by Arup Kakoti

ইছলামধৰ্মী লোকসকলে পালন কৰা এক পবিত্ৰ ধৰ্মীয় উৎসৱ হৈছে- ঈদ৷ ‘ঈদ’ শব্দৰ অৰ্থই হ’ল আনন্দ৷ এই ঈদ উৎসৱ বছৰেকত দুবাৰকৈ পালন কৰা হয়; সেইয়া হৈছে ঈদ-উল-ফিতৰ আৰু ঈদ-উল-আজহা বা ঈদোজ্জোহা৷
ঈদুলফিতৰ ঃ পবিত্ৰ ৰমজান মাহত পালন কৰা হয় এই উৎসৱ৷ ৰমজান মাহ আৰম্ভ হোৱাৰ পৰা সমাপ্ত হোৱালৈকে (অৰ্থাৎ ন-জোন ওলোৱাৰ পৰা পাছৰ অমাৱস্যালৈকে) ধৰ্মপ্ৰাণ ইছলামধৰ্মী লোকসকলে উপবাসে থাকে৷ ইয়াকে কোৱা হয় ‘ৰোজা ধৰা’৷ বেলি ডুবাৰ পাছত নিজ গৃহত অথবা মছজিদৰ নামাজ পঢ়ি আল্লাক প্ৰাৰ্থনা জনায় ব্ৰত ভঙাৰ নিয়ম৷ এমাহ এনেদৰে শুদ্ধ মন বচন কৰ্মৰে ব্ৰত কৰাৰ পাছত পুনৰ ন-জোন দেখাৰ দিনা এই উৎসৱ পালন কৰা হয়৷ মুছলমানসকলৰ মাজত থকা প্ৰচলিত বিশ্বাস অনুসৰি ৰমজান মাহৰ শেষৰ সপ্তাহত গিৰা পৰ্বতৰ গুহাত ধ্যান কৰি থকা অৱস্থাত হজৰত মহম্মদে আল্লাৰ বাণী শুনিবলৈ পাইছিল৷ সেই বাণীয়েই হ’ল কোৰানশ্বৰীফ৷ সেয়ে এই পবিত্ৰ মাহত মুছলমানসসকলে ৰোজা বা উপবাস পালিলে সকলো শুভ হয় বুলি জনবিশ্বাস আছে৷
পবিত্ৰ ৰমজান মাহৰ শেষত পালন কৰা ঈদুলফিতৰ উৎসৱত নতুন সাজ, টুপী পৰিধান কৰে ইছলামধৰ্মীসকলে৷ দুখীয়া লোকক ‘ফি’ (দান) দিয়ে৷ ইয়াক ‘ফিৎৰা’ হিচাপে জনা যায়৷ এই ‘ফিৎৰা’ প্ৰথা অনুযায়ী ঈদৰ সময়ত অৱস্থাপন্ন মুছলমান সকলে ঈদৰ নামাজ পঢ়াৰ আগতে দুখীয়ালোকক এক কেঃ জিঃ আটা (ঘেঁহু) বা তাৰ মূল্য দান কৰাটো বাধ্যতামূলক৷ এই ফিতৰা বা দান কৰি ঈদ বা আনন্দ লাভ কৰা হয় কাৰণে এই ঈদক ইদুল ফিতৰ হিচাপে অভিহিত কৰা হয়৷ এই মাহত মানুহৰ মন পবিত্ৰ হয়৷ পবিত্ৰ মনেৰে ঈদৰ দিনা ঈদগাহত (প্ৰাৰ্থনা কৰা পথাৰ) সকলোৱে একেলগে নামাজ উপাসনা কৰে৷ অন্তৰৰ শুদ্ধতাৰে ইজনে সিজনক আলিংগন কৰি ঈদ মোবাৰক জনায়৷ ভোজ-ভাতৰ আয়াজন কৰে৷ আলহীক নানা তৰহৰ পিঠা, লাড়ু, মিঠাইৰে আপ্যায়ন কৰে৷
ঈদোজ্জোহা ঃ এই উৎসৱক কোৱা হয় ত্যাগৰ উৎসৱ৷ আৰৱী বছৰৰ শেষ মাহত অৰ্থাৎ জেলহজ্জ মাহৰ ১০ তাৰিখে এই উৎসৱ পালন কৰা হয়৷ এই উৎসৱ পালনৰ লগত এটি সুন্দৰ কাহিনী প্ৰচলিত হৈ আছে– হজৰত ইব্ৰাহীম এজন সাধু লোক আছিল৷ তেওঁ এবাৰ সপোনত নিৰ্দেশ পালে যে আল্লাৰ নামত তেওঁৰ প্ৰিয় বস্তু কোৰবাণী (বলি) কৰিব লাগে৷ সপোনত লাভ কৰা আজ্ঞা আনুসৰি তেওঁ এবাৰ ছাগলী, এবাৰ এটা উট কোৰবাণী দিলে; কিন্তু সপোনত পুনৰবাৰ আজ্ঞা লাভ কৰিলে– তেওঁৰ প্ৰিয় পুত্ৰ ইছমাইলক ভগৱানৰ নামত কোৰবাণী কৰিব লাগে৷ আজ্ঞা অনুসৰি ইব্ৰাহিমে নিজ পুত্ৰ ইছমাইলক কোৰবাণীলৈ বুলি আগবঢ়ালে৷ কিন্তু এয়া আছিল আল্লাই ইব্ৰাহিমৰ ওপৰত লোৱা এক ভক্তি পৰীক্ষাহে৷ সেয়েহে শেষ সময়ত ইছমাইল কোৰবাণী নহ’ল; কোৰবাণী হ’ল এটি ডুম্বাহে (মেৰ ছাগলী)৷ ইব্ৰাহিমৰ এই মহান ত্যাগৰ কথা স্মৰণ কৰিয়েই পালন কৰা হয় ‘ঈদ্দোজ্জোহা’ উৎসৱ৷

ঈদ্দোজ্জোহা’, ‘ঈদ-উল-জুহা’ বা ‘ঈদ-উল-আজহা’ ইছলাম ধৰ্মীসকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ উৎসৱ দুটাৰ ভিতৰত অন্যতম৷ এই উৎসৱৰ অন্য দুটি নাম হৈছে– বকৰ-ঈদ আৰু কোৰবাণী ঈদ৷ এই ত্যাগৰ উৎসৱটিত ইছলামধৰ্মী লোকে তেওঁলোকৰ সাধ্য অনুসৰি উট, গৰু, ডুম্বা বা ছাগলী কোৰবাণী দিয়ে বা জবেহ কৰে৷
ভাৰতীয় মুছলমানসকলে সাধাৰণতে গৰু, খাহি, ছাগলী কোৰবাণী দিয়ে৷ এজন ব্যক্তিয়ে এটা গৰু বা ছাগলী কোৰবাণীলৈ আগবঢ়াব পাৰে? গৰুৰ ক্ষেত্ৰত কেইবাজনো ব্যক্তি মিলি কোৰবাণী দিয়াও পৰিলক্ষিত হয়৷ সাধাৰণতে কোৰবাণীৰ মাংস তিনি ভাগে ভাগ কৰি ১ ভাগ দুখীয়া-নিছলাৰ মাজত আৰু ১ ভাগ আত্মীয়-স্বজনৰ মাজত বিতৰণ কৰাৰ পাছত তৃতীয় ১ ভাগ নিজৰ বাবে ৰখা হয়৷ ঈজ-উল-জুহাৰ নামাজৰ আগত কোৰবাণী দিয়া উচিত নহয়৷ কোৰবাণীৰ ছাগলীৰ বয়স কমপক্ষেও ১ বছৰ হোৱা আৰু গৰু-মহৰ বয়স কমপক্ষেও ২ বছৰ হোৱা উচিত৷ কোৰবাণী প্ৰাণী দক্ষিণ দিশত ৰাখি কিবলামুখী কৰি, ধাৰ থকা অস্ত্ৰৰে ‘‘বিছল্লাহি আল্লাহ আকবৰ’’ কৈ জবাই কৰা হয়৷ ইয়াৰ অৰ্থ হৈছে ‘‘বিছমিল্লা-হি-ওৱাল্লা- হু আকবাৰ, (আল্লা-হম্মা মিনকা ওৱালাকা), আল্লা-হুম্মা- তাকাব্বাল মিন্নী৷’’ অৰ্থাৎ ‘‘হে আল্লাহ/ এইটো আপোনাৰ ওচৰৰ পৰা প্ৰাপ্ত আৰু আপোনাৰ কাৰণেই৷ হে আল্লাহ/ আপুনি মোৰ পক্ষৰ পৰা ইয়াক কবুল কৰা৷
ঈদৰ নামাজ ঃ ইছলামধৰ্মী লোকে পবিত্ৰ ঈদৰ দিনা ৰাতিপুৱা আল্লাৰ ইবাদত (আৰাধনা) কৰি থাকে৷ ইছলামিক নীতি অনুসৰি ২ ৰাকাত ঈদৰ নামাজত, ৬ তকবিৰত পথাৰ বা মছজিদত বহুতো লোক একত্ৰিত হৈ ঈদৰ নামাজ পঢ়ে৷ ফজৰৰ নামাজৰ নিৰ্ধাৰিত সময় শেষ হোৱাৰ পিছত ঈদ-উল-ফিতৰৰ নামাজৰ সময় হয়৷ এই নামাজ আদায় কৰাটো ওয়াজিব৷ ইমাম কতৃৰ্ত্বত শুক্ৰবাৰৰ জুম্মাৰ নামাজৰ আগত খুদবা (ইছলামিক বক্তব্য) প্ৰদানৰ প্ৰথা থাকিলেও ঈদৰ নামাজৰ ক্ষেত্ৰত খুদবা নামাজৰ পিছত প্ৰদান কৰা হয়৷ ইছলামিক বৰ্ণনা অনুযায়ী ঈদ-উল-ফিতৰৰ নামাজৰ পিছত খুদবা প্ৰদান ইমামৰ ক্ষেত্ৰত ছুন্নত আৰু শ্ৰৱণকাৰীসকলৰ বাবে ওয়াজিব৷
ইছলাম ধৰ্মীসকলৰ ঈদ উৎসৱ ভাতৃত্ববোধ আৰু মানৱতাৰ এক অপূৰ্ব নিদৰ্শন৷ ধনী-দুখীয়া নিৰ্ৱিশেষে বিনিময় হয় ঈদ মোবাৰক৷ ঐক্য-সম্প্ৰীতিৰ ডোলেৰে বান্ধ খাই পৰস্পৰে পৰস্পৰৰ মাজত৷ এই উৎসৱভাগিৰ মাজেদিয়েই আমিও হৃদয় নিভূত কোণৰ পৰা সমূহ ইছলামধৰ্মীসকলৰ প্ৰতি আগন্তুক ঈদ-উল-ফিতৰৰ শুভে২৬া জনাই ক’ব বিচাৰোঁ এই ধৰ্মীয় উৎসৱ হৈ পৰক মানৱতাৰ ধাৰক আৰু বাহক/ ধনী-দুখীয়া নিৰ্ৱিশেষে মানৱতাৰ মহান মন্ত্ৰ প্ৰোথিত হওক হৃদয়ে হৃদয়ে এই উৎসৱৰ মাজেৰেই৷ ঈদ মোবাৰক/