by Arup Kakoti

ছবিখনৰ আৰম্ভণিতে ৰিণিকি ৰিণিকি শুনা যায় ৰেডিঅ’ৰ ক্ৰমাৎ বাঢ়ি অহা ধাৰাভাষ্য৷ পৰ্দাত চৰিত্ৰৰ সমাহাৰ নাই৷ কলা-কুশলীৰ নামফলকৰ সৈতে শ্বটবোৰ আগুৱাই যায়৷ লাহেকৈ ছবিখন ‘Fade in’ হয়৷
পৰ্দাত ভাহি আহে সু-পৰিকল্পিত কেইটামান শ্বট৷ ‘ক্লজ শ্বট’ আৰু ‘মিড শ্বট’ত উপবিষ্ট ছবিখনৰ কাহিনীৰ মূল আভাষ স্পষ্ট৷ শ্বট কেইটাৰ পৰা অনুমান কৰিব পাৰি ছবিখনৰ ভৌগলিক পৰিৱেশ আৰু এটা আন্তঃগাঁথনি৷
আমি এটা ‘Tight close Shot’ ত দেখা পাওঁ এটা ৰেডিঅ’ আৰু ৰেডিঅ’ত তেতিয়াও ধাৰাভাষ্যকাৰে দুগুন উৎসাহেৰে ভাৰত-পাকিস্তানৰ ক্ৰিকেট খেল এখনৰ বিৱৰণ দি আছে৷ আমি অনুমান কৰিব পাৰো যে শচীন টেণ্ডুলকাৰ আৰু ইমৰাণ খানে খেলা সেইখন ১৯৯০ চনৰ ভাৰত-পাকিস্তানৰ এখন গুৰুত্বপূৰ্ণ খেল৷
লাহেকৈ কেমেৰাৰ ‘movement’ হয়৷ আমি দেখিবলৈ পাওঁ কাশ্মীৰৰ বৰফৰ qw দলিছাৰ মাজত এজাক ল’ৰাই ক্ৰিকেট খেলি থকাৰ দৃশ্য৷ ৰেডিঅ’ৰ ধাৰাভাষ্য তেতিয়াও চলি থাকে আৰু কাষত কেইজনমান কাশ্মীৰি মুছলমান যুৱকে জুই একুৰাৰ আশ্ৰয় লৈ বাজি থকা ধাৰাভাষ্য শুনি থাকে৷ হঠাৎ ‘শিৱা’ নামৰ ল’ৰা এজনে খেলি থকাৰ মাজতে শচীন… শচীন বুলি উল্লাসত চিঞৰি উঠে আৰু ওচৰতে থকা মুছলমান যুৱক কেইজনে ভাৰতীয় খেলুৱৈৰ নাম লৈ ফূৰ্তি কৰাৰ বাবে শিৱাক মাৰধৰ কৰে৷ কিন্তু কেনেবাকৈ বন্ধু আব্দুলে শিৱাক বচাই আৰু দুয়ো দৌৰ দিয়ে৷ কিন্তু সেই দৌৰ মুক্তিৰ নাছিল সেয়া আছিল কঠিন ৰূহ বাস্তৱৰ দিশে দৌ১…৷
ক্ৰমান্বয়ে ছবিৰ কাহিনীয়ে গতি লয়৷ পৰিচালকে অতি নিপুনতাৰে শিৱা আৰু আব্দুলৰ যাত্ৰাপথত বিভিন্ন ঘটনাৰ চিত্ৰায়নৰ সংযোজনেৰে সেইসময়ৰ কাশ্মীৰৰ মুছলমান সংগঠনৰ আতংক আৰু ত্ৰাসৰ বৰ্ণনা কৰিছে৷ যি সংগঠনে নিজকে মুক্তিকামী বুলি পৰিচয় দিব বিচাৰে৷ তেওঁলোকৰ শ্লোগান হ’ল- ‘‘ৰালিভ, গালিভ য়া চালিভ/’’ (liveক্ক convert or dieক্ক)
‘‘জীয়াই থকা, ইছলামীয়লৈ পৰিৱৰ্তিত হোৱা// নহ’লে মৃত্যুক আঁকোৱালি লোৱা৷’’
‘পুস্কৰ নাথ পণ্ডিত’৷ অনুপম খেৰে নাম ভূমিকাত অভিনয় কৰা এই চৰিত্ৰটোক কেন্দ্ৰ কৰিয়েই ছবিখনৰ কাহিনীয়ে গতি কৰিছে৷ তেওঁৰ সাৱলীল বাস্তৱিক অভিনয়ে চৰিত্ৰটো জীয়াই তুলিছে আৰু দৰ্শকক ছবিখনত একাত্ম হোৱাত সহায় কৰিছে৷ পুস্কৰনাথ পণ্ডিত পেছাত এজন শিক্ষক আৰু তেওঁ এটা থিয়েটাৰ গ্ৰnপত কাম কৰে৷ তেওঁলোকে মহা শিৱৰাত্ৰিত হ’বলগা নাটকৰ আখৰত ব্যস্ত৷ তাৰ মাজতে কাশ্মীৰত ঘটি থকা বিদ্ৰোহৰ খবৰ পাই৷ তেওঁ ততাতৈয়াকৈ নাতিনীয়েকক বিচাৰি যায় আৰু লগ পাই ঘৰলৈ বুলি ৰাওনা হয়৷ বাটত তেওঁলোকে প্ৰত্যক্ষ কৰে মুছলমান সংগঠনৰ বৰ্বৰ কাৰ্য৷ য’ত পুলিচ প্ৰশাসনো সাৰি যোৱা নাছিল৷ তেওঁলোকৰ চকুৰ আগতেই পুলিচৰ গাড়ী জ্বলাই পেলোৱা হৈছিল৷ পুলিচ বাহিনী নিৰুপায়৷ কাশ্মিৰী মুছলমান সংগঠনৰ উন্মাদ অত্যাচাৰৰ ওচৰত তেওঁলোকো মোৰ দুৱাবলৈ বাধ্য৷ এই মুছলমান সংগঠনক নেতৃত্ব দিছিল ফাৰুখ মালিক বিত্তাই৷ চিন্ময় মানডেলকাৰে চৰিত্ৰটোক বিভৎস, কঠোৰ, অদয়াশীল ৰূপত প্ৰতিষ্ঠা কৰাত সফল হৈছে বুলি আমি ক’ব পাৰো৷ পুস্কৰ নাথৰ ল’ৰা ‘কৰন’কক চাউলৰ ডুলিৰ ভিতৰত গুলিয়াই মৰাৰ দৃশ্যই প্ৰতিজন দৰ্শকক নি(য়কৈ সিহঁৰিত কৰি তুলিব৷ তাৰোপৰি সাৰদা পণ্ডিতে কণমানি পুত্ৰৰ মুখলৈ চাই নিজৰ স্বামীৰ ‘কেঁচা তেজ লগা চাউল’ নিজৰ পৰিয়াল বচাবলৈ পাণ কৰাৰ দৃশ্যই সকলোকে জোকাৰি যাব আৰু ভবাই তুলিব সঁচাকৈয়ে কিমান নিৰ্মম অত্যাচাৰ আৰু ক্ৰুৰতাৰ বলি হৈছিল কাশ্মিৰী পণ্ডিতসকল৷ নিজৰ দেশতেই নিজপ মাটিতেই৷
ছবিৰ কাহিনীভাগ অতীত আৰু বৰ্তমানত চলি থাকে৷ (Flashback scene) ব্ৰহ্ম দত্ত এজন অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া৷ তেওঁ পুস্কৰ নাথ পণ্ডিতৰ এজন মূল বন্ধু আছিল৷ ১৯৯০ চনৰ কাশ্মীৰৰ প্ৰতিটো কাৰ্যকলাপৰ তেওঁ সাক্ষী আছিল৷ তেওঁৰ লগতে সেই সময়ত পুলিচ-প্ৰশাসন, মিডিয়াকে আদি কৰি বিভিন্ন কৰ্মত কাৰ্যৰত তেওঁৰ প্ৰতিজন বন্ধুৰ এক আড্ডাৰ জৰিয়তে পৰিচালকে কাহিনীৰ বৰ্ণনা দিছে৷ য’ত আহি উপস্থিত হয় পুস্কৰনাথৰ সৰু নাতি ‘কৃষ্ণা’৷ (দৰ্শন কুমাৰে নাম ভূমিকাত অভিনয় কৰিছে৷)
ব্ৰহ্ম দত্ত আৰু তেওঁৰ অৱসৰপ্ৰাপ্ত তিনিজন বন্ধু আৰু কৃষ্ণাৰ কথোপকথনৰ সেই দৃশ্য বিশেষভাৱে উল্লেখযোগ্য৷ নাটকীয় প্ৰলেপ কোনো এটা চৰিত্ৰৰ মুখত নাই৷ হয়তো প্ৰতিজন প্ৰবীণ অভিনেতাৰ পৰিপক্কতাৰ ফচল এইয়া৷ পৰিচালকেও তাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে৷ সুপৰিকল্পিত চিত্ৰনাট্য অবিহনে এনে চৰিত্ৰ নিৰ্মাণ সম্ভৱ নহয়৷ সন্দেহ নাই পৰিচালক বিবেক অগ্নিহোত্ৰীৰ বাবে চৰিত্ৰ কেইটা নিৰ্মাণ সম্ভৱ হৈছে মিথুন চক্ৰৱৰ্তীকে আদি কৰি জ্যেষ্ঠ অভিনেতা কেইজনৰ অভিনয় দক্ষতাৰ বাবে৷
১৯৯০ চনত ফাৰুখ আব্দুল্লাৰ চৰকাৰৰ দিনত কাশ্মিৰী পণ্ডিতসকল আৰু তেওঁলোকৰ পৰিয়ালক নিজৰ ঘৰ আৰু মাটিৰ পৰা আঁতৰ কৰি ৰেফিউজি কেম্পলৈ লৈ যোৱা হৈছিল নিৰাপত্তাৰ খাতিৰত৷ পুস্কৰনাথ পণ্ডিতে হাতত এখন প্লে-কাৰ্ড লৈ ‘Article-৩৭০ক্স ১ বিৰুদ্ধে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল তেওঁলোকৰ দুৰ্দশাৰ দিন অন্ত পৰিবলৈ৷ কিন্তু তাত তেওঁলোকে অনাহাৰে-অনিদ্ৰাৰে ৰুগ্ন…শুকান এক তিক্ত জীৱন কটাইছিল৷ পৰিচালকে প্ৰতীকী অৰ্থত দেখুওৱা পুস্কৰনাথৰ টিফিনত সযতনে সাঁচি ৰখা সেই বাকী ৰোৱা বিস্কুট টুকুৰাৰ দৰেই তেওঁলোকৰ জীৱন আশংকা আৰু অনি(য়তাৰ বেহুত সোমাই পৰিছিল৷ বাস্তৱ ‘চিনে কৰ্ম’ৰ বিশুদ্ধ উদাহৰণ হ’ব পাৰে এই দৃশ্যটো৷
পৰিচালকে ‘কৃষ্ণা’ চৰিত্ৰৰ যোগেদি কাশ্মীৰৰ সেই সময়খিনিক বাস্তৱলৈ কঢ়িয়াই আনিছে IANহু ১ সেই ছাত্ৰ সকলৰ দৰে যিসকলে ধাৰণা কৰি লৈছিল যে কাশ্মিৰী পণ্ডিতসকলক ভাৰতীয় মিলিটেৰীয়েহে নিৰ্মম বৰ্বৰভাৱে অত্যাচাৰ, বলাৎকাৰ কৰিছিল কৰিছিল তেওঁলোকক কৃষ্ণাই ভাষণৰ জৰিয়তে বুজাই দিছিল যে সেইয়া মিলিটেৰীৰ অত্যাচাৰ নাছিল৷ সেই অত্যাচাৰ আছিল মিলিটেৰীৰ ছদ্মবেশ ধাৰণ কৰা কাশ্মিৰী মুছলমান সংগঠনৰ সহস্যৰহে৷
ছবিখনৰ কিছু দৃশ্যৰ লগত সংগীতেও প্ৰাধান্য লাভ কৰিছে৷ স্বপ্নিল বন্দোৎকাৰৰ ‘হাম দেখেঙ্গে’ শীৰ্ষক গীতটিয়ে দেশপ্ৰেমৰ ভাব জগাই তুলি এখন নতুন শান্তি-সম্প্ৰীতিৰে ভৰা সমাজৰ কল্পনা আঁকি দিছে৷
শেষৰ দৃশ্যত ‘সাৰদা পণ্ডিত’ৰ দেহৰ ওপৰত চলা কাঠফলা কৰত আৰু ইছলামীয় সংগঠনৰ ‘কাশ্মিৰী পণ্ডিত’ সকলক এজন এজনকৈ সমাধি দিয়াৰ দৃশ্যই বহুতকে মনোকষ্ট প্ৰদান কৰিব৷ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে এইদৰেই ইছলাম লোকসকলৰ ক্ৰুৰতাক চেলুলয়ইডত দাঙি ধৰিছে৷ এইখিনিতে প্ৰশ্ন আহিব৷ প্ৰতিজন কাশ্মিৰী মুছলমানেই নিৰ্দয় আৰু পাশান হৃদয়ৰ আছিল নে? পৰিচালকে কাশ্মিৰী পণ্ডিতসকলৰ ‘after afticle ৩৭০ ১ পৰিৱেশটো দেখুওৱাৰ অৱকাশ আছিল বুলি ভাবো৷ কিয়নো প্ৰতিজন সচেতন নাগৰিকৰ মনত প্ৰশ্ন আহিব নিজ দেশতেই ভগনীয়া হোৱা কাশ্মিৰী পণ্ডিতসকলে আকৌ ঘূৰাই পালেনে তেওঁলোকৰ নিজা ঘৰ, মাটি আৰু ভেটি৷ এখন ছবিয়ে সমাজ সংগঠিত কৰিব পাৰে৷ নিৰ্মাণ কৰিব পাৰে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে এখন সমৃদ্ধিশালী সমাজ৷ কিন্তু এক প্ৰবল হিন্দুত্ববাদী ভাৱেৰে অন্ত পৰা ছবিখন চোৱাৰ পিচত প্ৰতিজন দৰ্শকৰ কাশ্মিৰী মুছলমানসকলৰ লগতে মুছলমান সমাজৰ প্ৰতি অহা বিৰোধ অসমতাৰ ভাব কিন্তু ছবিখনৰ সফলতা বুলি ক’ব নোৱাৰি৷
ক্টThe Pianist’ Schindlers List’ আদি ছবিসমূহত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত ‘নাজি বাহিনী’য়ে ‘জীউছ’সকলৰ ওপৰত কৰা অত্যাচাৰৰ প্ৰতিফলন ঘটিলেও ‘নাজি’ সাধাৰণ লোকসকলৰ ওপৰত ঘৃণা ওপজা নাছিল৷ কিন্তু ‘দ্য কাশ্মিৰী ফাইলছ’ তাৰ বিপৰীত৷ এইখিনিতে পৰিচালকৰ কিছু ক্স’Paperwork’ক্স ১ দৰকাৰ আছিল বুলি অনুভৱ হয়৷
এইখিনিতে গান্ধীজীৰ ক্টAn Eye for an eye will make the world Blindক্ট কথাষাৰ মনলৈ আহিল৷ আমি হিংসাক কেতিয়াও প্ৰতি হিংসাৰ যোগেদি শেষ কৰিবলৈ আহ্বান কৰিব নোৱাৰো৷ এই কথাছবিখন চোৱাৰ পিছত আমাৰ অনুভৱ হয় যেন এটা ধৰ্মত বিশ্বাসী মানুহক চিনেমাখনৰ কিছু কিছু ঠাইত ধৰ্মীয় অনুভূতিয়ে হয়তো আঘাত হানিব৷ কিন্তু আমি সকলোৱে জানো যে হিংসা আৰু আতংকৰ কোনো জাতি-ভেদ নাই৷ এই সকলোবোৰ নিঃশেষ কৰি কেনেকৈ আমি মানৱতাৰ জয় গানেৰে এখন জীৱনমুখী আৰু সমাজমুখী সুন্দৰ পৃথিৱীৰ সপোন সকলোকে দেখাব পাৰো সেইয়াহে প্ৰকৃত অৰ্থত আমাৰ সকলোৰে কাম্য৷