
অধিকাৰ বুলিলে আমি বুজো যে পুৰুষ-মহিলা উভয়ে ভোগ কৰিব পৰা স্বাধীনতা৷ সকলো মানুহেই জন্মগতভাৱে স্বাধীন, সম মানদণ্ডৰ আৰু সম অধিকাৰৰ অংশীদাৰী৷
ভাৰতবৰ্ষত স্বাধীনতাৰ সময়ৰ পৰাই মহিলাসকলে ভোটাধিকাৰ লাভ কৰে৷ ১৯৯২ চনৰ ৩১ জানুৱাৰীত ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠন কৰা হৈছিল৷ ইয়াৰ অধীনত সকলো ৰাজ্যত ৰাজ্যিক মহিলা আয়োগ গঠন কৰা হয়৷ এই আয়োগে মহিলাসকলৰ সাংবিধানিক বা অন্যান্য সকলো অধিকাৰ সুনিৰ্দিষ্ট কৰাৰ লগতে মহিলাসকলৰ সকলো প্ৰকাৰৰ অভিযোগৰ প্ৰতি দৃষ্টি ৰখা, সকলো প্ৰকাৰৰ সা-সুবিধা প্ৰদান কৰা আৰু মহিলাসকলক নিজৰ সকলো অধিকাৰৰ প্ৰতি সজাগ কৰি ৰাখে৷
নাৰীসকলৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ আমাৰ দেশৰ সংবিধানত বহুতো উল্লেখযোগ্য অনুচ্ছেদৰ অন্তভুৰ্ক্ত কৰা হৈছে৷ সংবিধানত উল্লেখ থকা কিছুমান অনুচ্ছেদ হ’ল ১৪ নং অনুচ্ছেদ ঃ সমতাৰ অধিকাৰ ঃ ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত বসবাস কৰা যিকোনো ব্যক্তিক আইনৰ দৃষ্টিত সমান বা আইনসমূহৰ দ্বাৰা সমভাৱে ৰক্ষিত হোৱাৰ অধিকাৰৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰিব৷
১৫ নং অনুচ্ছেদ ঃ ৰ) জাতি-ধÊৰ্ম-বৰ্ণ বা জন্মভূমিৰ ভিত্তিত কোনো ৰাজ্যই কোনো ভেদাভেদ কৰিব নোৱাৰিব৷
২) যিকোনো নাগৰিকে জাতি-ধৰ্ম-লিঙ্গ বা জন্মভূমিৰ ভিত্তিত বা ইয়াৰ এটা কাৰণৰ বাবে অযোগ্য বুলি কোৱা নহ’ব৷
দেশৰ নাগৰিকে দেশৰ যিকোনো ঠাইত বাস কৰা, বাণিজ্য কৰা বা দৃষ্টিনন্দন স্থান পৰিদৰ্শন কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা কৰিব নোৱাৰিব৷
১৬ নং অনুচ্ছেদ ঃ যিকোনো সামাজিক বা চৰকাৰী কামৰ ক্ষেত্ৰত দেশৰ প্ৰতিজন নাগৰিকৰে সম অধিকাৰ আছে তথা যিকোনো ৰাজ্যত যিকোনো কৰ্মত নিয়োগৰ ক্ষেত্ৰত জাতি-ধৰ্ম-লিঙ্গৰ প্ৰাধান্যতা থাকিব নোৱাৰিব৷
১৯ নং অনুচ্ছেদ ঃ বাক স্বাধীনতাৰ ক্ষেত্ৰত প্ৰতিজন নাগৰিকৰে সম অধিকাৰ আছে৷
২১ নং অনুচ্ছেদ ঃ কোনো ব্যক্তিক তেওঁৰ জীৱন বা ব্যক্তিগত স্বাধীনতাৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰিব৷
২৩ (ৰ) নং অনুচ্ছেদ ঃ মহিলা আৰু শিশুৰ ক্ষেত্ৰত মানৱ শ্ৰম আৰু অন্যান্য অনুৰূপ বলপূৰ্বক শ্ৰম নিষিদ্ধ কৰা হৈছে৷
৩৯(ক) নং অনুচ্ছেদ ঃ জীৱিকাৰ কাৰণে পুৰুষ-মহিলা সমানে সকলো নাগৰিকৰে অধিকাৰ থাকিব৷
৩৯ (ঘ) নং অনুচ্ছেদ ঃ পুৰুষ-মহিলা উভয়ে সমান কামৰ বাবে সম মজুৰি লাভ কৰিব৷
৪২ নং অনুচ্ছেদ ঃ কামৰ প্ৰাপ্য আৰু মানৱীয় অৱস্থা সুনিশ্চিত কৰিবলৈ আৰু প্ৰসূতি মংগলৰ কাৰণে ৰাজ্যই উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব৷
৪৬ নং অনুচ্ছেদ ঃ ৰাজ্যই দুৰ্বল শ্ৰেণীৰ লোকসকল বিশেষকৈ অনুসূচীত জাতি আৰু জনজাতিৰ শিক্ষা আৰু আৰ্থিক উন্নয়ন সাধিব আৰু তেওঁলোকক সামাজিক অন্যায় আৰু সকলো প্ৰকাৰৰ শোষণৰ পৰা সংৰক্ষণ কৰিব৷

৪৭ নং অনুচ্ছেদ ঃ ৰাজ্যই জনসাধাৰণৰ পৰিপুষ্টি আৰু জীৱন-যাপনৰ মান উন্নীত কৰা আৰু জনস্বাস্থ্যৰ উন্নতি কৰা প্ৰাথমিক কৰ্তব্য বুলি মান্য কৰিব৷
সম পাৰিশ্ৰমিক আইন অনুযায়ী, পুৰুষ আৰু মহিলাৰ সমান কামৰবাবে সমান মজুৰিৰ ব্যৱস্থা কৰা হৈছে৷
কাৰখানাত কৰ্মৰত মহিলাৰ বাবে আইনী ব্যৱস্থা
ৰ) মহিলা কৰ্মীৰ বাবে পৃথক প্ৰস্ৰাৱগাৰ আৰু ধোৱা-পখলাগৃহ দুৱাৰ সহ থাকিব লাগে৷
২) নিৰ্দিষ্ট পৰিমাণৰ ওজনতকৈ বেছি পৰিমাণৰ ওজন মহিলাৰ দ্বাৰা কঢ়িয়াব নোৱাৰিব৷
৩) মহিলা কৰ্মীক সপ্তাহত ৪৮ ঘণ্টা আৰু সপ্তাহত ১ দিন ছুটি দিব লাগে৷
৪) মহিলা কৰ্মীক পুৱা ৬ বজাৰ আগত আৰু সন্ধিয়া ৭ বজাৰ পিছত কাম কৰোৱাব নোৱাৰিব৷
প্ত) যদি ফেক্টৰীত ৩০ বা অধিক মহিলা কৰ্মী থাকে তেন্তে মালিক পক্ষই মহিলাসকলৰ শিশুসকলৰ বাবে শিশু প্ৰতিপালন গৃহৰ ব্যৱস্থা কৰি দিব লাগে৷
প্ৰসৃতি কল্যাণ আইন মতে, সন্তান জন্ম লাভ কৰাৰ পিছত নিৰ্দিষ্ট সময়লৈকে কৰ্মস্থানত যোগদান কৰিব নালাগে, মেডিকেল বোনাচ পাব, সন্তান প্ৰসৱকালীন ছুটি হিচাপে মহিলাগৰাকীয়ে ১২ সপ্তাহ লাভ কৰে আৰু এই নিৰ্দিষ্ট সময়খিনিৰ দৰমহা লাভ কৰিব বা কতৃৰ্পক্ষই কৰ্তন কৰিব নোৱাৰে৷
মহিলাৰ অধিকাৰৰ স্বাৰ্থত আৰু বহু আইন প্ৰণয়ন কৰা হৈছে৷ কিন্তু কেতিয়াবা কেতিয়াবা দেখা যায় মহিলাসকলে এই আইনসমূহৰ ধাৰাবোৰৰ অপপ্ৰয়োগ কৰে৷ এই আইনসমূহৰ সুযোগ গ্ৰহণ কৰি বা আইনৰ অপব্যৱহাৰ কৰি বিপৰীত পক্ষক অনাহকতে শাস্তি দিয়া কাৰ্য অত্যন্ত দুৰ্ভাগ্যজনক৷ nn
[DISPLAY_ULTIMATE_SOCIAL_ICONS]