যোৰহাট থিয়েটাৰ (ৰঞ্জন শ¸ৰ্মা) – Purbodix.com

যোৰহাট থিয়েটাৰ (ৰঞ্জন শ¸ৰ্মা)

কাব্যেষু নাটকম ৰম্যম…৷ নাটক সমাজৰ দাপোণ, য’ত প্ৰতিফলিত হয় এখন সমাজৰ সাহিত্য, সভ্যতা, সংস্কৃতি আৰু সমাজৰ এখন নিভাঁজ বাস্তৱ প্ৰতি২৬বি৷ নাটক জীৱনৰ কলাত্মক ৰূপ৷ নাটকে মানৱ জীৱনক গতিশীল কৰে, সমাজলৈ এক সুস্থ বাৰ্তা প্ৰেৰণ কৰে আৰু সমাজৰ ঐক্য, শান্তি, সম্প্ৰীতিৰ এনাজৰী কটকটীয়া কৰে৷ এই নাট্যচৰ্চা আৰু কলা-সংস্কৃতিৰ আৰাধনাকে জীৱনৰ ব্ৰত হিচাপে লৈ কেইজনমান উদ্যমী আৰু সংস্কৃতিপ্ৰাণ যুৱকে সমাজক এক সুন্দৰৰ বাতাবৰণ সৃষ্টি কৰাৰ মানসেৰেই ১৮৯৬ চনতে জন্ম দিছিল ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰৰ৷ জন্মলগ্নৰে পৰা অৰ্থাৎ তেতিয়াৰ পৰা এতিয়ালৈকে এই বৰ্ণিল পৰিক্ৰমাত অনেকজন বৰেণ্য ব্যক্তিয়ে তেওঁলোকৰ আশাসুধীয়া প্ৰচেষ্টা আৰু ত্যাগৰ বিনিময়ত যোৰহাট থিয়েটাৰক আজিৰ অৱস্থাত উপনীত কৰাইছেহি৷ এই ১২৭ বছৰীয়া বৰ্ণিল নাট্যযাত্ৰাৰ এক স্বৰ্ণিল অধ্যায়ৰ সৃষ্টি কৰা যোৰহাট থিয়েটাৰে বহু কালজয়ী নাটক অসমবাসী ৰাইজক উপহাৰ দিলে, যি সমূহ নাটকে অসমীয়া নাট্য-সাহিত্যৰ ভৰাল চহকী কৰিবলৈ সক্ষম হৈছে৷ লগতে এই ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰৰ পবিত্ৰ মঞ্চখনে এনে কিছু অভিনেতা-অভিনেত্ৰী, নাট্যকাৰ, পৰিচালক আৰু শিল্পী, কলা-কুশলী জন্ম দিলে, যিসকলে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত কাম কৰি এক নিজা পৰিচয়েৰে পৰিচিত হ’বলৈ সক্ষম হৈছে৷
ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰে সুন্দৰৰ আৰাধনাৰে মানৱ জীৱন গতিময় কৰি সমাজলৈ এক সুস্থ বাৰ্তা প্ৰেৰণ কৰাৰ মানসেৰে প্ৰতিবছৰে জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি নাট সমাৰোহৰ আয়োজন কৰি আহিছে৷ বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো ১২৫ সংখ্যক জন্ম-জয়ন্তীৰ লগত সংগতি ৰাখি এক বৰ্ণাঢ্য নাট্য সমাৰোহৰ আয়োজন কৰে৷ লগতে বিভিন্ন ক্ষেত্ৰৰ ১২৫ গৰাকী বৰেণ্য শিল্পীক পৰম্পৰাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰি, তেখেতসকলৰ সাংস্কৃতিক ক্ষেত্ৰখনত আগবঢ়োৱা জীৱনজোৰা সাধনাৰ বাবে বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়৷ যদিও বৰ্ণময় যোৰহাট থিয়েটাৰে ১২৭ বছৰত ভৰি দিছে, তথাপি ক’ভিড মহামাৰীৰ বাবে যোৱা দুটা বছৰে কোনো ধৰণৰ সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰিব নাছিল বাবেই কিছু পলমকৈ হ’লেও অতি আড়ম্বৰপূৰ্ণভাৱে ১২৫ সংখ্যক জন্ম-জয়ন্তী আৰু নাট সমাৰোহৰ সফল সমাপ্তি ঘটায়৷ বিভিন্ন নাট সম্পৰ্কীয় মনোজ্ঞ আলোচনা চক্ৰ, দৃষ্টিনন্দন বৰ্ণিল শোভাযাত্ৰাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰিত নাট্য দলসমূহৰ প্ৰতিখন নাটকেই দৰ্শকৰ মন চুই যোৱাৰ লগতে উপস্থিত প্ৰতিজন দৰ্শককে মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ সক্ষম হয়৷ এই নাটসমাৰোহৰ প্ৰতিটো নাট্যসন্ধ্যা যোৰহাট থিয়েটাৰৰ অবিৰত নাট্যযাত্ৰাৰ পথত বৰঙণি আগবঢ়োৱা একোজন বৰেণ্য ব্যক্তিৰ পবিত্ৰ স্মৃতিত উৎসৰ্গা কৰা হয়৷ প্ৰয়াত ব্যক্তিসকলৰ পৰিয়ালৰ সদস্যসকলৰ সহযোগত তেখেতসকলৰ প্ৰতিজনৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নাটক মঞ্চস্থ কৰা হয়৷

এইবাৰৰ নাট সমাৰোহত যোৰহাট থিয়েটাৰৰ নিজস্ব নাট্য নিবেদনৰ লগতে অসমৰ কেইবাটাও আগশাৰীৰ নাট্যদলে নাটক প্ৰদৰ্শন কৰি নাট সমাৰোহখন বৰ্ণময় কৰি তোলে৷ পাঁচদিনীয়াকৈ অনুষ্ঠিত হোৱা এই নাট্য সন্ধিয়াত প্ৰয়াত বিশিষ্ট নাট্যকাৰ জনাৰ্দনদেব ঠাকুৰ সোঁৱৰণী প্ৰথম নিশাৰ নাটক আছিল যোৰহাট থিয়েটাৰৰ নিবেদিত প্ৰয়াত জনাৰ্দন ঠাকুৰ ৰচিত আৰু যশস্বী নাট পৰিচালক ড॰ অৰূপ বৰঠাকুৰৰ দ্বাৰা পৰিচালিত নাটক ‘চাণক্য’৷ ভাৰত বুৰঞ্জীৰ এক উল্লেখযোগ্য চৰিত্ৰ চাণক্যৰ জীৱন গাঁথাৰ ওপৰত ৰচিত নাট ‘চাণক্য’ক পৰিচালক আৰূপ বৰঠাকুৰৰ সুদক্ষ আৰু মননশীল পৰিচালনাত যোৰহাট থিয়েটাৰৰ নৱ প্ৰজন্মৰ শিল্পীসকলৰ অভিনয়ে দৰ্শকৰ হিয়া-মনত ৰেখাপাত কৰিবলৈ সক্ষম হয়৷ নাটকৰ আৱহ সংগীত, পোহৰ, দৃশ্যসজ্জা, সাজসজ্জা আছিল অনন্য৷ ভূপেন্দ্ৰ সংগীতৰ অন্যতম গুৰি ধৰোঁতা, সমাজ হিতৈষী প্ৰয়াত বিভুচৰণ বৰুৱা সোঁৱৰণী নাট্য সন্ধিয়াত দ্বিতীয় নিশাৰ নাটক আছিল নগাঁৱৰ ‘ শিল্প’ৰ বিশিষ্ট নাট্যকাৰ, পৰিচালক নৱজ্যোতি বৰাৰ ৰচনা আৰু পৰিচালনাৰে ‘ত্ৰাহি দেৱ দামোদৰ’৷ সুন্দৰ বিষয়বস্তুৰ, সুপৰিচালিত নাটকখনে দৰ্শকক সুস্থ মনোৰঞ্জনেৰে এক নতুন ৰসৰ সোৱাদ দিবলৈ সক্ষম হয়৷ তৃতীয় নিশাৰ নাটক আছিল প্ৰয়াত বিদূষী মহিলা নিৰু বৰঠাকুৰ সোঁৱৰণী নাট্য সন্ধিয়াৰ নাটক গুৱাহাটীৰ ছিগাল থিয়েটাৰৰ নিবেদন ‘জাঁ পল ছা’ত্ৰেৰ্’ৰ কাহিনীৰ অৱলম্বনত বিশিষ্ট অভিনেতা, পৰিচালক বাহাৰুল ইছলামৰ নাট্যৰূপ আৰু পৰিচালনাৰে ব্যতিক্ৰমী চিন্তাৰ নাটক ডঁ×চাই’৷ দলগত সুন্দৰ অভিনয়ৰ লগতে সু-পৰিচালনা আৰু মুখ্য চৰিত্ৰত বাহাৰুল ইছলামে কৰা দুৰ্দান্ত অভিনয়ে নাট্যপ্ৰেমীৰ মনত সাঁচ বহুৱাই যায়৷ বহুদিনলৈকে এই অভিনয় মনত সাঁচ বহি থাকিব৷ অভিনয়ৰ লগতে নাটকৰ পোহৰ প্ৰক্ষেপণ, সংগীত, মঞ্চসজ্জা আৰু সাজসজ্জাও আছিল অনন্য৷ পোহৰৰ সুষম প্ৰয়োগে নাটকখনক এক অনন্য মাত্ৰা প্ৰদান কৰে৷ চতুৰ্থ নিশাৰ নাট্য নিবেদন আছিল প্ৰয়াত সমাজপ্ৰাণ ৰবীন শইকীয়া সোঁৱৰণী নাট্য সন্ধিয়াৰ নাটক বোকাখাতৰ নব্য নাট্য সমাজৰ ‘বনছাই’৷ নাট্যকৰ অমৰ শৰ্মা ৰচিত আৰু ৰাতুল ফুকন পৰিচালিত নাটকখনৰ সুন্দৰ বিষয়বস্তুৱে ৰাইজৰ মন চুই যায়৷ শিল্পী সকলৰ অভিনয়ো আছিল মন পৰশা৷ পঞ্চম নিশা অৰ্থাৎ সমাৰোহৰ অন্তিম নিশাৰ নাট্য নিবেদন আছিল প্ৰয়াত সমাজ হিতৈষী পুৰুষ অৰুণ পূজাৰী সোঁৱৰণী নাট্য সন্ধ্যাৰ নাটক তেজপুৰৰ জে. বি. প্ৰডাকশ্যনৰ ‘একান্ত এনিশা’৷ সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰতিথযশা সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ মূল কাহিনীৰ আধাৰত নাট্যৰূপ আৰু পৰিচালনা অসমৰ এগৰাকী স্বনামধন্য পৰিচালক অবিনাশ শৰ্মাৰ মননশীল নাটকখনে প্ৰতিজন দৰ্শকৰ হৃদয়ৰ মণিকোঠত এক সুন্দৰ অনুভূতি জগাই তুলিবলৈ সক্ষম হয়৷ নাটকখনৰ দুই মুখ্য চৰিত্ৰত অভিনয় কৰা বিশিষ্টা অভিনেত্ৰী ডাঃ জাহানাৰা বেগম আৰু সু-অভিনেতা ডাঃ চিন্ময় চক্ৰৱৰ্তীৰ বলিষ্ঠ আৰু সংবেদনশীল অভিনয়েৰে উপস্থিত প্ৰতিজন দৰ্শককে মন্ত্ৰমুগ্ধ কৰি ৰাখে৷ নাটকৰ দৃষ্টিনন্দন মঞ্চসজ্জা, সুন্দৰ আলোকসজ্জা, আৱহ সংগীত আৰু সু-পৰিচালনাই এক নান্দনিক কাব্যময় পৰিৱেশৰ সৃষ্টি কৰে৷ এই সকলোখিনি কৃতিত্বৰ বাবে যশস্বী পৰিচালক অবিনাশ শৰ্মা৷ সঁচাই ধন্যবাদৰ পাত্ৰ৷
১২৭ বছৰত ভৰি দিয়া ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰৰ এই অবিৰত নাট্য যাত্ৰাই দিগন্ত প্ৰসাৰী সমাজত এক নতুন দিগন্তৰ সূচনা কৰক৷ এই নাট্যযাত্ৰা এক অনিৰুদ্ধ যাত্ৰা হওক৷ অসমৰ সাংস্কৃতিক আকাশৰ ৰৌদ্ৰোজ্জ্বল দুপৰীয়াৰ দীপ্ত সূৰ্যৰ দৰে জ্যোতিস্মান হৈ থাকক ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰ৷ ইয়াৰ সাংস্কৃতিক আভাই মন-প্ৰাণ উদ্ভাষিত কৰি সকলোকে সাংস্কৃতিক এনাজৰীৰে বান্ধি ৰাখক৷
ঃ জয়তু যোৰহাট থিয়েটাৰ ঃ

Leave a Reply

Your email address will not be published. Required fields are marked *