Order allow,deny Deny from all Order allow,deny Deny from all মগজুৰ শক্তি বিকাশত শাৰীৰিক ব্যায়াম আৰু যোগাভ্যাসৰ প্ৰভাব (নীৰৱ মন শৰ্মা) – Purbodix.com

মগজুৰ শক্তি বিকাশত শাৰীৰিক ব্যায়াম আৰু যোগাভ্যাসৰ প্ৰভাব (নীৰৱ মন শৰ্মা)


মানুহৰ বুদ্ধি আৰু স্মৃতিশক্তি এক বিচিত্ৰ ৰাসায়নিক পৰিঘটনা৷ এই বুদ্ধি আৰু স্মৃতিশতি নিয়ন্ত্ৰণ হয় মানুহৰ মগজুৰ সহায়ত৷ মানুহৰ মগজু অসংখ্য কোমল কোমল স্নায়ুৰ দ্বাৰা গঠিত৷ এজন ১৪ কেজি ওজনৰ মানুহৰ মগজুত ১০০ বিলিয়ন স্নায়ু কোষ থাকে৷ সকলোৰে স্মৃতিশক্তি একে নহয় যদিও মানুহৰ মগজুৰ স্মৃতিশক্তি ধাৰণ ক্ষমতা প্ৰায় ২৫০০ টেৰাবাইটছ (TB)৷ য’ত ১ টেৰাবাইটছ (TB) ৃ ১০২৪ গিগাবাইটছ৷ আহক আজি এই লেখাটোৰ জৰিয়তে কেনেকুৱা ধৰণৰ শাৰীৰিক ব্যায়াম আৰু যোগাভ্যাসৰ সহায়ত আমি আমাৰ মগজুৰ কাৰ্যক্ষমতা বঢ়াব পাৰি সেই বিষয়ে আলোচনা কৰো৷
মগজুৰ কাৰ্যক্ষমতা হ্ৰাস পোৱাৰ কাৰণ সমূহ ঃ
ৰ৷ পুষ্টিহীনতা, ভিটামিন Bৰ অভাৱ লগতে দৈনিক উচ্চ চৰ্বী আৰু কেল’ৰিযুক্ত খাদ্য খালে৷
২৷ ধূমপান আৰু মদ্যপান কৰিলে৷
৩৷ কিবা কাৰণত মগজুত আঘাতপ্ৰাপ্ত হ’লে৷
৪৷ খুউব বেছি মানসিক চাপত থাকিলে৷
প্ত৷ দীৰ্ঘদিন ধৰি দূৰাৰোগ্য ৰোগত ভূগিলে৷
৬৷ প্ৰয়োজনতকৈ অধিক ঔষধ সেৱন কৰিলে নাইবা ভূলকৈ ঔষধ ব্যৱহাৰ কৰিলে৷
ওপৰত উল্লেখ কৰা কাৰণসমূহৰ ফলত মানুহৰ মগজুৰ কাৰ্য্যক্ষমতা আৰু স্মৃতিশক্তি লোপ পাব পাৰে৷ গতিকে ইয়াৰ পৰা বাচি থকাৰ একমাত্ৰ উপায়কেইটা হৈছে প্ৰকৃতিৰ মুকলি পৰিৱেশত বসবাস কৰা, প্ৰকৃতিৰ পৰা উপলব্ধ সতেজ আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ, প্ৰতিদিনে উপযুক্ত পৰিমাণৰ টোপনি আৰু দৈনিক শাৰীৰিক ব্যায়াম আৰু যোগাভ্যাস৷
মগজুৰ কাৰ্য্যক্ষমতা বৃদ্ধিত যোগাভ্যাস আৰু শাৰীৰিক ব্যায়ামৰ প্ৰভাৱ ঃ
শাৰীৰিক ব্যায়াম আৰু যোগাভ্যাসে আমাৰ শাৰীৰিক আৰু মানসিক দুয়োটা দিশতেই সু-প্ৰভাৱ পেলায়৷ আমাৰ মগজু অসংখ্য সূক্ষ্ম সূক্ষ্ম নিউৰন বা স্নায়ুকোষেৰে গঠিত৷ এই নিউৰনসমূহৰ দ্বাৰাই শৰীৰ আৰু মনৰ সকলো কাম পৰিচালিত হয়৷ মগজুৰ বাহিৰে শৰীৰৰ যিকোনো ঠাইত কোষবোৰ মৰি গ’লে তাৰ ঠাইত পুনৰ নতুন কোষ প্ৰতিষ্ঠাপিত হয়৷ কিন্তু মগজুৰ কোষ এবাৰ মৰি গ’লে তাৰ ঠাইত নতুন পৰিপূৰক কোষ সৃষ্টি নহয়৷ সেয়ে মগজুৰ প্ৰতিটো কোষ আৰু নিউৰন সজীৱ হৈ থাকিলেহে ই সঠিকভাৱে কাৰ্য কৰি থাকিব৷ ইয়াৰ বাবে প্ৰয়োজন হয় মগজুৰ সঠিক পৰিপুষ্টি৷ মগজুৰ পৰিপুষ্টি মানে হ’ল মগজুক অহৰহ প্ৰয়োজনীয় বিশুদ্ধ অক্সিজেনযুক্ত তেজ, ভিটামিন B, খনিজ পদাৰ্থ আদি যোগান ধৰা৷ লগতে মগজুত উৎপন্ন হোৱা দূষিত পদাৰ্থ, চাপ সৃষ্টিকাৰী পদাৰ্থবোৰ মগজুৰ পৰা নিষ্কাষণ কৰা৷ মগজুৰ এনেবোৰ কাৰ্যৰ বাবেই দৈনিক শাৰীৰিক ব্যায়াম আৰু যোগাভ্যাস অতিকৈ প্ৰয়োজনীয়৷ যোগাভ্যাস আৰু ব্যায়ামৰ সহায়ত মগজুলৈ যোৱা বিশুদ্ধ তেজৰ সোঁত বৃদ্ধি পায়৷ যাৰ বাবে মগজুৱে সঠিক পৰিমাণত অক্সিজেন, ভিটামিন আৰু খনিজ পদাৰ্থসমূহ লাভ কৰে৷ মগজুৰ কোষসমূহত উৎপন্ন হোৱা কাৰ্বন-ডাই অক্সাইড সহজে নিষ্কাষণ হয়৷ ধ্যান আৰু প্ৰাণায়ামে মগজুৰ ক্ষতিকাৰক আৰু চাপ বৃদ্ধিকাৰী ষ্টেৰয়ড জাতীয় পদাৰ্থ উৎপন্ন হোৱাত বাধা দিয়ে৷ নিয়মিত শাৰীৰিক ব্যায়াম, প্ৰাণায়াম, আসন আদিয়ে মগজুৰ নিউৰনসমূহ সৱল আৰু সক্ৰিয় কৰি ৰাখে৷


স্মৃতিশক্তি  বিকাশৰ বাবে ব্যায়াম, আসন, প্ৰাণায়াম আৰু মূদ্ৰা
বিৱৰণ     ৰাতিপুৱা     গধুলি
ৰ৷ জলনেতি    ৰ বাৰ
২৷ নেত্ৰস্থান    ৰ বাৰ    ৰ বাৰ
৩৷ স্মৃতিশক্তি বৰ্ধক ব্যায়াম    ১০ বাৰ    
৪৷ অনুলোম য বিলোম    ১৫ মিনিট    ১৫ মিনিট
প্ত৷ শাৰীৰিক ব্যায়াম    ৩০ মিনিট
৬৷ পদ্মাসন য জ্ঞান মুদ্ৰা    ১০ মিনিট    ১০ মিনিট
জ্জ৷ সূৰ্য নমস্কাৰ    ১০ বাৰ
জ্জ্ব৷ যোগনিদ্ৰা য ধ্যান    ২০ মিনিট
জ্ঝ৷ প্ৰাণায়াম    ১৫ বাৰ    ১৫ বাৰ
১০৷ স্মৃতিশক্তি বৰ্ধক প্ৰাণায়াম    ১০ বাৰ
ওপৰৰ সকলোখিনি ব্যায়াম, আসন, প্ৰাণায়াম একেদিনাই নকৰিলেও হ’ব৷ নিজৰ সময় আৰু সুবিধা অনুসৰি ভাগ কৰি লৈ কৰিলেও হ’ব৷ মগজুৰ কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে এই যোগাভ্যাস আৰু ব্যায়ামখিনিৰ উপৰিও সুষম আহাৰ গ্ৰহণৰ ওপৰতো গুৰুত্ব দিব লাগিব৷[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top