
প্ৰায়ে কিছুমান মানুহ লগ পাওঁ যিসকলে মোক কয় যে ‘‘ডায়েটিং কৰি কৰি মোৰ গেছট্ৰিক হৈছে’’, ‘‘ ডায়েটিং কৰি ক্সাৰচাইজ কৰিলে মোৰ বহুত ভাগৰ লাগে’’, ‘‘ডায়েটিং কৰিলে আজিকালি মুৰ ঘূৰায়’’, ‘‘ডায়েটিং কৰাৰ পিছৰ পৰাই মোৰ বাঢ়িছে, লিভাৰ ভানচনত খেলিমেলি আহিছে’’, ইত্যাদি ইত্যাদি৷
সঁচা কথাটো হ’ল যদি ডায়েটিং কৰি আপোনালোকে এনেকুৱা অসুবিধাৰ সন্মুখীন হৈ আছে তেন্তে আপোনালোকে সঠিক ডায়েট ফ্ল’ কৰি থকাই নাই৷ আপোনালোকৰ ডায়েটত কিবা নহয় কিবা এটা ভুল হৈ আছে৷
বহুতে ডায়েটিং মানে কেবল বইল আৰু সোৱাদ নোহোৱাৰ লগতে বহুত দামী দামী খাদ্য খোৱাটোকহে বুজে৷ বহুতে আকৌ ডায়েটিং মানে ভাত, মাছ, মাংস খোৱা বন্ধ কৰি দিয়াটো বুজে৷ কিছুমানে আকৌ ডায়েটিং মানে ‘‘মই আজিকালি একোৱেই নাখাওঁ’’ বুলি কয়৷ এনেকুৱা কিছুমান ভুল চিন্তাধাৰাৰ কাৰণেই বহুত মানুহৰ মাজত ওপৰত উল্লেখ কৰা অসুবিধাবোৰ দেখা যায়৷
সকলো মানুহৰে দৈনিক শাৰীৰিক শক্তি অপচয় কৰিবলৈ ২৪ ঘণ্টাত যিমান কেল’ৰি আহাৰৰ প্ৰয়োজন হয় তাক কোৱা হয় মেইনটেইনেনচ কেল’ৰি৷ ওজন আৰু উচ্চতা অনুসৰি সকলো মানুহৰে এই মেইনটেইনেনচ কেল’ৰি বেলেগ বেলেগ হয়৷ এই মেইনটেইনেনচ কেল’ৰি মতে আমাৰ শৰীৰত দৈনন্দিন যিমান কেল’ৰি আহাৰৰ প্ৰয়োজন হয় তাতকৈ কম কেল’ৰিৰ আহাৰ গ্ৰহণ কৰিলে ওজন কমিব আৰু তাতকৈ বেছি কেল’ৰিৰ আহাৰ গ্ৰহণ কৰিলে ওজন বাঢ়িব৷ গতিকে আমি এই কেল’ৰিৰ সঠিক হিচাপ কৰি যদি আমাৰ শৰীৰটোক সঠিক সময়ত সঠিক আহাৰ দি থাকো তেতিয়া হ’লে আমাৰ শৰীৰত ওপৰত উল্লেখ কৰা সমস্যাবোৰ কেতিয়াও নহয়? ডায়েটিং মানে বহুত মতে খোৱা কমাই দিয়া, ভাত বন্ধ কৰি দিয়া, বইল খোৱা ইত্যাদি ভ্ৰান্ত ধাৰণাত কেতিয়াও নাথাকিব৷ মেইনটেইনেনচ্ কেল’ৰি মতে সঠিক কেল’ৰি গণনা কৰি দৈনিক কিমান পৰিমাণৰ প্ৰ’টিন, কাৰ্বহাইড্ৰেট, ফাইবাৰ, ভিটামিন আদিৰ প্ৰয়োজন হয় সেয়া উলিয়াই ল’লে ডায়েটিঙত আপোনালোকে বইল আৰু সোৱাদ নোহোৱা খাদ্য খোৱাৰ কোনো প্ৰয়োজন নাই৷

দেহৰ অৱয়ব, শৰীৰৰ গঠন, বেমাৰ ইত্যাদিবোৰৰ ওপৰত ভিত্তি কৰি প্ৰতিজন মানুহৰ ডায়েট বেলেগ বেলেগ হ’ব পাৰে৷ আৰু দামী দামী খাদ্যবস্তুবোৰ কিনি আমি ডায়েট ফল’ও কৰাতকৈ সদায় ঘৰুৱা আৰু কম খৰচয় সহজতে উপলব্ধ খাদ্যবস্তুৰে আমি আমাৰ ডায়েট লিষ্টখন বনাই ল’ব লাগে৷ যাকে তাকে দেখি নাইবা যাৰে তাৰে কথা শুনি আপোনালোকে ডায়েটিং কৰিবলৈ নল’ব৷ ই পিছলৈ অসুবিধাৰ সৃষ্টি কৰিব পাৰে৷ সেই কাৰণেই ডায়েট সদায় এজন ভাল স্বীকৃতিপ্ৰাপ্ত ডায়েটিছিয়ানৰ পৰামৰ্শ মতেহে ল’ব লাগে৷
বহুতে আকৌ ইউটিউবত ডায়েট ৰুটিন চাই ডায়েটিং কৰে৷ ইউটিউবত যিবোৰে ডায়েট উপলব্ধ সেইবোৰ আমাৰ অসমৰ পৰিৱেশৰ লগত, অসমৰ মানুহৰ খাদ্যাভাষৰ লগত মুঠেও মিল নাই৷ তেনেকুৱা ডায়েট যদি আমি কৰিব যাও আমাৰ দৈনন্দিন জীৱনত বহুখিনি সমস্যা আহি পৰিব পাৰে৷ সকলোৰে শাৰীৰিক অবয়ব, কাম-কাজ, জীৱন ধাৰণৰ প্ৰণালী, পৰিৱেশ আদি বেলেগ বেলেগ৷ গতিকে সকলোৱে একে ধৰণৰ ডায়েটিং কৰিলে কেনেকৈ হ’ব৷
আমি যি ঠাইত জন্ম গ্ৰহণ কৰি বসবাস কৰো আচলতে আমাৰ ডায়েটিঙো সেই ঠাইৰ খাদ্যৰে কৰিব পাৰিলে ভাল৷ তেতিয়া কম খৰচতে আৰু সতেজ খাদ্যবস্তুৰে আমি আমাৰ ডায়েটিং কৰিব পাৰো৷ তেতিয়া অন্ততঃ এই সোৱাদ নথকা আৰু ডায়েট কৰি ভাল নলগা অসুবিধাটোৰ পৰা আমি পৰিত্ৰাণ পাব পাৰো৷ অসমৰ দৰে ঠাইত নৰসিংহ, ভেদাইলতা, কচু, মানিমুূনি, কলফুল আদি পুষ্টিকৰ খাদ্যৰে আমাৰ চাৰিওফাল ভৰি আছে৷ এনেকুৱা খাদ্যবোৰেৰেই আমি আমাৰ ডায়েটিং কৰিব পাৰো৷ অসমৰ থলুৱা খাদ্যবোৰ ব্যৱহাৰ কৰিও আমি আমাৰ ওজন কমোৱা নাইবা ওজন বঢ়োৱা ডায়েট কৰিব পাৰো৷
গতিকে ডায়েটিং মানে ভাত খোৱা বন্ধ কৰি দিয়া, কমকৈ খোৱা, কেৱল বইল খাই থকা, কেৱল ক্ষীণাবলৈ হে ডায়েটিং কৰা আদি ভ্ৰান্ত ধাৰণাৰ পৰা নিজক বাহিৰলৈ আনক আৰু আমাৰ চাৰিওফালে উপলব্ধ সেউজীয়া শাক-পাচলি, বতৰৰ ফল-মূল আদি প্ৰচুৰ পৰিমাণে খোৱা কৰক৷ এতিয়াৰে পৰা ডায়েটিঙৰ নামত নিজৰ শৰীৰটোক অযথা কষ্টত কেতিয়াও নাৰাখিব৷ কিন্তু সেইবুলি আকৌ মই বেছি তেল দিয়া খাদ্য, বাহিৰৰ খাদ্য, ফাষ্ট ফুড, চিপচ এইবোৰ কিন্তু খাবলৈ কোৱা নাই৷[DISPLAY_ULTIMATE_SOCIAL_ICONS]