by Arup Kakoti

অসমীয়া সমাজ, সংস্কৃতি আৰু সভ্যতাৰ উত্তৰণৰ বাবে যিসকল বিশিষ্ট ব্যক্তিয়ে নিৰলস আৰু নিৰবিচ্ছিন্নভাৱে সেৱা আগবঢ়ালে, সেইসকলৰ ভিতৰত অন্যতম জ্যোতিপ্ৰসাদ আগৰৱালা৷ যি সময়ত অসমীয়া জাতীয় জীৱনক এক ধূসৰিত আন্ধাৰে আৱৰি ধৰিছিল, সেই সময়তে এইগৰাকী বৰেণ্য ব্যক্তিৰ আবিৰ্ভাৱ হৈছিল৷ ‘‘জ্যোতিপ্ৰসাদৰ দৰে সৌন্দৰ্য আৰু কলাৰ সুকীয়া ধ্যান-ধাৰণাৰে পুষ্ট চিন্তাশীল ব্যক্তি অসমৰ শিল্পচিন্তাৰ নিস্তেজ পৰিমণ্ডলত সঁচাকৈয়ে অনান্য৷’’ (পুষ্ঠা ঃ ২০৬; শিল্পীৰ আলোক যাত্ৰা) জ্যোতিপ্ৰসাদৰ ব্যক্তিত্ব আছিল এক কথাত সুন্দৰৰ পূজাৰী৷ তেখেতৰ প্ৰতিটো সৃষ্টিৰাজিত, প্ৰতিটো চিন্তাত আৰু প্ৰতিটো কৰ্মত ফুটি উঠে পৃথিৱীৰ সকলো কলুষতাক সুন্দৰতালৈ পৰ্যবসিত কৰিব পৰা দৃষ্টি৷ তেখেতৰ চিন্তাৰ এই আদৰ্শই অসমৰ সমাজ-সংস্কৃতি আৰু সভ্যতাক বহুদুৰ আগুৱাই নিয়াৰ সমান্তৰালভাৱে তেখেতৰ দ্বাৰা সৃষ্ট সাহিত্যৰাজিয়ে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছে৷ বহুচৰ্চিত নাটক, গীত আৰু কবিতাসমূহক বাদ দি তেখেতৰ সৌন্দৰ্য অম্বেষণী, সংস্কাৰকামী চিন্তাৰ সাক্ষৰ থকা গল্পসমূহেও বহন কৰি ৰাখিছে৷ গল্পসমূহে তেখেতৰ অনান্য সাহিত্যৰাজিৰ দৰেই সামাজিক দ্বন্দ আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰকট কৰি তুলিছে৷
জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা গল্পৰ তেনেই তাকৰ৷ সংখ্যাৰ ফালৰ পৰা মাত্ৰ ন টা গল্প সৃষ্টি কৰি থৈ গৈছে৷ সেইকেইটা হ’ল ৰূপহী, বগীতৰা, সোণতৰা, সোণটিৰ অভিমান, যুঁজাৰু, সতীৰ সোঁৱৰণী, সন্ধ্যা আৰু প্ৰত্নতাত্বিকৰ কলাঘুমটি৷
জ্যোতিপ্ৰসাদে ৰচনা কৰা প্ৰথমটো গল্প হ’ল ৰূপহী৷ গল্পটোৰ কাহিনীভাগ আৰম্ভ হৈছে প্ৰাকৃতিক বৰ্ণনাৰে৷ বৰ্ণনাটোতে সমসাময়িক অসমৰ গাঁও এখনৰ পৰিৱেশৰ চিত্ৰ জীৱন্ত হৈ উঠিছে৷ অসমৰ পথাৰত গৰু চৰাই থকা ডেকাবোৰ, নদীৰ পৰা কলহত অনা পানীৰে কঁকাল তিয়াই অনা আঁজলী গাভৰুবোৰ, বিহু বুলিলে বলীয়া হোৱা মানুহবোৰৰ বৰ্ণনা অতি চিত্তাকৰ্ষক৷
‘‘গাভৰুৱে খোপাত কপৌফুল পিন্ধি লাহ বিলাহকৈ ওলাই গৈছে৷ ডেকাই মূৰত গামোচা মাৰি আনন্দত তিনি দেও দি ঢোলত চাপৰ মাৰিছে৷ তাকে শুনি নাচনী গাভৰুৰ কঁকালটো সাতখন-আঠখন কৰিছে৷ বুঢ়ীয়ে ভিতৰত পিঠা-পনা ভাজিছে৷ বুঢ়াই গোসাইঘৰত নাম লৈছেগৈ৷’’ (পৃষ্ঠা ঃ ২৭৪; জ্যোতিপ্ৰসাদৰ ৰচনাৱলী)৷
গল্পটোত বেণু আৰু ৰূপহীৰ প্ৰণয়মধুৰ বৰ্ণনাও আকৰ্ষণীয়৷ কিন্তু গল্পটোৰ সামৰণি অতি আকস্মিক আৰু অবিশ্বাস্য৷ ৰূপহীৰ দেউতাকে ৰূপহীক বেণুলৈ বিয়া নিদি একে গাঁৱৰে হাতী বৰুৱাৰ ল’ৰা কলাইলৈ বিয়া দিবলৈ স্থিৰ কৰে৷ বিয়ালৈ সোতৰ দিন থাকোঁতে ৰূপহীয়ে নতুন ৰিহা, মেখেলা, মূৰত কপৌফুল, কপালত সেন্দুৰৰ ফোঁট লৈ এখোজ-দুখোজকৈ নৈৰ ফালে বাট ল’লে আৰু তাই নৈত জাপ দি আত্মহত্যা কৰে৷

বগীতৰা গল্পটো বিদেশী গল্পৰ ছাঁলৈ লেখা৷ কিন্তু গল্পটোত চিত্ৰিত হোৱা অসমৰ প্ৰাকৃতিক পৰিৱেশ, সামাজিক ছবি, অসমৰ মানুহৰ ওপৰত বৰলুইতৰ ভূমিকা আৰু ব’হাগ বিহুৰ জীৱন্ত ছবি এখনহে পৰিস্ফুট হয়৷ সেয়ে গল্পটোৰ বিদেশী ৰূপটো মচি জাতে-পাতে অসমীয়া ৰূপ দিছে লুইতৰ প্ৰলয়ংকাৰী ৰূপকো তেখেতে গল্পৰ মাজত স্থান দিছে৷ লুইতৰ পাৰৰ এই চিৰাচৰিত প্ৰাত্যহিক জীৱনৰ বৰ্ণনা দি গল্পকাৰে কৈছে৷
‘‘বতৰটো বৰ সুবিধাৰ নাছিল৷ আকাশৰ লক্ষণ দেখি ৰুদ্ৰৰামে জালোৱাতক ধুমুহা আহিব বুলি সঁকিয়াই দিলে৷ কিন্তু সিহঁত পানীৰ পোক৷ ধুমুহালৈ কিয় ভয় কৰিব? তাতে মাছ নেমাৰিলে পিছদিনা আকৌ হাট-বাৰ৷ সেইদিনা মাছ বেছি সপ্তাহটোৰ কাৰণে বস্তু-বাহানি কিনিব কুটিব লাগে৷’’ (পৃষ্ঠা ঃ ২৮০; জ্যো.১)৷
এই গল্পটো সময়ৰ পিনৰ পৰা বহু দীঘলীয়া সময় জুৰি আছে কিন্তু গল্পটোৰ পৰিধি বহল নহয়৷ গল্পটোৰ কাহিনীভাগে পাঠকৰ মনত বেছ উৎকণ্ঠা জগাবলৈ সক্ষম হৈছে৷ নায়িকা বগীতৰাৰ বনমালীৰ প্ৰতি থকা প্ৰেমৰ গভীৰতা আৰু ৰুদ্ৰৰাম মেধিৰ পৌঢ়সুলভ উপলব্ধি মনোবিজ্ঞানসন্মত৷ কিন্তু সেয়া হ’লেও মেধীৰ মানসিক পৰিৱৰ্তন অতি আকস্মিক৷
‘সোণতৰা’ গল্পটো নটা খণ্ডৰ এটা দীঘল গল্প৷ গল্পটোৰ প্ৰধান নাৰী চৰিত্ৰ হ’ল সোণতৰা৷ কিন্তু গল্পটোৰ নায়ক দুজন চন্দ্ৰ আৰু গোলাপ৷ গল্পটোত নায়িকা সোণতৰাৰ জীৱনৰ দীঘল অংশ এছোৱাৰ যন্ত্ৰণাক্লিষ্ট বৰ্ণনা আছে৷ সোণতৰাই নিজৰ জীৱন পথত বিভিন্ন ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈছিল৷ হলিৰাম হাজৰিকাৰ একমাত্ৰ কন্যা সোণতৰা এগৰাকী গাঁৱলীয়া সহজ-সৰল আজলী ছোৱালী৷ তাইৰ সেই সৰলতাৰ সুযোগ গ্ৰহণ কৰিছে চহৰৰ অল্পশিক্ষিত ডেকা চন্দ্ৰই৷ ‘সোণতৰা’ চৰিত্ৰটো সামাজিক বৈষম্যৰ ভুক্তভোগী৷ চহৰীয়া আৱহাৱাৰ ভুকে নোপোৱা সোণতৰাক কথাৰ লাচেৰে মুহি চন্দ্ৰনাথে শৰীৰ ভোক কৰি নিঠৰুৱা কৰিছে৷ সামাজিক গঞ্জনা সহিবলৈ সাহস নকৰি সোণতৰাৰ পিতাকে তাইক ঘৰৰ পৰা খেদি দিলে, ‘‘তাই আৰু মোৰ ঘৰ সোমালে তোৰ জীৱ নথওঁ৷ তোৰ মাৰ-বাপেৰ নাই৷ আজিৰ পৰা মোৰ ছোৱালী মৰিল৷’’ (পৃষ্ঠা ঃ ২৯০; জ্যো.১)৷
ঘৰৰ পৰা ওলাই গৈ অনাই-বনাই ফুৰি থাকোঁতে এজনী অসহায় মাগনী বুঢ়ীয়ে আশ্ৰয় দিলে যদিও প্ৰতিকূল বতৰে বুঢ়ীৰো প্ৰাণ ল’লে৷ শেষত এঘৰ মানুহৰ বনকৰা তিৰোতা ৰূপে থকা সময়ত ভোজলৈ অহা মানুহে চিনিব পাৰি কিদৰে লঘু লাঞ্ছনা কৰিলে তাৰ এক মৰ্মস্পৰ্শী কাহিনী বৰ্ণিত হৈছে৷ সমাজৰ দ্বাৰা বঞ্চিত সোণতৰাৰ মুখত অৱশ্যে প্ৰতিবাদৰ ভাষা নাই, সকলো ভাগ্যৰ ফেৰ বুলি মানি লৈছে, কিন্তু জ্যোতিপ্ৰসাদে নতুন সমাজ গঢ়াৰ ৰেঙনি ফুটাই তুলিছে গোলাপৰ মুখত৷ গোলাপে কৈছে, ‘‘সোণতৰা, তোৰ লগতে মই সমাজৰ পৰা ওলাই আহিলোঁ৷ তায়েই সমাজ হ’বি৷ আই-বোপাই, ভাই-বন্ধু সকলো হবি মই, তোৰ নহ’মনে? (পৃষ্ঠা ঃ ২৯২, জ্যো.১)৷
জ্যোতিপ্ৰসাদে প্ৰকৃততে অসমৰ সকলো ডেকাৰে মুখত এই প্ৰত্যয়ভৰা বিপ্লৱৰ বাণীক আশা কৰিছে৷ আনবোৰ গাঁৱৰ নাৰী চৰিত্ৰৰ তুলনাত সোণতৰা বহু পৰিমাণে সফল সৃষ্টি৷ গল্পটোৰ কাহিনী সংযত আৰু সুপৰিকল্পিত৷
‘সোণটিৰ অভিমান’ গল্পটো আন গল্পৰ তুলনাত কিছু ব্যতিক্ৰম৷ গল্পটোত শিশুৰ মনস্তাত্বিক দিশটো অধ্যয়ন কৰা হৈছে৷ শিশুৰ স্বভাৱসুলভ দুষ্টালি অতি বাস্তৱ ৰূপত পৰিস্ফুট হৈছে৷
‘‘সোণটিয়ে আজি মোৰ চুৰীয়াখন সোলোকাই বৰ আঁহতৰ পাতল ডাল এটাত আঁৰি থৈছিলহি৷ মই এতিয়া লাউগুটিৰ মূৰৰ পানী গামোচাখনহে পিন্ধি আহিছোঁ৷’’ (পৃষ্ঠা ঃ ৩০২, জ্যো.১)৷
গাঁওখনতে সোণটিয়ে উৎপাত কৰি ফুৰে৷ সদায় আবেলি সোণটিৰ লগৰীয়াই তাৰ বিষয়ে মাহীমাকক বিভিন্ন ধৰণৰ গোচৰ দিছিল তেনে নহয়, গাঁৱৰ তিৰোতাসকলেও সোণটিৰ বিষয়ে নানা গোচৰ দিছিল৷ মানুহৰ গোচৰ শুনি মাহীমাকে সোণটিৰ ওপৰত ৰুক্ষ আচৰণ আৰু সোণটিৰ মাতৃহীন মানসিকতাৰ অভিমান গল্পটিত অতি সুন্দৰ ৰূপত ফুটি উঠিছে৷
যুঁজাৰু গল্পটোৰ পটভূমি হ’ল ফ্ৰান্সৰ৷ অসমীয়া ডেকা ফ্ৰান্সৰ স্বাধীনতা যুঁজত অংশগ্ৰহণ কৰি মৃত্যুক সাৱটি ল’ব লগা হয়৷ এই গল্পটো দুগৰাকী নাৰীৰ মানসিক দ্বন্দ চিত্ৰিত কৰা হৈছে৷ এগৰাকী হৈছে অসমৰ গাঁৱলীয়া গাভৰু ৰূপহী আৰু আনগৰাকী হ’ল ফ্ৰান্সৰ ৰূপহী নাৰ্ছ মিছ এনাৰ৷ চৰিত্ৰ হিচাপে এনাৰ মানসিক দ্বন্দ যিমান গভীৰ, তাৰ তুলনাত ৰূপহীৰ মানসিক দ্বন্দ গল্পটোত অপ্ৰকাশিত হৈয়ে ৰ’ল৷ এই গল্পটোত গল্পকাৰে দুপৰীয়া লুইতৰ বৰ্ণনা দিছে এনেদৰে–
‘‘লুইতখন যেন এখন বৰ ডাঙৰ দাপোন৷ একেবাৰে শান্ত৷ তাত সূৰ্য্যৰ উজ্জ্বল কিৰণ পৰি জকমকীয়া কৰিছে৷ লুইতৰ বহল সিপাৰৰ পৰ্বতবোৰ নীলা নীলা ছাঁবোৰ পৰি এখনি সুন্দৰ ছবি চিত্ৰিত কৰিছে৷ বৰ সুন্দৰ বৰ ধুনীয়া৷ কিন্তু বৰ চকুত লগা৷’’ (পৃষ্ঠা ঃ ২৯৫, জ্যো.১)৷
চাৰিটা খণ্ডত বিভক্ত দীঘল গল্পটোৰ কাহিনীভাগ অতি সৰল৷
‘সতীৰ সোঁৱৰণী’ গল্পটোত বিদেশী গল্প এটিৰ ছাঁ পৰা দেখা যায়৷ বিদেশী গল্পৰ ছাঁ পৰিলেও অসম দেশৰ সহজ-সৰল মানুহৰ ছবি এখনহে পৰিস্ফুট হৈছে৷ অসমৰ বৰলুইতৰ পাৰ, অসমৰ গ্ৰাম্য সমাজ আৰু সামন্তযুগীয় সমাজখনৰ পটভূমিত সজাই তুলিছে৷ গল্পটো সাধুকথাধৰ্মী আৰু বক্তব্য গতানুগতিক৷ গল্প কোৱাৰ কৌশল আৰু কাহিনীলৈ লক্ষ্য কৰি লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ৰ কাঞ্চন সাধুটোৰ লগত গল্পটো তুলনা কৰিব পাৰি৷ মালতী আৰু চম্পকৰ প্ৰেম, মালতীৰ আত্মহত্যাৰে নিঃস্বাৰ্থ প্ৰেম তথা পতিপ্ৰাণৰ কথা প্ৰকাশ কৰে৷ এই আত্মত্যাগৰ মহত্ব প্ৰকাশেই গল্পটোৰ মুখ্য উপজীব্য আৰু বক্তব্য৷
‘সন্ধ্যা’ গল্পটো অসমৰ মানৰ আক্ৰমণৰ পটভূমিত ৰচনা কৰিছে৷ মানৰ আক্ৰমণৰ সময়ৰ ভয়াবহতাৰ ছবি গল্পটোত পৰিস্ফুট হৈছে৷ অসমীয়া তিৰোতাৰ সততা, সাহস আৰু নিষ্ঠাৰ পৰিৱৰ্তে ভিৰু আৰু চৰিত্ৰহীন ৰূপহে গল্পটিত চিত্ৰিত হৈছে৷ মানৰ অত্যাচাৰৰ বিৰোধিতা নকৰি মানৰ তলতীয়া হৈ থকাটোৱেই এচাম তিৰোতাই উচিত বুলি বিবেচনা কৰিছিল৷ গল্পটোত কাহিনীৰ গুৰুত্ব আৰু চৰিত্ৰৰ বৈচিত্ৰ্যৰ অভাৱ লক্ষ্য কৰা যায়৷
জ্যোতিপ্ৰসাদৰ ‘প্ৰত্নতাত্বিকৰ কলাঘুমতি’ আনবোৰ গল্পৰ তুলনাত আগতানুগতিক৷ গল্পটোত গল্পকাৰে নিজে এজন তত্ত্ববাগীশ প্ৰত্নতাত্বিকৰ চৰিত্ৰৰূপে আত্মপ্ৰকাশ কৰিছে৷ গল্পটো শিলাকুটি ডেকাই সজা মূৰ্তিটোৰ অপৰূপ বৰ্ণনা পোৱা যায় এনেদৰে,
‘‘…ইটো শিলৰ মূৰ্ত্তি নহয়৷ মোৰ এই ধুনীয়া শিলাকুটি বান্ধাৰ হাতৰ বস্তু নহয়৷ ….. প্ৰত্যেক অংগই যেন মাতো মাতোকৈ ৰৈ আছে৷ চকুৱে চাওঁ চাওঁকৈ চোৱা নাই, নিশা বওঁ বওঁকৈ বোৱা নাই, মুখে হাঁহো হাহোঁকৈ হহাঁ নাই, ওঁঠে কপো কপোকৈ কপা নাই৷ নিমাতী কি কি সুন্দৰ মূৰ্তি৷ নহয়, কোনে ক’ব শিলৰ মূৰ্ত্তি বুলি৷ জীৱন্ত মূৰ্তিহে- মাথোন কণ্ঠৰ স্বৰ নাই, ভাষা নাই, স্পন্দন নাই৷’’ (পৃষ্ঠা ঃ ৩০৬, জ্যো.১)৷
এই গল্পটো জ্যোতিপ্ৰসাদৰ ‘নিমাতী কইনা’ আৰু ‘খনিকৰ’ নাটকৰেই বক্তব্যৰ গল্পৰূপ৷ সাধনাবিহীন প্ৰত্নতাত্বিকৰ কলাঘুমুতি ভাগিছে প্ৰকৃত শিল্পীৰ শিল্প প্ৰতিভা নিজ চকুৰে দেখাৰ পাছতহে৷ গল্পটোত অতি সুন্দৰ ৰূপত গল্পকাৰগৰাকীৰ শিল্প চেতনা পৰিস্ফুট হৈছে৷
জ্যোতিপ্ৰসাদৰ ‘নীলা চৰাই’ গল্পটো মেটাৰলিংকৰ দি ব্লু বাৰ্ড নাটকৰ ভাববস্তুৰ ছাঁ পৰিছে৷ ‘নীলা চৰাই’ গল্পটো শিশু উপযোগী গল্প৷ তিলতিল আৰু মিতিল নামৰ দুটা প্ৰধান শিশু চৰিত্ৰৰ জৰিয়তে কাহিনীভাগ আগবঢ়াই নিছে৷ শিশু দুটিয়ে সুখ বিচাৰি হাবাথুৰি খাই ফুৰিছে; কিন্তু সিহঁতে সেই সুখ আৰু আনন্দ বিচাৰি পাইছে নিজৰ ঘৰতে৷ সেই কথা গল্পটোত প্ৰকাশ পাইছে এনেদৰে, ‘এনেতে সকলোৱে সাৰ পাই উঠি দেখে যে নিজৰ বিছনাতে শুই আছে; মাক ৰৈ আছেহি৷ তেওঁলোকৰ সেই পজাঁ ঘৰটোও আছে৷ যি বস্তু পাবলৈ ইমান হাবাথুৰি খাই ফুৰিলে সি নিজৰ ঘৰতেই ওলালহি৷ মানৱ জীৱনতো এনেকুৱাই হয়৷ সুখ সুখ বুলি মানুহে হাবাথুৰি খাই ফুৰে, সুখ যে নিজৰ অন্তৰতে আছে, তালৈ কেৱে মন নকৰে৷’’ (পৃষ্ঠা ঃ ৩১৫, জ্যো.১)৷
গল্পটোত শিশুৰ কল্পনাপ্ৰৱণ মনৰ উপযোগীকৈ ৰহসময় ঘটনাৰ আভাস আছে৷
জ্যোতিপ্ৰসাদে গল্পৰ মাজে মাজে কাহিনীৰ প্ৰাসংগিকতাৰ প্ৰকৃতিৰ অনুকূলে লোক কবিয়ে গোৱা বনগীত, বিহুগীতৰ সঘন প্ৰয়োগ দেখিবলৈ পোৱা গৈছে৷ প্ৰেমৰ মধুৰ অৱেশত মতলীয়া গল্পকাৰ নায়ক-নায়িকাই মনৰ বতৰা পঠিয়াইছে গীতেৰে৷ তাতো আকৌ লোকজীৱনৰ প্ৰাণকেন্দ্ৰ লুইতখনো উপমা হৈ ধৰা হৈছে–
‘‘লুইতৰ বালি বগী ধকেধকী জোনাকত জিলমিল কৰে
চকুৰ আগতে তোমাৰ মুখখনিয়ে
হাঁহি প্ৰাণে-মনে হৰে৷’’ (পৃষ্ঠা ঃ ২৮০, জ্যো.১)৷
গীত-মাতৰ আনুষাংগিকভাৱে চৰিত্ৰৰ মানসিক অৱস্থাৰ চিত্ৰণতো গল্পকাৰে পাৰদৰ্শিতা দেখুৱাইছে৷ তেখেতৰ গল্পৰ আজলী নায়িকাই সুদুৰৰ পৰা বতাহত ভাঁহি অহা মনগীতৰ ধবনি শুনি আৱেগত জুৰোলি-জুপুৰি হৈছে৷ ৰূপহী গাঁৱত বলিয়া সুৰেৰে সুৰৰ কদম গছজোপাৰ ওপৰৰ পৰা কোনোবাই ‘‘কদমৰ তলতে বহি কলিয়াই…’’ বুলি টনা ৰাগ শুনি ঘৰৰ ভিতৰত থকা ৰূপহী মানসিক অৱস্থাৰ বৰ্ণনা কৰি লিখিছে–
‘‘… মাথোন কি হ’ল? হাতৰ পৰা কটাৰী সৰি পৰিল৷ বুকুখন কঁপি উঠিল৷ টিহু এহাত দূৰৈত বাগৰি ৰ’লগৈ৷ ৰূপহীয়ে পাছ দুৱাৰেদি বাহিৰত থিয় দিলেগৈ৷’’ (পৃষ্ঠা ঃ ২৭১, জ্যো.১)৷
লোকজীৱনত স্বাভাৱিক ৰাগ-বিৰাগ সন্নিৱিষ্ট হৈ থকা জাতীয় গীতবোৰক গল্পৰ মাজত স্থান দি জ্যোতিপ্ৰসাদে কেৱল যে অসমীয়া লোকসংগীতকে অনন্য মাত্ৰা দিয়া নাই, তাৰ লগতে সমসাময়িক অসমীয়া লোকজীৱনক লিখিত ৰূপত ধৰি ৰাখিলে৷
আৱাহন যুগৰ গল্পৰ সৈতে জ্যোতিপ্ৰসাদৰ গল্পৰ বিষয়বস্তু, ভাৱ বস্তু আৰু গঠন পদ্ধতি অধ্যয়ন কৰিলে সাদৃশ্যতা দেখা যায়৷ অৱশ্যে আৱাহন যুগৰ গল্পত নোহোৱা বৈশি¸ষ্ট গল্পকেইটাত লক্ষ্য কৰা যায়৷ তেনে এটা বিশেষত্ব হ’ল বনগীতৰ প্ৰয়োগ৷ নৰ-নাৰীৰ প্ৰেমক উপজীব্য স্বৰূপে গ্ৰহণ কৰা গল্প কেইটা আৱাহন যুগৰ ৰোমাণ্টিক প্ৰেমৰ গল্পৰ আবেষ্টনীৰ পৰা ওলাই আহিব পৰা নাই৷
জ্যোতিপ্ৰসাদৰ গল্পবোৰ দোষ-ত্ৰুটিমুক্ত আছিল তেনে নহয়৷ তেখেতৰ গল্পবোৰত বহুতো দোষ ত্ৰুটি পৰিলক্ষিত হয়৷ সেয়ে জ্যোতিপ্ৰসাদক গল্পকাৰ হিচাপে বিশেষ সফলতা লাভ কৰিব পাৰিছিল বুলি নিশ্চিতভাৱে ক’ব নোৱাৰি৷ সি যি নহওঁক, সংস্কৃতিৰ পূজাৰী, সুন্দৰৰ সাধক, শিল্পী জ্যোতিপ্ৰসাদৰ গল্পৰ আলোচনা অথবা গল্পকাৰৰ বৈশিষ্ট্যৰ আলোচনাই তেখেতৰ ব্যক্তিত্বক সামৰি ল’ব নোৱাৰি৷ তেখেতৰ যিসমূহ কৰ্ম লিখিত ৰূপত পোৱা গৈছে কেৱল সেইসমূহ বিশ্লেষণ কৰিলেই জ্যোতিপ্ৰসাদৰ বিৰল ব্যক্তিত্বৰ বিভিন্ন দিশ প্ৰত্যক্ষ হয়৷
সহায়ক গ্ৰন্থপঞ্জী ঃ
ৰ) মূলগ্ৰন্থ ঃ গোহাঁই, হীৰেন (সম্পাঃ) জ্যোতিপ্ৰসাদৰ ৰচনাৱলী, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, অষ্টম সংস্কৰণ, জানুৱাৰী ২০১৩৷
২) প্ৰসংগ গ্ৰন্থ ঃ
ৰ) গগৈ, ছবি ঃ অসমীয়া গাতি-সাহিত্যৰ সমাজ শাস্ত্ৰীয় মূল্য, পৃথিৱী প্ৰকাশন, প্ৰথম প্ৰকাশ ঃ ২০১১
২) গগৈ, লীলা ঃ আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়, বনলতা, তৃতীয় সংস্কৰণ, ২০১৩৷
৩) দাস, নাৰায়ণ আৰু ৰাজবংশী , পৰমানন্দ (সম্পাঃ) ঃ অসমীয়া সাহিত্যত পাশ্চাত্য প্ৰভাৱ, চন্দ্ৰ প্ৰকাশ, তৃতীয় প্ৰকাশ ২০০৯৷
৪) বৰা, আপূৰ্ব ঃ অসমীয়া চুটিগল্প ঐতিহ্য আৰু বিৱৰ্তন৷ যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় প্ৰকাশন কোষ, প্ৰথম প্ৰকাশ ২০১২৷
প্ত) বৰুৱা, প্ৰহ্লাদ কুমাৰ ঃ জ্যোতিমনীষা, বনলতা, চতুৰ্থ প্ৰকাশ ২০০৯
৭) বৰুৱা, ভবেন ঃ প্ৰসংগ জ্যোতিপ্ৰসাদ, বনলতা, প্ৰথম সংস্কৰণ ২০০২
৮) শইকীয়া, জ্যোতিপ্ৰসাদ ঃ জ্যোতিপ্ৰসাদৰ সৃষ্টি আৰু চেতনা, সদৌ অসম ছাত্ৰ সন্থা, প্ৰথম প্ৰকাশ ঃ ২০১৭