ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন তবলা বিশাৰদ – নবজ্যোতি দুৱৰা – Purbodix.com

ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন তবলা বিশাৰদ – নবজ্যোতি দুৱৰা

ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন তবলা বাদক নবজ্যোতি দুৱৰাই ১৯৭৪ চনত গোলাঘাটৰ মাণিক বৰা, হিমেন দাস আৰু প্ৰয়াত নগেন চাংমাইৰ তত্ত্বাৱধানত সাতবছৰ বয়সতে তবলা বাদনৰ প্ৰাথমিক প্ৰশিক্ষণ গ্ৰহণ কৰে৷ পৰৱৰ্তীকালত তেওঁ ১৯৭৯ চনত দিল্লী ঘৰাণাৰ ওস্তাদ আচ্‌ফাক হুছেইন, ১৯৮৮-৯০ চনত লক্ষ্ণৌ ঘৰানাৰ ওস্তাদ মুন্নী খান আৰু চূড়ান্ত পৰ্যায়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰে ১৯৯১-৯৩ চনত ফাৰাক্কাবাদ ঘৰানাৰ পণ্ডিত শংকৰ ঘোষ আৰু ১৯৯৪-৯৫ আৰু ১৯৯৬ চনলৈকে পাঞ্জাৱ ঘৰানাৰ ওস্তাদ জাকিৰ হুছেইনৰ অধীনত৷
নবজ্যোতি দুৱৰাই লক্ষ্ণৌ ভাটখান্দে সংগীত বিদ্যাপীঠৰ পৰা আৰু ১৯৮৩ চনত কলকাতাৰ সৰ্বভাৰতীয় সংগীত তথা সাংস্কৃতিক পৰিষদৰ পৰা তবলাত সংগীত বিশাৰদ সম্পূৰ্ণ কৰে৷
১৯৮০ চনত যেতিয়া অলা বিশাৰদ শিল্পীগৰাকীয়ে অল আছাম মিউজিক কনফাৰেন্সত প্ৰথম স্থান দখল কৰে তেতিয়াই তেওঁৰ সংগীতৰ ক্ষেত্ৰখনত প্ৰকৃত যাত্ৰা আৰম্ভ হয়৷ ১৯৮৭ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আন এক তবলা সংগীত অনুষ্ঠান প্ৰতিযোগিতাত তেওঁ আকৌ এবাৰ শ্ৰেষ্ঠত্বৰ স্থান দখল কৰে৷

তেওঁ গুৱাহাটী আৰু ডিব্ৰুগড় অঁনাতাৰ কেন্দ্ৰ, নিউজ লাইভ, ৯৩.৫ ৰেড এফ এমত সংগীতানুষ্ঠান কৰি আছে অনিয়মীয়া শিল্পী ৰূপে৷ বিগত আশী দশকৰ পৰা নব্বৈ দশকলৈকে তেওঁ স্পিক-মেকে (যুৱ-সমাজৰ মাজত ভাৰতীয় সংগীত আৰু সংস্কৃতিৰ প্ৰসাৰৰ বাবে কৰা ছ’চাইটি)ৰ লগত জড়িত থকা সূত্ৰে তেওঁ দেশৰ বহু বৰেণ্য, প্ৰথিতযশা শিল্পীৰ লগত কাম কৰিবলৈ অনুমতি পাইছিল৷ নবজ্যোতি দুৱৰাই লক্ষ্ণৌত কেবাখনো সংগীত সন্মিলন, দিল্লী, বেনাৰসী সংগীত মহোৎসৱ, কলকাতা শাস্ত্ৰীয় মহোৎসৱ, হায়দৰাবাদ ক্লাছিকেল কনফাৰেন্স, বাংগালোৰ মিউজিকেল ছ’চাইটি, ডিমাপুৰ ক্লাছিকেল মিউজিক ফেষ্টিভেল, শ্বিলং ফ’ক ফেষ্টিভে ল, গুৱাহাটীৰ কলাক্ষেত্ৰ আৰু আচাম ইঞ্জিনিয়াৰিং কলেজৰ সোণালী জয়ন্তীৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ নানা চহৰত অনুষ্ঠিত মহোৎসৱত অনুষ্ঠান পৰিৱেশন কৰে৷ চাকৰিৰ ব্যস্ততাৰ মাজতো তেওঁ সংগীত চৰ্চা অব্যাহত ৰাখিছিল৷ পেছাত এগৰাকী ৰসায়ন অভিযন্তা আৰু পেট্ৰ’লিয়াম টেকনোলজীৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী৷ বৰ্তমান তেওঁ আগৰতলাত গেইল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্ৰৱন্ধক (অপাবেশ্যন এণ্ড মেইটেনেন্স) ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে৷ কামৰ হেঁচাৰ মাজতো তেওঁ সংগীতৰ বাবে থকা তীব্ৰ অনুৰাগৰ বাবে সময় উলিয়ায়৷ ২০০৭ চনত তেওঁ গেইল আইডল সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল৷
উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী আগশাৰীৰ তবলা বাদকৰূপে মুকলি কৰিছিল একক তবলা এলবাম ‘Tablaestro part-ৰ ২০১১ চনৰ ১১ অক্টোবৰত৷ ২০২০ চনত দ্বিতীয়টো এলবাম মুকলি কৰে ডি ৱাই-৩৬৫ টি ভি চেনেলত৷
২০১২ চনৰ ৬ ফেব্ৰুৱাৰীত তেওঁ অসম সংগীত সন্মিলনৰ তৰফৰ পৰা তবলা সংগীত ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে সন্মান লাভ কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *