আমেৰিকাৰ ডায়েৰী (১৫) – গীতাঞ্জলি বৰুৱা – Purbodix.com

আমেৰিকাৰ ডায়েৰী (১৫) – গীতাঞ্জলি বৰুৱা

বিদেশত নিজৰ দেশৰ পৰিৱেশ এটাৰ লগতে আপোন মানুহক লগ পোৱাৰ আমেজেই সুকীয়া৷ Minnesota Hindu Temple ১ ভিতৰত সোমাই গৈ এনে লাগিল মই যেন ভাৰতৰে মন্দিৰ এটাতহে প্ৰৱেশ কৰিছোঁ৷ দক্ষিণ ভাৰতৰ মন্দিৰৰ আৰ্হিত নিৰ্মিত মন্দিৰটোৰ ভিতৰলৈ সোমাই গ’লে মনটো শাত পৰি যায়৷ পুৰোহিতসকলো দক্ষিণ ভাৰতীয় যেনে লাগিল তেওঁলোকৰ মাজত হোৱা কথা-বাৰ্তাৰ পৰা৷
এটি সৎ উদ্দেশ্য আগত ৰাখি ২০০৬ চনত Hindu Society of Minnesota ১ সহযোগত আৰু বহুতো লোকৰ দান-বৰঙণিৰ সহায়ত প্ৰায় ৪৩০০০ sqft. এলেকা জুৰি থকা এই মন্দিৰটো স্থাপিত কৰিছে Maple Grove, Minnesota ত৷ North America ১ ভিতৰত অন্যতম বৃহৎ মন্দিৰটো চোৱাৰ হেঁপাহেৰে আমি দুয়ো ওলালো বতৰ বৰ সুবিধাজনক নহয় যদিও৷ ঠাণ্ডা যাবলৈকে মন নকৰে বহু দিনলৈ Monnesota ত৷ Snow বোৰ দেখি দেখি আমনি লাগিছিল গৈ৷ ক’ৰ পৰানো আহে জানো হিম চেঁচা বতাহ এজাক৷ তথাপি আমি দুয়ো ওলালো সন্ধিয়া প্ৰায় ৩টা মান বজাত, আধাঘণ্টা বাট গাড়ীৰে গৈ আমি পালো আমাৰ গন্তব্য স্থল৷ বাহিৰৰ পৰাই মোৰ বৰ ভাল লাগিছিল, কিন্তু ঠাণ্ডাৰ বাবে বেছি সময় বাহিৰত নাথাকি আমি সোমাই গ’লো৷ যথেষ্ট ডাঙৰ মন্দিৰ৷ ভিতৰত যিহেতপ শীত তাপ নিয়ন্ত্ৰিত, গতিকে গৰম কাপোৰ, জোতা আদি বস্তুবোৰ থ’বলৈ সুন্দৰ ব্যৱস্থা আছে৷ একেলগে বহু মানুহে থ’ব পৰাকে ডাঙৰ কোঠাত গৰম কাপোৰ থ’বলৈ আৰু জোতা থবলৈ ৰেক্‌ আছে৷ কোঠাৰ পৰা উলাইয়ে হাত-ভৰি তিয়াবলৈও ব্যৱস্থা আছে৷
ইফালে সিফালে চকু ফুৰাওতে দেখিলো এখন ডাঙৰ ফলক য’ত লিখা আছিল দাতাসকলৰ নাম৷ তাতে পালো পঢ়িবলৈ যে মন্দিৰটোত প্ৰাণায়ম, যোগাভ্যাস, আধ্যাত্মিক আলোচনা, সাংস্কৃতিক অনুস্থান এইবোৰ কৰিবলৈও সুকীয়াকৈ এটা অডিটৰিয়ামো আছে৷
লাহেকৈ চিৰিয়েদি আমি ওপৰলৈ উঠি গ’লো৷ গোটেই মাৰ্বলেৰে নিৰ্মিত মন্দিৰটো৷ মন্দিৰৰ ভিতৰত আকৌ সৰু সৰুকৈ নিৰ্মিত মন্দিৰ আকাৰৰ ঘৰৰ ভিতৰত মূৰ্তিবোৰ প্ৰতিষ্ঠা কৰা আছিল৷ ৰাধা-কৃষ্ণ, শিৱ-পাৰ্বতীৰ পৰা আৰম্ভ কৰি হনুমান, শনি সকলোৰে মূৰ্তি আছিল৷ বৰ সুন্দৰকৈ ৰাখিছে সকলো৷ তাবত কিছুমান গছপুলি আছে দুৰৰ পৰা আমাৰ বাৰীৰ কলজোপা যেনেকৈ লাগিছিল, ওচৰত গৈহে গম পালো পাতখিলাহে দেখাত কলপাতৰ দৰে৷
সম্পূৰ্ণ ভাৰতীয় পোছাক পৰিধান কৰা লোকসকলক পাই ভাৰতত থকাৰ নিচিনাই অনুভৱ হ’ল৷ কণমানি ল’ৰা-ছোৱালীবোৰেও ইমান ধুনীয়াকৈ আমাৰ সাজযোৰ পিন্ধি গৈছে৷ কিছুমান সপৰিয়ালে আহিছে আৰু দুই-এজন অকলেও আহিছে৷ মানুহ যথেষ্ট সংখ্যক আছে, সকলোৱে প্ৰতিটো মূৰ্তিৰ ওচৰলৈ গৈ মূৰ দোৱাইছে৷ কিছু লোকে পূজা আগবঢ়াইছে, সেইবাৰে পূজাৰীৰ লগে লগে দুই এটা মন্ত্ৰও উচ্চাৰণ কৰি গৈছে৷ আনকি কিছুমানক দেখিলো ফল-মূলৰ লগতে গাখীৰৰ সৈতে আমাৰ শৰাই সজোৱাদি খৰাহী নিচিনা পাত্ৰ এটা পূজাৰীৰ ফালে আগবঢ়াই দিছে৷ সকলো নিজৰ নিজৰ কৰ্মত ব্যস্ত৷ এজন পিতৃক দেখিলো নিজৰ সৰু ল’ৰাটো কোলাত লৈ প্ৰত্যেকটো মূৰ্তিৰ ওচৰলৈ নি হিন্দী বা ইংৰাজীত কোৱা নাই তেওঁলোকৰ নিজৰ ভাষাত কোৱাৰ বাবে বুজি নাপালো যদিও অনুমান কৰিব পাৰিছোঁ যে তেওঁ মূৰ্তিটোৰ বৰ্ণনা কৰি আছে ল’ৰাটোক লগতে শেষত সেৱা কৰিবলৈ দিছে৷ বিদেশত থাকিও নিজৰ কৃষ্টি-সংস্কৃতিৰ প্ৰতি নিজৰ সন্তানক আকৃষ্ট কৰিবলৈ খোজা চেষ্টা দেখি সেইজন পিতৃলৈ শ্ৰদ্ধাৰে মূৰ দো খাই গ’ল৷

কোনে কিনো কৰিছে এনেদৰে চাই থাকোঁতে দেখিলো এগৰাকী স্থানীয় মহিলা (মোৰ বাবে বিদেশী যিহেতু ভাৰতীয়সকলৰ হিন্দু মন্দিৰ), লগতে কোনো নাই অকলেই আহিছে৷ সোমাই আহি প্ৰত্যেকটো মূৰ্তিৰ ওচৰলৈ গৈ আঁঠু কাঢ়ি সেৱা কৰি গৈছে৷ একান্ত মনে প্ৰাৰ্থনা কৰি আছে৷ হিন্দু মন্দিৰ যদিও তেখেতৰ মনত যে যথেষ্ট শ্ৰদ্ধা-ভক্তি আছে ফুটি উঠিছে, তেওঁৰ ভক্তিত যে কোনো কৃত্ৰিমতা নাই সেই কথা তেওঁৰ কৰ্মতে ধৰিব পৰা গৈছে৷
প্ৰায় এক ঘণ্টামান সময় পাৰ কৰাৰ পাছত লাহেকৈ ঘৰলৈ ওভতাৰ কথা ভাবিলো৷ ইমানদেৰি সকলো লক্ষ্য কৰি থাকোঁতে কেনেকৈনো সময়বোৰ গ’ল গমেই নাপালো৷ মন্দিৰৰ ফটো তুলিবলৈ মন মেলোতে দেখিলো জাননী এখন, কোনো ধৰণৰ ফটো, ভিডিঅ’ আদি কৰাৰ অনুমতি মন্দিৰ কতৃৰ্পক্ষই নিদিয়ে৷ গতিকে ফটোৰ আশাত চেঁচাপানী পৰিল৷ তললৈ নামি আহি অন্য এখন জাননীত চকু পৰিল৷ তাত দিয়া আছে বিভিন্ন সময়ত হ’বলগীয়া ধাৰ্মিক, সাংস্কৃতিক অনুষ্ঠানসমূহৰ বিষয়ে আগতীয়া তথ্য৷ পুৱা-গধুলি যোগাভ্যাস হয় তাত৷ বিভিন্ন সময়ত আধ্যাত্মিক আলোচনা হয়, আৰু সুচাৰুৰূপে সাংস্কৃতিক অনুষ্ঠানসমূহা পৰিচালনা কৰাৰ উপৰিও বিভিন্ন উৎসৱ-পাৰ্বনো এই মন্দিৰটিত উদ্‌যাপন কৰে৷
বাহিৰলৈ ওলাই আহোঁতেই দুৱাৰমুখত অন্য এটা দৃশ্য দেশা পালোঁ৷ এজন ভাৰতীয়ই তেখেতৰ নতুন গাড়ীখন কিনি মন্দিৰ প্ৰাঙ্গণত ৰখাই এজন পূজাৰীৰ সৈতে গাড়ীখনৰ পূজা কৰি আছে৷ মোৰ বুজিবলৈ বাকী নাথাকিল প্ৰতিজন ভাৰতীয়ৰ মনত থকা ধাৰ্মিক ভাৱধাৰা অটুট ৰাখিবলৈ মন্দিৰটো তথা মন্দিৰটোত থকা পূজাৰীসকলে সহায় কৰি আহিছে৷
বিদেশৰ মাটিত ভাৰতীয় সংস্কৃতি ধৰি ৰখাৰ যি মহৎ উদ্দেশ্য আগত ৰাখি মন্দিৰৰ কাম হাতত লৈছিল Hindu Society of Minnesota যে তাৰ এটি সফল প্ৰতিফলন কম সময়ৰ ভিতৰতে প্ৰমাণ পালোঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *