আমেৰিকাৰ ডায়েৰী (১৪)- গীতাঞ্জলী বৰুৱা – Purbodix.com

আমেৰিকাৰ ডায়েৰী (১৪)- গীতাঞ্জলী বৰুৱা

হাতত কলম তুলি লোৱাৰ পৰা কলমটো থমকিব ধৰিলেই দেখোন মোৰ মনটোক খুন্দিৱাবলৈ ধৰে কিবা এটা যেন লিখিব পোৱা হ’লে৷ যিহে ঠাণ্ডা ঘৰৰ বাহিৰলৈ ওলাবলৈ মন নাযায়৷ জাবৰ পেলাবলৈও এসোপা গৰম কাপোৰ পিন্ধি যাব লাগে৷ গতিকে ফুৰিবলৈ যোৱাটো ভাবিবই নোৱাৰি৷ ঘৰৰ ভিতৰতে ভাবি-গুণি থাকো যদিও মনলৈ একো কথাই নাহে, তাতে এলেহুৱা বুলি নাম এটা আছিলেই, ইয়ালৈ আহি যিমানহে সুবিধা পালো৷ এলাহ আৰু অকণমান বাঢ়িল৷ ৰাতি হ’লে সাত হাল বায় দিনত এহালো নাই৷ ঠিক তেনেকুৱা হৈ পৰিলোঁ৷ মনত অজস্ৰ জল্পনা-কল্পনা কামত পিছে একো নাই৷
এদিনাখনৰ কথা একান্তমনে বিচৰা বস্তু ভগৱানেও বোলে দিয়ে, মোৰ লগতো ঠিকেই তেনেকুৱাই হ’ল৷ মোৰ মনে বিচাৰি থকা কথা এটা সম্ভৱ হ’ল৷ ইয়াৰ স্থানীয় বাসিন্দাৰ লগত একেলগে দুপৰীয়া সাজ খাবলৈ সুবিধাকণ পালোঁ৷ আচলতে এসাজ একেলগে খোৱাতকৈ, তেওঁলোকৰ লগত বহি দুটা কথা পাতি তেওঁলোকৰ বিষয়ে বিভিন্ন কথা জানিব পাৰিম সেয়াই মোৰ আনন্দ৷ মোৰ মানুহজনৰ অফিচৰ দুগৰাকী সহকৰ্মীৰ নিমন্ত্ৰণ ক্ৰমে শুকুৰবাৰ এটাত ৰেস্তেঁাৰা এখনত আমি চাৰিওজন লগ হ’লো৷ তেওঁলোক দুগৰাকী আমাতকৈ অলপ আগত আহি পালে৷ আমি সোমাই যোৱাৰ লগে লগে দুয়োগৰাকী থিয় হৈ বৰ আদৰ-সাদৰেৰে আমাক বহিব দি নিজেও বহিল৷ মোৰ লগত চিনাকি হ’ল৷ এগৰাকী ব্ৰেণ্ডা আৰু আনগৰাকী বিন, নিজৰ পৰিচয় দি মোৰ নামটো উচ্চাৰণ কেনেকৈ উচ্চাৰণ কৰিম জানিবলৈ বিচাৰিলে, যিহেতু ইয়াত সকলোৱে ভুলকৈয়ে উচ্চাৰণ কৰে যদিও শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিলে৷ মনটো ভৰি পৰিল৷
পৰিচয় পৰ্ব হোৱাৰ পাছত খাবলৈ অৰ্ডাৰটো দি লাহেকৈ ঘৰুৱা কথালৈ আহিলে তেওঁলোক৷ খাবলৈ গাৰ্লিক ব্ৰেড, পিজ্জা আৰn গ্ৰীন চালাডহে৷ আমাৰ দৰে ভাতে, মাছে, মাংসই নাখায়, গতিকে এওঁলোকৰ খাদ্যৰে আমি দুয়ো সোৱাদ ল’লো৷

দুয়োগৰাকীৰ বয়স ষাঠিৰ উৰ্ধৰ যদিও বহুত সক্ৰিয় আৰু উদ্যমী এতিয়াও৷ সেয়া তেওঁলোকৰ কথা-বতৰা আৰু শাৰীৰিক অবয়বত বুজিব পাৰিলোঁ৷ ব্ৰেণ্ডা এটি দুৰাৰোগ্য ৰোগ কেঞ্চাৰৰ সৈতে যঁুজি জয়ী হোৱা৷ তেওঁৰ লগত কথা পাতি, কথাবোৰ শুনি ভাবিবলৈ বাধ্য হ’লো মানসিকভাৱে তেওঁ কিমান যে শক্তিশালী৷ তেওঁৰ স্বামী বৰ্তমান পাইলটৰ প্ৰশিক্ষণ লৈ আছে৷ মইটো আচৰিত হৈ গ’লো৷ একান্ত মনে শুনি গ’লো৷ তেখেতৰ স্বামীয়ে বোলে কাঠৰ কামো জানে৷ ঘৰতে কিছু কাম কৰে৷ সততে শুনিবলৈ পাওঁ ইয়াত ল’ৰা-ছোৱালীয়ে মাক-দেউতাকৰ দায়িত্ব লয়৷ সেইদিনা ব্ৰেণ্ডা আৰু বিনৰ কথাৰ পৰা বুজিলোঁ তেনে একো কথা নাই তেওঁলোকৰ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত৷ ল’ৰা বেলেগে ঘৰলৈ অন্য ঠাইত থাকে কামৰ তাগিদাত, কিন্তু কথাৰ পৰা বুজিলোঁ মনৰ আঁতৰ নহয়৷ গাড়ীৰ সম্বন্ধীয় কিছু কথা পাতি থাকোঁতে ক’লে ল’ৰাই আহি মতামত কি আগবঢ়ায় তাৰ ওপৰতো বহুতখিনি নিৰ্ভৰ কৰে৷ মাজে মাজে ৰবিন আৰু ব্ৰেণ্ডাৰ কথোপকথন চলে মই একান্ত মনে শুনি যাওঁ, তুষাৰপাতৰ পাছত তেওঁলোকৰ কি কি অসুবিধা হয়৷ গাড়ীখন ভিতৰলৈ নিবলৈ কিমান অসুবিধা, কেনেকৈ এদিন পাছলৈ গুচি আহিছিল ব্ৰেণ্ডাই বৰ্ণনা কৰি গ’ল৷
ৰবিনৰ হাঁহিটো বৰ মৰম লগা৷ বয়সৰ চাপে এতিয়াও যেন ঢুকি পাবলৈ বহুত বাকী৷ ৰবিনে মোক আমেৰিকা কেনেকুৱা লাগিছে মোৰ অনুভুতিবোৰ জানিব বিচাৰিলে৷ ময়ো এটা এটাকৈ ক’বলৈ ধৰিলো৷ তাৰ পাছত ৰবিনে নিজৰ বিষয়ে ক’লে৷ ৰবিনৰ পিছে অৱসৰৰ পাছত আমেৰিকাৰ বিভিন্ন ঠাই ফুৰাৰ পৰিকল্পনা৷ তেওঁৰ এই পৰিকল্পনাত আউল এটা নথকা নহয় তেওঁৰ স্বামী বোলে এৰোপ্লেনত দীঘলীয়া যাত্ৰা কৰিবলৈ অসুবিধা পায়, যি হ’লেও কিছু ঠাই যে তেখেতে ফুৰিব খাটাংকৈয়ে ক’লে আমাক৷ লাহে লাহে এটি দুটিকৈ শুনিবলৈ শুৱলা মাতেৰে কথাবোৰ কৈ আছে মই একান্ত মনে শুনি যাবহে পাৰিছোঁ৷ মোৰ আন এটা অসুবিধাও আছে এওঁলোকৰ কথাবোৰ বুজিবলৈ হ’লে মন দি শুনিব লাগে৷ নহ’লে খৰকৈ ক’লে উচ্চাৰণবোৰ অলপ বেলেগ হোৱাৰ কাৰণে দুই এটা কথা নুবুজাকে থাকি যায়৷ আজিকালি বহুখিনি বুজা হ’লো তথাপি মন দি শুনি আছোঁ কথাবোৰ ভালো লাগি গৈছে৷
আমাৰ খাদ্যসমূহ আহিল৷ গাৰ্লিক ব্ৰেড আগতীয়াকৈ আনি দিলে তাকে চোবাই আমি ঘৰুৱা কথাবোৰ পাতি আছিলোঁ৷ এইবাৰ পিজ্জা খালো৷ ৰবিন বৰ্তমান ডায়েটিঙত আছে বাবে গ্ৰীন চালাড খাইছে৷ বন্ধা কবি পালেং পাত আৰু দুই এবিধ পাত যি মই ইয়াত আহিহে দেখিছোঁ সকলোখিনিয়ে ধুনীয়াকৈ সজাই দিয়া চালাড খিনি ইমান ধুনীয়াকৈ খাই আছে যেন অমৃতহে পাইছে৷ খোৱাৰ মাজে মাজে আমাৰ কথাটো ভাগ লৈছে৷ ব্ৰেণ্ডা নিজৰ পছন্দৰ পিজ্জা য’ত যথেষ্ট পৰিমাণে চিজ দিয়াআছে খাই আছে দুই-এটা কথাও পাতি আছে৷ ভাৰতৰ বিষয়েও সুধিছে৷ তাজমহলৰ কথাও কৈছে৷ মই ফুৰিবলৈ যোৱা ভাৰতৰ বিভিন্ন ঠাইৰ উপৰিও ভাৰতৰ চাবলগীয়া ঠাইসমূহৰ কথা বৰ্ণনা কৰিলো৷ ব্ৰেণ্ডাৰ মালদ্বীপ চাবলৈ মন থকাৰ কথাও ক’লে৷ কথাৰ মাজতে মোক সুধিবলৈ ধৰিলে দিনটো মই কেনেদৰে কটাও৷ কিতাপ পঢ়ো নে টিভি চাও নে অন্য কিবা৷ মই ক’লো টিভিটো বৰ্তমান মোৰ লগৰী৷ তাৰ মাজতে মাজে মাজে মোৰ নতুন নতুন অভিজ্ঞতাবোৰ লিখি যাবলৈ চেষ্টা কৰিছোঁ৷ মই লিখো বুলি জানি কিমান যে ভাল পাইছে তেওঁলোকৰ মুখতে ফুটি উঠিছে৷ মোৰ মানুহজনেও ক’লে মই অহা চাৰি বছৰ হ’ল, অসমীয়া মানুহ লগ পোৱা নাছিলো, কিন্তু তাই আহি অসমীয়া এঘৰ লগ পালে একমাত্ৰ লিখাৰ বাবে৷ ফেচবুকত লিখে, মহিলাৰ গ্ৰnপ এটাও আছে তাত লিখি ইয়াত আহি নিজৰ দেশৰ লগৰীয়াও বিচাৰি পালে৷ তেওঁলোকে মোক বহু উৎসাহ যোগালে৷ লিখনিৰ মাজেদি বিদেশৰ মাটিত স্বদেশৰ মানুহৰ সংযোজন ঘটিল তাৰ বাবে বহু প্ৰশংসা কৰিলে৷
ইমানপৰে আমাৰ খাই বই প্ৰায় শেষ হ’ল৷ ব্ৰেণ্ডাই এনেতে তেওঁৰ কুকুৰ দুটাৰ ফটো দেখুৱালে৷ বৰ মৰম লগা৷ কুকুৰৰ কিছুমান কাম যে বৰ ভাল লাগে তাকে ক’লে৷ ডাঙৰ ঘৰটোত দুয়ো স্বামী-স্ত্ৰীৰ কিমান যেন লগৰ সিহঁত দুটা৷ আমাৰ বুজিবলৈ বাকী নাথাকিল তেওঁৰ কথাৰ পৰা৷ এইবাৰৰ বিনেও নিজৰ চাৰিবছৰীয়া নাতিয়েকৰ ফটো দেখুৱালে৷ দেউতাকৰ লগত পাচলি কাটি থকা ফটোখন কি বুলিনো বৰ্ণনা কৰিম জানো? শব্দ কিন্তু বিচাৰি পোৱা নাই৷ ফটোৱেও যেন কেতিয়াবা কথা কয় তেনেকুৱা লাগিল মোৰ৷ অকণমানি আঙুলি কাটিব বুলি হাতত গ্ল’ভ্‌ছ পিন্ধি লৈ সম্পূৰ্ণ মনোযোগেৰে যে নিজৰ কামত ব্যস্ত৷ অন্য এখন ফটো দেখুৱালে য’ত ৰবিনৰ ছোৱালীৰ ছমহীয়া ছোৱালীজনীৰ ফটো৷ একেবাৰে যেন পুতলা এটা বগা ফ্ৰকটোৰ সৈতে৷ নাতি-নাতিনীৰ প্ৰতি কি আগ্ৰহ ৰবিনৰ, দেখি বৰ ভাল লাগিল৷ মোৰ মায়ে দাদাৰ ছোৱালী দুজনীৰ লগত লাগি থকা দেখি কৈয়ে দিয়ে কিছুমানে কিমান আৰু লাগি থাকা নাতিৰ লগত৷ ময়ো কেতিয়াবা অভিমান কৰি মাক কওঁ, তুমি আমাৰ কাৰণেই ইমান কৰা নাছিলা যিমান নাতিৰ কাৰণে কৰা৷ মায়ে মোক বুজাই মাছতকৈ মাছৰ পেটুলৈহে বেছি মনটো থাকে৷ ৰবিনৰ কথাৰ পৰাও বুজিলোঁ নাতিৰ প্ৰতি থকা মৰম একোৰে জুখিব নোৱাৰি৷
এনেদৰে কথা পাতি থাকোঁতে ডেৰ ঘণ্টা সময় কেতিয়ানো পাৰ হ’ল গমেই নাপালোঁ৷ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমি গুচি আহিলোঁ, তেওঁলোকো অফিচলৈ গ’ল৷

Leave a Reply

Your email address will not be published. Required fields are marked *