Puberty / কন্যাকাল (ৰিজু বৰা) – Purbodix.com

Puberty / কন্যাকাল (ৰিজু বৰা)

এজনী কণমানি ছোৱালী, পখিলা খেদি সমনীয়াৰ লগত দৌৰি ফুৰাৰ বয়স, মনৰ উলাহত শালিকী জনীৰ দৰেই দেও দি ফুৰা বয়সত সংগোপনেই প্ৰকৃতিয়ে আহি তাইক এক নতুন দি যায়৷ লগৰ ছোৱালী কেইজনীৰ দৰেই তায়ো ডাঙৰ হ’ল৷ তোলনি হ’ল তাই৷ শৰীৰত দেখা অস্বাভাৱিক পৰিৱৰ্তনে তাইৰ কোমল মনটো জোকাৰি যায়৷ এক ঘিণ ভাব, কি যে সেই কাহানিও নোহোৱা ৰজোস্ৰাৱৰ প্ৰকোপ৷ বাৰে বাৰে চাফা কৰিবলৈ মন যায় নিজক, কিন্তু তেতিয়ালৈ সমাজে যে তাইক লেতেৰাকৈ থাকিবলৈ বাধ্য কৰায়৷ তাই নিজৰ লেতেৰাবোৰ বাহিৰ হ’ব ভাবি ভয়ত দুই কৰঙন টিপি টিপি বহি থাকি প্ৰস্ৰাৱ পৰ্যন্ত বন্ধ কৰি দিয়ে৷ মাকে তাইক ৰুমৰ ভিতৰত গোটাই দিয়া চৰিয়াটোতে তাই প্ৰস্ৰাৱ কৰিব লাগিব৷ লেতেৰাবোৰ চকুৰে দেখিলে বেছি ঘিণ লাগিব যে তাইৰ৷ বাৰে বাৰে চাবোনেৰে হাত ধুবলৈ মন গ’লেও যে লেতেৰা হাত দুখন ধুবলৈ খাৰ বুলি চাবোনডোখৰো চুব নোৱাৰে৷ এখন চেনিটেৰি পেড বা এখন কাপোৰ প্ৰথম ব্যৱহাৰ কৰি কিমান যে অশান্তি পায় তাই, বাৰে বাৰে সেইখন চুই টানি থাকে৷ কিন্তু তাই জানে, হ’লেও হাত ধুব নোৱাৰে৷ সেই লেতেৰা হাতত অলপ পানী ঢালি তাই খাদ্য খাব লাগিব৷ নাখালেও উপায় নাই, এবাৰহে দিব খাবলৈ৷ সদায় ইটো নাখাও, সিটো নাখাও কৰি থকা ছোৱালীজনীয়ে ভোকত মাকে যিহকে দিয়ে অলপ হ’লেও খায়৷ কাহানিও অকলে নুশুৱা ছোৱালীজনীয়ে অকলে অকলে কঁপি কঁপি ৰাতিটো পাৰ কৰে৷ মাকক দেখিলেই প্ৰশ্ন কৰে, অ’ মা আৰু কেইদিন? মজিয়াত শুবলৈ পালেতো ভয়ৰ প্ৰকোপ আৰু বাঢ়ে৷ ইফালে তাইৰ গুপ্তাংগত মিহি এটা খজুৱতি ধৰে৷ মনৰ মাজত আৰু এটা ভয়, সঁচাকৈয়ে বাৰু দোষ লাগিল নেকি? কাৰণ তাই মাকে কোৱা সকলো নিয়ম মানিবলৈ ভাল পোৱা নাই যে/ মাকে নামানিলে দোষ লাগিব বুলি কৈছে যে/ এয়া প্ৰথম কন্যাকাল প্ৰাপ্ত হোৱা এজনী ছোৱালীৰ মনৰ ভাব৷
এতিয়া আহো আন এটা অংশলৈ৷ মই Puberty বুলি কিয় উল্লেখ কৰিলো তাৰ বিষয়ে ক’বলৈ৷ বৰ্তমান সময়ত বহুত ভাবে প্ৰচলিত হৈ পৰিছে sex education.

Leave a Reply

Your email address will not be published. Required fields are marked *