৩১ মে’ৰ বিশ্ব ধঁপাতবিৰোধী দিৱস উপলক্ষে… ধঁপাত আসক্ত আৰু যুৱ প্ৰজন্ম (ভাস্কৰ বৰপূজাৰী) – Purbodix.com

৩১ মে’ৰ বিশ্ব ধঁপাতবিৰোধী দিৱস উপলক্ষে… ধঁপাত আসক্ত আৰু যুৱ প্ৰজন্ম (ভাস্কৰ বৰপূজাৰী)

সমগ্ৰ বিশ্বত এতিয়া প্ৰধান সমস্যা হৈ থিয় দিছে ধঁপাত, ৰাগিয়াল বস্তুৰ অবাধ প্ৰচলন আৰু যুৱ-প্ৰজন্ম ইয়াৰ প্ৰতি দিনক দিনে আসক্তি বৃদ্ধি পোৱা কথাটো৷ অৱশ্যে অকল যুৱ প্ৰজন্মই নহয়, ধঁপাত, গুটখা আৰু মাদক দ্ৰব্য সেৱনকাৰী বয়সষ্ঠসকলৰ বাবেও এক ভাবুকিৰ সৃষ্টি হৈছে৷ বৰবিহ ধঁপাত, গুটখা আৰু ৰাগিয়াল দ্ৰব্যৰ সেৱনে মানুহক তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি লৈ গৈছে৷ যুৱ প্ৰজন্মক এই ৰাগিয়াল দ্ৰব্যৰ সেৱনে মানসিক আৰু শাৰীৰিক দুই দিশতে দুৰ্বল কৰি ৰোগাক্ৰান্ত কৰি তুলিছে৷ এই ৰাগিয়াল দ্ৰব্য সেৱনে মানুহৰ হিতাহিত জ্ঞান শূন্য কৰি দিয়ে৷ ফলত খং আৰু মোহত অধীৰ হৈ যিকোনো অপকৰ্ম কৰি নিজৰ লগতে সমাজৰ অনিষ্ট সাধন কৰে৷ মানৱ জাতিৰ নিৰৱ ঘাতকৰূপে চিহ্নিত হোৱা এই ধঁপাত, গুটখা জাতীয় ৰাগিয়াল দ্ৰব্য সেৱনৰ পৰা কিদৰে মানৱ জাতি তথা উঠি অহা ভৱিষ্যত প্ৰজন্মক কিদৰে নিচামুক্ত কৰিব পৰা যায়, তাক লৈ এতিয়া সমগ্ৰ বিশ্বতে চিন্তা-চৰ্চা অব্যাহত আছে৷
স্বাস্থ্য বিভাগৰ তথ্যমতে, বৰ্তমান সময়ত ধঁপাত সেৱনৰ ফলত বিশ্বত প্ৰতি ছয় ছেকেণ্ডৰ মূৰে মূৰে আজনকৈ মানুহৰ মৃত্যু হয়৷ আনহাতে এই ৰাগিয়াল দ্ৰব্য সেৱনৰ ফলত বিশ্বত বছৰি প্ৰায় আশী লাখ লোকৰ মৃত্যু হয়৷ ইয়াৰে ৫৫ লাখ লোকে কেৱল ধঁপাত জাতীয় সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে৷ শেহতীয়া তথ্যমতে, আমাৰ ভাৰতবৰ্ষতো বছৰি প্ৰায় দহ লাখ লোকে কেৱল ধঁপাত সেৱনৰ ফলতেই মৃত্যুক আঁকোৱালি লয়৷ বিশেষকৈ এই ধঁপাত সেৱনৰ ফলত মুখ, ডিঙি, দাঁত আৰু খাদ্যনলীত মাৰাত্মক কৰ্কট ৰোগৰ সৃষ্টি হয়৷ এইক্ষেত্ৰত পুৰুষ ৫০ শতাংশ আৰু মহিলা প্ৰায় ২৫ শতাংশ ধঁপাতজনিত কৰ্কট ৰোগত আক্ৰান্ত হয়৷ ইয়াৰ উপৰিও ধঁপাত সেৱনৰ ফলত আমাৰ শৰীৰত যথেষ্ট ধৰণৰ প্ৰভাৱ পৰে৷ চকুত চানি পৰা, চুলি সৰা, পেটৰ গাথিৰ ৰোগ, খাদ্যনলী আৰু পাকস্থলীৰ বেছিভাগ ৰোগেই ধঁপাত জাতীয় দ্ৰব্য সেৱনৰ ফলত হোৱা দেখা যায়৷

বৰ্তমান ভাৰতবৰ্ষত উত্তৰ পূৰ্বাঞ্চলতেই কৰ্কট ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাব ধৰিছে৷ চিকিৎসকসকলৰ মতে, এই বদ অভ্যাস ত্যাগ কৰি আৰম্ভণিতেই চিকিৎসা কৰালে এই ৰোগ নিৰাময় হোৱাৰ সম্ভৱ হৈ উঠে৷ আনকি চৰকাৰেও এই ধঁপাতজনিত ৰোগৰ চিকিৎসাৰ বাবদ বছৰি বহু টকা ব্যয় কৰিছে৷ কিন্তু এই ৰাগিয়াল দ্ৰব্যবোৰৰ অপকাৰিতাৰ কথা জানিও মানুহে ইয়াক সহজতে এৰিব নোখোজে৷ গতিকে যিকোনো প্ৰকাৰে এই ৰাগিয়াল দ্ৰব্যসমূহৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি ৰাইজৰ মাজত জাগৰণ আনিব পাৰিলেহে ৰাগিয়াল বস্তু সেৱনৰ ভয়াবহতাৰ পৰা মানৱ জাতিক তথা যুৱ প্ৰজন্মক ৰক্ষা কৰিব পৰা যাব৷ কাৰণ এইসমূহ জাতিৰ শত্ৰু, গতিকে এনে গণশত্ৰুক নিপাত কৰাত আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য আছে৷ ধঁপাত জাতীয় সামগ্ৰীৰ অপকাৰিতাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানে ধঁপাত বিৰোধী জাগৰণৰ চেষ্টা কৰি আহিছে৷ ইয়াৰ উপৰিও বিভিন্ন সময়ত চৰকাৰীভাৱেই হওক বা অন্যান্য বে-চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, এন. জি. অ’ আদিয়ে বিভিন্ন সময়ত এই ৰাগিয়াল দ্ৰব্য নিৰ্মূলৰ বাবে বাটৰ নাট, মঞ্চ নাটত চুটি ছবি আৰু বিভিন্ন বিজ্ঞাপন আদিৰ দ্বাৰাও ৰাইজক অহৰহ সজাগতাৰ চেষ্টা কৰি আহিছে৷ আনকি চিকিৎসক সকলেও বিভিন্ন স্বাস্থ্য সজাগতা সভা, ৱেবিনাৰ আদিৰ দ্বাৰাও ধঁপাত জাতীয় সামগ্ৰীৰ অপকাৰিতাৰ বিষয়ে ৰাইজক বাৰম্বাৰ সজাগ আৰু সচেতন কৰি আহিছে৷ মানৱ জাতিক বিশেষকৈ উঠি অহা যুৱ-প্ৰজন্মক এই কু-অভ্যাসৰ পৰা আঁতৰাই ৰাখি ধঁপাতমুক্ত এখন সুস্থ সমাজ গঢ়াৰ লক্ষ্যৰে সমগ্ৰ বিশ্বজুৰি প্ৰতিবছৰে ৩১ মে’ৰ দিনটো বিশ্ব ধঁপাত বিৰোধী দিৱস হিচাপে পালন কৰি অহা হৈছে৷
গতিকে আহক, আমি সকলোৱে সংকল্প লওঁ যে মানৱৰ অনিষ্টকাৰী এই ধঁপাত বৰ্জন কৰি আমি প্ৰত্যেকেই সুস্থ আৰু নিৰোগী শৰীৰৰ অধিকাৰী হওঁ৷ লগতে উঠি অহা নৱ-প্ৰজন্মক এই কু-অভ্যাসৰ পৰা আঁতৰাই ৰাখি তেওঁলোকক অনাগত সুন্দৰ ভৱিষ্যতৰ দিশে আগুৱাই লৈ যাওঁহক৷

Leave a Reply

Your email address will not be published. Required fields are marked *