by Arup Kakoti

বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো উপাদান ইটো-সিটোৰ পৰিপূৰক৷ মহাশূন্যৰ গাতে ওপঙি ৰৈছে সৌৰজগত৷ নক্ষত্ৰ, গ্ৰহ, উপগ্ৰহ আদিয়েও বিচৰণ কৰি আছে মহাকাশৰ বুকুত৷ সময়মতে সূৰ্য উদয় হৈছে আৰু অস্ত গৈছে৷ ৰাতিৰ আকাশত তৰাই বুটা বাচিছে৷ কিন্তু এই মহাজগতত বাস কৰা আমিবোৰ ইজনে-সিজনৰ পৰিপূৰক হ’ব পৰা নাই বা চেষ্টা কৰা নাই৷ বিজ্ঞান-প্ৰযুক্তিত নৱ নৱ আৱিষ্কাৰে মানৱ সমাজত চমক সৃষ্টি কৰাৰ উপৰি সকলোকে মুগ্ধ কৰি ৰাখিছে৷ সকলো বস্তুৰে এটা ভাল দিশ থকাৰ দৰে এটা বেয়া দিশো আছে৷ বিজ্ঞানৰ আৱিষ্কাৰসমূহো ইয়াৰ পৰা নিলগত নহয়৷ বিজ্ঞানৰ বিভিন্ন আৱিষ্কাৰসমূহে প্ৰকৃতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি নকৰাকৈ থকা নাই৷
সকলো বস্তুৰে আছে নিজা এক বহন ক্ষমতা৷ এই বহন ক্ষমতাৰ ওপৰত অতিমাত্ৰা অত্যাচাৰ চলিলেই ইয়াৰ কু-ফল ভোগ কৰিব কৰিব লগা হয় জীৱজগতৰ প্ৰাণীসমূহে৷ মানৱ সমাজ প্ৰয়োজনত প্ৰকৃতিৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাই আহিছে৷ এই নিৰ্মমতাৰ প্ৰতিফল প্ৰকৃতিয়েও প্ৰদৰ্শন কৰি আহিছে৷ দৈনন্দিন জীৱনত কিছুমান কামত নলগালে নোহোৱা বিভিন্ন ৰাসায়নিক দ্ৰব্যয়ো পৰিৱেশৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাই আহিছে৷ ইয়াৰ বাবে প্ৰাণীকুলত অতি ভয়াৱহভাৱে বৃদ্ধি হৈছে মাৰাত্মক ৰোগ ব্যাধিৰ৷ এই ৰোগসমূহে প্ৰাণী জগতত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছে৷
মানুহ আৰু প্ৰকৃতিৰ সংঘাতৰ ফলত সৃষ্টি হৈছে নানানটা ধবংসাত্মক ঘটনা৷ যাৰ বাবে মানৱ সমাজ হয়তো এদিন বিপদাপন্ন হ’ব পৰিব৷ অতীতৰে পৰাই প্ৰতিটো প্ৰয়োজনীয় সামগ্ৰীৰ বাবে মানুহ পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল৷ পৰিৱেশে প্ৰতি ক্ষণতে জীৱজগতৰ অস্তিত্ব ৰক্ষাত সহায় কৰি আহিছে৷ জৈৱ-বৈচিত্ৰ্যৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ ভিতৰত ষষ্ঠ স্থান অধিকাৰ কৰিছে৷ ভাৰতবৰ্ষ পৰম্পৰাগতভাৱে জৈৱ-বৈচিত্ৰতাত চহকী দেশ৷ ভাৰতত পোৱা প্ৰতিবিধ উদ্ভিদ বৰ্তমান বিলুপ্তিৰ পথত৷ ফলত এফালৰ পৰা ধবংস হৈ আহিব ধৰিছে জৈৱ বৈচিত্ৰতাৰে পৰিপূৰ্ণ উদ্ভিদবোৰ৷ ইয়াৰ উপৰি জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহে বাস কৰিবৰ বাবে গছ-বন, পাহাৰ-পৰ্বত, হাবি-জংঘল কাটি মুকলি ঠাই উলিয়াই লৈছে৷ বহু লাখ হেক্টৰ ভূমিৰ বনাঞ্চল সংস্থাপন এলেকা, নানা উদ্যোগ আৰু চৰণীয়া পথাৰত পৰিণত হৈছে৷ এনেবোৰ ধবংসাত্মক কাৰ্যৰ বাবে বনৰীয়া জীৱ-জন্তুৰ থকা ঠাই কমি আহিছে৷ যাৰ বাবে বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত বৃদ্ধি পাইছে৷ এইক্ষেত্ৰত হাতী-মানুহৰ সংঘাতলৈ আঙুলিয়াব পাৰি৷ এনেদৰে ধবংস কাৰ্য চলাই থাকিলে সমগ্ৰ পৃথিৱী ধবংসৰ গৰাহত পৰিব৷ প্ৰাণীজগতৰ বাবে প্ৰকৃতিৰ মূল্যৰ ন-সৃষ্টি গছ অতি অপৰিহাৰ্য৷ কিন্তু এনে এক অমূল্য সৃষ্টিক স্বাৰ্থপৰ দানৱ ৰূপী মানৱে ক্ষুদ্ৰ স্বাৰ্থ পুৰণৰ অৰ্থে বিবেচনাহীনভাৱে ধবংস কৰাটোহে চিন্তাৰ বিষয়৷ প্ৰাণীজগতক সুস্থভাৱে জীয়াই থকাৰ সমল যোগোৱা গছ-গছনিৰ ধবংস কাৰ্যই জীৱ জগতলৈ এক ভয়াৱহ বিপদ মাতি আনিছে৷
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই প্ৰগতি আনিছে সঁচা, কিন্তু সমান্তৰালভাৱে মানুহে পৃথিৱীত ধবংসযজ্ঞও আৰম্ভ কৰিছে৷ পৃথিৱীত প্ৰকৃতিৰ ভাৰসাম্য যথেষ্ট বিনষ্ট হৈছে৷ বহুবিধ প্ৰাণী পৃথিৱীৰ পৰা বিলুপ্ত হৈ পৰিছে৷ চৰকাৰে ‘‘বন্যপ্ৰাণী সংৰক্ষণ আইন’’ প্ৰণয়ন কৰিছে৷ জীৱ-জন্তুৰ ৰক্ষাৰ বাবে ৰ-জ্জ অক্টোবৰলৈ বন্যপ্ৰাণী সপ্তাহ পালন কৰে৷ েস্বচ্ছাসেৱী সংগঠনসমূহো যথেষ্ট সচেতন হৈছে৷ কিন্তু যেনেধৰণে জনসচেতনতা বা জনমত গঠন হ’ব লাগিছিল সেয়া হোৱা নাই৷ বিগত বৰ্ষতো চৰকাৰে ‘জৈৱ-বৈচিত্ৰ্য বৰ্ষ’ৰূপে পালন কৰিলে৷ সৰ্বসাধাৰণৰ অসহযোগিতা, অসচেতনতা আৰু সততাহীন বনৰক্ষীৰ ছত্ৰছায়াত স্বাৰ্থপৰ অসাধু চোৰাং চিকাৰীৰ বাবে বহুতো প্ৰাণী আৰু উদ্ভিদ বিলুপ্ত হ’ব ধৰিছে৷

পৰিসংখ্যা মতে বিভিন্ন প্ৰকাৰৰ উদ্ভিদৰ ভিতৰত ১৫,০০০ প্ৰজাতিৰ ঔষধ গুণযুক্ত উদ্ভিদ হাবিবোৰত পোৱা গৈছে৷ সৰ্বমুঠ প্ৰায় ৪৫,০০০ প্ৰজাতিৰ উদ্ভিদ আছে৷ ইয়াৰ উপৰি ৮১,২৯০ টা প্ৰজাতিৰ প্ৰাণী, ৩৯০ টা প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী, ২১০ টা প্ৰজাতিৰ উভচৰ প্ৰাণী, ৪৬৫ টা প্ৰজাতিৰ সৰীসৃপ, ৰ,২২৫ টা প্ৰজাতিৰ বিভিন্ন ধৰণৰ চৰাই আছে৷ আৰু আছে ৬০,০০০ টা প্ৰজাতিৰ মাছ৷ ১২৮ টা প্ৰজাতিৰ ভেকুলী, ২১৪ টা প্ৰজাতিৰ সাপ, ১৩৬ টা প্ৰজাতিৰ স্থানীয় চৰাই আৰু ৩৬ টা প্ৰজাতিৰ স্তন্যপায়ী কেৱল ভাৰততহে পোৱা যায়৷ জলবায়ুৰ পৰিৱৰ্তন আৰু বিভিন্ন প্ৰকাৰৰ পৰিৱেশ প্ৰদূষণৰ বাবে বহুতো প্ৰাণী বিলুপ্তিপ্ৰায় অৱস্থা পাইছে৷
প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হোৱাৰ অন্য এক কাৰণ জনবিস্ফোৰণ৷ মানুহে খাদ্য, পানী, বাসস্থানৰ বাবে বনাঞ্চলসমূহ ধবংস কৰিছে৷ বিজ্ঞান-প্ৰযুক্তিৰ উন্নতি সাধিবলৈ গৈ কল-কাৰখানা, পৰিবহণৰ বাবে বাট-পথ নিৰ্মাণ, অপৰিপক্ক জলসিঞ্চন ব্যৱস্থা, ৰে’ল পথৰ সম্প্ৰসাৰণ আদি নানা কাৰণত প্ৰকৃতিক ধবংস কৰা হৈছে৷ বনাঞ্চলৰ অভাৱত বন্যপ্ৰাণীৰ বাবে খাদ্যৰ নাটনি হৈছে৷ চৈধ্য লাখ হেক্টৰ বনাঞ্চলৰ মাটি অন্য কামত ব্যৱহাৰ হোৱাৰ বাবে বন্যপ্ৰাণীয়ে অবাধ বিচৰণ কৰি ত্ৰাস সৃষ্টি কৰাৰ বাতৰি পোৱা গৈছে৷ বিভিন্ন উদ্যোগ, কল-কাৰখানা স্থাপনে মানৱ জীৱনলৈ উন্নতি আনিছে যদিও জীৱ জগতলৈ মাতি আনিছে বিপৰ্যয়৷ খৰাং বতৰ, বানপানী, নদী-পৰ্বত, পাহাৰৰ ভূমিক্ষয় আদি প্ৰাকৃতিক দুৰ্যোগেও মানুহক জীয়াই থকাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিছে৷ জলবায়ু পৰিৱৰ্তন বা গোলকীয় উষ্ণতাও মানুহৰ ক্ৰিয়াৰে প্ৰতিফলন৷ মানুহৰ কু-কাৰ্যৰ ফলতেই বায়ু-পানী-মাটি সকলো প্ৰদূষিত হৈছে৷ সমগ্ৰ বিশ্বতে প্ৰদূষণ এটা ভয়াৱহ সমস্যা হৈ পৰিছে৷ বিভিন্ন কাৰকে পৰিৱেশ প্ৰদূষিত কৰাত নানা সংকটে দেখা দিছে৷ মানৱ সমাজৰ জীৱন ধাৰণৰ মনে যথেষ্ট প্ৰভাৱ পেলাইছে৷ প্ৰাকৃতিক প্ৰদূষণতকৈ মানৱ সৃষ্ট প্ৰদূষণেহে অতি ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিছে৷ বিভিন্ন উৎসৰ পৰা হোৱা ধোঁৱাই পৰিৱেশৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে শব্দ প্ৰদূষণেও নানা সমস্যাত পেলাইছে৷
আন্তৰ্জাতিক বাধ্য-বাধকতা থাকিলেও দেশৰ স্বাৰ্থতে পৰিৱেশ বিষয়টোৰ প্ৰতি সকলো সচেতন হ’বৰ হ’ল৷ ধবংসাত্মক কাৰ্যকলাপ বন্ধ কৰিবলৈ সমাজক বাধ্য কৰাব লাগিব পৰিৱেশ মন্ত্ৰালয়ে৷ ইয়াৰ সুফল পাবৰ বাবে যথাযথ নীতি প্ৰস্তুত কৰি ফলদায়ক ব্যৱস্থা যুগুত কৰিব লাগিব৷ প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগেৰে ইয়াৰ সমাধানৰ পথ বাছি ল’ব লাগিব৷ বিশেষকৈ ৰাজনৈতিক নেতৃত্বই বিষয়টোৰ গুৰুত্ব অনুধাৱন কৰিব পাৰিব লাগিব৷ জনসংখ্যাৰ লগত সামঞ্জস্য ৰাখি সেউজীয়া বনাঞ্চল গঢ়াৰ আঁচনি প্ৰস্তুত কৰি প্ৰতিটো উপাদান সুৰক্ষিত কৰি ৰাখিবলৈ সংকল্পবদ্ধ হ’ব লাগিব৷ সমাজত প্ৰগতি আৰু বিকাশ লাগে৷ কিন্তু অন্য জীৱৰ প্ৰাণৰ বিনিময়ত নহয়৷ আজি প্ৰত্যেকেই মনত ৰখা উচিত পৃথিৱীখনত মানুহৰ বাহিৰেও অনেক ধৰণৰ জীৱই বাস কৰিছে৷