যোগভ্যাসেৰে সুস্বাস্থ্য আমাৰ দৈনন্দিন জীৱনত যোগৰ আৱশ্যকতা (প্ৰীতিশা গোস্বামী) – Purbodix.com

যোগভ্যাসেৰে সুস্বাস্থ্য আমাৰ দৈনন্দিন জীৱনত যোগৰ আৱশ্যকতা (প্ৰীতিশা গোস্বামী)

যোগ আমাৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক স্বাস্থ্যৰ বাবে লাভদায়ক এক মাধ্যম৷ ‘যোগ’ শব্দৰ উৎপত্তি সংস্কৃতৰ ‘য়ুজ’ ধাতুৰ পৰা হৈছে, যাৰ অৰ্থ সংযোগ কৰা- যোৰা লগোৱা৷ জীৱাত্মাৰ লগত পৰমাত্মাৰ মিলনেই যোগ বুলি কোৱা হয়৷ যোগা মানেই যে আসন, প্ৰাণায়াম বা Meditation, তেনে নহয়৷ খোৱা-বোৱা, আচাৰ-ব্যৱহাৰ, চাল-চলন, সুস্থ মন, হিংসা-দ্বেষ ত্যাগ কৰা ইত্যাদি সকলো মিলিহে আচলতে ‘যোগ’ বা Yoga হয়৷ অৰ্থাৎ যোগৰ অভ্যাসে আমাৰ শৰীৰ, মন আৰু আত্মাক নিয়ন্ত্ৰিত কৰে৷ যোগৰ মাধ্যমেৰে আত্মিক সন্তুষ্টি, শান্তি আৰু ‘উৰ্জা’ শক্তিৰ অনুভূতি প্ৰাপ্ত হয়, যাৰ দ্বাৰা আমাৰ জীৱন চিন্তামুক্ত তথা প্ৰত্যেকদিন ধনাত্মক চিন্তাৰ সৈতে আগবাঢ়ে৷ সেয়ে আমাৰ ঋষি-মুনি সকলে দি যোৱা এই ‘যোগা’ নামৰ অমৃত আজি গোটেই বিশ্বই আঁকোৱালি লৈছে আৰু তাৰ পৰিণতিয়েই হৈছে ২১ জুনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস৷
প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি মানুহৰ শৰীৰ৷ শৰীৰটো হৈছে শ্ৰেষ্ঠ মন্দিৰ৷ কৰ্ম কৰিবলৈ এটা সুন্দৰ শৰীৰ প্ৰয়োজনীয়৷ যোগভ্যাসে মানসিক সন্তুলন আনে আৰু মানসিক সন্তুলনৰ দ্বাৰা শান্ত মন আৰু সন্তুলিত শৰীৰ প্ৰাপ্তিত সহায় কৰে৷ ই শৰীৰ flexible তথা মাংসপেশী মজবুত কৰাত সহায় কৰি শাৰীৰিক স্বাস্থ্য বঢ়োৱাত সহায় কৰে৷ যোগৰ অৰ্থই হৈছে joining- অৰ্থাৎ শৰীৰ, মন আৰু আত্মাক এটা সূত্ৰত যোৰা লগোৱা৷ মহৰ্ষি পতঞ্জলিৰ যোগশাস্ত্ৰত উল্লেখ কৰিছে যে- ‘‘যোগ চিত্তবৃতি নিৰোধঃ’’- অৰ্থাৎ মনৰ প্ৰবৃত্তিবোৰৰ নিয়ন্ত্ৰণেই যোগ৷ আজিৰ প্ৰদূষিত বাতাবৰণত যোগ এনে এক ঔষধি যাৰ কোনো পাৰ্«ক্ৰিয়া নাই৷
সুস্বাস্থ্য বুলিলে সাধাৰণতে শাৰীৰিক স্বাস্থ্যকহে আমি বুজি পাওঁ৷ কিন্তু সম্পূৰ্ণ স্বাস্থ্যৰ বাবে শৰীৰৰ লগতে মন শান্ত তথা সন্তুলিত হোৱা আৰু ভাৱনাসমূহতো নিৰ্মলতা আৱশ্যকীয়৷ এই পূৰ্ণতা আমাৰ মানসিক স্বাস্থ্যৰ ওপৰত অধিক নিৰ্ভৰশীল৷

আমাৰ শৰীৰ পঞ্চতন্ত্ৰৰ দ্বাৰা গঠিত৷ সেয়া হৈছে- মাটি, পানী, বায়ু, অগ্নি আৰু আকাশ৷ মানুহৰ মন আকাশতত্ত্বৰ দৰে বহুতো ধাৰণা, বিচাৰ আদিৰ দ্বাৰা পৰিচালিত হৈ থাকে৷ মনুষ্যৰ এই আকাশৰূপী মনত যি চলি থাকে তাৰ প্ৰভাৱ পোনেই আমাৰ শৰীৰৰ ওপৰত পৰে৷ অৰ্থাৎ মন যিমানেই সুস্থ-সুন্দৰ হ’ব, শৰীৰ সিমানেই সুন্দৰ স্বাস্থ্যৱান হ’ব আৰু সেই একে ধৰণৰে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ’ব৷ মানৱ মন যিমানেই শান্ত হ’ব, সিমানেই ধ্যানন্থ হ’ব৷ সেয়ে ভাৰতীয় জীৱন দৃষ্টিত যোগ, আধাত্ম্য আৰু মানসিক শান্তি এক সমগ্ৰ, সন্তুলিত, সমৃদ্ধ আৰু সুন্দৰ সুখী জীৱনৰ আধাৰ বুলি কোৱা হয়৷ সুস্থ শৰীৰৰ বাবে সুস্থ মন আৰু সুস্থ মনৰ বাবে সুস্থ শৰীৰৰ আৱশ্যক৷ যিদৰে মানৱ শৰীৰৰ সন্তুলনৰ বাবে দুটা দুটাকৈ আধাৰ আছে– দুটা হাত, দুটা ভৰি আদি, সেইদৰে স্বাস্থ্যৰো দুটা আধাৰ আছে- মানসিক আৰু শাৰীৰিক৷
‘যোগ’ক সহজশীলতা, সমাজশীলতা আৰু সংযমৰ দ্বাৰা শাৰীৰিক, মানসিক, আধাত্মিক, বৌদ্ধিক আৰু নৈতিক বিকাশৰ সামূহিক অৱস্থিতি বুলি ধৰা হৈছে৷ Yoga ই ব্যক্তি, সমাজ আৰু সৃষ্টিক join কৰে৷ সংস্কাৰ, পৰিষ্কাৰ, সামাজিকাকৰণ, এক সৰল তথা সফল ব্যক্তিৰ নিৰ্মাণ যোগবিদ্যাৰ দ্বাৰাই সম্ভৱ৷ Yoga হ’ল শৰীৰ, মন, আত্মা অথবা মন-বচন-কৰ্ম বা আত্মাৰ লগত পৰমাত্মাক যুক্ত কৰা এক মাধ্যম৷ যদি এয়া সম্ভৱ নহয় তেন্তে সি যোগ নহয়৷ মানুহে সুখ-সমৃদ্ধি এক সুন্দৰ জীৱন বিচাৰে আৰু শেষত জীৱনত সফল হ’বলৈ বিচাৰে৷ ইয়াৰ বাবে ই২৬া, আকাংক্ষা, শুদ্ধ বিচাৰ, অটুট পৰিশ্ৰমো অত্যন্ত জৰুৰী৷ যেতিয়া আমি এই ক্ৰমবদ্ধতা মানিবলৈ শিকি যাম, তেতিয়াই জীৱন উপভোগ কৰাৰ কলা আহি যায় আৰু তেতিয়াই ‘যোগ’ আমাৰ জীৱনক সুন্দৰ বনোৱাৰ এক বিধিৰ ৰূপত আমাৰ কামত আহে৷ যেতিয়ালৈকে জীৱনত শালীনতা, উদাৰতা, দয়াভাব, কৰুণা, প্ৰেম, পৰোপকাৰ, অহিংসা আদি অংকুৰিত নহয় তেতিয়ালৈকে মহানতা বহুত দূৰত অৱস্থান কৰিব৷ যোগে প্ৰকৃতি, আত্মাৰ ঐশ্বৰিক গুণ উৎপন্ন কৰে, মনুষ্যক মানসিক দুঃচিন্তা মুক্ত কৰে, ভয়ৰ পৰা মুক্তি পোৱাত সহায় কৰে, মনুষ্যৰ পৰা ঈৰ্ষা, ঘৃণা আদি নাইকীয়া কৰে৷ যোগে ব্যক্তিৰ ব্যৱহাৰ সন্তুলিত কৰে৷ ব্যৱহাৰ ব্যক্তিৰ চাপৰ স্তৰৰ লগত সম্পূৰ্ণ সম্বন্ধিত আৰু চাপৰ আমাৰ মানসিক স্বাস্থ্যৰ লগত সম্বন্ধ আছে৷
জীৱনৰ অস্তিত্বত বায়ু তত্ত্ব হ’ল মুখ্য৷ উশাহ হ’ল মন আৰু শৰীৰৰ সেতু৷ যি শৰীৰ আৰু ভাৱনাক জোৰা লগায়৷ আকাশ তত্ত্বই আমাৰ মানসিক স্বাস্থ্য নিৰ্দ্ধাৰণ কৰে৷ সেইদেৰ অগ্নিতত্ত্বই আমাৰ শৰীৰৰ তাপমাত্ৰা নিৰ্দ্ধাৰণ কৰে৷ জলতত্ত্বই জীৱনৰ গুণসূত্ৰ প্ৰৱাহিত কৰে, য’ত পৃথিৱীয়ে এই স্থূল শৰীৰটো ধাৰণ কৰে, ইয়াক পালন কৰে৷ অৰ্থাৎ এই পঞ্চতত্ত্বত বিলীনতাই জীৱনচক্ৰৰ সম্পূৰ্ণতা৷ গতিকে জড়িত হোৱা আৰু জোৰা লগোৱাই জীৱনৰ উদ্দেশ্য৷ আৰু এই কাম Yoga ই কৰে৷
তাৰোপৰি যোগত এনে অলেখ আসন আছে যাক আমি আঁকোৱালি ল’লে বহুতো বেমাৰ নাইকীয়া কৰিব পাৰি আৰু বহুতো দূৰাৰোগ্য ৰোগৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰি৷ ২৪ ঘণ্টাৰ মাজৰ কিছু সময় আমি যোগ অভ্যাসৰ ওপৰত প্ৰয়োগ কৰি আমাৰ স্বাস্থ্য সবল কৰি ৰাখিব পাৰো৷ তাৰোপৰি যোগে আমাক Positive Energy’ প্ৰদান কৰে৷ যোগ অভ্যাসে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিকাশ কৰে৷ এইটো কোৱা অতিৰিক্ত নহ’ব যে যোগ আমাৰ কাৰণে সকলো ফালৰ পৰা অতি আৱশ্যকীয়৷ গতিকে আহক আমি যোগ (Yoga) নামৰ এই মহৌষধ আঁকোৱালি লৈ আমাৰ জীৱন সুন্দৰ কৰি তোলাৰ লগতে আমাৰ সমাজখনো সুন্দৰ কৰি তোলো৷ কাৰণ নিজেই স্বাস্থ্যৱান হ’লেহে সমাজো স্বাস্থ্যবান হ’ব৷

Leave a Reply

Your email address will not be published. Required fields are marked *