বিহুত ব্যৱহৃত বাদ্যযন্ত্ৰ (স্বপ্না বৰঠাকুৰ) – Purbodix.com

বিহুত ব্যৱহৃত বাদ্যযন্ত্ৰ (স্বপ্না বৰঠাকুৰ)

অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ হ’ল বিহু৷ স্বকীয় বৈশিষ্ট্যৰে উজনি-নামনিৰ সমন্বয়ৰ এনাজৰী সুদৃঢ় কৰা বিহু হ’ল অসমীয়া জনজীৱনৰ হিয়াৰ আঁমঠু৷ বাপতি সাহোন৷
মুকলি আকাশৰ তলত নদীৰ তীৰত আত্মপ্ৰকাশ ঘটা, সামন্তীয় যুগত স্বৰ্গদেউ, ডা-ডাঙৰীয়াৰ চোতালত প্ৰৱেশ কৰা, পৰৱতীৰ্ পৰ্যায়ত মানুহৰ চোতালে চোতালে পৰিদৰ্শন কৰা বিহু সম্প্ৰতি চহৰ-নগৰৰ মঞ্চত প্ৰৱেশ ঘটিছে৷ বিহুগীতৰ বুকুত সংৰক্ষিত হৈ আছে অসমৰ সামাজিক ইতিহাস, ৰাজনৈতিক, অৰ্থনৈতিক, ধৰ্মীয়, সাংস্কৃতিক জীৱনৰ প্ৰায় সকলো দিশ৷ এই সকলো দিশ বিহু নাচ আৰু গীতত প্ৰতিফলিত হ’লেও প্ৰকৃতিৰ বুকুত লালিত হোৱা বিহুৰ বাদ্যযন্ত্ৰসমূহ প্ৰায় একে ৰূপতে আছে৷ চহা জীৱনে প্ৰকৃতিৰ উৰ্বৰতাৰ বাবে সৃষ্ট বিহুনাচত ব্যৱহাৰৰ বাবে প্ৰকৃতিৰ উৎসৰপৰাই নিৰ্মাণ কৰি লৈছে বাদ্যযন্ত্ৰ সমূহ৷
বিহু নাচ-গীতত ব্যৱহৃত বাদ্যযন্ত্ৰসমূহ ঃ
তত বাদ্য ঃ তাঁৰেৰে প্ৰস্তুত কৰা বাদ্যবোৰক তত বাদ্য আখ্যা দিয়া হয়৷ ভাৰতৰ জাতীয় বাদ্য বীণ বা বীণা তত বাদ্য৷ গীতৰ সুৰৰ লগতে এক বিশেষ প্ৰকাৰে তালো ৰক্ষিত হয় এই বাদ্যযন্ত্ৰ সমূহৰ দ্বাৰা৷ বীণাক ভিন্ন নামেৰে জনা যায়– ৰুদ্ৰবীণা, ৰামবীণা, ৰুদ্ৰক বিলাস, বীণা, ৰিপঞি ইত্যাদি৷ আন আন তত বাদ্যৰ ভিতৰত টোকাৰী, দোতাঁৰা, লাও টোকাৰী, একতাঁৰা, গোপী যন্ত্ৰ বা আনন্দ লহৰী, ৰবাব, স্বৰমণ্ডল, চাৰিণ্ডা আদি৷
ঘন বাদ্য ঃ ধাতু, বাঁহ বা কাঠৰ দ্বাৰা তৈয়াৰী বাদ্যযন্ত্ৰ ঘন বাদ্যৰ অন্তৰ্গত৷ মূলতঃ তাল ৰক্ষাৰ বাবে এইসমূহ বাদ্যযন্ত্ৰ গীতত ব্যৱহাৰ কৰা হয়৷ তাল, ৰামতাল, খুটিতাল, ভোৰতাল, পাটিতাল, কৰতাল, বৰকাঁহ, সৰুকাঁহ, ঘণ্টা, নুপূৰ, টিলিঙা বা তেলেঙনা, জুলুকা, খঞ্জৰী, খঞ্জৰিকা, মন্দিৰা আদি৷
সুষিৰ বাদ্য ঃ মুখেৰে ফুঁ দি বজোৱা বাদ্যযন্ত্ৰবোৰ সুষিৰ বাদ্যৰ অন্তভুৰ্ক্ত৷ সুৰ সঞ্চাৰৰ বাবেই এই বাদ্যযন্ত্ৰসমূহ ব্যৱহাৰ কৰা হয়৷ যেনে–
শিঙা– বৰশিঙা, খংশিঙা, ৰামশিঙা, বাঁহী বা বংশী, বেণু বা মুৰুলী৷
কালি– কালিয়া, জয়কালি, ধীৰকালি৷
ভেৰী– ৰামভেৰী, ৰণভেৰী৷
শানাই (ছেহনাই), মহৰি, গগনা, সুতুলী, সাপপেঁপা, মুখবাঁশী বা বম বাঁশী আদি৷

আনন্দু বাদ্য ঃ মাটি, কাঠ, বাঁহ বা ধাতুৰ ফোপোলা মোনাৰ দুয়ো মূৰে বা এমূৰে চামৰাৰে আবৃত্ত বাদ্যযন্ত্ৰ৷ এনে বাদ্যযন্ত্ৰৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ ঢোল অন্তভুৰ্ক্ত৷ যেনে– ওজাঢোল, ঢেপাঢোল, বৰঢোল, জয়ঢোল, কৰকাঢোল, পাতিঢোল, মাজুঢোল, সৰুঢোল আদি৷ অসমৰ চাৰিটা অঞ্চলত পাঁচ প্ৰকাৰৰ পৰম্পৰাগত ঢুলীয়া অনুষ্ঠান আছে৷
(ক) কামৰূপৰ বৰঢুলীয়া৷
(খ) দৰং মানৌদৰ– জয়ঢোল আৰু ঢেপাঢুলীয়া অনুষ্ঠান৷
(গ) উজনিৰ ওজাঢুলীয়া৷
(ঘ) মধ্য অসমৰ নগাঁৱৰ– পাতিঢুলীয়া৷
অসমৰ আদি বাসিন্দা আৰু পাহাৰীয়া জাতিসমূহৰ ঢোল আৰু ঢোলজাতীয় বাদ্যসমূহ এনেধৰণৰ–
মিৰি– দুমদুম বা দুম্পাক (ঢোলোকী)
দেউৰী– দুৰুম (ঢালটং)
সোণোৱাল– ঢোল (ঢোলোক)
কাৰ্বি– চেং (চেং বুৰূপ)
হাজং– খিৰূপ (নিডং)
চাহ জনজাতি– ঢোল, মাদল (ঢাক)
তিৱা– খ্ৰামবাৰ, লিডংখ্ৰাম
বড়ো– তুম্বাং, পাতিঢোল
মৰাণ– খাম
জেমী– ঢোল
ডিমাচা– ইনচুম
ৰাভা– খ্ৰাম
কুকি, মাৰ ৰাংখ, বেইথে– খুবং৷
তাইফেই– খুৱাংপি, খৱাংনেই৷
খামটি– কং৷

বিহুৰ ঢোল বাঁও কান্ধত লৈ (পিঠিৰ ফালে) সোঁ কাষলতিৰ তলেৰে ৰছী থাকিব লাগে৷ ওজা-ঢুলীয়াৰ ক্ষেত্ৰত লোৱা ঢোলৰ দৰে (একোণত) বিহু ঢোল ল’ব নালাগে৷ সেইদৰে ঢোলৰ ছেওসমূহত বিহুনাচৰ ঢোলৰ ছেও বজাব লাগে৷ নাচনী ছেওসমূহত ৰগৰ হাতৰ তলুৱাৰে দিব লাগে৷
বিহু নাচনীক নচুৱাওঁতে ঢুলীয়াজনে নাচনীৰ নাচৰ তাল ঢোলৰ ছেৱত বা নাচনীয়ে ঢুলীয়াৰ ছেও অনুকৰণ কৰাতো নিতান্তই প্ৰয়োজনীয়৷
‘‘ঢোলে ভালে কৰি      বাবি ঐ ঢুলীয়া
ঢোলে ভালে কৰি বাবি
খৰকৈ নাবাবি       লাহেকৈ নাবাবি
নাচনীৰ ছেৱতে বাবি৷৷’’
ম’হৰ শিঙৰ পেঁপা ঃ
ম’হ শক্তি, সৌন্দৰ্য আৰু যৌৱনৰ প্ৰতীক৷ কিছুদিনৰ আগলৈকে গোপা ম’হৰ পিঠিত উঠি বিহুৱা ডেকাই গাভৰুৰ মন ভুলাইছিল৷ কলিয়া পেঁপাৰ বলিয়া সুৰে বিহুতলীত নাচনীৰ ছেও ধৰা নাচ নাচি বিহুত উল্লাসৰ বন্যা বোৱাইছিল৷
যথেষ্ট সময় আৰু কষ্টৰে পেঁপা তৈয়াৰ কৰা হয়৷ মৰা ম’হৰ শিং এৰুৱাই বোকাত, গোবৰত নতুবা গৰম পানীত সিজাই কোমল কৰি লোৱা হয়৷ ৰ’দত শুকাই বাৰে বাৰে চাঁচি চাঁচি শিং মিহি কৰা হয়৷ যিমানে মিহি হয় শিংটো সিমানে ব্যৱহাৰৰ উপযোগী হোৱাৰ লগতে মাত শুনিবলৈ শুৱলা হয়৷ মতা ম’হৰ শিঙতকৈ মাইকী ম’হৰ শিঙৰ মাত বেছি গধুৰ৷ সেইদৰে ম’হৰ সোঁফালৰ শিঙৰ মাত বাঁওফালৰ শিঙৰ মাততকৈ বেছি শুৱলা হয়৷ বগা ম’হৰ শিং আৰু ক’লা ম’হৰ শিঙৰ মাজতো পাৰ্থক্য আছে৷ সাধাৰণতে চাৰি বা ছয় দাঁত বয়সৰ মতা ম’হৰ শিং বেছি ভাল হয়৷ ম’হ মৰাৰ ছয় মাহৰ পাছত শিয়াল-শগুণে মঙহ খাই খোলা কৰা শিঙৰ মাত আৰু শুৱলা হয়৷ যিমানে শিং পুৰণি হয় সিমানে মাত শুৱলা হয়৷ পেঁপাৰ মুঠ অংগ চাৰিটা–
(ক) মূল শিং বা থুলা
(খ) নলিচা বা গেন্ধেলা
(গ) থিফ বা থুৰি
(ঘ) চুপহি
(ক) মূল শিং বা থুলা ঃ মৰা ম’হৰ শিং বোকা-গোবৰ নতুবা গৰম পানীত উতলাই শিংটো কোমল কৰা হয়৷ গোবৰত প্ৰায় তিনি মাহমান সুমুৱাই ৰখাটো অতি উত্তম৷ ইয়াৰ পাছত ছুৰী, কটাৰীৰ সহায়ত চাঁচি চাঁচি পাতল কৰি লোৱা হয়৷ সাধাৰণতে আগফাল অৰ্থাৎ জোং ভাগ ডাঠ আৰু মূৰত লাগি থকা ভাগ পাতল হ’লে ভাল৷ এই অংশটোকে মূল শিং বা থুলা বুলি কোৱা হয়৷
(খ) নলিচা বা গেন্ধেলা বা পৰশ ঃ পূৰঠ বিজুলী বাঁহৰ চাৰিৰ পৰা পাঁচ ইঞ্চিমান জোখৰ কাটি, দুয়ো মূৰে প্ৰায় এক ইঞ্চিমান বা কমকৈ ৰাখি মাজৰখিনিত সৰু লোৰ মাৰিৰে দুইত ৰঙা হোৱাকৈ গৰম কৰি চাৰিটা বা পাঁচটা ফুটাৰে নলিচা তৈয়াৰ কৰা হয়৷ এই ফুটাকেইটাত দুয়োহাতেৰে আঙুলি বুলাই বাহিৰলৈ ওলোৱা বায়ু নিয়ন্ত্ৰণৰ দ্বাৰা পেঁপাটি বজোৱা হয়৷
(গ) ৰিফ বা থুৰি ঃ নল খাগৰি বা বিজুলী বাঁহৰ আগৰ দুই বা তিনি ইঞ্চিমান দীঘল অংশৰ এমূৰে গাঁঠি ৰোৱাকৈ গাঁঠিৰ অলপ দূৰত চোকা সৰু কটাৰী বা ব্লেডৰ সহায়ত বতাহ সোমাব পৰাকৈ এক ইঞ্চিমান দীঘলকৈ জিভাৰ দৰে ফালি ল’ব লাগে৷ ভিতৰখন ভালদৰে চুঁচি, মচি শুকুৱাই, মিঠাতেল সানি নলিচাটোত সুমুৱাই দিব লাগে৷ এই ৰিফ বা থুৰিত ফঁু দিলে শব্দ হয়৷
(ঘ) চুপহি বা থুৰাই ঃ যিকোনো বাঁহৰ পৰা চুপহি তৈয়াৰ কৰিব পাৰি যদিও খুব পাতল বাবে বজাল বাঁহৰ জেং বেছি ভাল আৰু সহজে কৰিব পাৰি৷ ইয়াৰ ফুটাটো এক ইঞ্চিৰ আঠভাগৰ এভাগতকৈ অলপ ডাঙৰ হ’ব লাগে যাতে নলিচাটোত সুমুৱাব পৰা হয়৷ যিফালে জিভাখন কৰা হয় সেই ঠাই চাঁচি পাতল কৰি মূৰৰ পৰা অলপ আঁতৰত ব্লেডেৰে ৰেপ দিব লাগে৷ তাৰ পাছত ছুৰীৰে এক ইঞ্চিৰ প্ৰায় দহভাগৰ এভাগ ব্যৱধানত ফালি দিব লাগে৷ বজাই ভাল লগা চুপহি গৰম তেলত ডুবাই নতুবা তেল গৰম কৰি সিজাই ল’লে বেছিদিন ভাল হৈ থাকে৷
পেঁপাৰ চাৰি প্ৰকাৰৰ ছেও আছে৷ হুৰালি ছেও, নাম সম্বন্ধীয় ছেও, নিজা ছেও, খৰা ছেও আৰু দীঘল ছেও৷
‘‘পেঁপাৰ ছেও ধৰি      বাবি ঐ পেপঁুৱা
পেঁপাৰ ছেও ধৰি বাবি৷
খৰকৈ নেবাবি       উছাকৈ নেবাবি
নাচনী ছেৱতে বাবি৷’’
টকা ঃ জাতি বাঁহৰ আগ বা পুৰঠ বিজুলী বাঁহৰ আগলি অংশৰ পৰা টকা সজা হয়৷ তিনিটা গাঁঠিযুক্ত দুথাৰ বাঁহৰ এমূৰৰ গাঁঠিটো ৰাখি আনটো মূৰৰ দুটা গাঁঠিলৈ সমানে দুভাগ কৰি ফালি ল’ব লাগে৷ দুফালে দুখন হাতেৰে ধৰি বজাব পৰাকৈ পাবৰ অংশৰপৰা কিছু কাটি এৰুৱাই পেলাব লাগে৷ বিহুৱা নাচনী আৰু বিহুৱতীৰ নাচোনত বিহু নামৰ স’তে সংগত কৰা টকাৰ মাতে নাচোনত তাল ৰাখে আৰু শুনিবলৈও অধিক শুৱলা হয়৷
‘‘আগলি বাঁহৰে         টকাটি সাজিলোঁ
খিটিক্‌ খিটিক্‌ কৰি মাতে৷
টকাৰ মিহি মাতে     কঁকালটি ভাঙিলে
বিহু নাচিবলৈ পালে৷’’
গগনা ঃ বিজুলী বাঁহৰ আগলি অংশৰ বাঁহৰ দুফালে দুচাটি মাজতে এচাটি কৰি লাহৰি গগনা সজা হয়৷ বাঁহৰ আগলি অংশৰ ৫ বা ৬ ইঞ্চি মান কাটি জিভাখন পাতল আৰু সৰু কৰি লোৱা হয়৷
দুফালে দুচাটি মাজতে এচাটি মূগা সুতা লগাই টানি টানি বিহু নাচ, নামত বিহুৱতী নাচনীয়ে গগনাত সুৰ তোলে৷ বিহুগীতত আছে–
‘‘গগনা আৰণি          গগনা পুৰণি
গগনা কিহেৰে বাওঁ
দুফালে দুচাটি        মাজতে এচাটি
মূগা সুতা লগায়ে বাওঁ৷৷’’
অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত এই গগনাক বিভিন্ন নামেৰে জনা যায়৷ যেনে–
তিৱাসকলে– গমনা
মিচিংসকলে– গুংগা
বড়োসকলে– গংগনা
ৰাভাসকলে– গমেনা
জেমীসকলে– ইনটু নামেৰে জনা যায়৷
তিৱাসকলে শালি খেতিৰ কঠীয়া সিঁচোতে ঘৰে ঘৰে গগনা বজাই বিহু নৃত্য গীতত নামি পৰে-
‘অ’ বুঢ়ী চাউল দে
অ’ বুঢ়ী অ’ বুঢ়ী পিঠা দে
অ’ বুঢ়ী অ’ বুঢ়ী সান্দহ দে’– আদি গীত গায়৷ ইয়াৰে ‘‘অ’ বুঢ়া অ’ বুঢ়ী’’ ছোৱা গগনাত বজাই আৰু বাকী অংশ হাত চাপৰিৰে তাল ৰাখি ডেকাহঁতে গায়৷ এইদৰে নাচিলে বৰষুণ পৰে বুলি জনজাতিসকলৰ মাজত জনবিশ্বাস প্ৰচলিত হৈ আহিছে৷
সুতুলি ঃ সুতুলি সুষিৰ শ্ৰেণীৰ বাদ্য৷ মাটিৰে তৈয়াৰী সুতুলিৰ ভিতৰখন ফোঁপোলা৷ মধ্যভাগত দুটা সৰু ফুটা থাকে আৰু ওপৰত থকা আনটো ফুটাৰে ফুঁ দিলে শব্দৰ সৃষ্টি হয়৷ ভিতৰৰ বতাহখিনি ফুটা দুটাৰে ওলাবলৈ দি আঙুলি বোলাই এই সুতুলীৰ দ্বাৰা সুৰ সৃষ্টি কৰা হয়৷
সুতুলিৰ বিভিন্ন ধৰণৰ আকৃতি আছে৷ ইয়াৰ আকৃতি গোলাকাৰ, ম’হৰ শিঙৰ দৰে, ঘট পিঠা বা অৰ্ধচক্ৰাকৃতি কৰি মানুহৰ ৰুচি অনুযায়ী গঢ়ি লোৱা হয়৷ বিহুনামত গোৱা হয়–
আলিৰ মাটিৰে           সুতুলি সাজিলোঁ
বিহুতে বজামে বুলি৷৷’’
লোকনৃত্যৰ স্বতঃস্ফূৰ্ত বিকশিত ধাৰাত লোকবাদ্যসমূহ একা অপৰিহাৰ্য অংগ৷ চহা জীৱনৰ ই এক সাংগীতিক প্ৰতি২৬বি৷ হৃদয় ছন্দত আপোনা-আপুনি প্ৰতিধবনিত হোৱা ছন্দ, সুৰ, তাল, লয় প্ৰতিভাত হয় এই লোকসংগীত, লোকবাদ্যসমূহৰ মাজেদি৷ nn

Leave a Reply

Your email address will not be published. Required fields are marked *