চিকিৎসা গাফিলতি আৰু আইন (মুখলিছা ফাৰহানা ৰহমান) – Purbodix.com

চিকিৎসা গাফিলতি আৰু আইন (মুখলিছা ফাৰহানা ৰহমান)

ৰোগীসকলৰ বাবে চিকিৎসকসকল ভগবানৰ দূতস্বৰূপ৷ ৰোগী তথা ৰোগীৰ অভিভাৱকসকলে চিকিৎকসকলৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰশীল হয় আৰু তেনেদৰে আৰোগ্য লাভৰ কামনা কৰে৷ কিন্তু কেতিয়াবা কেতিয়াবা চিকিৎসকসকলৰ অমনোযোগিতা তথা গাফিলতিৰ বাবেও বহু সংখ্যক ৰোগীয়ে দুৰ্ভোগ যাতনা ভুগিবলগীয়া হয়৷ কিছুসংখ্যক ৰোগীয়ে ভুল চিকিৎসাৰ বাবে আজীৱন কষ্ট ভোগ কৰিবলগীয়া হয়৷ বৰ্তমান সময়ত কিছুসংখ্যক অসাধু চিকিৎসা কৰ্মীয়ে এই বৃত্তিক ধন ঘটাৰ আহিলা ৰূপে ব্যৱহাৰ কৰাৰ ফলত ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ সততে উত্থাপিত হোৱা দেখা যায়৷
ৰোগ নিৰ্ণয়ত বেমেজালি, ৰোগ নিৰ্ণয়ত পলম হোৱা, অনাৱশ্যকীয় তথা ভুল শল্য চিকিৎসা, ভুলভাবে এনাস্থেচিয়া প্ৰয়োগ, অন্যান্য চিকিৎসা গাফিলতি আদি এনে গাফিলতি বা Negligenceৰ ভিতৰত পৰে৷ এনেবোৰ গাফিলতিৰ ক্ষেত্ৰত ভুক্তভোগীগৰাকীয়ে আইনৰ সহায় লৈ সংশ্লিষ্ট চিকিৎসক, চিকিৎসা কৰ্মী, কতৃৰ্পক্ষ বা চিকিৎসা প্ৰতিষ্ঠানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰে আৰু লগতে উপযুক্ত ক্ষতিপূৰণ লাভ কৰিব পাৰে৷
চিকিৎসা লাভত এনে সমূহ গাফিলতি বা Negligenceৰ সন্মুখীন হ’লে ভুক্তভোগীয়ে আইনৰ সহায় ল’ব পাৰে৷ ভুক্তভোগীগৰাকীয়ে গ্ৰাহক সুৰক্ষা আদালত (Consumer Forum) ত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব পাৰে৷ ইয়াৰ উপৰিও ভাৰতীয় দণ্ডবিধি আইন (Indian Panel Code) ১ ৫২,৮০,৮১,৮৩,৮৮,৯০,৯১,৯২,৩০৪ (ক), ৩৩৬,৩৩৭,৩৩৮ নং ধাৰাত চিকিৎসাজনিত গাফিলতি সম্পৰ্কে উল্লেখ আছে৷
৩০৪ -ক নং ধাৰাত উল্লেখ আছে, যদি কোনো ব্যক্তিয়ে অসাৱধানতাবশতঃ বা বেপৰুৱাভাৱে বা অৱহেলা কৰি কোনো ব্যক্তিৰ মৃত্যু ঘটায় আৰু সেই কাম যদি ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৯ নং ধাৰাৰ অন্তৰ্গত নহয় তেনে ক্ষেত্ৰত অপৰাধীৰ ২ বছৰ জেল বা জৰিমনা বা উভয় দণ্ডই হ’ব পাৰে৷
মহামান্য উচ্চতম ন্যায়ালয়ৰ গাইডলাইনত চিকিৎসা সম্পৰ্কীয় গাফিলতিৰ বিষয়ে উল্লেখ আছে এইদৰে,
Suresh Gupta v Govt. of NCT of Delhi ((২০০৪) ৬ SCC) it was held by two Judge bench of the Supreme Court that in order to fasten criminal liability, the medical negligence should be ক্টgrossক্ট of ক্টrecklessক্ট. A person cannot be held criminally liable for mere lack of necessary care, attention or skill.,
চিকিৎসা গাফিলতি (Medical Negligence) সম্পৰ্কীয় কিছুমান ঐতিহাসিক ৰায় তলত উল্লেখ কৰা হ’লঃ
ৰ) Indian Medical Association v দ্দ ত্ন Shantha.
২) Spring Meadows Hospital v Harjot Ahluwalia.
৩) Kunal Saha v AMRI.
৪) Samira Kohli v Dr. Prabha Manchanda and ors আদি৷

Leave a Reply

Your email address will not be published. Required fields are marked *