
ৰক্তই হৈছে জীৱনৰ মূল চালিকা শক্তি৷ ৰক্ত হৈছে জীৱনৰ এখনি ‘জীৱন দায়িনী নৈ’৷ তেজ নোহোৱা শৰীৰ তেল নোহোৱা চাকি গছিৰ দৰেই হয়৷ অৰ্থাৎ কোন সময়ত জীৱন বন্তি নুমাই যায় ধৰিব নোৱাৰি৷ দেহত থকা উপযুক্ত পৰিমাণৰ তেজে শৰীৰটোক সুস্থ কৰি ৰাখি, তেজে আমাৰ খাদ্যনলীত জীন যোৱা আহাৰ নি যকৃৎ আৰু তাৰ পৰা শৰীৰৰ সকলো কোষতে বিলাই দিয়ে৷ তেজ এবিধ বিশেষ ধৰণৰ উজ্জ্বল জুলীয়া পদাৰ্থ৷ তেজৰ জুলীয়া ‘প্লাজমা’ বোলা হয়৷ প্লাজমাৰ বৰণ সাধাৰণতে পাতল হালধীয়া৷ ইয়াত তিনি ধৰণৰ ৰক্ত কণিকা উটি ফুৰে৷ লোহিত ৰক্ত কণিকা, শ্বেতৰক্ত কণিকা আৰু ৰক্ত ডিম্বাণু বা প্লেটলেট৷ আমাৰ দেহত থকা তেজখিনি শৰীৰৰ ভিতৰত মুক্তভাৱে ডোঙাপাতি নাথাকে৷ মানৱ শৰীৰৰ হৃদপিণ্ড বা কলিজাই ৰক্তবাহী নলীৰ সহায়ত শৰীৰলৈ তেজৰ চলাচল কৰাই থাকে৷ আমাৰ দেহৰ ভিতৰত ঘণ্টাত প্ৰায় সাত মাইল (ৰৰ কিলোমিটাৰ) বেগেৰে তেজ অহৰ্নিশে চলাচল কৰি থাকে৷ সাধাৰণতে এজন সুস্থ আৰু নিৰোগী মানুহৰ দেহত প্ৰায় ৬ লিটাৰ তেজ থাকিব লাগে৷ মানৱ দেহত এই ৰক্তৰ পৰিমাণ কম-বেছি হ’লেই নানানটা ৰোগে দেখা দিয়ে৷ কেতিয়াবা বিভিন্ন কাৰণত তেজ কম হ’ব পাৰে৷ শৰীৰত দেখা দিয়া বিভিন্ন ৰোগৰ বাবেও তেজ কম হোৱা দেখা যায়, বিভিন্ন কাৰণত দুৰ্ঘটনাত পতিত হোৱা লোককো কেতিয়াবা তেজ দিব লগা হয়৷ দীৰ্ঘদিন ধৰি ৰক্তহীনতাত ভূগি থকা লোককো সুস্থ সৱল কৰি তুলিবলৈ তেজ দিয়া হয়৷ মুঠৰ ওপৰত এজন মানুহৰ শৰীৰত থকা তেজ পৰ্যাপ্ত নহ’লে, আনৰ পৰা তেজ গ্ৰহণ কৰিব লগা হয়৷ অৰ্থাৎ ৰক্তদান কৰিব লগা হয়৷ সাধাৰণতে ৰোগীৰ বাবে প্ৰয়োজনীয় ৰক্ত নিজ আত্মীয় বা কোনো চিনাকি ব্যক্তি অথবা বন্ধু-বান্ধৱৰ পৰাই লোৱা হয়৷ তেজৰ গ্ৰnপ মিলিলে েস্বচ্ছাই ৰক্তদান কৰাসকলৰ পৰাও ল’ব পাৰি৷ আজিকালি ৰক্তদান কৰা ব্যক্তিজনৰ, ৰোগীজনৰ লগত গ্ৰnপ নিমিলিলেও ব্লাড বেংকৰ জৰিয়তে তেজ সলাই লোৱা হয়৷ কোনোৱে আকৌ বিনিময়তো ৰক্তদান কৰে৷ বহুতো লোকৰ ধাৰণা যে, ৰক্তদান কৰিলে মানুহ দুৰ্বল হয়, ই অমূলক ধাৰণা৷ তেজ গ্ৰহণ কৰোতে পৰীক্ষা কৰিহে মানুহজনৰ দেহৰ পৰা সামান্য পৰিমাণৰ (তেওঁৰ একো ক্ষতি নোহোৱাকৈ) তেজ গ্ৰহণ কৰা হয়৷ শৰীৰত তেজ দিব পৰাকৈ হিম’গ্লৱিন পৰ্যাপ্ত পৰিমাণৰ থাকিলেহে তেজ লোৱা হয়৷ ই একো ক্ষতি নকৰে৷ বৰঞ্চ কিছু পৰিমাণে আওপকীয়াকৈ ৰক্তদাতাজনৰ উপকাৰহে কৰে৷ এজন ৰক্তদাতাই এবাৰ তেজ দিয়াৰ সম্পূৰ্ণ তিনিমাহৰ পাছত প্ৰয়োজন হ’লে পুনৰ ৰক্তদান কৰিব পাৰে৷
আচলতে, ৰক্তদান এক উৎকৃষ্ট মানৱ সেৱা৷ ইয়াৰ যোগেদি এজন মানুহৰ জীৱন বচাই তোলা হয়৷ সেইবাবেই ই অতি মহাদান৷ ৰক্তদান কৰিলেও ৰক্তৰ জুলীয়া ভাগৰ পৰিপূৰণ ৪৮ ঘণ্টাৰ ভিতৰতে হয়৷ তেজ লওঁতে ভালদৰে পৰীক্ষা কৰিহে লোৱা হয়৷ এনেকৈ পৰীক্ষা কৰোঁতে কেতিয়াবা দাতাজনৰ শৰীৰত ৰোগৰ বীজাণু ধৰা পৰে৷ তেজ দিয়াজন লগে লগেই সাৱধান হয়৷ অনাগত ভৱিষ্যত বিপদৰ পৰা তেওঁ ৰক্ষা পৰে৷ এইয়া জানো ৰক্তদানৰ এক পৰোক্ষ উপকাৰেই নহয়?
প্ৰতিবছৰে জুন মাহৰ ১৪ তাৰিখটো বিশ্বৰ ৰক্তদাতা দিৱস হিচাবে পালন কৰা হয়৷ ৰক্তদানৰ দৰে মহান কাম কৰি আনৰ জীৱন ৰক্ষা কৰাসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাই হ’ল এই দিৱসৰ মূল তাৎপৰ্য৷ এই দিনটোৰ বিশেষ তাৎপৰ্যটো হ’ল ১৮৬৫ চনৰ ১৪ জুন তাৰিখে ক্সট্টক্স, ‘B’ তেজৰ আৰু ক্সত্থক্স গ্ৰnপৰ (Group) আৱিষ্কাৰক, নৱেল বঁটা বিজয়ী ডাঃ কাৰ্ললেণ্ড ষ্টেইনাৰৰ জন্মদিন৷ চিকিৎসা বিজ্ঞানৰ এক যুগান্তকাৰী আৱিষ্কাৰ কৰি নতুন দিগন্তৰ সূচনা কৰা এইজনা মহান চিকিৎসা বিজ্ঞানীৰ প্ৰতি সন্মান জনাই তেখেতৰ জন্মদিনটো ‘‘বিশ্ব ৰক্তদাতা’’ দিৱস হিচাবে উদ্যাপন কৰা হয়৷ সমগ্ৰ বিশ্বৰ লগতে আমাৰ অসমতো এই দিৱস প্ৰতি বছৰে পালন কৰি অহা হৈছে৷ ‘‘ইণ্টাৰনেচনেল ফেডাৰেচন অৱ ৰেডক্ৰছ এণ্ড ক্ৰিছেণ্ট চ’ছাইটি’, ‘‘ইণ্টাৰনেচনেল ছ’চাইটি অৱ ব্লাড ট্ৰেন্সফিউজন’’, ‘‘ইণ্টাৰনেচনেল ছ’চাইটি অব ব্লাড ট্ৰেন্সফিউজন’’, ‘‘ইণ্টাৰনেচনেল ফেডাৰেচন অৱ ব্লাড ড’নাৰ অৰ্গেনাইজেচনছ’’ আদি বিভিন্ন অনুষ্ঠানৰ সহযোগত বিশ্বা স্বাস্থ্য সংস্থাই প্ৰতি বছৰে এই দিৱস পালন কৰি আহিছে৷ নিয়মীয়াকৈ কৰা েস্বচ্ছামূলক ৰক্তদানৰ গুৰুত্ব আৰু নিৰাপদ তেজৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ প্ৰতি বছৰেই বিশ্ব ৰক্তদাতা দিৱসৰ বাবে একোটা কেন্দ্ৰীয় বিষয় নিৰ্দ্ধাৰণ কৰি দিয়া হয়৷ এই ক্ষেত্ৰত মানৱ দৰদী ব্যক্তিসকলৰ উপৰিও বহুটো জনকল্যানমূলক েস্বচ্ছাসেৱী সংগঠনে উদাৰ চিত্তে সেৱা আগবঢ়াই আহিছে৷ এই মহান দান ৰক্তদানৰ উপকাৰিতা আৰু ইয়াৰ লগত জড়িত মানৱীয়তাৰ আঁচনিৰ কথা সকলোৱে উপলব্ধি কৰি, ৰক্তদানৰ জৰিয়তে মহীয়ান কৰিব খোজা স্বাস্থ্য সেৱাৰ এই মহান লক্ষ্য আৰু যাত্ৰাত সকলোৱে সহযোগিতা আগবঢ়াওক৷ মহান ৰক্তদানেৰে আন এজনৰ জীৱন ৰক্ষা কৰো আঁহক৷[DISPLAY_ULTIMATE_SOCIAL_ICONS]