যোগাভ্যাসেৰে সুস্বাস্থ্য (প্ৰীতিশা গোস্বামী) – Purbodix.com

যোগাভ্যাসেৰে সুস্বাস্থ্য (প্ৰীতিশা গোস্বামী)

গণেশ মুদ্ৰা
(Ganesh Mudra)
যোগাভ্যাসত আসন প্ৰাণায়ামৰ লগতে হস্তমুদ্ৰাৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ৷ মুদ্ৰাৰ অভ্যাসৰ দ্বাৰা আমি সুস্বাস্থ্য বৰ্তাই ৰাখিব পাৰো৷ নিয়মিত মুদ্ৰাৰ অভ্যাসে আমাৰ শৰীৰৰ বিভিন্ন ব্যাধি দূৰ কৰাৰ লগতে মানসিকভাৱেও সুস্থ-সবল কৰি তোলে৷ প্ৰাচীন কালৰ পৰাই আমাৰ ভাৰতবৰ্ষত যোগ আৰু ধ্যানৰ পৰম্পৰা চলি আহিছে৷ গণেশ মুদ্ৰাও হস্তমুদ্ৰাৰ ভিতৰত এক উল্লেখযোগ্য মুদ্ৰা, যাৰ দ্বাৰা শাৰীৰিক-মানসিক বহুতো উপকাৰ লাভ কৰিব পৰা যায়৷
এই মুদ্ৰাৰ নিয়মিত অভ্যাসে আত্মবিশ্বাস আগৰ তুলনাত বহুত বেছি বৃদ্ধি কৰে৷ কঠিন কামো সফলতাৰে কৰিব পৰাৰ আত্মবিশ্বাস বঢ়াই তোলে৷ যিকোনো বস্তু শিকাৰ আগ্ৰহ বাঢ়ে৷ Tension, Depression আদি মানসিক বেমাৰ দূৰ কৰে৷ Blood Circulation বঢ়ায়৷ Metabolism বৃদ্ধি কৰে৷ Positivity বৃদ্ধি কৰে৷ Heart ১ বাবে খুব উপকাৰী এই মুদ্ৰা৷ ই Cardiac Muscles শক্তিশালী কৰে৷ এই মুদ্ৰা কৰিলে Chest muscle শক্তিশালী হয়৷ যিকোনো ধৰণৰ respiratory problem ত বহুত পৰিমাণে আৰাম পায়৷ আমাৰ শৰীৰৰ ওপৰৰ অশৰ (uper body) যি মাংসপেশী আছে, যেনে– Arms, Shoulder, Chest আদি যথেষ্ট সবল হয়৷ কলেষ্টৰেল লেভেল কম হয়৷ ব্ৰংকিয়েল টিউবো বহু পৰিমাণে খোল খায়৷ গণেশ মুদ্ৰাত যেতিয়া হাতৰ interlock মুদ্ৰাত ৰাখি হাতক সোঁফালে-বাওঁফালে উশাহৰ লগত টনা হয় তেতিয়া আমাৰ বুকু-হাওঁফাওৰ বিস্তাৰ হয়৷ গণেশ মুদ্ৰাৰ অভ্যাসে এলঝাইমাৰ (Alzheimer’ব্দ Disease) ১ দৰে ৰোগ হোৱাৰ পৰা বচাই ৰখাত সহায়ক হ’ব পাৰে৷
এই অভ্যাস Super Brain ১ চুপাৰ ব্ৰেইন যোগ অভ্যাসৰ শ্ৰেণীত পৰে, যি মস্তিষ্কক সক্ৰিয় আৰু সন্তুলিত ৰূপত ৰখাত সহায় কৰে৷ ইয়াৰ অভ্যাসে বয়স্কৰ লগতে ল’ৰা-ছোৱালী সকলোৰে ওপৰত এক গতিশীল প্ৰভাৱ পেলায়, যাৰ ফলত যিকোনো বিষয় শিকাৰ ক্ষেত্ৰত আগ্ৰহ বঢ়োৱাত সহায় হয়৷ ডিচ্‌লেক্‌চিয়া (Dyslexia), ADHD (Attention Deficit Hyperactivity Disorder) আদি ৰোগৰ বাবে উত্তম এই মুদ্ৰা৷ টাইট চ’ল্ডাৰ (Tight Shoulder), ফ্ৰ’জেন চ’ল্ডাৰ (Frozen Shoulder), চাৰ্ভিকেল চ’ল্ডাৰ (Cervical Spondylosis) আদি বহু পৰিমাণে হ্ৰাস পায় এই মুদ্ৰাৰ অভ্যাসৰ ফলত৷ স্মৰণ শক্তি বৃদ্ধিত সহায়ক হয়৷ ছালৰ উজ্জ্বলতাও বঢ়ায় এই মুদ্ৰাৰ অভ্যাসে৷ পাচনতন্ত্ৰ তথা পেট সম্বন্ধীয় বিভিন্ন ৰোগৰ বাবে এই মুদ্ৰা উত্তম বুলি বিবেচনা কৰা হয়৷
এই মুদ্ৰা কৰিবলৈ সুখাসন, পদ্মাসন ইত্যাদি যিকোনো আৰামদায়ক অৱস্থাত বহি ল’ব৷ চকীত বহিও কৰিব পাৰে৷ মেৰুদণ্ড সম্পূৰ্ণ চিধা থাকিব৷ দুই হাত চিত্ৰত দেখুওৱাৰ দৰে বুকুৰ সন্মুখলৈ আনি চকু বন্ধ কৰিব৷ এতিয়া দুই হাতৰ আঙুলি interlock কৰিব৷ উশাহ লৈ ইটো হাতেৰে সিটো হাতক টানিব৷ খুব জোৰ নিদিব, লাহেকৈ Press কৰি টানিব৷ উশাহ এৰি ঢিলা কৰি দিব৷ আকৌ উশাহ লৈ টানিব আৰু উশাহ এৰোঁতে ঢিলা কৰি দিব৷ এইদৰে পুনৰাবৃত্তি কৰিব৷ এইদৰে প্ত-৬ বাৰ কৰিব পাৰে৷ প্ৰথমে বাওঁহাতেৰে আৰম্ভ কৰিব৷ বাওঁহাতেৰে কৰিলে, বাওঁহাত ওপৰত থাকিব আৰু হাতটো ওলোটাই দি পিছৰবাৰ সোঁহাতেৰে কৰিব৷ তেতিয়া সোঁহাত ওপৰত থাকিব৷ সোঁহাতেৰে কৰোঁতেও প্ত-৬ বাৰ কৰিব পাৰিব৷ নিজৰ ধ্যান, উশাহ-নিশাহৰ ওপৰত ৰাখিব৷
এই ক্ৰিয়া ১৫ মিনিটতকৈ বেছি কৰা উচিত নহয়৷ কান্ধত যদি কিবা দুখ পোৱা আছে, তেনে অৱস্থাত নকৰিব৷ এই মুদ্ৰাৰ অভ্যাস খালীপেটত কৰিব আৰু শান্ত পৰিৱেশত বহি কৰিব৷ দুয়োফালে এ প্ত-৬ বাৰ কৰাৰ পিছত হাতত জ্ঞানমুদ্ৰা লৈ ৰিলেক্স কৰিব৷ এই মুদ্ৰা কৰাৰ উচিত সময় সূৰ্যোদয় বুলি কোৱা হয়৷
হিন্দু ধৰ্মত গণেশক প্ৰথম পূজ্য দেৱতা হিচাপে গণ্য কৰা হয়৷ পৌৰাণিক হিন্দু লোক কথাত সকলোতকৈ লোকপ্ৰিয় দেৱতা হিচাপে গণেশ দেৱতাক জনা যায়, যি আমাৰ ৰাস্তাত থকা সকলো বাধা দূৰ কৰাত আমাক সহায় কৰে বুলি বিশ্বাস কৰা হয়৷ সেয়ে গণেশক ‘বিঘ্নি বিনাশক’ বুলিও কোৱা হয়৷ গতিকে গণেশ মুদ্ৰাৰ আৰম্ভণি কৰক আৰু নিজৰ জীৱন সুখ-সমৃদ্ধিৰে ভৰাই তোলক৷ nn

Leave a Reply

Your email address will not be published. Required fields are marked *