by Arup Kakoti

বিশ্বৰ বিভিন্ন প্ৰান্তত শ্ৰমিকসকল মালিক পক্ষৰ দ্বাৰা নানাধৰণে বঞ্চিত হৈ আহিছে৷ শ্ৰমিক আন্দোলনৰ পটভূমিত পালিত হোৱা মে’ দিৱসৰ তাৎপৰ্য ইতিহাসৰ বুকুত এক গুৰুত্বপূৰ্ণ ঘটনা৷
১৮৯০ চনৰ পৰা ১ মে’ৰ দিনটো প্ৰতি বছৰে ‘আন্তৰ্জাতিক শ্ৰমিক দিৱস (ইংৰাজী ঃ International Worker’ব্দ Day) বামে’ দিৱস নামেৰেও পৰিচিত৷ মে’ মাহৰ প্ৰথম দিনটোতেই পৃথিৱীৰ বহুকেইখন দেশত এই দিৱস পালিত হয়৷ এই দিনটো চৰকাৰীভাৱে ছুটিৰ দিন৷
১৮৮৬ চনৰ ১ মে’ত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰৰ হে-মাৰ্কেটত ৮ ঘণ্টা শ্ৰমদিনৰ দাবীত আন্দোলন কৰা শ্ৰমিকৰ ওপৰত গুলি চলোৱাত ১১ জন শ্ৰমিক ছহিদ হয়৷ পিছে যুক্তৰাষ্ট্ৰ বা কানাডাত এইদিন পালন কৰা নহয়৷ ইয়াৰ উপৰি এইদিনটোৰ আন কিছু ঘটনা আছে যিবোৰ আঞ্চলিকভাৱে হয়তো পালন কৰা হয়৷
সমাজত ধনী-দুখীয়া দুটা শ্ৰেণী থকাটো স্বাভাৱিক৷ এটাক এৰি আনটোৰ কথা ভাবিব নোৱাৰি৷ গতিকে বৃহৎ উদ্যোগপতি বা ধনাঢ্যসকলৰ ওচৰত সমাজৰ এচাম লোকে কায়িক বা মানসিক পৰিশ্ৰম কৰি জীৱন নিৰ্বাহৰ বাট উলিয়াই লয়৷
শ্ৰমিকসকলৰ মূল সমস্যা আছিল– তেওঁলোকে কিমান সময় কাম কৰিব৷ পূৰ্বতে শ্ৰমিকসকলে অমানুষিক পৰিশ্ৰম কৰিব লাগিছিল, প্ৰতিদিনে গড়ে প্ৰায় ১০ ১ পৰা ১২ ঘণ্টা আৰু সপ্তাহত ৬ দিন কাম কৰিছিল৷ বিপৰীতে নগণ্য পাৰিশ্ৰমিক বা মজুৰি পাইছিল, শ্ৰমিকসকলে অতি অমানৱীয় জীৱন-যাপন কৰিছিল, ক্ষেত্ৰবিশেষে সেইটো দাস বৃত্তিৰ পৰ্যায়ত পৰিছিল৷ ১৮৮৪ চনত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰত এদল শ্ৰমিকে দৈনিক ৮ ঘণ্টা কামৰ নিয়ম কৰাৰ দাবীত আন্দোলন আৰম্ভ কৰে আৰু তেওঁলোকৰ এই দাবী কাৰ্যকৰী কৰাৰ বাবে তেওঁলোকে সময় বান্ধি দিয়ে ১৯৮৬ চনৰ ৪ মে’ৰ সন্ধিয়া সামান্য বৰষুণৰ মাজত চিকাগো নগৰৰ হে-মাৰ্কেট নামৰ এক বাণিজ্যিক এলেকাত শ্ৰমিকসকল শোভাযাত্ৰা কৰাৰ উদ্দেশ্যে গোট খায়৷ তেওঁলোকে ১৮৭২ চনত কানাডাত অনুষ্ঠিত এক বিশাল শ্ৰমিক শোভাযাত্ৰাৰ সাফল্যত এক বিশাল শ্ৰমিক শোভাযাত্ৰাৰ সাফল্যত উদ্বুদ্ধ হৈ এনে কৰিছিল৷ আগষ্ট স্পীজ নামৰ এজন নেতাই উপস্থিত শ্ৰমিকসকলৰ উদ্দেশ্যেকিছু কথা কৈছিল৷ হঠাৎ দূৰৈত ৰৈ থকা আৰক্ষী দলৰ ওচৰত এটা বোমা বিস্ফোৰণ ঘটে আৰু এজন পুলিচ নিহত হয়৷ পুলিচ বাহিনীয়ে তৎক্ষণাত শ্ৰমিকসকলৰ ওপত অতৰ্কিতে আক্ৰমণ আৰম্ভ কৰে আৰু ই এক গণহত্যাৰ ৰূপ লৈ ১১ জন শ্ৰমিক নিহত হয়৷ পুলিচক হত্যা কৰাৰ দোষত আগষ্ট স্পীজসহ আঠজনক অভিযুক্ত কৰা হয়৷ এক প্ৰহসনমূলক বিচাৰৰ পিছত ১৮৮জ্জ চনৰ ১১ নৱেম্বৰ তাৰিখে উন্মুক্ত স্থানত ৬ জনক ফাঁচী দিয়া হয়৷
বিশ্বৰ প্ৰথমটো শ্ৰমিক সংগঠন ‘Mechanic’ব্দ Union of Philladelphia’ ই শ্ৰমিকসকলৰ কৰ্ম সময়ৰ বিষয়ে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল৷ ইয়াৰ পিছত ১৮২৭ চনত ফিলাডেলফিয়াত, ১৮৫৬ চনত অষ্ট্ৰলিয়াত শ্ৰমিক আন্দোলনে বিশেষ গা কৰি উঠে৷ ১৮৬১-৬২ চনত হোৱা আমেৰিকাৰ গৃহযুদ্ধই শ্ৰমিকসকলৰ মাজত বিশেষ প্ৰভাৱ পেলায়৷ ২৬ জুন, ১৮৯৩ তাৰিখে ইউনিয়নৰ গভৰ্ণৰে অভিযুক্ত আঠজনকেই নিৰপৰাধী বুলি ঘোষণা দিয়ে আৰু হত্যালীলাৰ হুকুম প্ৰদানকাৰী পুলিচ কমাণ্ডাৰজনক দুৰ্নীতিৰ দোষত অভিযুক্ত কৰে৷ আৰু আনপিনে অজ্ঞাত সেই বোমা বিস্ফোৰণকাৰীৰ পৰিচয় কেতিয়াও প্ৰকাশিত নহ’ল৷ ভাৰতবৰ্ষত ব্ৰিটিছ শাসনকৰ্তাসকলৰ বিৰুদ্ধে খৰ্গহস্ত হৈ শ্ৰমিক সৈনিকসকলে আন্দোলনৰ সূচনা কৰে৷ তদুপৰি ভাৰতৰ বিভিন্ন প্ৰান্তত থকা কয়লাখনিত দিনটোৰ ওঠৰ ঘণ্টা সময় তেজক পানী কৰি শ্ৰম কৰিব লাগিছিল৷ এইবোৰ ঘটনাই শ্ৰমিকসকলৰ মাজত বিপ্লৱৰ বীজ সিঁচিছিল৷ ভাৰতত প্ৰথম ট্ৰেড ইউনিয়ন গঠন হয় ১৯২০ চনত৷ লালা লাজপত ৰায়ৰ নেতৃত্বত গঢ় লৈ উঠা সংগঠনটোৰ নাম দিছিল অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন৷ ১৯২৩ চনত ভাৰতত প্ৰথম মে’ দিৱস পালন কৰা হয়৷ ভাৰতৰ বিভিন্ন ঠাইত সংগঠিত শ্ৰমিক সংঘবোৰৰ ওপৰত কতৃৰ্পক্ষই নানান অত্যাচাৰ চলাইছিল৷ আনকি ১৯৩৫ চনত ১৩ টা সংগঠন নিষিদ্ধ ঘোষণাও কৰিছিল যদিও শ্ৰমিকসকলক স্তব্ধ কৰিব পৰা নাছিল৷
অৱশেষত শ্ৰমিকসকলৰ ‘‘দৈনিক আঠ ঘণ্টা কাম কৰাৰ’’ দাবীয়ে প্ৰশাসনিক স্বীকৃতি পায় আৰু মে’ দিৱসে প্ৰতিষ্ঠা লাভ কৰে৷ শ্ৰমিকসকলৰ দাবী আদায়ৰ দিন হিচাপে, পৃথিৱীব্যাপী আজিও সেই দিৱস পালিত হয়৷ শ্ৰমৰ মহত্ব, শ্ৰমৰ প্ৰয়োজনীয়তা আদি বুজাবৰ বাবেই এই মে’ দিৱস পালন কৰা হয় বুলি ঠেকভাৱে নাভাবি শ্ৰমিক আৰু মালিকৰ মাজত থকা দূৰত্ব, শোষণ, নিপীড়ন আদি আঁতৰ কৰি শ্ৰমিকৰ মহান ত্যাগক সন্মান জনাব পাৰিলেহে মে’ দিৱস পালনৰ অন্তৰ্নিহিত লক্ষ্য-উদ্দেশ্য সাফল্যমণ্ডিত হ’ব৷ দেশখনৰ নিৰ্মাণত শ্ৰমিকৰ প্ৰভূত পৰিমাণৰ অৰিহণা আছে৷ সেয়েহে দেশৰ মূল্যৱান অংশ হ’ল শ্ৰমিক৷ শ্ৰম মানেই হ’ল শাৰীৰিকভাৱে কষ্ট কৰা৷ শাৰীৰিকভাৱে কষ্ট কৰি যি মানুহে উপাৰ্জনৰ পথ প্ৰশস্ত কৰিছে সেয়াই হ’ল শ্ৰমিক৷ শ্ৰমিকসকল এখন সমাজৰ লগতে দেশৰ অতি প্ৰয়োজনীয় অংশ৷ শ্ৰমিকৰ শ্ৰমৰ ফলত বিভিন্ন কাৰখানাত বা ব্যক্তিৰ ঘৰৰ বাহিৰে-ভিতৰে সৌন্দৰ্য্য বৃিদ্ধ পায়, উৎপাদন বৃদ্ধি পায়৷