অসমীয়া জাতি গঠনত বিহুৰ ভূমিকা (অৰূপজ্যোতি হাজৰিকা ) – Purbodix.com

অসমীয়া জাতি গঠনত বিহুৰ ভূমিকা (অৰূপজ্যোতি হাজৰিকা )

অৱতৰণিকা ঃ
‘‘ লুইতৰ বালিতে কঁহুৱা ফুলিছে
ফুলিছে শিমলু ফুল
ব’হাগী আয়ে সকলোকে আদৰে
নাই কোনো জাতি কুল৷’’
অসম বিভিন্ন জাতি-জনগোষ্ঠীৰে ভৰপূৰ এখন ৰাজ্য৷ এই লোকসকল হ’ল বড়ো, ৰাভা, কছাৰী, চুতীয়া, মৰাণ, মটক, কোঁচ, মেচ, ডিমাচা, মিচিং, দেউৰী, সোণোৱাল-কছাৰী, তিৱা, কাৰ্বি, কুকি আদি জাতি-জনজাতি সম্প্ৰদায়ৰ লোক৷ এইসকল লোকক লৈয়েই বৰ অসম গঠন হৈছে, এই গঠন প্ৰক্ৰিয়াৰ লগত জড়িত হৈ আছে এটা জাতীয় উৎসৱ৷ এই জাতীয় উৎসৱে সেই জাতিৰ জাতীয় চৰিত্ৰ বহন কৰে৷ সেইবাবেই কোৱা হয় অসমৰ জাতীয় চৰিত্ৰই প্ৰাধান্য পাইছে বিশেষভাৱে ব’হাগ বিহুতেই৷ তিনিওটা বিহুতেই বিহু উৎসৱৰ সাত্বিকতা পৰিলক্ষিত হয় যদিও বিশেষকৈ ব’হাগ বিহুৰ মাজতেই বিহুৰ প্ৰকৃত স্বৰূপ নিহিত হৈ আছে৷ এই বিহুৱেই সংস্কৃতি-সমন্বয়ৰ প্ৰতীক বা সমন্বয়ৰ এনাজৰী হৈ বিনাচৰ্তে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বিশেষ অৰিহণা যোগাইছে৷
বিভিন্ন জাতি-জনগোষ্ঠীৰ বিহু ঃ বিহু হৈছে বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষিজীৱী লোকৰ অতি আদৰৰ অতি হেঁপাহৰ প্ৰাণৰ উৎসৱ৷ ই প্ৰেম-প্ৰীতি বা মিলনৰ উৎসৱ৷ অসমত বাস কৰা জাতি গোষ্ঠীবোৰ বিভিন্ন নামেৰে বিহু পালন কৰে৷ বড়ো-কছাৰীসকলৰ ‘বৈশাগু’ উৎসৱ৷ ‘বৈশাগু মেথাই’ গীত গাই নৃত্য কৰি ডেকা-গাভৰুৱে প্ৰেম নিবেদন কৰে৷ ৰাভাসকলৰ ‘বায়খু’ উৎসৱ, মিচিংসকলৰ ‘আলি আই লৃগাং’, ডিমাচাসকলৰ ‘বুসু’ অৰুণাচলৰ ‘বাঞ্চো’ লোকসকলৰ ‘লুকুনাষ্ট’, টাংচাসকলৰ ‘চানবুনমোৰ’, টাংচাসকলৰ নৃত্য-গীতবোৰক আকৌ ‘কিডইউচি’ বুলি কয়৷ দেউৰীসকলৰ ‘কুণ্ডিমানা’ বা দেউৰীসকলৰ  ‘দেউৰী বিহু’, গালোংসকলে ‘মন্সিন’ বা ‘চলোং’, ডফলাসকলে ‘চবিন মালোছয়ম’, গাৰোসকলে ‘ৰংচুগালা’, ডফলাসকলে ‘ওৱাংগালা’, কোচ-ৰাজবংশীসকলৰ ‘বিচুৱা’ আদি কৰি বিভিন্ন জাতি-জনগোষ্ঠীসকলে বিহু পালন কৰে৷ এইবিলাকৰ মূল হৈছে নৃত্য-গীতৰ পয়োভৰ আৰু কৃষি কাৰ্যৰ প্ৰাৰম্ভণ প্ৰকাশ৷
অসমীয়া জাতি গঠনত বিহুৰ ভূমিকা ঃ অসমীয়া জাতীয় উৎসৱ বিহু তিনিটা৷ ব’হাগ বিহু বা ৰঙালী, কাতি বিহু বা কঙালী আৰু মাঘ বিহু বা ভোগালী৷ এই বিহু কেইটাই অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বিশেষ বিশেষ ভূমিকা লৈছে৷
ব’হাগ বিহু ঃ ব’হাগ বৰ্ণময় সৃষ্টিৰ প্ৰতীক৷ ব’হাগৰ আগমনত অসমীয়া জাতি-জনজাতিৰ বুকুলৈ নতুনত্ব আহে, স্পন্দনহীন মৰহা মনো জীৱন্ত সেউজীয়া হৈ উঠে, বুকুভৰা আশাৰে ন-কুঁহিপাত ওলায়৷ ব’হাগ জাতি-বৰ্ণ-ধৰ্মৰ সীমিত সীমনা অতিক্ৰমি মৰম-ভালপোৱা, মিলন বুজাপৰাৰ এনাজৰীৰে বান্ধি সকলোকে নচুৱাব পাৰে৷ এই ব’হাগ বিহুতে আছে মাদকতা, আনন্দ আৰু ঐতিহ্য৷ এই বিহুৰ বুকুত সোমাই আছে অসমৰ বিভিন্ন জনগোষ্ঠীৰ বাৰে-ৰহণীয়া সংস্কৃতিৰ উপাদান৷ এই বিহুৰ চতুৰাংগ হ’ল- নৱবস্ত্ৰ পৰিধান, নৃত্যনাম, সুমিষ্ট ভোজন আৰু প্ৰীতিপূৰ্ণ আদান প্ৰদান, সংহতি আৰু সম্প্ৰীতি ইয়াৰেই ফলশ্ৰুতি, বিহু বুলিলে কোনো জাতি-জনগোষ্ঠীৰ মানুহ ৰৈ থাকিব নোৱাৰে৷ ঢোল ডগৰ, পেঁপাৰ মাত, বাঁহী, টকা, সুতুলি, গগনাৰ শব্দত হিয়া উথলি উঠে সকলোৰে৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক লগত হৈ সমিল মিলেৰে বিহু সন্মিলন পাতে, হুঁচৰি মাৰে৷ ইয়েই জাতি-জনগোষ্ঠীৰ লোকসকলৰ মাজত সম্প্ৰীতিৰ ভাব জগাই তোলে৷ এই বিহুৰ লগতেই ৰজিতা খুৱাই লোকসকলে বিভিন্ন খেল যেনে– ম’হ যুঁজ, কণী যুঁজ, শেন কুকুৰাৰ যুঁজ, ৰাজহুৱা মেলা, নানা খেল-ধেমালিৰে মানুহৰ মাজত একতাৰ এনাজৰী গঢ়াৰ লগতে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বিশেষ ভূমিকা গ্ৰহণ কৰে৷
মাঘ বিহু ঃ এই বিহুত বিভিন্ন জাতি-জনজাতিৰ লোক লগ হৈ মেজি সজাই খৰি কাটি মেজিৰ জুই ফুৱাই, সম্প্ৰীতিৰে এসাঁজ ভাত খোৱাতো সমাজ এখনৰ উত্তৰণৰ একমাত্ৰ উৎসৱ৷ সেইদৰে এই বিহুতো বিভিন্ন সম্প্ৰদায়ৰ লোকৰ মাজত প্ৰচলিত কুকুৰা যুঁজ, ম’হৰ যুঁজ, বুলবুলি যুঁজ ইত্যাদিয়ে মানুহৰ মাজত একতাৰ এনাজৰী ডাল মজবুত কৰে৷ এই মেজিৰ জুইতে বিভিন্ন জাতি-জনজাতিৰ লোকে সমিল মিলে থাকিবৰ বাবে আশীৰ্বাদ লয়৷
কাতি বিহু ঃ এই বিহুতো সকলো সম্প্ৰদায়ৰ লোক লগ হৈ তুলসীৰ তলে তলে নাম গাই গাই আশীৰ্বাদ লয়৷ এই বিলাকে মানুহৰ মাজত ভেদাভেদ পাহৰাই অনাগত দিনত যাতে একতাৰ ডোলেৰে সকলোকে বান্ধি ৰাখিব পাৰি তাৰ বাবে উৎসাহ যোগায়৷
জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ বিহু অসমৰ বাপতিসাহোন৷ বিহুৱে অসমীয়া জাতিক একত্ৰিত কৰি জীয়াই থকাৰ বাবে প্ৰেৰণা যোগায়৷ সেইবাবে অসম ৰত্ন ড॰ ভূপেন হাজৰিকাৰ ভাষাৰে ক’ব পাৰি–
‘ব’হাগ মাথোন এটি ঋতু নহয়,
নহয় ব’হাগ এটি মাহ,
অসমীয়া জাতিৰ ই আয়ুসৰেখা,
গণ জীৱনৰ ই সাহ৷’

গছ আৰু নৈ পাৰৰ বিহু এদিন মঞ্চলৈ আহিল, মঞ্চত ইয়াৰ স্বাভাৱিকতা কিছু পৰিমাণে হ্ৰাস পালেও বিহুৰ জনপ্ৰিয়তা বৃদ্ধিত মঞ্চৰ ভূমিকা কিন্তু উলাই কৰিব পৰা বিধৰ নহয়৷ বিহুৰ বতৰত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো সম্প্ৰদায়ৰ ডেকা-গাভৰুৰ মন উখল-মাখল কৰে আৰু গছকত যতৰ ভাঙি যোৱাৰ দৰে উপক্ৰম হয়৷ নাচনিৰ ভৰিৰ গিৰিপনিত বসুমতী সৃষ্টি সম্ভৱা হোৱা বুলি প্ৰচলিত পৰম্পৰাই জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বৃহৎ অসমীয়া জাতি গঠনত গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা প্ৰায়বোৰ লোক-সংস্কৃতিৰ গৱেষকে আঙুলিয়াই দিছে৷ বিহুৰ সৈতে কৃষিৰ, খেতি পথাৰ, গৰুৰ, কৃষক আৰু ৰোৱনী-দাৱনীৰ যি সম্পৰ্ক সেয়া বিহুগীত আৰু নৃত্যৰ যোগেদি মুখৰিত হৈ কৃষিমুখী ভাৰতীয় সংস্কৃতিৰ প্ৰাণত সঞ্জীৱনী সুধাৰ সৃষ্টি কৰিছে৷ প্ৰকৃতি আৰু ঋতুৰ পৰিৱৰ্তনে কৃষিজীৱী জনগণৰ মনলৈ কঢ়িয়াই অনা এনে বিচিত্ৰ ভাব-কল্পনা আৰু প্ৰতীক-উপমাৰ সমাহাৰে বিহুক কৰি তুলিছে চিৰন্তন আৰু সাৰ্বজনীন–
‘‘যোৱাবেলি বাওধান পানীয়ে মাৰিলে
    এইবেলি বাওধান পাম
ডাঙৰজনী জীয়েকক ম’হে খুচি মাৰিলে
    সৰুজনী জীয়েকক পাম৷
যোৱাবেলি বাওধান পানীয়ে মাৰিলে
    ওপৰত উঠিল পুনি
চৰাই বিনন্দীয়া ফুৰে যোৰা পাতি
    তাৰো সমান নহ’লো আমি৷’’
বিহুৰ বাবে কোনো মানুহৰ মনত জাতিকুলৰ ভাব নাথাকে, চোৰ-ডকাইত, ৰিক্সাৱালা-ঠেলাৱালা, উগ্ৰপন্থী-ৰাজনৈতিক সকলো লোককেই একেটা মঞ্চতে থিয় কৰাব পাৰে কেৱল বিহুৱেই৷ যাৰ পৰশত সকলোৰে মন উথলি উঠি পৰস্পৰে পৰস্পৰক আপোন ভাবেৰে আঁকোৱালি ল’ব পাৰে৷ সেইবাবে ব’হাগত ন-সাজ পিন্ধি ন-যৌৱনা হোৱা প্ৰকৃতিৰ দৰেই সকলোৰে মনবোৰ উলাহত উৰে আৰু আমি গোৱা শুনো–
‘ঘৰতো নবহে মন সমনীয়া
    পথাৰতো নবহে মন,
কমোৱা তুলাবোৰ যেনেকৈ উৰিছে
    তেনেকৈ উৰিবৰ মন৷’
বৰ্তমান সময়ত দেখা যায় যে বিহু আৰু পৰম্পৰাৰ ক্ষেত্ৰত ৰংপুৰ নগৰ আৰু আহোমৰ ছশ বছৰীয়া ৰাজত্বকাল এই বিহুৰ জাকজমকীয়া ৰূপ৷ আহোম স্বৰ্গদেউসকলে ৰংপুৰত যুগমীয়া কৃতি নিৰ্মাণ কৰি অসমীয়া জাতিটোক মুকলি মনেৰে গাঁবলৈ, হাঁহিবলৈ, নাচিবলৈ সুবিধা কৰি দিছিল৷ এই ধাৰা বৰ্তমান সময়তো দেখা যায়৷ এই বিহুতে উচ্চ-নীচ, জাতি-কুল পৰিহাৰ কৰি সকলো লোকে ৰংঘৰ বাকৰিত বিহু উপভোগ কৰি আহিছে আৰু সকলো লোককেই একতাৰ ডোলেৰে বান্ধি ৰাখিছে৷ দেখা যায় যে বিহুৰ বাবে উপৰিপুৰnষসকলে এদিনৰ বাবে হ’লে যুদ্ধ-বিগ্ৰহ বাদ দি সমাজ সংগঠনৰ মূল ভেটি কলা-কৃষ্টিতো মনোযোগ দি দেশৰ পৰম্পৰা ৰক্ষা কৰিছিল৷ সেইবাবেই লক্ষ্মী সিংহৰ দিনত বিদ্ৰোহী ৰাঘৱ মৰাণ আদি বিহু হুঁচৰি নাম-নাচৰ মাজতেই হত্যা কৰি দেশক পুনৰ উদ্ধাৰ কৰিছিল৷ ইংৰাজৰ শাসন উফৰাবলৈ দিখৌমুখ, ৰংপুৰ আৰু নাজিৰাতো শত্ৰুপক্ষক শ’লঠেকত পেলাই কচুকটা দিবলৈ বিহু হুঁচৰিয়েই একমাত্ৰ সম্বল আছিল৷ গতিকে বিহু কেৱল কলা-কৃষ্টি, আমোদ-প্ৰমোদতেই সীমাৱদ্ধ হৈ থকা নাছিল, সময়মতে দেশক উদ্ধাৰ আৰু ৰক্ষাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷
বিহু আছিল মুক্ত প্ৰেম-পিৰীতিৰ থলী, যৌৱন মুকলি হোৱাৰ থলী, হিয়া- দিয়া লোৱাৰ থলী, পুৰুষৰ যে কথাই নাই, নাৰীও ঢাপলি মেলিছিল বিহু মৰা ঠাইলৈ৷ বিহুতেই ডেকা-গাভৰুৰ অনুনয় এনেধৰনে প্ৰকাশ পায়–
‘‘বাঁহৰে টকাটি
সাজি দিয়া ককাইটি
বিহু মাৰিবলৈ যাওঁ৷’’
বিহু ঢোল-পেঁপাৰ শব্দই প্ৰকৃতি জগত উন্মনা কৰি তোলে৷ বিহুৰ আনন্দ মন-প্ৰাণ জুৰি বৈ যায়৷ যুগ্ম জীৱনৰ প্ৰতি২৬বিয়েই লুকাভাকু খেলে৷ বতাহৰ বোকোচাত উঠি আহে চেনাইৰ সুৰীয়া বিহুৰ গীত-মাত সুৰৰ ঝংকাৰ৷ বিহুৰ অমিয়া সুৰ শুনি কোনো মানুহ ৰ’ব নোৱাৰে৷ বাদ্যযন্ত্ৰৰ সুপ্ত সুৰত হিয়া মন উথলি উঠে৷ এই ভাব ভাবি আহে এনেদৰে–
‘‘কিনো তোৰে অমাতৰ মাত
সেইনো মাতে শুনি
ৰ’বকে নোৱাৰো
এৰি যাওঁ পেটৰে ভাত৷’’
অসম বিভিন্ন জনগোষ্ঠীৰে পৰিপূৰ্ণ দেশ৷ সেয়ে ইয়াৰ সংস্কৃতিও বৈচিত্ৰ্যৰে ভৰা৷ দৈনন্দিন জীৱনৰ খাদ্যাভাস, সাজপাৰৰ পৰা উৎসৱ-পাৰ্বণলৈকে অসমৰ সংস্কৃতিৰ পথাৰখন বিস্তীৰ্ণ, বিতোপন আৰু ৰঙীন সমুজ্জ্বলৰ পয়োভৰ৷ এই পয়োভৰ মূলতঃ কৃষিক কেন্দ্ৰ কৰি৷ প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত বৰ্ণিল ৰূপত উদ্ভাসিত হৈ থকা, প্ৰাচূৰ্যৰে ভৰা বৰণীয়া লোক-সংস্কৃতিৰ ভিতৰত বিহুৱে সকলোকে একতাৰ ডোলেৰে বান্ধি বৃহত্তৰ অসমীয়া জাতি গঠনত সহায় কৰিছে৷
উপসংহাৰ ঃ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বিহু পালনৰ নিয়মৰ ক্ষেত্ৰত কিছু পাৰ্থক্য পৰিলক্ষিত হ’লেও ভিন ভিন জাতি-জনজাতিৰ এই উৎসৱৰ অন্তৰ্নিহিত উদ্দেশ্য আৰু তাৎপৰ্যৰ ক্ষেত্ৰত বিশেষ পাৰ্থক্য পৰিলক্ষিত নহয়৷ নতুন এক কৃষিবৰ্ষৰ আগমনী ঘোষণা, নৱ-কৰ্মপ্ৰেৰণা আহৰণ, মিলিজুলি সম্প্ৰীতিৰ আনন্দ উপভোগ কৰাৰ হেঁপাহৰ আকাংক্ষাত বিহু উৎসৱ গঢ় লৈ উঠিছে৷ এই বিহুক আমি জীয়াই ৰাখিব লাগিব আৰু যাতে কোনো দুস্কৃতিৰ গ্ৰাসত পৰি বিচ্ছিন্ন নহয় তাৰ প্ৰতি সকলোৱে চকু দিব লাগিব৷ বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াত সহায় কৰা বিহুক জীয়াই ৰাখিবৰ বাবে ড॰ ভূপেন হাজৰিকাদেৱে কৰা সকীয়নি উল্লেখ কৰিছে এনেদৰে–
‘‘বিহুটি বছৰি আহিবা
অসমী আইক জগাবা
বিপদ কালতো মাহ-হালধিৰে
জাতিটোৰ দেহ-মন ধুৱাবা৷’’

Leave a Reply

Your email address will not be published. Required fields are marked *