June 7, 2022June 7, 2022 by Arup Kakoti সামগ্ৰী ঃচাউল একাপচেনী আধা কাপশুকান নাৰিকল এফালঅলপ মান ড্ৰাই ম্ফ্ৰুটছঘি তিনি চাহ চামুচখোৱা ৰং অকণমানপ্ৰথমে চাউলখিনি সিজাই ল’ব৷ কেৰাহীত গৰম কৰি তাত ঘি, নাৰিকল সৰুকৈ কুটি লৈ, আৰু ড্ৰাই ম্ফ্ৰুটছখিনি দি অলপ ভাজিব৷ এইবাৰ সিজাই লোৱা চাউলখিনি দি তাত চেনী দিব৷ প্ৰায় ১০ মিনিট মান কম জুইত ৰাখিব৷ তাৰ পাছত পৰিৱেশন কৰিব৷সজাবৰ বাবে চেৰী আৰু টুটি ম্ফ্ৰুতি দিব পাৰে৷খুব কম সময়তে আৰু কম খৰচতে বনাব পৰা এবিধ মিঠা জলপান৷ মিনি মোগলাই পৰাঠাসামগ্ৰী ঃকুটি লোৱা কুকুৰা মাংস৷২ কাপ ময়দা৷ৰ টা কণী৷প্ত টা পিয়াজ৷২ টা কেঁচাজলকীয়া৷ৰিফাইন ৬ চাহ চামুচ৷আদা, নহৰু পেষ্ট এক চামুচ৷জীৰা, ধনীয়া, গৰম মচলাৰ গুৰা অলপমান৷নিমখ সোৱাদ অনুসৰি৷পদ্ধতি ঃপ্ৰথমে কুটি লোৱা মাংসখিনি সিজাই ল’লো৷ কেৰাহীত সামান্য তেল গৰম কৰি তাত উপৰোক্ত সকলো সামগ্ৰী দি অলপ সময় লৰাই থাকিলোঁ৷ দহ মিনিট মান ৰাখি জুইৰ পৰা নমাই দিলোঁ৷সৰু সৰু আকাৰত ৰুটি বেলিলো, তাৰ মাজত মাংসৰ মিশ্ৰণখিনি দিলোঁ, লগতে ফেটি লোৱা কণী এক চামুচ দি, চাৰিওফালৰ পৰা মিশ্ৰণখিনি ঢাকি দি পকেট নিচিনা কৰি তেলত ভাজিলো৷আবেলি চাহৰ লগত পৰিৱেশন কৰিলে খুব ভাল লাগে৷ Share on FacebookTweetFollow us