শিশুৰ আত্মবিশ্বাস কেনেদৰে বঢ়াব পাৰি (ৰিজু বৰা) – Purbodix.com

শিশুৰ আত্মবিশ্বাস কেনেদৰে বঢ়াব পাৰি (ৰিজু বৰা)

মই এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী৷ আমাৰ শিশুসকল বিভিন্ন learning level ১ হয়৷ বহুতে বিদ্যালয়লৈ আহিব যে লাগে তাকো অনুধাৱন কৰিব নোৱাৰে৷ তাৰ বাবে আমাৰ প্ৰথম পদক্ষেপ হয় বিদ্যালয়মুখী কৰি গঢ়ি তোলা৷ এনেও বিদ্যালয় বা শিক্ষক বুলিলে সকলো শিশুৰে এক ফ’বিয়া থাকেই, তাতে মই গণিত পঢ়াও৷ মোক বহুতে ভূত চুত কিবা টাইপৰ বুলিয়েই ভাবে৷ ষষ্ঠ শ্ৰেণীলৈ প্ৰথম অহা ছাত্ৰীসকলক Assembly ত সুবিধা লওঁ৷ যেনে কোনোবা এজনী ছোৱালীক বাছি লওঁ আৰু ক’বলৈ দিওঁ মহৎ লোকৰ বাণী৷ সেইজনী ছোৱালী নিৰ্বাচন কৰো যিজনী ছোৱালী অনিয়মিত৷ লাহেকৈ তাইৰ কাষত ৰৈ কওঁ, ‘‘ই তই পাৰ নহয়, মই যে গম পাঁও জান৷ তই কৈ দে যি জান আজি৷’’ তাই ভুলে শুদ্ধই টি কয়, মই আনে শুনাৰ আগতেই শুদ্ধটো কৈ তাই ক’লে বুলি কওঁ৷ সকলোকে ডাঙৰকৈ হাত চাপৰিৰে তাইক সম্ভাষণ জনাবলৈ কওঁ৷ তাইক কওঁ, ‘‘চা তই পাৰ দেখিছ, কাইলৈ নতুন এটা শিকি আহিবি দেই, দুজনীয়ে একেলগে ক’ম৷’’ আন এজনীক কৈ আহো, ‘‘চা তইহে নকলি জানিও, তাই ক’লে দেখিছ৷’’ থিয়’ৰিয়ে আমাৰ ৰিৱাৰ্ডৰ কথা কয়৷ সেইটো নোৱাৰিলেও কৰিব লাগে৷ Positive attitude hels children to improve their confidence level.
এইবাৰ কওঁ সপ্তম শ্ৰেণীৰ ছাত্ৰীসকলক কি কৰোঁ৷ মই সপ্তম শ্ৰণীৰ ক্লাছ টিচাৰ৷ নিজেই লৈছোঁ সেইটো ক্লাছ৷ তাহাতক পিটো৷ ইমানেই পিটো যে ঘৰত চাগৈ কোনেও এনেকৈ পিটন নাখায়৷ তাঁহাতে ষষ্ঠ শ্ৰেণীত ভুল কৰিলেও মই ভুল বুলি প্ৰকাশ নকৰো বাবে সেইটো তাহাতৰ মনত সাঁচ বহি যাব৷ ভুলটো শুদ্ধ কৰিবলৈ শিকিব লাগিব৷ তেতিয়া আৰম্ভ কৰো to be perfect. যাকে বিদ্যালয়লৈ সদায় আহে, সদায় নিজৰ কিতাপ, বহী পৰিস্কাৰ কৰি লগত আনে৷ তাঁহাতক পিটো, যাতে তাঁহাতে ফাকি নামাৰে৷ তাঁহাতক কওঁ যে নোৱাৰ, নোৱাৰো বুলি ক’বি৷ যি অসুবিধা আছে খুলি ক’বি৷ নহ’লে পিটন পাবি৷ যি পিটনৰ ভয়ত সঁচা কৈ দিয়ে যে তাই নপঢ়ো বুলি নপঢ়িলে, তাইৰ পৰাই আৰম্ভ কৰো perfect হ’বলৈ কি কৰিব লাগিব৷ তাই সঁচা কোৱাৰ বাবেই পিটন নাপায় আৰু ভালদৰে বুজাই দিওঁ সকলোকে যে যাৰ যাৰ যি অসুবিধা আছে খুলি ক’বলৈ৷ তাৰ পৰাই বন্ধুত্ব আৰম্ভ কৰি দিওঁ তাঁহাতৰ লগত৷ লাহে লাহে বন্ধুত্ব বঢ়াই যাওঁ৷ আৰু এটা সময়ত তাঁহাতে নিজৰ অসুবিধাসমূহৰ পৰা আঁতৰি আহিবলৈকে বিদ্যালয়লৈ আহিবলৈ লয়৷ Secure feel কৰে বিদ্যালয়ত সিহঁতে৷ ইমানেই intimate হৈ পৰে যে ঘৰত কাকো নোকোৱা কথা, ক’ব নোৱাৰা কথাও মোক কয়হি৷ মোৰ টাইমলাইনত আছে ধৰ্ষণৰ জীয়া কাহিনী, যদিও মই তাত উল্লেখ কৰা নাই, সেই ছোৱালী কেইজনী আমাৰ বিদ্যালয়ৰে৷ Sexually abused কেনেকৈ হয় সেয়া কেতিয়াবা কল্পনাৰ বাহিৰত হয়৷ সিহঁতে কাকো ক’ব নোৱাৰি বিদ্যালয়ত আহি কয়হি আমাক৷ কেতিয়াবা নিজেও কান্দো৷ কিন্তু তাঁহাতে বুজি পোৱা হয়, সিহঁতে কি কৰিব তাৰ পিছত৷ চাহ বাগানৰ বহু ছাত্ৰীক বিয়া দিয়ে নৱম শ্ৰেণী পোৱাৰ পিছত৷ সিহঁতে ঘৰত আপত্তি কৰি একো কৰিব নোৱাৰিলে আমাক কয়, যাতে পৰিস্থিতি স্বাভাৱিক কৰি দিওঁ৷ বহুতৰ বহু স্ত্ৰীৰোগ চিকিৎসা কৰিবলৈ লাজত কাকো নকয়, সেয়াও সম্ভৱ কৰে আমাৰ মাধ্যমেৰে৷ স্তনৰ অনেক সমস্যা, ঋতুস্ৰাৱৰ সমস্যা সকলো আমি বুজি লৈ সেইমতে তাঁহাতৰ চিকিৎসা কৰিবলৈ দিব পাৰোঁ৷ কেতিয়াবা নকৰিবলগীয়া কাম কৰা বুলি যেতিয়া বুজি পায়, নিজেই কৈ দিয়েহি, ‘‘বাইদেউ গম নাপায় কৰিলোঁ, এতিয়া পিটক, আপুনি পিটিলে মনত থাকিব এইবোৰ যেকৰিব নালাগে৷’’ সোণাৰিয়ে সোণো পিটে, তেতিয়াহে গঢ় লয়৷

বিভিন্ন বিজ্ঞানৰ প্ৰতিযোগিতাত পঢ়া ভালকৈ নোৱাৰা ছোৱালী বাচি লওঁ৷ তাঁহাতে সুধি থাকে, ‘‘বাইদেউ পাৰিম জানো?’’ এটাই বাৰে কওঁ, ‘‘মই জানো, তহঁতে পাৰিবি৷ যদি নোৱাৰ তেনেহ’লে মোৰ সো নাকটো কাটি থৈ আহিবি৷’’ তাহাঁতে ভাবিবলৈ বাধ্য হয় যে বাইদেৱে যেতিয়া কৈছে পাৰিব তাহাঁতে, মই লাজ পাম বুলি মৰোঁ জীউ আধি কৈ কামবোৰ সম্পূৰ্ণ কৰে৷ বিশ্বাসে যে সকলো সিদ্ধি কৰে৷ শিশুৰ মনত বিশ্বাস সুমুৱাই দিব লাগে৷ তেতিয়া জয় অনিবাৰ্য৷
কেতিয়াও শিশুক একো নোৱাৰে বুলি ভাবিব নালাগে৷ শিশুৰ ভুল কামবোৰ ডাঙৰৰ কাৰণেহে ভুল, শিশুৰ কাৰণে কিন্তু শুদ্ধই৷ আপুনি প্ৰথম নিজৰ সন্তানক যেতিয়া নিজেই খাবলৈ দিব, তেতিয়া শিশুৱে ছেদেলি ভেদেলি কৰি খাব৷ আপুনি সেই সময়ত ‘‘তুমি গোটেইখন পেলালা পাই’’ বুলি নকৈ আপুনি কওঁক ‘‘আজি দেখোন পৰিছে তোমাৰ, কালিলৈও নিজেই খাবা, চাবা কালিলৈ কমকৈ পৰিব৷’’ সদায় পজিটিভ ক’ব লাগে শিশুক৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষকে ছাত্ৰ-ছাত্ৰীক কিবা নোৱাৰিলেই অভিভাৱকক জনায়৷ অভিভাৱকে সেয়া শুনি লাজ অপমান, অনুভৱ কৰাৰ পৰিৱৰ্তে পজিটিভলি ল’ব লাগে৷ নহ’লে শিশুক বাৰে বাৰে অভিভাৱকে কথা শুনাই তুমি নোৱাৰা, টিচাৰে কৈছে নহয়৷ ই হিতে বিপৰীত কৰে৷ তুমি পাৰাই, আৰু অলপ পঢ়িলে আৰু পাৰিবা, এনে মনোভাৱ প্ৰকাশ কৰিব লাগে৷
সকলো শিশু সমান মেধা সম্পন্ন নহয়৷ কিন্তু যিখিনি জানে বা বুজে তাত confident হ’ব লাগে৷ নিজৰ ওপৰত বিশ্বাস নথকাৰ বাবেই বহু সময়ত শিশুৱে নিজেই জনা বা বুজাখিনিও প্ৰকাশ নকৰে৷ কিজানিবা ভুল হ’ব, এই ভয়ে শিশুক কুৰুকি কুৰুকি খায়৷ শিশুক বুজাবলৈ চেষ্টা কৰক যে ভুলৰ পৰাহে শুদ্ধ হয়৷ ভুল নহ’লে শুদ্ধ কি কেনেকৈ শিকিব৷ নিজৰ সন্তানক আত্মবিশ্বাস কৰি গঢ় দিবলৈ প্ৰথম অভিভাৱকজন নিজেই আত্মবিশ্বাসী হ’ব লাগিব৷ আৰু এটা কথা, শিশুৰ মনোবিজ্ঞানৰ বিষয়ে নিজেই বুজিবলৈ শিশু মনোবিজ্ঞানৰ ওপৰত অধ্যয়নো কৰিব পাৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *