ভাওনা হওক সুশৃংখল আৰু সু-নিৰ্দিষ্ট চিন্তাৰ প্ৰতিফলন (ত্ৰিলোক বৰা) – Purbodix.com

ভাওনা হওক সুশৃংখল আৰু সু-নিৰ্দিষ্ট চিন্তাৰ প্ৰতিফলন (ত্ৰিলোক বৰা)

এটা জাতিৰ সংস্কৃতি সমৃদ্ধ হয় তেতিয়া, যেতিয়া পৰম্পৰা ৰক্ষাৰ তাগিদাত সংস্কৃতি চৰ্চা নহৈ ইয়াৰ গতিক সঠিক পথেৰে আৰু ক্ষীপ্ৰতাৰে লৈ যোৱাৰ নিৰন্তৰ সাধনা অব্যাহত থাকে৷ এনে উচ্চ মানৰ সংস্কৃতিৰ সাধনাই এখন দেশক বা এটা জাতিক দিয়ে সুশৃংখল সমাজ ব্যৱস্থা, পবিত্ৰ জাতীয়তাবোধ, প্ৰগতিশীল মন আৰু কৰ্তব্যবোধ৷ কিন্তু বিশ্লেষাত্মক দৃষ্টিভংগীৰে নিৰীক্ষণ কৰিলে দেখা যায় যে পৰম্পৰাৰ ধাৰা বোৱাই ৰখাৰ স্বাৰ্থত কৰা সংস্কৃতি এক-ঘেয়ামী হয়৷ যি কেতিয়াও জনপ্ৰিয়তাৰ উচ্চ সীমা স্পৰ্শ কৰিব নোৱাৰে৷ বৰঞ্চ এনে সংস্কৃতি এমুঠিমান মানুহে টানি-আঁজুৰি ধৰি ৰখা সংস্কৃতিত পৰিণত হয়৷ উল্লিখিত কথাখিনিৰ মাজলৈ অিনচ্ছাসত্ত্বেও ভাওনাক আনি শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰি থৈ যোৱা সোণসেৰীয়া সংস্কৃতিৰ নান্দনিক গতিক অধিক মনোগ্ৰাহী কৰাৰ স্বাৰ্থত এই লিখনি আমাৰ অপৈণত চিন্তাৰ ক্ষুদ্ৰমান প্ৰয়াস মাথোঁ৷
পাঁচশ বছৰৰ পূৰ্বে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসম ভূমিত অতি সযত্নে ৰোপণ কৰা ভাওনা নামৰ চিৰসেউজ সংস্কৃতিৰ বৃক্ষজোপাৰ শীতল ছাঁত অসমীয়া জাতিয়ে সদায় দেহ-মন শীতল কৰাৰ সমল বিচাৰি পায়৷ ভাওনা মহাপুৰুষজনৰ বিৰল প্ৰতিভাৰ চানেকি৷ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ নাট্যকলা ভাওনাক অসমীয়াৰ সন্মিলিত চিন্তা, বিশ্লেষণ আৰু গঠনমূলক সমালোচনাই তাৰ কলাত্মক সৌন্দৰ্য অধিক মোহনীয় কৰি তুলিব পাৰিব৷ এই গুৰু দায়িত্ব চহা সহজ-সৰল জনসাধাৰণৰ ওপৰতে ন্যস্ত নকৰি শিক্ষিত বুদ্ধিজীৱী, শংকৰী সংস্কৃতিৰ গৱেষকসকলেও অগ্ৰণী ভূমিকা লোৱাটো অতিকে বাঞ্ছনীয়৷ বৰ্তমান সময়লৈকে উপৰোক্তসকলৰ ভূমিকা অতি পুতৌ লগা৷ দুই-এটা প্ৰবন্ধ, মুষ্টিমেয় মানুহৰ মাজত হোৱা আলোচনা, ভাওনা প্ৰতিযোগিতাই ভাওনাৰ উৰ্দ্ধমুখী প্ৰক্ৰিয়া সবল কৰাত যথেষ্ট হ’ব নোৱাৰে৷ সাহিত্য-সংস্কৃতিৰ পটুসকলে বক্তৃতাৰে সময় অপচয় কৰাতকৈ হাতে কামে বাস্তৱমুখী পদক্ষেপ ল’বৰ সময় প্ৰায় উকলি যাবৰ হ’ল৷ নিৰক্ষৰসকলক বুজাবলৈ জটিল বাক্য গাঁথনিৰে লিখা গ্ৰন্থ-প্ৰবন্ধই ভাওনাৰ বাবে যথেষ্ট হ’ব নোৱাৰে৷ সেয়েহে ভাওনাৰ উত্তৰণৰ ক্ষেত্ৰত ভাওনাক, বিশ্বমুখী কৰাৰ স্বাৰ্থত, গুৰুজনাৰ উদ্দেশ্যক দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত হাতে-কামে কৰাৰ প্ৰৱণতা হোৱা উচিত৷ এই ক্ষেত্ৰত অসম সাহিত্য সভাৰ কাণ্ডাৰীসকল, শংকৰী সংস্কৃতিৰ গৱেষকসকল আৰু সত্ৰসমূহে অগ্ৰণী ভূমিকা পালন কৰিব পাৰে৷ শ্ৰীমন্ত শংকৰদেৱৰ বহু সৎ উদ্দেশ্যৰ মানস পুত্ৰ ভাওনাক অসমীয়া সংস্কৃতিৰ লাইখুঁটা হিচাপে গণ্য কৰি ফলপ্ৰসূ পদক্ষেপ লৈ বিশ্বমুখী কৰাৰ বাবে যত্নপৰ হ’ব লাগে৷ নহ’লে ভাওনা পৰম্পৰা আৰু সেৱকীৰ মনোবাঞ্ছা পূৰণৰ সম্বল হিচাপেই নিৰ্দিষ্ট সীমাৰ মাজত আবদ্ধ থাকিব লাগিব৷

অসমত ভাওনাতকৈ বহু পিছৰ মঞ্চ নাটক ৰচনা কৰাৰ যি এক অহৰহ প্ৰচেষ্টা চলিছে ভাওনাৰ নাট ৰচনা কৰাৰ ক্ষেত্ৰত তেনেকুৱা এটা পৰিৱেশ গঢ় লৈ নুঠাটো দুৰ্ভাগ্যজনক৷ নাট্য সাহিত্যৰ প্ৰতিভাধৰসকলৰ ভূমিকা এই ক্ষেত্ৰত সবল হোৱাৰ প্ৰয়োজন৷ নাটকৰ অভাৱত কোনো অজ্ঞাত লিখকে দুৰ্বল বাক্য গাঁথনিৰে ভাওনাৰ নাট ৰচনা কৰি ভাওনাৰ ৰূপ দিবলৈ ব্যৰ্থ চেষ্টা কৰিছে৷ শিক্ষাৰ ভৰদুপৰীয়াত ভাওনাক হাড়ে-হিমজুৱে ভাল পোৱাসকলে পূৰ্বতে লিখা দুই-এখন পৌৰাণিক নাটকক গীত-মাতৰ সংযোজন ঘটাই ভাওনাৰ আকাৰত উপস্থাপন কৰিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই৷ আজিৰ অসমীয়া নাট্যকাৰে ভাওনাৰ নাটক ৰচনা নকৰাটো নুবুজা সাঁথৰ৷ লেডি ডায়েনা, বেনাৰজি ভূট্টো, ছাদ্দাম হুছেইন আদি নাটক লিখি চমক দেখুৱাতকৈ ৰামায়ণ আৰু মহাভাৰত ভাগৱতৰ বুকুত থকা কাহিনী আৰু আখ্যানসমূহক ভাওনাৰ ৰূপ দিলে জাতীয় জীৱনৰ বাবে সহায় হ’ব৷ এই অভাৱৰ বাবেই নাটকীয় সংঘাত বা শীৰ্ষবিন্দু স্পৰ্শ কৰিব নোৱাৰা ‘অস্ত্ৰই অস্ত্ৰই কৰ আলিংগন, খন্তেক মূচ্ছিৰ্ত হোৱা দেখি ভাবিছ নেকি ৰণত জয়ী হ’লো বুলি’ জাতীয় সংলাপে একাধিক ভাওনাৰ নাটকত স্থান পাই আহিছে৷
ভাওনাৰ গীত-বাদ্য, নৃত্য আৰু অভিনয়ৰ স্বকীয় বৈশিষ্ট্য আছে, যি ভাওনাক বিশ্বৰ অন্য নাট্যকলাৰ পৰা পৃথকভাৱে অৱস্থান কৰাইছে৷ অভিনয়ক বাদ দি গীত-বাদ্য, নৃত্যৰ সমষ্টি সংগীতক নিৰ্দিষ্ট ৰাগ-তাল আৰু লয়ত বান্ধি থোৱা আছে৷ সেয়েহে ভাওনাক আধুনিকীকৰণৰ অজুহাত দেখুৱাই এই সংগীতৰ স্বকীয় বৈশিষ্ট্যত আঘাত কৰিলে ভাওনাৰ মৌলিকত্ব ম্লান পৰিব৷ লক্ষ্য কৰিলে দেখা যায় নতুনত্বৰ নামত এচামে দিহা নাম, টোকাৰী গীতৰ সুৰ টানি ভাওনাৰ গীতত সন্নিৱিষ্ট কৰিছে৷ বহুতে অৰ্থহীন নতুনত্বৰ সোৱাদ পাই টকালি পাৰিছে৷ সেয়েহে এনে অৰ্থহীন, ভিত্তিহীন আৰু তথ্যহীন নতুনত্বৰ ধাৰণা বন্ধ হ’ব লাগে৷ গুৰুজনাৰ আৰ্হিৰে ভাওনাৰ গীত-মাতৰ সঠিক অনুশীলন, শুদ্ধ স্বৰ সাধনাৰ মাধ্যমেদি সাত্ত্বিকভাৱে পৰিৱেশন কৰিলে আমি বিচাৰি থকা আধুনিকতা নামৰ শব্দটো ঠাইতে বিচাৰি পাম৷
অভিনয় ভাওনাৰ অন্য এক মূল উপজীব্য৷ অভিনয়ক চেৰাই নাটৰ কাহিনীৰ গভীৰতা উপলব্ধি কৰিবলৈ যোৱাটো বৃথা চেষ্টা৷ জীৱন্ত অভিনয়ৰ অভাৱত নাটকীয় সংঘাত উজলি নুঠে৷ বাস্তৱমুখী জীৱন্ত অভিনয়ে দৰ্শকক কাহিনীৰ মাজত বিচৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ মাতৃভাষাৰ ভাওনাৰ তুলনাত অংকীয়া নাটৰ ভাওনা গীত আৰু নৃত্যপ্ৰধান হোৱা হেতুকে ব্ৰজাৱলী ভাষা বুজি নোপোৱা দৰ্শকে নাট্যৰস পান কৰিবলৈ অসুবিধা পায়৷ গতিকে অংকীয়া ভাওনাৰ চৰ্চা ক্ষেত্ৰ সত্ৰসমূহে বা ইয়াৰ লগত জড়িত পৰিচালক, ভাও-ভাৱৰীয়াই গীত, বাদ্য, নৃত্যৰ লগতে ৰস অনুযায়ী অভিব্যক্তি প্ৰকাশ কৰা, আংগিক অভিনয়, নাটকীয় পদ সঞ্চালন, কণ্ঠস্বৰৰ দৃঢ়তাৰ ক্ষেত্ৰত গুৰুত্ব দি ভাওনাক অধিক মনোগ্ৰাহী কৰাৰ থল আছে৷ গীত-নৃত্যত দুৰ্বল মাতৃভাষাৰ নাটকত অভিনয়ৰ গুৰুত্ব বৰ্তমান সময়ত দিয়া দেখা যায় যদিও বহু সময়ত আধুনিক মঞ্চ নাটকৰ দৰে কৰা স্বাভাৱিক সংলাপ নিক্ষেপণ আৰু অতিমাত্ৰা বৰ্ণহীন হাঁহিয়ে কাহিনীৰ গতিক বাধাপ্ৰাপ্ত কৰে৷

ৰূপসজ্জা, সাজসজ্জা ভাওনাৰ এক গুৰুত্বপূৰ্ণ দিশ৷ বৰ্তমান এই দিশটোৰ লগত জড়িতসকল আৰ্থিকভাৱে লাভৱান হোৱাৰ লগতে নেপথ্যৰ পৰাই ভাওনাৰ উত্তৰণত প্ৰভূত বৰঙণি আগবঢ়াই আহিছে৷ ভাওনাৰ সাজ-সজ্জাৰ দুৰ্বল দিশটো হ’ল ভাৱৰীয়াৰ নিজা পছন্দৰ পোছাক পৰিধান কৰা৷ এই ক্ষেত্ৰত নতুন পোছাকৰ ওপৰত শুদ্ধ পোছাকে ফেৰ মাৰিব নোৱৰাটো পৰিচালকৰ দুৰ্বলতা বুলিব পাৰি৷ ভীমৰ ভাও লোৱাজনে টি.ভি. ষ্টাইলৰ পোছাক, সেনাপতি লোৱাজনে দূৰদৰ্শনৰ চন্দ্ৰকান্ত ধাৰাবাহিকৰ ক্ৰুৰ সিঙৰ চুলি পিন্ধা, ৰুক্মিণীয়ে হিন্দী চিনেমাৰ কন্যাৰ দৰে জাকজমকতাৰ আশ্ৰয় লোৱা প্ৰৱণতাই ভাওনাৰ সাজ-সজ্জাৰ মৌলিকতাত আঘাত হানিছে৷ সেয়েহে চৰিত্ৰ অনুযায়ী পিন্ধা থলুৱা পোছাকেহে ভাওনাৰ স্বকীয়তা ৰক্ষাত সহায়ক হ’ব৷ সাজসজ্জাৰ দৰে ৰূপসজ্জাও ভাওনাৰ এক অমূল্য উপাদান৷ দূৰদৰ্শনৰ শৈলীত ৰূপসজ্জা কৰা, মানুহে পাছদিনা হাঁহে বুলি প্ৰয়োজনতো গোঁফ কাটিবলৈ লাজ কৰা ধাৰণা ত্যাগ কৰা উচিত৷ ভাওনাৰ চৰিত্ৰ বাছনিৰ প্ৰক্ৰিয়াও সলনি হ’বৰ হ’ল৷ পেট ডাঙৰ, মুখ বহল শকত মানুহক ভীমৰ ভাও দিয়া, জাতত উচ্চ বুলি ভবাসকলক ভগৱানৰ চৰিত্ৰৰ বাবে বাছনি কৰা, মহিলা প্ৰকৃতিৰ ল’ৰা দেখিলেই নাৰী চৰিত্ৰ দিয়া, অমুকে কৰ্ণৰ ভাওহে দিব, তমুকে দুকুট বচনৰ ভাও নলয় আদি ধাৰণাৰ অৱসান হওক কেৱল ভাওনাৰ স্বাৰ্থত৷ নহ’লে ভাওনাৰ প্ৰসাৰত উৰ্দ্ধমুখী ধাৰণাই স্থান পাবলৈ সক্ষম নহ’ব৷
আধুনিক নাটকৰ দৰে দৃশ্যসজ্জা ভাওনাৰ মূল উপাদান নহয় যদিও বৰ্তমান সময়ত মাতৃভাষাৰ ভাওনাত এই ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া দেখা যায়৷ একে আষাৰে দৃশ্যসজ্জাৰ প্ৰয়োগ ভুল বুলি ক’ব নোৱাৰি যদিও ইয়াৰ অত্যধিক প্ৰয়োগে ভাওনাৰ গতি ব্যাহত কৰাৰ লগতে ভাওনাক ব্যয়বহুল বিলাসী সংস্কৃতিত পৰিণত কৰাৰ আশংকা আছে৷ বিলাসী দৃশ্যসজ্জাৰ বিপৰীতে অৰ্থবহ প্ৰতীকধৰ্মী দৃশ্যসজ্জাহে অধিক আদৰণীয় হোৱাটো উচিত৷ নহ’লে গ্ৰাম্য অঞ্চলৰ আৰ্থিকভাৱে পিছপৰা সহজ-সৰল লোকসকলে এই পদ বহুমূলীয়া সংস্কৃতি চৰ্চা কৰিবলৈ গৈ দোমোজাত পৰিব৷ তদুপৰি ভাওনাত প্ৰদৰ্শনৰ থলী অৰ্থাৎ নামঘৰ বা নামঘৰৰ আকৃতি মঞ্চত দৃশ্যসজ্জা কৰাত জটিলতাও হয়৷ সেয়েহে সতৰ্কতাৰে এই ক্ষেত্ৰত আগবাঢ়ি যোৱাই ভাওনাৰ স্বাৰ্থত সুখপ্ৰদ সিদ্ধান্ত হ’ব৷
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যুগজয়ী ভাওনাত মুখাশিল্পৰ প্ৰয়োগে ভাওনাক অন্য এক মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে৷ অসমৰ বুকুত সজা বাঁহ-কাঠ-বেতেৰে সজা মুখাত শিল্পীৰ প্ৰতিভা জীৱন্ত ৰূপত মুৰ্তমান হয়৷ দুই-এপদ ৰঙৰ বাহিৰে বেছিভাগ থলুৱা ধাতুক ৰং হিচাপে ব্যৱহাৰ কৰি তৈয়াৰ কৰা মুখাও ভাওনাৰ দৰ্শকসকলক চমকিত কৰাৰ লগতে চৰিত্ৰ সম্পৰ্কে সহজভাৱে জনাত সহায় কৰে৷ কিন্তু দুখজনকভাৱে এই মুখাশিল্পৰ ব্যৱহাৰ বৰ্তমান ভাওনাত যথেষ্ট কমি আহিছে৷ ইয়াৰ সঠিক ব্যৱহাৰে এই শিল্পৰ লগত জড়িতসকলক আৰ্থিকভাৱেও সকাহ দিয়াৰ সমল আছে৷
আলোচ্য উপাদানসমূহৰ উপৰি উপযুক্ত অনুশীলন, সংলাপ উচ্চাৰণৰ শুদ্ধতা, অৰ্থবহ আলোক, অমিত্ৰাক্ষৰ ছন্দৰ নাট ৰচনা আৰু অভিনয়ৰ সাত্ত্বিকতাইহে ভাওনাক অধিক মোহনীয় ৰূপত তুলি ধৰাৰ লগতে অসমীয়া সংস্কৃতিৰ বাৰ্তাবাহকৰূপে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব৷ সত্য সুন্দৰৰ চৰ্চা, ভাওনাৰ বিকাশৰ মন্থৰতা দূৰ কৰিবলৈ চৰকাৰৰ সাংস্কৃতিক বিভাগ, অসম সাহিত্য সভা, শ্ৰীমন্ত শংকৰদেৱ সংঘ, সত্ৰসমূহ আৰু বিশ্ববিদ্যালয় দুখনৰ সন্মিলিত আলোচনা আৰু সৰ্বসন্মত সিদ্ধান্তৰ যোগেদি ভাওনাৰ বিকাশৰ অন্তৰায়সমূহ দূৰীকৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে৷ ঠাই বিশেষে ভাওনা প্ৰদৰ্শনত থকা ভিন্নতা দূৰ কৰাৰ ব্যৱস্থা কৰা, ভাওনাৰ শিল্পীসকলক বছৰি চৰকাৰীভাৱে বঁটা দিয়াৰ দাবী উত্থাপন কৰা, ভাওনাৰ প্ৰশিক্ষণ বিদ্যালয় খোলাৰ সিদ্ধান্ত লোৱা, ঐক্য আৰু সমন্বয়ৰ প্ৰতীক হিচাপে নামনি অসমলৈ ভাওনাৰ প্ৰসাৰ ঘটোৱা, শিক্ষা অনুষ্ঠানত ভাওনা সম্বন্ধীয় পাঠ্যক্ৰম অন্তভুৰ্ক্ত কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব লাগে৷ এনে ধৰণৰ বাস্তৱমুখী চিন্তাধাৰা আৰু সিদ্ধান্তইহে ভাওনাৰ এক আন্দোলন গঢ়ি তুলিব পাৰিব৷
বহু হতাশা আৰু বহু অভাৱৰ মাজতো ভাওনাৰ সাত্ত্বিকতা, ভাওনাৰ জনপ্ৰিয়তা ক্ষুণ্ণ হ’বলৈ নিদিয়া শিল্পীসকলক উৎসাহিত কৰিলে শ্ৰীমন্ত শংকৰদেৱৰ সুশৃংখল সমাজ গঠনৰ অৰ্থবহ উদ্দেশ্যৰ সুন্দৰ প্ৰতিফলন ঘটিব৷
(লেখক- অধ্যক্ষ, মহাত্মা গান্ধী মহাবিদ্যালয়)

Leave a Reply

Your email address will not be published. Required fields are marked *