by Arup Kakoti

বছৰৰ বাৰটা পূৰ্ণিমাৰ ভিতৰত বুদ্ধ পূৰ্ণিমাটো এটা মহত্বপূৰ্ণ পূৰ্ণিমা৷ বুদ্ধ পূৰ্ণিমাক ‘বুদ্ধ জয়ন্তী’ বুলিও কোৱা হয়৷ বৌদ্ধ পৰম্পৰা অনুসৰি নেপালৰ তেৰাই অঞ্চলৰ লুম্বিনীত ৫৬৬ খ্ৰীষ্টপূৰ্বত ব’হাগী পূৰ্ণিমাৰ দিনা বুদ্ধদেৱে জন্ম লাভ কৰে৷ যুৱৰাজ সিদ্ধাৰ্থ গৌতমে পৰৱৰ্তী কালত নিৰ্বান লাভ কৰি গৌতম বুদ্ধৰূপে জনাজাত হয়৷ বুদ্ধদেৱে জন্মগ্ৰহণ কৰা আৰু নশ্বৰ দেহ ত্যাগ কৰা দিনটোকে পালন কৰা বুদ্ধ পূৰ্ণিমাক ত্ৰি আশীৰ্বাদ উৎসৱ বুলিও অভিহিত কৰা হয়৷ আশী বছৰ বয়সত ব’হাগী পূৰ্ণিমা দিনাখনেই বুদ্ধদেৱে নশ্বৰ দেহ ত্যাগ কৰে৷ বুদ্ধদেৱে ব’হাগী পূৰ্ণিমাতে জন্ম লাভ, জ্ঞান লাভ কৰাৰ লগতে নশ্বৰ দেহ ত্যাগ কৰা বাবে এই পূৰ্ণিমাটোক ‘বুদ্ধ পূৰ্ণিমা’ বোলা হয়৷ বুদ্ধ পূৰ্ণিমা পাৰম্পৰিকভাৱে ঘাইকৈ বৌদ্ধ ধৰ্মাৱলম্বীসকলে পালন কৰা এটি উৎসৱ৷ অৱশ্যে হিন্দুসকলৰ বাবেও এই দিনটো অতি পবিত্ৰ৷ হিন্দুসকলে বুদ্ধক বিষ্ণুৰ নৱম অৱতাৰ বুলি বিশ্বাস কৰে৷ বৌদ্ধধৰ্মী আৰু হিন্দুসকলে বৰ শ্ৰদ্ধা-ভক্তিসহকাৰে বুদ্ধ পূৰ্ণিমা পালন কৰে৷ হিন্দু আৰু বৌদ্ধসকলে বুদ্ধ পূৰ্ণিমা হিচাপে ভাৰত, চীন, শ্ৰীলংকা, নেপাল, ভূটান, তিব্বত, ম্যানমাৰ, থাইলেণ্ড, মালয়েছিয়া, ইন্দোনেছিয়া আদি ঠাইত বুদ্ধদেৱৰ জন্মদিন হিচাপে পালন কৰে৷
বুদ্ধ পূৰ্ণিমাৰ জনপ্ৰিয় পালি নাম Vesakha আৰু সংস্কৃত Vaisakha নাম প্ৰাচীন ভাৰতীয় চন্দ্ৰমাহ বৈশাখৰ পৰা আহিছে৷ এই মাহ অসমীয়া ব’হাগ মাহৰ সমপৰ্যায়ৰ৷ বৈশাখ মাহৰ পূৰ্ণিমা তিথিত বুদ্ধ পূৰ্ণিমা পৰা বাবে ইয়াক ‘বেশক’ নামেৰে জনাজাত৷ পৃথিৱীৰ অন্যান্য ভাষাত যেনে- অসমীয়া, বঙালী, মান, চীনা, নেপালী, হিন্দী ইত্যাদিত এই দিনটো বেলেগ বেলেগ নামেৰে পৰিচিত৷ চলিত বৰ্ষত অৰ্থাৎ ২০২২ চনৰ ১৬ মে’ তাৰিখে ভাৰতবৰ্ষত বুদ্ধ জয়ন্তী উদ্যাপন কৰা হ’ব৷ বুদ্ধ পূৰ্ণিমাৰ দিনা বৌদ্ধ ধৰ্মাৱলম্বীসকলে বুদ্ধ মন্দিৰত গোট খায়৷ তাত তেওঁলোকে বৌদ্ধ পতাকা উত্তোলন কৰে আৰু বৌদ্ধ ধৰ্মৰ ত্ৰিনীতি বুদ্ধ, ধৰ্ম আৰু সংঘৰ গৰিমা গায়৷ ভক্তসকলে ফুল, চাকি আৰু মমবাতি আৰু ধূপেৰে বুদ্ধৰ পুজা কৰে আৰু লগতে গুৰুকো সেৱা জনায়৷ বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ কিছুমানে সেইদিনা সাধাৰণ বগা বসন পিন্ধে আৰু নিৰামিষ আহাৰ গ্ৰহণ কৰে৷