ হুঁচৰিৰ আৰম্ভণিতে ঘোষাত গৃহস্থৰ কুশলাৰ্থে হৰি বোলা জয়ধবনিৰ আৰু সামৰণিৰ জয়ধবনি আশীৰ্বাদ দিয়া কাৰ্য সম্পূৰ্ণ ৰূপে বৈষ্ণৱ ভাবাদৰ্শ নিহিত হৈ আছে৷
‘‘জলপানৰ কাঁহী লৈ
সকলোটি মিল হৈ
বিধে বিধে চিৰা- পিঠা খোৱাত…’’ (ফুলৰ এই মেলাতে, পৃষ্ঠা, ৩৩)
বিহু আৰু পিঠা-পনাৰ এক এৰাব নোৱাৰা সম্পৰ্ক৷ এনে জা-জলপান পিঠা-পনাসমূহ অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ৷ এনে খাদ্য-সামগ্ৰীয়েও অসমীয়া সংস্কৃতিৰ সুকীয়া পৰিচয় বহন কৰে৷ এইসমূহ আমাৰ অমূল্য সম্পদৰ লগতে গৌৰৱৰো সম্পদ৷
‘‘বিহুত, কৰিছোঁ সেৱা আগ
বিহুত, যাচিছোঁ আশীৰ্বাদ
বিহুত, বিলালো মৰমৰ মাত…৷’’ (ফুলৰ এই মেলাতে, পৃষ্ঠা ঃ ২৫৮)
বিহুৰ দিনা ৰাতিপুৱাই সকলোৱে মাহ-হালধিৰে গা ধুই নসাজেৰে সৰুৱে ডাঙৰক সেৱা কৰি একেলগে জলপান খোৱাৰ পৰম্পৰা আছে৷ নিৰ্মলপ্ৰভা বৰদলৈ গীতত এই কথা প্ৰতিফলিত হৈছে৷
‘‘ৰঙৰ বিহুতলীত গজিছে দুবৰি
উলাহৰ কিৰিলি নাই
সময়ৰ শতৰুৱে প্ৰাচুৰ্যৰ নাচনীক
থ’লেনো ক’তে লুকাই…৷’’ (ফুলৰ এই মেলাতে, পৃষ্ঠা ঃ ৩২৭)
বৰ্তমান আধুনিক জীৱন ধাৰণৰ বাবে বিহুৰ পৰিৱেশ কিছু ম্লান পৰিছে৷ অসমীয়াৰ বাপতি সাপোন বিহুৰ স্বকীয় বৈশিষ্ট্য সাম্প্ৰতিক সময়ত ক’ৰবাত যেন নোহোৱা হ’ব ধৰিছে৷ বিহুৰ অস্তিত্ব ৰক্ষাৰ বাবেও এচামে হৈ চৈ কৰিবলগীয়া পৰিৱেশৰ উদ্ভৱ হৈছে৷ বিহুৱে মঞ্চলৈ গতি কৰাৰ লগে লগে নিভাঁজ স্বকীয় ৰূপ কিছু হেৰুৱাই পেলাইছে৷ কিন্তু আমাৰ লোককৃষ্টি প্ৰতিটো লোককৃষ্টি-সংস্কৃতিৰ লগত জড়িত হৈ থাকে পৰম্পৰা, যিয়ে ধৰি ৰাখে সংস্কৃতিৰ বৈশিষ্ট্য৷ স্বকীয়তা বিহীন সংস্কৃতি পৰিৱৰ্তিত হয় কলা বা শিল্পলৈ৷ শিল্প আৰু সংস্কৃতি একে নহয়৷ মঞ্চত উপস্থাপন কৰা বিহু সংস্কৃতি নহয়, ই এক কলা৷ আমাৰ সংস্কৃতিক উপস্থাপন কৰা কৌশল তাত নিহিত হৈ থাকে৷ কিন্তু ব’হাগ বিহুত ঘৰলৈ অহা হুঁচৰি জুৰা, গছৰ তলৰ গাভৰু বিহু আৰু গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু, চেৰা বিহু ইত্যাদি পালনৰ যি পৰম্পৰা আছে সেয়া হৈছে আমাৰ সংস্কৃতি৷
‘‘ব’হাগ মানেই আলিংগন
ব’হাগ এটি পণ
ব’হাগ মানেই ন সেউজ
সজীৱ সজীৱ মন
যি নহ’ল যোৱাবেলি
তাৰ আৰম্ভণি৷’’ (ফুলৰ এই মেলাতে, পৃষ্ঠা ঃ ২৪০)
আমাৰ ৰঙালী বিহুৰ স্বকীয় মৰ্যদা আছে৷ পৰিৱৰ্তনৰ সোঁততো সেই স্বকীয়তা আমি বজাই ৰাখিব লাগিব৷ যিহেতু ই আমাৰ জাতীয় উৎসৱ৷ বিহু অবিহনে এনে কোনো উৎসৱ আমাৰ মাজত নাই, যি অসমীয়া জাতিক একেলগে একেখন মঞ্চতে থিয় হোৱাৰ সুবিধা দিব পাৰিব৷ ই আমাৰ সমন্বয়ৰ প্ৰতীক৷ আমি ইজনে-সিজনৰ সতে উৱলি যোৱা সম্পৰ্কৰ এনাজৰী ব’হাগতে নকৈ গাঁথি বান্ধি লওঁ আঁটি আঁটি৷ তেহে ব’হাগ ব’হাগ হৈ ৰ’ব আমাৰ অসম ভূমিত৷ বিহুক আমি ধৰি ৰাখিবই লাগিব অন্যথা অসমীয়া জাতি দিকভ্ৰষ্ট হ’ব৷
গীতিকাৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে তেওঁৰ জৰিয়তে ঐতিহ্য- পৰম্পৰা-লোক-সংস্কৃতি সমলৰ সাৰ্থক প্ৰতিফলনেৰে বৰ্তমানৰ সমাজ ব্যৱস্থাৰ সৈতে জনসাধাৰণক মুখামুখি কৰিবলৈ প্ৰয়াস কৰিছে৷ ঐতিহ্য-পৰম্পৰা বা লোক-সংস্কৃতি যে আমাৰ কলাৰ সৈতে ঘনিষ্ঠভাৱে জড়িত সেই কথা তেওঁ ভালদৰেই অনুধাৱন কৰিব পাৰিছিল৷ ব’হাগক লৈ অসমীয়াৰ হেঁপাহৰ অন্ত নাই৷ বৰলুইত থাকে মানে ব’হাগক কেন্দ্ৰ কৰি অনাগত সময়তো অজস্ৰ গীত, কবিতাৰ সৃষ্টি হৈয়ে থাকিব৷ সমৃদ্ধ হৈ উঠিব অসমীয়াৰ গীত সাহিত্যৰ ভঁৰালত ব’হাগৰ গীত৷
প্ৰসংগ সূত্ৰ ঃ
(ৰ) ড॰ সত্যেন্দ্ৰনাথ শৰ্মা, অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত, পৃষ্ঠা ঃ ৪৪১
(২) দিলীপ দত্ত, নিৰ্মলপ্ৰভাৰ গীত আৰু নাৰীৰ জীৱন নদী, আগকথা৷
(৩) নিৰ্মলপ্ৰভা বৰদলৈ, ফুলৰ এই মেলাতে, পাতনি৷
সহায়ক গ্ৰন্থপঞ্জী ঃ
(ৰ) মূলগ্ৰন্থ ঃ
(ক) বৰদলৈ, নিৰ্মলপ্ৰভা, ফুলৰ এই মেলাতে, জ্যোতি প্ৰকাশন, গুৱাহাটী, দ্বিতীয় পৰিৱৰ্ধিত সংস্কৰণ, ১৯৯৫
(২) প্ৰসংগ গ্ৰন্থ ঃ
(ক) গোস্বামী, লোকনাথ, অসমীয়া আধুনিক সংগীতৰ ইতিহাস, প্ৰকাশক ঃ দেৱেন কলিতা, ৰেখা প্ৰকাশন, গুৱাহাটী-ৰ, প্ৰথম প্ৰকাশ ২০১৬৷
(খ) দত্ত, দিলীপ, নিৰ্মলপ্ৰভাৰ গীত আৰু নাৰীৰ জীৱন নদী, শ্ৰী ভূমি পাব্লিচিং কোম্পানী ৭৯, মহাত্মা গান্ধী ৰোড, কলিকতা-৭০০০৩৯, প্ৰথম তাঙৰণ, নৱেম্বৰ, ১৯৮৫
(গ) বৰদলৈ, নিৰ্মলপ্ৰভা, জীৱন জীৱন বৰ অনুপম, প্ৰকাশক ঃ নগেন শৰ্মা, জ্যোতিপ্ৰকাশন, তৃতীয় প্ৰকাশ, ফেব্ৰুৱাৰী, ২০০৭৷
(ঘ) হাজৰিকা, জ্যোতিৰেখা, নিৰ্মলপ্ৰভাৰ নিৰ্মল আভা, বনলতা, ডিব্ৰুগড়, প্ৰথম প্ৰকাশ ২০০৫৷
(ঙ) শৰ্মা, সত্যেন্দ্ৰনাথ, অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, প্ৰকাশক ঃ সৌমাৰ প্ৰকাশ, দশম সংস্কৰণ, পুনৰ মুদ্ৰণ ঃ ২০১৫৷
(৩) গৱেষণা গ্ৰন্থ – কণিকা ঃ
(ক) বুঢ়াগোঁহাই, ৰশ্মি ঃ নিৰ্মলপ্ৰভা বৰদলৈ গীতৰ এক বিশ্লেষণাত্মক অধ্যয়ন, এম. ফিল ডিগ্ৰীৰ বাবে দাখিল কৰা গৱেষণা গ্ৰন্থ – কণিকা, অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০১৬ (অপ্ৰকাশিত)৷
(৪) আলোচনী ঃ
(ক) শইকীয়া, চন্দ্ৰপ্ৰসাদ (সম্পা.), গৰিয়সী, ড॰ নিৰ্মলপ্ৰভা বৰদলৈ ঃ শ্ৰদ্ধাজ্ঞ, একাদশ বছৰ, একাদশ সংখ্যা, ২০০৪৷
(খ) ডেকা, বজেন্দ্ৰনাথ (সম্পা.), বাতাৰ্পখিলী, চৰ্তুবিংশ বছৰ, প্ৰথম সংখ্যা, অক্টোবৰ, ২০১৮৷ nn