ফেচবুক অহাৰে পৰা (জয়ন্ত কুমাৰ ডেকা) – Purbodix.com

ফেচবুক অহাৰে পৰা (জয়ন্ত কুমাৰ ডেকা)

কোনে কয় অসমীয়া মানুহে অধ্যয়ন আৰু চিন্তা কৰিবলৈ বাদ দিছে বুলি? বাতৰি কাকত আৰু আলোচনীৰ প্ৰচলন কম হোৱা বাবেই অনুভৱ হয় নেকি আমাৰ মানুহৰ অধ্যয়ন স্পৃহা আৰু চিন্তা কৰাৰ শক্তি কমি অহা বুলি…/ কিন্তু ফেচবুক অহাৰে পৰা মানুহৰ চিন্তা আৰু বিষয়ভিত্তিক চৰ্চা কৰাৰ উদ্দেশ্যে দিয়া দৌৰ দেখিলে আপুনি আচৰিত হৈ নুঠে নে? যিদৰে মাখিয়ে গুৰ দেখিলেই পাছে পাছে উৰে, ঠিক তেনেদৰেই বিষয়বস্তু দেখিলেই জ্ঞান (?) লাভৰ উদ্দেশ্য ফেচবুকত দিয়া দৌৰবোৰ নিশ্চিতভাৱেই একে পৰ্যায়ৰে নহয় নে? ঠিক আছে বাৰু মানিলো, একাংশৰ বাবে নহয়৷ কিc…/// ফেচবুকত যেতিয়া কিছু দৃশ্যপট দুচকুত পৰে, তেতিয়াই অনুভৱ হয় আমাৰ সমাজত যেন এক নতুন ধৰণৰ মানসিক শক্তিয়ে অৱস্থান কৰিবলৈ আৰম্ভ কৰিছে৷ অৱশ্যে এইয়া ভাল নে বেয়া একেষাৰে কোৱাটো কঠিন৷ কাৰণ ই মানুহক মূহূৰ্তত মায়াত বন্দী কৰি মুহূৰ্ততে মোক্ষপ্ৰাপ্তিৰ কথা কয়…, মুহূৰ্তত মানৱ প্ৰেমৰ কথা সুঁৱৰাই মুহূৰ্ততে মদ-মাংসৰে ভোজ-ভাত খোৱাৰ কথা আলোচনা কৰায়৷ ঠিক ‘‘গীতা’’ত কৃষ্ণই অৰ্জুনক জীৱন উদ্‌যাপনৰ বাবে পৰামৰ্শ দিয়া দিশৰ দৰে…
উদাহৰণ স্বৰূপে এটা দৃশ্যপট৷ হত্যাকাণ্ড এটাৰ সাম্প্ৰদায়িক বা অন্য এক দিশ থকা বুলি ব্যক্তিগৰাকী নিশ্চিত৷ সেয়ে সকলোৰে সচেতনতা আহিব লাগে বুলি দেহ-মন চুই যোৱা প’ষ্ট অথবা কমেণ্টত তেওঁ ব্যস্ত৷ কিন্তু সেই ব্যক্তিজনেই যেতিয়া ক্ষন্তেক সময়ৰ (১৫-২০ মিনিটৰ অন্তৰালত) পাছতে ফেচবুকৰে আন ধেমেলীয়া অপ্ৰয়োজনীয় বিষয়ত জপিয়াই পৰে, তেতিয়া সেই ব্যক্তিজনৰ অলপ আগতে প্ৰদৰ্শন কৰা আবেগ দেখি তেওঁ ‘গীতা’ৰ সংখ্যা যোগ ফ’ল’ কৰা যেন অনুভৱ নহয় নে/// ‘‘যিজনে জন্ম লৈছে, তেওঁ এদিন মৰিবই…, তেওঁৰ মৃত্যুৰ বাবে ইমান আবেগৰ প্ৰয়োজন নাই’’ ধৰণৰ৷
আজিৰ যুগত কেইজন মানুহে মানবীয়তা বা বিশেষকৈ ন্যায়ৰ সৈতে জৰুৰী বিষয় এটাত অলপ সচেতন হৈ থকাটো জাতি তথা সমাজৰ বাবে ভাল বুলি মনোনিৱেশ কৰি আন অপ্ৰয়োজনীয় মনোৰঞ্জনৰ (কবিতা এটা তৎক্ষণাত প’ষ্ট কৰি দিয়া বা ব্যংগাত্মক প’ষ্ট কৰা) দিশটোক আওকাণ কৰিবলৈ যত্ন কৰে? নে মনোৰঞ্জনৰ দিশটো আলপ আওকান কৰিলে তেওঁক আনে বেছি চেণ্টিমেণ্ট থকা বুলি ভাবে বুলি ভাব হয় নেকি/ নে সেই সময়ত গীতাৰ জ্ঞানযোগকে উত্তম বুলি লয় নেকি/ ‘‘এই পৃথিৱীত জৰুৰী বিষয় বুলি একোৱেই নাই, বিষয়াসক্তিৰ ত্যাগে উত্তম’’ ধৰণৰ৷
আন এটা দৃশ্যপট৷ মানে ধৰক… এটা প’ষ্টত মহিলা এগৰাকীয়ে নাৰী এগৰাকীৰ ধৰ্ষণৰ ঘটনা এটাত তীব্ৰ গৰিহণা দি আছে৷ প্ৰতিটো কমেণ্টত তেওঁ লিখিছে ধৰ্ষণকাৰীক মৃত্যুদণ্ড দিবলৈ৷ কিন্তু ১৫-২০ মিনিটৰ পাছতে আপুনি দেখিছে তেওঁ নিজৰ টাইমলাইনত সুস্বাদু ব্যঞ্জন এবিধ আগবঢ়াইছে আৰু নিজৰ বন্ধু-বান্ধৱীক টেগ কৰি তাৰে ৰন্ধন প্ৰণালী বৰ্ণনা কৰিছে৷ তেতিয়া অনুভৱবোৰ গীতাৰ কৰ্মযোগৰ শ্লোক টাইপৰ নহয়নে//’’ হৈ যোৱা ঘটনাৰ বাবে দুখ কৰি লাভ, পৰিস্থিতি অনুযায়ী কৰ্ম কৰি যোৱা’’ ধৰণৰ৷

বাস্তৱ জগতত সংঘটিত ঘটনা এটাক ভাৰছুৱেল জগতত মানুহে কিমান আবেগ আৰু বুদ্ধি-যুক্তিৰে বিশ্লেষণ কৰে? কিন্তু আচৰিতভাৱে ভাৰছুৱেল জগতৰ ক্ৰিয়া কাণ্ডই একাংশ মানুহক আত্মহত্যা আৰু সম্পৰ্ক ছেদ কৰিবলৈ বাধ্য কৰোৱা ঘটনা সম্পৰ্ক ছেদ কৰিবলৈ বাধ্য কৰোৱা ঘটনা দিনে দিনে বাঢ়ি আহিছে৷ আৰু দ্বিতীয়তে আজিৰ যুগত এজন ব্যক্তিৰ আকস্মিক (বিশেষকৈ হত্যাকাণ্ডৰ দৰে ঘটনাত) মৃত্যুত দুখী (?) হৈ প’ষ্ট আৰু কমেণ্ট কৰা মানুহ এজনৰ মন-মগজুত কিমান সময়লৈ সেই ঘটনাটোৱে সক্ৰিয়ভাৱে ক্ৰিয়া কৰি থাকে? কিন্তু প্ৰাৰম্ভিক অৱস্থাত ফেচবুকত তেওঁৰ আবেগৰ প্ৰকোপ দেখিলে এনে লাগে যেন তেওঁ এতিয়া নিজেই গৈ ব্যক্তিজনক ন্যায় দি উঠিহে ভাত খাব৷ ফেচবুকত বিশেষকৈ এই অতিমাত্ৰা আবেগৰ প্ৰকোপ চাবলগীয়া হয় ৰাজনৈতিক নেতা বা ৰাজনৈতিক দলক সমালোচনা কৰাৰ সময়ত৷
আগতে যিদৰে কলেজত এটা ক্লাছ শেষ হোৱাৰ লগে লগে আমি তৃতীয় মহলালৈ দৌৰিছিলোঁ পৰৱৰ্তী ক্লাছৰ বাবে, তেনেদৰে ফেচবুকতো আমি দৌৰ লগাও এটা বিষয়ৰ পৰা আন এটা বিষয় লৈ৷ কিন্তু কলেজত আমি এটা বিষয়ত ন্যুনতম এঘণ্টাৰ বাবে হ’লেও বহিছিলোঁ৷ কিন্তু ফেচবুকৰ বিষয় এটাত (আনকি ছিৰিয়াছ বিষয় এটাতো) আমি কিমান সময় দিওঁ// আৰু তাতোকৈ ডাঙৰ কথা… এফালে জাতিৰ বাবে চিন্তা কৰি আবেগৰ গংগা বোৱাই দিয়া প’ষ্ট এটা দি, লগে লগেই আন এটা বিষয়ত কুকৰে কঁাইট নোখোৱাকৈ ৰাজনৈতিক নেতাক গালি দিয়া কমেণ্ট কৰি, লগে লগে ধুনীয়া নাৰী-পুৰুষ এগৰাকীৰ ফটোত লাইক কৰি, আকৌ আন এটা ব্যংগ লেখাত লাইক-কমেণ্ট কৰাৰ বাবে যি বহুমাত্ৰিক চিন্তা শক্তিৰ দৰকাৰ সেই শক্তিৰ নি(য়কৈ অধিকাৰী হ’বলৈ আগবাঢ়িছোঁ৷ আৰু এই শক্তিৰ অধিকাৰীসকল যে কেৱল যুৱ প্ৰজন্মৰ; তেনে নহয়৷ প্ৰতিটো প্ৰজন্মৰ অধিকাংশই আজিৰ সময়ত এই শক্তিৰ অধিকাৰী হোৱাৰ দিশত৷
সেয়ে এই সুযোগতে মাৰ্ক জুকাৰবাৰ্গলৈ আন্তৰিক ধন্যবাদ৷ তেওঁৰ সৃষ্টি তথা অৱদান ‘ফেচবুক’ৰ দয়াতে আমাৰ সমাজৰ অধিকাংশ মানুহৰ মন-মগজুত থকা এই গুপুত শক্তি আজি চৌদিশে বিয়পিবলৈ আৰম্ভ কৰিছে৷ নি(য়কৈ অধিকাংশ ব্যক্তিয়ে আজিৰ দিনত কষ্ট কৰি কিতাপ অধ্যয়ন কৰাতকৈ অথবা পৰিশ্ৰম আৰু ত্যাগেৰে ‘‘গীতা’’ৰ বাণীসমূহ হৃদয়ঙ্গম কৰাতকৈ ফেচবুকত এটা একাউণ্ট ৰাখিয়েই মুহূৰ্ততে অস্থিৰ আৰু মূহূৰ্ততে স্থিতপ্ৰজ্ঞ হোৱাৰ দৌৰত আগবাঢ়িব পাৰিছে৷ ফেচবুকৰ জন্মদাতা জুকাৰবাৰ্গ ডাঙৰীয়া… নিশ্চিতভাৱেই আপুনি যদিহে ভাৰতত জন্মিলে হয়, তেনেহ’লে এই অৱদানৰ বাবে দেশৰ ৩৩ কোটি সাতশ তেইশ সংখ্যক ভগৱানজন হোৱাৰ খিতাপ লভিলে হয়৷ আপোনাৰ দুৰ্ভাগ্য…, আপুনি বিদেশত জন্মিলে৷

Leave a Reply

Your email address will not be published. Required fields are marked *