by Arup Kakoti

সত্ৰ পৰিচয় ঃ (ৰ) মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱ-বৈষ্ণৱ ধৰ্মৰ অন্তৰ্গত সত্ৰখন হৈছে শ্ৰীশ্ৰী চলিহা বাৰেঘৰ সত্ৰ৷ মহাপুৰুষ জনাৰ মহাপ্ৰস্থানৰ সময়ত তেখেতৰ ধৰ্মভাৰ (উত্তৰাধিকাৰী) একান্ত ভকত মাধৱদেৱক (২) দি থৈ যায়৷ মহাপুৰুষ মাধৱদেৱে তেখেতৰ অন্তিম সময়ত তেখেতৰ শিষ্য (ভকত) সকলেৰে আলোচনা কৰি (জ্যেষ্ঠ ভকত বুঢ়া শ্ৰীৰামৰ পৰামৰ্শ মতে) ভৱানীপুৰৰ কালঝাৰ সত্ৰৰ (৩) গোপালদেৱক ধৰ্মাধিকাৰ পাতি থৈ যায়৷ এই দায়িত্বভাৰ দিয়াকে আজ্ঞা লোৱা বোলা হয়৷ ই হ’ল গুৰু পৰম্পৰা অৰ্থাৎ ‘‘আজ্ঞা মোৰে ভক্তি৷’’ এই পৰম্পৰা মতেই গোপাল আতাই (৪) বৰ যদুমণি দেৱক আজ্ঞা দিয়ে৷ যদুমণিদেৱে পিছৰ পৰ্যায়ত তেখেতৰ মুখ্য ভকত (৪) ৰমানন্দদেৱক আজ্ঞা দি ধৰ্মাধিকাৰ পাতে৷ এই ৰমানন্দ দেৱেই পিছত (৬) কৃষ্ণদেৱক আজ্ঞা দি ধৰ্মাচাৰ্য পাতে৷ তেখেতে বৰবাম নামৰ ঠাইত সত্ৰ পাতি ধৰ্ম প্ৰচাৰ কৰিছিল৷ বুঢ়ীদিহিং নদীৰ পাৰত অৱস্থিত সত্ৰখনক বানপানীয়ে উপদ্ৰৱ কৰি থকাত তেখেতৰ বৰপুত্ৰ (৭) সূদৰ্শনদেৱক দায়িত্ব দি তেখেত বৈকুণ্ঠগামী হয়৷
আহোম স্বৰ্গদেৱ গদাধৰ সিংহৰ দিনত হোৱা বৈষ্ণৱ নিৰ্যাতনৰ সময়ত সুদৰ্শনদেৱ শ্বহীদ হ’ব লগা হয় আৰু পুত্ৰ শ্ৰীৰামদেৱ ছদ্মৱেশত পলাই ফুৰিব লগা হয়৷ পিছত স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ দিনত নিৰ্যাতিত গুৰুসকলক পুনৰ সংস্থাপিত কৰে৷ বানপানীৰে বাবে শ্ৰীৰামদেৱে বৰধামৰ পৰা কিছু দূৰত বালিসত্ৰ (কেন্দুগুৰি) নামেৰে এখন সত্ৰ স্থাপন কৰে৷ এই শ্ৰীৰাম আতাৰ ওচৰতে অৰুণাচলৰ টিৰাপ জিলাৰ নক্তেসকলৰ (নগা নহয়) ৰজা নৰোত্তমে শৰণ লয়৷ উল্লেখ্য যে বহুতেই শঙ্কৰদেৱেই নগা নৰোত্তমক শৰণ দিয়ে বুলি প্ৰচাৰ কৰি আহিছে৷ কোঁচ ৰজা নৰনাৰায়ণে শঙ্কৰদেৱৰ ওচৰত শৰণ ল’বলৈ ই২৬া কৰিছিল যদিও শৰণ লবৰ আগদিনাই মহাপুৰুষজনাই দেহ ত্যাগ কৰিলে৷ সেই মনোবাঞ্চা পিছৰ জনমত পূৰণ হয় নক্তে ৰজা লথা খুনবাৱ ৰূপে৷ চৰিত্ৰ পুথিত পোৱা মতে
সেহিতো শঙ্কৰ ৰূপ – শ্ৰীৰাম হোৱন্ত
লোক কৃপা হেতু ইটো চৰিত্ৰ চ২৬১্ন্ত৷৷
অজ্জুৰ্নেসে নৰনাৰায়ণ ৰূপ ভৈলা৷
পুনু ৱসি নৃপ লথা খুনবাৱ ভৈলা৷৷
এই লথা খুনবাৱেই বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰাৰ পিছত নৰোত্তম নাম লয়৷ এই প্ৰবাদ পুৰুষ শ্ৰীৰাম আতাই পৰ্বত ভৈয়ামৰ মিলনৰ সাঁকো বান্ধি থৈ যায়৷ প্ৰকৃত কথাটো জনাজাত হোৱাটো বাঞ্চনীয়৷
উৎসৱটো কেনেদৰে পালন কৰা হয়ঃ ধৰ্ম প্ৰচাৰৰ উপৰিও প্ৰতিখন সত্ৰৰে নিজা নিজা সাংস্কৃতিক উৎসৱ পালিত হৈ আহিছে৷ এইখন সত্ৰতো ব’হাগৰ প্ৰথম মানুহ বিহুৰ দিনা উদ্যাপিত হোৱা ‘‘হালধী-পানী’’ লোৱা উৎসৱৰ আধ্যাত্মিক তাৎপৰ্য মন কৰিবলগীয়া৷

এই উৎসৱ কেতিয়াৰ পৰা আৰম্ভ হ’ল, ইয়াৰ কোনো ঐতিহাসিক তথ্য চৰিত্ৰ পুথিত পোৱা নাযায়৷ ইয়াত ব্যৱহাৰ হোৱা ‘‘ৰূপ বৰ্ণন’’ৰ এই গীত ভাগৰ সত্ৰৰ কিংবদন্তী পুৰুষ শ্ৰীৰামদেৱ আতাই ৰচনা কৰা৷ এই গীত ভাগৰ আঁত ধৰিয়েই অনুমান কৰিব পাৰি যে শ্ৰীৰামদেৱৰ দিনতেই আৰম্ভ হৈ অদ্যপৰিমিত চলি আহিছে৷
উদ্দেশ্য ঃ এই উৎসৱৰ উদ্দেশ্য হৈছে নতুন বছৰৰ কাৰণে সকলো ভক্ত বৈষ্ণৱ শিষ্যসকলৰ উপৰিও দেশ আৰু মানৱ জাতিৰ লগতে সকলো জীৱৰ মঙ্গল কামনাৰে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাই আশীৰ্বাদ প্ৰদান কৰাই উল্লেখযোগ্য পৰম্পৰা৷
নৱবৰ্ষৰ প্ৰথম মানুহ বিহুৰ দিনা এই উৎসৱ সত্ৰাধিকাৰৰ চ’ৰাত অনুষ্ঠিত হয়৷ ইয়াত অন্য ধৰ্মীয় অনুষ্ঠানৰ দৰে মাহ-প্ৰসাদ, নৈবেদ্য হিচাবে আগবঢ়োৱা নহয়৷ খুন্দি লোৱা কেঁচা হালধী, মিঠাতেল আৰু পানী মিহলি কৰি গুৱা-পানৰ শৰাই নৈবেদ্য হিচাবে আগবঢ়োৱা হয়৷ সত্ৰৰ সত্ৰাধিকাৰ প্ৰমুখ্যে ডেকা সত্ৰীয়া আৰু সাত মানভগীয়া ভকত সকলে সেৱা জনাই হৰি ধবনি দিয়ে৷

হৰি ধবনি ঃ জয় ৰাম বোলাঃ জয় হৰি বোলা৷ উৎসৱ কৰিয়ে হৰি বোলা৷ হৰিধবনি কৰাৰ পিছত শ্ৰীৰামদেৱ বিৰচিত ৰূপ বৰ্ণনৰ গীত গোৱা হয়৷
গীত ঃ
জয় জয় এ, জগজীৱন স্বামী,- হৃদয়ে আত্মা হৰি
গুৰু ৰূপী তুমি৷
সুন্দৰ অনুশোভন৷ জ্বলে সদাচাৰ গীত বসন৷৷
ভকতৰ প্ৰীতি শ্ৰীবৎস জ্বলে৷ আনন্দ হেম হাড্ ৰক্ষ স্থল৷৷
শৰণ প্ৰৱৰ্তনে ভঞ্জন ভক্তি আচৰণ৷ প্ৰবৰ্ত্তনে বৰ্ণমালা পঞ্চবৰ্ণৰ৷৷
…… ইত্যাদি৷
এই গীত ভাগ গোৱাৰ পিছত ‘‘কংস বধ’’ৰ দুভাগ কীৰ্তন দিয়াৰ নিয়ম আছে৷ ৰনং ঘোষা ঃ
জয় হৰি জয় ৰাম৷…..
পদ – গোপ ৰূপে নন্দৰ তনয়৷
শুভক্ষণে কৰিলা বিজয়৷৷
২নং ঘোষা ঃ প্ৰাণ হৰি গৈলা এৰি৷ …..
কীৰ্তন শেষ হোৱাৰ পিছত সকলো গুৰু ভকতে সেৱা জনাই আশীৰ্বাদ দিয়ে৷ (ক) নতুন বছৰৰ মানুহ বিহু উপলক্ষে সকলোৰে কল্যাণ কামনা কৰি সত্ৰাধিকাৰে আশীৰ্বাদ জনায়৷ সমূহ ভক্ত বৈষ্ণৱে জয় দিয়ে৷
জয়ভাগ ঃ জয় ৰাম বোলা৷ জয় হৰি বোলা৷৷ বুলি হৰিধবনি কৰিব৷
(খ) ভকত সকলে গুৰু বন্দনাৰে আশীৰ্বাদ দিয়ে আৰু ‘‘ভালী অ’ হৰি’’ বুলি হৰিধবনি কৰিব৷
(গ) সত্ৰাধিকাৰ, ডেকা সত্ৰীয়া গোসাঁই, সত্ৰৰ আই সকলৰ সত্ৰৰ ভক্ত বৈষ্ণৱ, শিষ্য আৰু সমূহ ৰাইজৰ কল্যাণৰ বাবে ভগৱন্তৰ ওচৰত আশীৰ্বাদ জনাব৷ ভকতসকলে অ’ হৰি, অ’ ৰাম বুলি হৰিধবনি কৰিব৷
(ঘ) পুনৰ সত্ৰৰ চাৰিওফালে উত্তৰ, দক্ষিণ, পূব, পশ্চিমৰ লোক সমস্তৰ কল্যাণৰ কাৰণে আশীৰ্বাদ দি সেৱা জনাব৷ এইদৰে ঃ ‘‘জয় ৰাম বোলা, জয় হৰি বোলা৷’’ বুলি হৰিধবনি কৰিব৷
(ঙ) টিৰাপ জিলাৰ পাহাৰে-ভৈয়ামে থকা নক্তে ৰজা-প্ৰজাসকলৰ মঙ্গলৰ কাৰণে আশীৰ্বাদ দিয়া হয় এইদৰে- ‘‘পুণু উৎসৱ কৰিয়ে হৰি বোলা হৰি৷’’ বুলি জয় দিয়া হয়৷
(চ) সাঁজ-সেৱা (নৈবেদ্য) সম্পৰ্কে, আগ-পাচ কৰোঁতে হ’ব পৰা দোষ-ত্ৰুটি দুই এষাৰ ক্ষমাৰ দৃষ্টিৰে সেৱা জনাই সামৰা হয় এইদৰে– ‘‘ইজানি উৎসৱ কৰি হৰি বোলা হৰি৷’’ বুলি সামৰা হয়৷ ইয়াৰ পিছত সত্ৰৰ প্ৰধান দেউৰী বিলনীয়াই হালধী পানীখিনি সত্ৰাধিকাৰ; ডেকা সত্ৰীয়া, মানভগীয়া ভকত আৰু নামত বহা ভকত সকলক দিয়া হয়৷ সকলোৱে এই নৈবেদ্য শিৰত লয় আৰু কোনো কোনোৱে পৰিয়ালৰ লোকৰ বাবে ঘৰলৈ লৈ যায়৷ হালধীৰ অনেক ঔষধি গুণ আছে৷
হালধী পানী ল’বলৈ সমবেত হোৱা ভক্তবৃন্দই ইতিমধ্যে চ’ৰাৰ সন্মুখৰ চোতালখনত পানী ঢালি বোকাময় কৰি লোৱা হয়৷ মাটি আমাৰ শৰীৰৰ লগত সম্পৰ্কিত আৰু মাটিৰো প্ৰাকৃতিক ঔষধি গুণ আছে৷ লোক বিশ্বাস মতে এই নামপুত হালধী পানী গাত ঘঁহিলে বছৰটোলৈ চৰ্মৰোগ মুক্ত কৰি ৰাখে৷
সত্ৰৰ প্ৰধান বিলনীয়াই চ’ৰাৰ সন্মুখৰ চোতালত সমবেত হোৱা লোকসকলৰ গাত চটিয়াই দিয়ে৷ বোকাময় চোতালত হালধী পানী লোৱা লোকসকলে মল্লযুদ্ধ কৰাৰ পৰম্পৰা আছে৷ এই দৃশ্য বৰ আমোদজনক৷ যুদ্ধ শেষ হ’লে ভক্ত সকলে হৰিধবনি কৰি পুনৰ নামৰ আৰম্ভণি কৰে৷
হৰিধবনি ঃ ‘‘ইজানি উৎসৱ কৰিয়ে হৰি বোলা৷ হৰি বোলা হৰি৷৷’’
ঘোষা ঃ হায় ঔ হৰি ঐ হৰি নাৰায়ণ৷
পদ ঃ (কীৰ্তনৰ) প্ৰথমে প্ৰণামে ব্ৰহ্মৰূপী সনাতন৷
সৰ্ব্ব অৱতাৰৰ কাৰণ নাৰায়ণ৷৷ (প্ৰথম অধ্যায় সম্পূৰ্ণকৈ গোৱা হয়৷ আকৌ ঃ
ঘোষা ঃ অ’ হৰি নাম ললে নহৰাই৷
পদ ঃ ‘‘সুদামাক বৰ দিয়া দামোদৰ’’ – কংস বধৰ পদ ভাগি সম্পূৰ্ণকৈ গোৱা হয়৷ ইয়াৰ মাজে মাজে ভাঙনি দি আধ্যাত্মিক ঘোষা পদ বেলেগ সুৰত (ৰাগত) গাই গাই আগবাঢ়ি যায়৷ (যেনে ঃ গৈছে ৰাম মৃগ মাৰিবলৈ- ২বাৰ সেইখিনি সময়তে দুষ্ট ৰাৱণে হৰি লৈ গ’ল সীতাক৷ ইত্যাদি)
পুনৰ (ৰ) ঘোষা ঃ ঔ হৰি নাম ল’লে নহৰাই– বেলেগ দিব পাৰে৷
পদ ঃ পুনৰ (ৰ) আৰম্ভ কৰা হয়ঃ
ঘোষা ঃ কায়স্থৰ কুলে, কুসুম্বৰ ঘৰে৷
শঙ্কৰদেৱ অৱতাৰ হৰে হৰে৷৷
পদঃ ভৈলাহা পৰশুৰাম নামে অৱতাৰ৷
প্ৰদক্ষিণ কৰি ভূমি তিনি সাতবাৰ৷৷ এই অধ্যায় গীত গাই ভকতসকলে ডেকাসকলক লগত লৈ সত্ৰৰ সমীপত থকা কোনো জলাশয়লৈ গৈ স্নান কৰেগৈ৷ স্নান কৰি তিতা বস্ত্ৰৰেই পদ-ঘোষা গাই উভতি আহে৷
ঘোষা ঃ ৰাম ৰাম অ’, ৰাম ৰাম অ’, ৰাম ৰাম অ’ ৰাম৷
হৰি ৰাম অ’, ৰাম অ’ ৰাম ৰাম অ’ ৰাম৷৷
পদঃ মধু দানৱ দাৰণ দেৱ বৰম্৷ বৰ বাৰিজ লোচন চক্ৰ ধৰম্৷৷…
এইদৰে সংস্কৃত স্তোত্ৰ গাই আহি থাকোঁতে সত্ৰৰ বাসিন্দাই গুৱা-পান- বস্ত্ৰৰ সৈতে আগবঢ়াই নিজৰ মনৰ অভিষ্ট সিদ্ধিৰ বাবে সেৱা জনাই আশীৰ্বাদ লয়৷ ভকতসকলে সেৱকীৰ মনৰ বাঞ্চা পূৰণৰ অৰ্থে আশীৰ্বাদ দিয়ে৷ নাম গাই গাই সত্ৰৰ পূৰ্বৰ সত্ৰাধিকাৰসকলৰ থানৰ সন্মুখত সমবেত হৈ নাম সামৰে৷ এইদৰে–
ঘোষা ঃ কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয়৷
পদ ঃ শুনিয়োক সৰ্ব্বজন কৃষ্ণৰ চৰিত্ৰ৷
আতপৰে আন পূণ্য নাহিকে কলিত৷৷…
পদ শেষ কৰি বাটত পোৱা গুৱাপান আগবঢ়াই সকলোৱে সেৱা জনাই মঙ্গল কামনা কৰে৷
হৰিধবনি কৰি নামৰ সামৰণি মাৰি সকলো নিজৰ ঘৰলৈ যায়৷ nn