
সাংস্কৃতিক জগতত স্ব-প্ৰতিভাৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা এটা নাম হ’ল অংশুমা শইকীয়া৷ গুবাহাটীত জন্ম লাভ কৰা অংশুমাই স্কুলীয়া শিক্ষাৰ লগতে গন্ধৰ্ব মহাবিদ্যালয়ৰ পৰা উডিছী নৃত্যত বিশাৰদ কৰে৷ ২০০৬ চনত তেওঁ উডিছী নৃত্যত সোণৰ পদকো লাভ কৰে৷
সৰুৰে পৰা অভিনয় ভালপোৱা অংশুমা শইকীয়াই লাভ অ’কে, চাহাৰা ৱান, ষ্টাৰ ৱান, ষ্টাৰ ভাৰতকে ধৰি কেইবাটাও ৰাষ্ট্ৰীয় চেনেলত পাৰদৰ্শীতাৰ ধাৰাবাহিক আৰু মনোৰঞ্জনধৰ্মী অনুষ্ঠানত অভিনয় কৰিছে৷

বৰ্তমান স্বামীৰ স’তে মুম্বাইত বাস কৰা অংশুমা শইকীয়া অভিনীত উল্লেখযোগ্য ধাৰাবাহিক আৰু অনুষ্ঠান হৈছে ‘গাত হুৱে পৰায়ে’ (ষ্টাৰ ৱান), ‘মিলে যব হাম তুম’ (ষ্টাৰ ৱান), জয় জয় জয় বজৰংবলী (চাহাৰা ৱান), জগ জগ জননী মা দুৰ্গা (কালাৰচ), সাৱধান ইণ্ডিয়া (লাইফ অ’কে), ড্ৰীম গাৰ্ল (লাইফ অ’কে), চালাম ইণ্ডিয়া (ডিডি কিষাণ), এক নয়ী সুবাহ (ডি ডি নেচনেল), দুৰ্গা মাতা কী ছায়া (ষ্টাৰ ভাৰত)৷ ইয়াৰ উপৰিও ফাৰ্ম কিং মছালা আৰু আৰ আৰ কবেলৰ বিজ্ঞাপনতোত তেওঁক দেখা গৈছে৷ nn[DISPLAY_ULTIMATE_SOCIAL_ICONS]