Order allow,deny Deny from all Order allow,deny Deny from all নিচুকনি গীত আৰু ওমলা গীত শিশুৰ মনস্তত্ত্বৰ বৰ্হিপ্ৰকাশ (স্বপ্না গোস্বামী) – Purbodix.com

নিচুকনি গীত আৰু ওমলা গীত শিশুৰ মনস্তত্ত্বৰ বৰ্হিপ্ৰকাশ (স্বপ্না গোস্বামী)


নিচুকনি গীত অথবা ধাইনাম আৰু ওমলা গীতসমূহ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ মৌখিকভাৱে প্ৰচলিত লোক-সাহিত্যৰ এক আপুৰুগীয়া সম্পদ৷ ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এই গীতসমূহ সকলোৰে সমানে আদৰৰ৷ ছন্দোবদ্ধ, লয়যুক্ত এই গীতসমূহ হৈছে শিশু ওমলাওঁতে গোৱা গীত৷ তালৰ ছেৱে ছেৱে গোৱা এই গীতসমূহত পৰোক্ষভাৱে সমাজ জীৱনৰ চিত্ৰ অংকিত হোৱা পৰিলক্ষিত হয়৷ জীৱ-জন্তু, চৰাই-চিৰিকতি, জোন-বেলি-তৰা, লৌকিক-অলৌকিক ক্ৰিয়া-কাণ্ড ইত্যাদি সকলোৰে সমাহাৰ ঘটে এই গীতসমূহত৷ মাক, আইতাক অথবা ঘৰৰ জ্যেষ্ঠসকলে গোৱা এই গীতসমূহত নাই কোনো উচ্চ-নীচ ভেদ ভাব৷ শিশুৰ বাবে ৰজা-প্ৰজা সকলো সমান৷ শিশুৰ ভয়, ই২৬া, আগ্ৰহ, সপোনৰ ৰাজকমাৰ-ৰাজকুমাৰীৰ চিত্ৰ অংকন কৰা হয় এই গীতসমূহত৷ শিশুক আলফুলে টোপনি নিয়াবলৈ আইতাক, মাকে মমতাৰ কোমল পৰশ বুলাই সুমধুৰ সুৰেৰে এই ছন্দোবদ্ধ নিচুকনী গীতবোৰ গায়৷ সুমধুৰ এই গীতবোৰ শুনি শুনি শিশুৰ চকুলৈ টোপনি নামি আহে৷ শ্ৰুতিমধুৰ এই গীতবোৰৰ জৰিয়তে জীৱ-জন্তু অথবা অপ্ৰাকৃত কাল্পনিক কোনো জীৱন ভয় দেখুৱায়, ভালপোৱা বস্তু আনি দিম বুলি কৈ শিশুক টোপনি নিয়াবৰ যত্ন কৰে৷ শিশুটিক নিচুকাই কৰ্মব্যস্ত মাক আকৌ কামত ধৰিবৰ হেতু কোমল সুমধুৰ কণ্ঠেৰে গীত জুৰে–
‘‘আমাৰে মইনা শুব এ’
বাৰীতে বগৰী ৰুব এ’
বাৰীৰে বগৰী পকি সৰি গ’লে
মইনাই বুটলি খাব৷’’
প্ৰাগ-ঐতিহাসিক যুগৰে পৰা এই গীতসমূহ মুখে মুখে চলি আহিছে৷ যশোদা মাতৃৱেও মমতাৰ কোমল পৰশ বুলাই শিশু কৃষ্ণক প্ৰবোধ দিছে–
‘‘শ্যামকানু দূৰৈ হৈ নাযাবা
সোণৰ বাশী গঢ়াই দিম
ঘৰতে বজাবা৷’’
প্ৰতিগৰাকী মাতৃয়ে নিজ দেৱশিশুক তুলনা কৰে শিশু কৃষ্ণৰ লগত৷ ভগৱান শিশু কৃষ্ণৰ কাহিনী কৈ কৈ শিশুক লৈ যায় অন্য এক জগতলৈ৷
‘‘ঘোৰ অন্ধকাৰ শিলা বৰষিলে এ নুশুনি প্ৰজাৰ মাত,
পালি পহৰীয়া সৱে নিদ্ৰা গ’লে উপজিলে জগন্নাথ৷’’
‘‘কলমৌ পাততে গোসাঁই উপজিলে পদুমৰ পাততে থ’লে
কংসৰ ভয়তে পলুৱাই থ’লেগৈ নন্দ-যশোদাৰ ঘৰে৷’’
প্ৰকৃতিৰ অনুপম পৰশত পাই উঠিছে নিচুকনি গীত আৰু ওমলা গীতসমূহ৷ এনে গীতৰ মাজেদিয়েই শিশুক প্ৰকৃতিৰ বিভিন্ন ৰূপৰ শিক্ষা দিয়া হয়–
‘‘ব’হাগৰ বিহুত বৰদৈচিলা
মাকৰ ঘৰলৈ যায়
গছ-গছনি ঘৰ-দুৱাৰ
নিয়ে উৰুৱাই৷’’
ৰ’দ, মেঘ, বতাহ-বৰষুণ মইনাৰ অতিকে আপোন৷ মইনাৰ ফৰকাল মনে বিচাৰে ৰ’দালিৰ এধানি ৰ’দ–
‘‘ৰ’দালি এ ৰ’দ দে
আলি কাটি জালি দিম
বৰপীৰা পাৰি দিম
তাতে বহি বহি ৰ’দ দে৷’’
ৰ’দে-বৰষুণে পাতে খঁৰা শিয়ালৰ বিয়া৷ ৰ’দ-বৰষুণৰ উলাহত মইনাৰ মৰমৰ ঘৰ চিৰিকাজনীয়েও তামোল কাটে –
‘‘ৰ’দে-বৰষুণে খঁৰা শিয়ালৰ বিয়া
ঘৰচিৰিকাই তামোল কাটে
আমাকো এখন দিয়া৷’’
শিশুৰ কোমল মনে পশু-পক্ষী সকলোতে দেখা পায় মানৱ প্ৰতি২৬বি৷ পক্ষীয়ে কথা কয়৷ সবাহ খাবলৈ আহে মইনাৰ মৰমৰ বগলীজনীও –
‘‘বগলী এ’ সবাহলৈ নগ’লি কিয়?
গৈছিলোঁ গৈছিলোঁ বাটতে বৰষুণে পালে
চেংদৈৰ ঘৰ পাই সোমাব খুজিলোঁ
পখৰা কুকুৰে খালে৷
ছেই কুকুৰ ছেই
নাহিবি জপনা দেই৷’’
শিশুক বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকতিৰ বিষয়ে জ্ঞান দিয়া হয় নিচুকনি গীত বা ধাইনামসমূহৰ যোগেদি–
‘‘হাতী খোজ কাঢ়ে           লুপুৰে-থুপুৰে
ঘোঁৰা খোজ কাঢ়ে ল’ৰি৷
শিলৰ আলিতে সোণে          খোজ কাঢ়ে
তিয়ঁহৰ জালি যেন ভৰি৷’’
‘‘চৰাইৰ নাম শৰালি         মাছৰ নাম বৰালি
সৰ্পৰ নাম পানী-মৰলি৷
টোপৰ ভিতৰে        আইদেউ বহিছে
ওপৰে সোণৰ মাৰলি৷’’
অসমীয়া সমাজ জীৱনৰ সুন্দৰ চিত্ৰ অংকিত হৈছে নিচুকনি গীতসমূহত৷ গ্ৰাম্য জীৱনৰ সৰল দৃশ্যপটে ভুমুকি মাৰিছে এনেদৰে–
‘‘আমাৰে মইনা সৰু এ
সৰুতে ৰখাইছিলে গৰু
এচাৰি হেৰুৱাই কান্দে
লোকৰ ধানে খাব কোবাব কিলাব এ
ঘৰলৈ কেনেকৈ আনে৷’’
চৰাই-চিৰিকতি, জোনাকী পৰুৱা মইনাৰ অতিকে আপোন৷ মইনাক আলফুলে টোপনি নিয়াবলৈ গাই ধাননি পথাৰৰ বটা চৰাইৰ গান, জোৱাকী পৰুৱাৰ গান–
‘‘জোনাকী পৰুৱা
তামোলৰ ঢকুৱা
কিয় মনে মাৰি থাকা?
থাকোঁ মনে মাৰি
লোকৰ ঘৰে-বাৰী
আইলৈ মনত পৰি৷’’
‘‘হুৰ হুৰ বটা চৰাই
মোৰ ধান নাখাবি
তোক দিম গোট কড়াই৷’’


সকলো মাতৃয়ে নিজৰ পোনাকণক ধুনীয়া দেখে৷ নিজৰ সন্তানটো দেখনিয়াৰ, সু-গঢ়ী, স্বাস্থ্যৱান হোৱাটো প্ৰতিগৰাকী মাতৃৰে কাম্য৷ মইনাক নিচুকাই ওমলাওঁতেও তেনে কথাই ব্যক্ত কৰে–
‘‘বাপুকণ ধুনীয়া পাটৰে চুৰিয়া ও
মুখত হেঙুলীয়া ছাতি
বাটৰ বাটৰুৱাই ৰৈ ৰৈ সুধিছে
কোন বিষয়াৰে নাতি৷’’
ভাত খাবৰ পৰত মইনাই ঠেঁহ পাতে৷ ঠেঁহ ভাঙিবলৈ নিচুকাই গায়–
‘‘লাও কলি কলি
জিকা কলি কলি
মইনাই ভাত খায়
বৰপীৰাত বহি৷’’
‘‘আইদেৱে কান্দিছে মুকুতা সৰিছে
পাতত কল থৈছোঁ খোৱা,
মোমায়েক গছে কাঢ়ী গঢ়াবলৈ
এফেৰি বাটলৈ চোৱাঁ৷’’
প্ৰতিগৰাকী মাতৃয়ে বিচাৰে শিশুটি সাহসী, সু-নাগৰিক, দায়িত্বশীল হওক৷ ধাইনামৰ যোগেদিও শিশুটিৰ কোমল মনত এই ভাব সিঁচি দিয়ে–
‘‘বেৰতে বগালে        জয়ন্তী পৰুৱা
বগায় চোমগছত মুগা
আমাৰে মইনাই         ৰণলৈ ওলাইছে
সজাইছে পৰলা ঘোঁৰা৷’’
শিশুৰ ৰূপৰ বৰ্ণনাৰ লগতে নিচুকনি গীতসমূহত ফুটি উঠে সমসাময়িক সমাজৰ সাজ-পাৰ, কৃষ্টি-সংস্কৃতি–
‘‘নেঘেৰী খোপাতে          কপৌফুল পিন্ধিলে
জেতুকা বোলালে হাতে৷
ৰিহা কেছে বছা          চৰাই নখীয়া
আই মোৰ পিন্ধিলে গাতে৷৷
হাততে পিন্ধিলে          খাৰু বাখৰপতা
ডিঙিতে গেজেৰা মণি৷
মোমাইৰে ঘৰলৈ আই         মোৰ ওলাইছে
বিহুটি খাবলৈ বুলি৷৷’’
সামাজিক আচাৰ-বিচাৰ, চিন্তা-দৰ্শনেও ভুমুকি মাৰে নিচুকনি গীতসমূহত
‘‘মোৰ বোপাই লাহৰী
নেপাইছোঁ আহৰি
বৰা জুৰিছোঁ আৰু
সেই বৰা বানি
পিঠাগুড়ি সানি
বোপাইলৈ লৈ যাম লাড়ু৷’’
‘‘আইলৈ আনিছোঁ          শালৰ বৰকাপোৰ
বোপাইলৈ আনিছোঁ খাৰ৷
ককাইলৈ আনিছোঁ      মুগাৰ বৰচুৰিয়া
বৌলৈ আনিছোঁ বাঢ়নিটাৰ৷৷’’
মৌখিকভাৱে প্ৰচলন হৈ অহা ধাইনামসমূহত ল’ৰা সন্তানক সাহসী, সু-নাগৰিক হৈ উঠাৰ কল্পনা কৰিলেও ছোৱালীক প্ৰচলিত প্ৰথা অনুযায়ী বিয়া দি উলিয়াই দিয়াৰ কথাহে ভাবিছিল–
‘‘বাৰীৰে বগৰী       ভাটৌৱে সৰুৱায়
আইদেউক ৰখীয়া দিলে,
বাৰীৰে বগৰী       পকিলে সৰিলে
আইদেৱে বুটলি খালে৷
বাৰীৰে বগৰী       আকৌ পৰিলে
মোৰ আইক বিয়া দিবৰ হ’লে৷’’
দূৰ-দূৰণিৰ দেশলৈ মইনাৰ মন উৰা মাৰে৷ শিশুৰ এই কল্পনাপিয়াসী মন বুজি মাতৃসকলেও নিচুকনি জোৰে–
‘‘ঢোল বায় ক’ত
ৰতনপুৰত
খোল বায় ক’ত
ৰতনপুৰত
আমি মইনাই ওমলিম
ৰতনপুৰত৷৷’’
জোনবাই, তৰাৰ দেশলৈ মইনাৰ মন উৰা মাৰে৷ জোনবাই, মেঘে মইনাৰ লগত কথা হয়৷ মইনাক হাতবাউল দি কাষলৈ মাতে–
‘‘তিৰ্‌বিৰ্‌ তিৰ্‌বিৰ্‌ অ’ সৰু তৰা
কিয় বাৰু মাতি থাকা আকাশৰ পৰা
আকাশখন যে বহুদুৰ
যাওঁ কেনেকৈ?
জোনবাইক সুধি চাম,
মেঘ ককাইক সুধি চাম
নিয়ে কি নিনিয়ে৷’’
মইনা ডাঙৰ হৈ বৰ মানুহ হ’ব৷ বৰ মানুহ হৈ হাতী কিনিবলৈ মইনাক ধন লাগিব৷ ধন ভৰোৱা মোনা চিলাবলৈ জোনবায়ে বেজী দিব–
‘‘জোনবাই এ বেজী এটি দিয়া
বেজীনো কেলেই
মোনা সীঁবলৈ৷
মোনানো কেলেই
ধন ভৰাবলৈ৷
ধননো কেলেই
হাতী কিনিবলৈ৷
হাতীনো কেলেই
উঠি ফুৰিবলৈ৷
হাতীত উঠি মইনা
ফুৰিবলৈ যায়,
আলিবাটৰ মানুহে ঘূৰি ঘূৰি চায়৷’’
গধুলি বেলিকা নামঘৰত ডবা-কাঁহ বজায়৷ সামাজিক এই নিয়ম-নীতিৰ বিষয়ে মইনাক শিক্ষা দিয়া হয় এনেদৰে–
‘‘হালধীয়া চৰায়ে বাওধান খায়
সাউদৰ পুতেকে নাও মেলি যায়
নাৱে বোলে তুলুংভুটুং
ব’ঠাই বোলে বাও
গধুলিতে গধুলিতে ডবা কোবাও৷’’
সকলো শিশুৰে খেল অতি প্ৰিয়৷ খেল খেলিবলৈ পালে লুকাই-চুৰকৈ হ’লেও খেলিব৷
‘‘ই বোলে পোনাকণ         সি বোলে পোনাকণ
পোনাকণ ক’লৈনো গ’লহে,
পোনাকণ গৈ আছেগৈ      ককাকৰ বঙলাত
ঘিলা খেলিবলৈ পাইহে৷’’
শিশুৱে শুবৰ সময়ত ঠেঁহ পাতি আমনি কৰিলে মাকে জীৱ-জন্তুৰ ভয় দেখুৱাই শুৱাবৰ যত্ন কৰে৷ যশোৱা মায়েও কাণখোৱা অহাৰ বাতৰি দি শিশু কৃষ্ণক টোপনি নিওৱাৰ যত্ন কৰে–
‘‘কাণখোৱা এ নাহিবি ৰাতি
তোৰে কাণে কাটি লগাই থ’ম বাটি
আমাৰে মইনা শুব এ
এতিয়া গৰু লৈ যাব এ৷’’
অথবা শিশুৰ মনত শিয়ালীজনীৰ কথা কৈ প্ৰকাৰান্তৰে ভয় খুৱায়৷ এনে ব্যঞ্জনাযুক্ত গীতত শিশুৱে কেৱল ভয়েই নাখায়, পায় এক অপৰিসীম আনন্দ আৰু স্বস্তি৷ ফলত শিশুৱে নিৰ্ভয়ে টোপনি যায়–
‘‘শিয়ালী এ’ নাহিবি ৰাতি
তোৰে কাণে কাটি লগামে বাটি
শিয়ালীৰ মূৰতে মৰুৱা ফুল
শিয়ালী পালেগৈ ৰতনপুৰ৷’’
হেটুলুকা পাতেৰে সাজি দিয়া নাৱত উঠি মইনা যায় বাঘ মাৰিবলৈ৷ আইতাকক খাটনি ধৰে কড়াই ভাজি দিবলৈ৷ বুঢ়ী আয়েও বুজি পায় মইনাৰ মনৰ ভাব–
‘‘বুঢ়ী আই এ
কড়াই ভাজি দিয়া খাওঁ
হেটুলুকা পাতেৰে নাও সাজি দিয়া
বাঘ মাৰিবলৈ যাওঁ৷’’
কৃষিজীৱী সমাজৰ শিশুৱে ভোকত বিচাৰে কল৷ কল নাপাই কেঁচুৱাই কান্দে৷ মাকেও আশ্বাস দিয়ে কল ৰুব, থোক মেলিব–
‘‘নেকান্দিবি মইনা এ
পাবি পাবি পাবি
বাপেৰে গৈছে কল ৰুব
থোক মেলিলে খাবি৷’’
দেৱ-দেৱতাৰ কাহিনীৰে ভৰপূৰ নিচুকনি গীতসমূহ৷ দেৱ-দেৱতাৰ কাহিনী শুনাই মইনাক আলফুলে টোপনি নিওৱাৰ চেষ্টা কৰে–
‘‘এ শিৱ এ শিৱ শিৱ
পাৰ্বতী সৈতে ৰথে চলি যোৱা
ভাং খাই এডুলি নিতৌ তিনি গুণি
ভাঙৰে জালতে নলয় ঘৰে-বাৰী
থাকে বৰষুণত তিতি শিৱ শিৱ
ছপুৰা ধঁতুৰাৰ গুটি৷’’
পানীপোতাত বাগৰি পৰা সৰিয়হ পাৰই বুটলি খাবলৈ হুৱাদুৱা লগায়৷ সেইদৰে পোনাকণেও মাকৰ মুখলৈ চাই নোপোৱাৰ অভিযোগ তোলে–
‘‘সৰিয়হ বাগৰি        পৰিব পানীপোতাত
পাৰই ঢলি ঢলি খায়,
সোণকণে কান্দিছে        আলৈয়ে বিলৈয়ে
মাকৰ মুখলৈ চায়৷’’
পেহাক-পেহীয়েক শিশুৰ অতিকে আপোনা৷ মৰমৰ কণমানিজনীলৈ পেহীয়েকে আনিব সোণৰ ফুলি–
‘‘আমাৰ ভণ্টী ফেকুৰি ফেকুৰি
আমাৰ ভণ্টী নেকান্দ বৰে কৰি
আমাৰ ভণ্টী দেহি ঐ ভণ্টীক লওঁতা নাই
আমাৰ ভণ্টী পেহীদেই আছেগৈ
আমাৰ ভণ্টী ডিবৰু জিলাতে
আমাৰ ভণ্টী দেহি ঐ খবৰ দি আনোতা নাই
আমাৰ ভণ্টী খৰেকৈ যোৱাগৈ
আমাৰ ভণ্টী পেহীদেউক মাতাগৈ
আমাৰ ভণ্টী পেহীদেউ আহিব
আমাৰ ভণ্টী সোণৰ ফুলি আনিব
আমাৰ ভণ্টী দেহি ঐ তাকে লৈ উমলি থাকক৷’’
দেশৰ প্ৰান্তে প্ৰান্তে সমানেই আদৰণীয় নিচুকনি গীতসমূহ৷ গোৱালপৰীয়া নিচুকনি গীততো আছে একেই কাণকাটা শিয়ালৰ কথা–
‘‘আয় নিন্দল        বায় নিন্দল
তেতুলেৰ পাত
কাণকটা     শিয়াল আহিব
চুপ কৰিয়া থাক৷’’
মইনাৰ মৰমৰ জোন কাকা৷ মইনাই গাখীৰ দিব, ভাত দিব, তিৰ্‌বিৰ্‌ আকাশৰ পৰা জোন কাকা নামি আহিব–
‘‘আয়ৰে জোন কাকা         আয় আয় আয়
দুধ দিম ভাত দিম
চাঙেৰ তলত        খেলা দিম
হৈ হৈ হৈ ৷৷’’
সকলো শিশুৰে বুঢ়ীমাক খুবেই আপোন৷ বুঢ়ীমাকৰ মৰম-সাদৰত শিশুৱে বিচাৰি পায় আশাৰ সৰগ–
‘‘আমাৰ বাবা ভাল
পিন্ধে কাৰাজাল
ঘৰে ঘৰে বিচাৰি ফুৰে
কোন বুঢ়ীটা ভাল৷’’
মৰমৰ কণমানিজনীৰ শাখা খাৰু অতিকে প্ৰিয়৷ শাখা খাৰু পিন্ধিবলৈ গোট গোট লাৰু খাবই লাগিব–
‘‘হুমা হুমা হুমা
মাগুৰ মাছে থুমা
খায় গোট গোট লাৰু
পিন্ধে শাখা খাৰু৷’’
হাজংসকলৰো নিচুকনি গীতসমূহ অতি জনপ্ৰিয়৷ চান্দমামা সকলো শিশুৰে অতি আপোন৷ চান্দমামাক চৰাই মাংস দিব, হাটলৈ ফুৰাবলৈ নিব মৰমৰ মইনাই–
‘‘আয় চান্দমামা আয়
বিচি ভাত দিম
কালাই শাক দিম
চৰে মাংস দিম
চাং তলে লুকিয়া থ’ম
কা{¨া হাটত নিম৷’’
দেউতাক গৈছে হাটলৈ৷ মৰমৰ সোণমইনালৈ ঘোঁৰা কিনিবলৈ–
‘‘হই হই         নাকান্দিবি
বিড়াল কামৰাব
শিয়াল কামৰাব
তোৰ বাবা         হাটত গিছে
ঘোঁৰা আনিব৷’’
চাহ বনুৱাৰ িনুচকনি গীতসমূহতো প্ৰকৃতি, জীৱ-জন্তুৰ আচৰণৰ ওপৰত সুন্দৰ চিত্ৰ অংকন কৰা হয়৷ তাৰ যোগেদি শিশুক দিয়া হয় তেনে শিক্ষা–
‘‘হৌ জেৰে           বাঘ-বাঘিন
ঘৰ্‌ঘৰাইকে যাচ্ছে
বান্দৰ ভায়া         ডাল বসে
চঁচখ সুদে হাঁসে
বাঘা-বাঘিনী     সতা-সতীন
কন্দাই বসে থাক
মুৰ্গী দেখে     কৰকৰাইল
হাঁস বুঢ়ী হাঁস৷’’
মাতৃসকলৰ বাবে সকলো সন্তানেই দেখাত সুন্দৰ৷ চাহ বনুৱাৰ নিচুকনি গীতত এই কথা প্ৰকাশ পাইছে এনেদৰে–
‘‘হামদেৰ বাবু         দেখতে ভাল
হাঁকাৰ হুঁকুৰ হামে,
আঙল চুষে         সৰ্বত খায়
ভাকাৰ ভুকুৰ তালে৷’’
কেঁচুৱাক খাবলৈ কল যাচে৷ কেঁচুৱাৰো কল অতি প্ৰিয়–
‘‘কাঁখে নিয়ে বাবু মোকায়
কল তলে বাবু ঘুমায়
বাবুৰ মায়ে কল আনে
দিয়ে বাবুৰ মুখে
হামদেৰ বাবু কল পেয়ে
চ্চাপাক চ্চুপুক চুষে৷’’
শিশুৰ সৰল হাঁহিত সৰগ নামে৷ শিশুৰ এই সৰল হাঁহি যেন সদায় উজ্জ্বল হৈ থাকে–
‘‘সুৰুযেৰ আগুন         চ্চান্দেৰ বাতি
হামদেৰ বাবুৰ মুখে হাঁসি
সেই হাঁসিতে       হাঁস বাবু
খিদ্‌খিদাই হাঁস৷’’
চন্দ্ৰ, সূৰ্য সকলোৱে মইনাৰ লগত কথা পাতে৷ চন্দ্ৰ, সূৰ্যৰ বিয়া হ’ব৷ তাৰ আগতে মইনাই ঘুমতি মাৰি লয়৷ যেনে–
‘‘চ্চান্দা মামা          চ্চান্দা মামা
তাৰা ওঁহা গেল
সুৰুয মামাৰ         চুমান বসেছে
তাৰা ওঁহা গেল’’
‘‘চ্চান্দা মামা       চ্চান্দা মামা
তাৰা কাঁহা গেল
সুৰুয মামাৰ       চুমান বসেছে
তাৰা ওঁহা গেল
ঢেঁকীয়া শাগ      বুঢ়াইল
চ্চান্দা মামাৰ       জোসনা ঘটেছে
হামদেৰ বাবু ঘুমাইল৷’’
মামাকৰ ঘৰ সকলো শিশুৰে অতি আপোন৷ মামাৰ ঘৰৰ ভাতসাজো অতি জুতি লগা৷ মামাৰ ঘৰৰ এই জুতি লগা ভাতসাজ খুৱাব বুলি মইনাক নিচুকাই গায়–
‘‘আইৰে চ্ছেনা পোনা মা২৬ ধৰতে যাব
মাচ্ছে কাটা লেগে গেলে
দোলাই চ্চাপে যাব’
মামাৰ ঘৰে কামৰাং টেঙা
বাচ্ছে বাচ্ছে খাব৷’’
পৰম্পৰাগতভাৱেই নিচুকনি গীত তথা ওমলা গীতসমূহে এটি শিশুক সমাজ-সংস্কৃতিৰ জীৱনৰ ওচৰ চপাই নিয়ে৷ প্ৰকৃতিৰ বিভিন্ন উপাদান সন্নিৱিষ্ট কৰি ৰচনা কৰা গীতসমূহে শিশুক যে কেৱল প্ৰশান্তি প্ৰদান কৰে কেৱল সেয়ে নহয়; মাতৃৰ সৰল হৃদয়ৰ পৰা অংকুৰিত এই গীতসমূহে জন-জীৱনৰ সংস্কৃতিৰ ভেঁটিত চহকী কৰে৷
কাব্যিক সৌন্দৰ্যৰ দিশৰ পৰাও এই গীতসমূহ লেখত ল’বলগীয়া৷ উপমাকে আদি কৰি বিভিন্ন অলংকাৰ, বিভিন্ন কল্পচিত্ৰৰে কোনোটো নিচুকনি অথমা ওমলা গীতে উচ্চ পৰ্যায়ৰ কবিতাৰ ৰূপ পাইছেগৈ৷ অতি প্ৰাচীন কালৰ পৰাই আমাৰ সমাজখনৰ মানুহৰ বিশেষকৈ নাৰীসকলৰ কলাত্মক দিশটোৰ উমান পাব পাৰি এই গীতসমূহৰ পৰা৷ শিশুৰ মনস্তত্ত্ব সুন্দৰকৈ বুজি পোৱা মাতৃগৰাকীৰ হৃদয়ৰ গভীৰতাৰ পৰা ওলোৱা এই গীতসমূহত আছে শিশুক ওমলোৱাৰ এক যাদুকৰী শক্তি৷ এক সাংস্কৃতিক, এক পবিত্ৰ, এক সুৰময় পৰিৱেশৰ সৃষ্টি কৰি এই গীতসমূহে সমাজখনক নিকা কৰি ৰখাত, সমাজৰ শিশুসকলৰ মনবোৰ পবিত্ৰ কৰি ৰখাৰ ক্ষেত্ৰত এক অবিৰত ভূমিকা গ্ৰহণ কৰি আহিছে৷ নিশ্চিতভাৱে এই গীতসমূহ যুগ যুগ ধৰি গণসংযোগৰ এক অন্যতম মাধ্যম হৈ আহিছে৷
সাম্প্ৰতিক কালৰ গৰ্ভত বহুতো নিচুকনি গীত হ্ৰাস পাইছে৷ কৰ্মব্যস্ততা তথা যান্ত্ৰিক যুগৰ হাতোৰাই সমাজৰ সঞ্জীৱনী শক্তিস্বৰূপ এই মনোৰম গীতসমূহক যেন গ্ৰাস কৰিবলৈ লৈছে৷ এনেদৰেই যদি চলি থাকে তেন্তে যুগ যুগ ধৰি সঞ্চিত আমাৰ জনমানসৰ এই গীতসমূহ এদিন যে হেৰাই যাব সেয়া ধুৰূপ৷ গতিকেই এই গীতসমূহৰ সংৰক্ষণৰ প্ৰয়োজন অতিকৈ আহি পৰিছে৷ গতিকে যিখিনি গীত বৰ্তমানেও প্ৰচলিত হৈ আছে আৰু যিখিনি কালৰ সোঁতত হেৰাই গৈছে সেইখিনি উদ্ধাৰ কৰি এই গীতসমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত চৰকাৰ তথা বিভিন্ন েস্বচ্ছাসেৱী সংগঠন, সাহিত্য-সংস্কৃতিৰ সেৱকসকলে উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিলে গণ সংযোগৰ ক্ষেত্ৰখনে অধিক সুফল লাভ কৰিব৷
সহায়ক গ্ৰন্থ ঃ
ৰ৷ ঠাকুৰ, ড॰ তৰুণা (লেখক) ঃ ‘‘লাই হালে-জালে আবেলি বতাহে’’৷
২৷ হাজৰিকা, ড॰ ৰাজশ্ৰী (লেখক) ঃ ‘‘অসমীয়া লোক-সাহিত্যৰ অমিয়া মাধুৰী’’৷[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Scroll to Top