পালেং শাকৰ ক’ফ্‌টা কাৰী (পল্লৱী শৰ্মা গোস্বামী) – Purbodix.com

পালেং শাকৰ ক’ফ্‌টা কাৰী (পল্লৱী শৰ্মা গোস্বামী)

উপকৰণ ঃ
ৰ৷ পালেং শাক- এমুঠি
২৷ পনীৰ- ১০০ গ্ৰাম
৩৷ বেচন- ১ টেবুল চামুচ
৪৷ কৰ্ণফ্ল’ৰ- ১ টেবুল চামুচ
প্ত৷ বাটাৰ- ২ চাহ চামুচ
৬৷ বিলাহী- ৩ টা
জ্জ৷ ৰেডীচিলী- ১ চাহ চামুচ
জ্জ্ব৷ জিৰা গুৰি- ১ চাহ চামুচ
জ্ঝ৷ ধনীয়া গুৰি- ১ চাহ চামুচ
১০৷ পিয়াজ- ২ টা
ৰৰ৷ নহৰু- জ্জ্বয১০ কোহ
১২৷ আদা- এডোখৰ

প্ৰণালী ঃ
প্ৰথমতে পালেং শাক মুঠি ভালদৰে ধুই মিহিকৈ কাটি কেৰাহীত বাটাৰ দুচামুচ দি অকণমান ভাজি ঠাণ্ডা হ’বলৈ দিলো৷ তাৰ পাছত পালেং শাকখিনি মিক্সিত পেষ্ট বনাই ল’লো৷ লগতে পনীৰখিনি সৰুকৈ কাটি হাতেৰে মোহাৰি গুৰি কৰি ল’লো৷ এতিয়া তাতে বেছন, কৰ্ণফ্লৰ জোখমতে নিমখ আৰু মছলাখিনি দি একেলগে গোটেইখিনি এটা বাতিত লৈ ভালদৰে মিহলাই সানি গোল গোলকৈ বল বনাই ল’লো৷ ইফালে বিলাহী তিনিটাও অকণমান বইল কৰি ঠাণ্ডা হোৱাত মিক্সত দি পিউৰি বনাই ল’লো৷ তাৰ পাছত কেৰাহীত ৰিফাইন তেল দি পালেঙৰ বলকেইটা ভাজি ল’লো৷ তাৰ পাছত সেই তেলতে পিয়াজ, আদা, নহৰু পেষ্টখিনি অকণমান ভাজি ল’লো৷ অলপ সময় ভাজি বিলাহীৰ পিউৰিখিনি তাতে দি মাজে মাজে লৰাই থাকিলোঁ৷ অলপ পাছত জিৰা, ধনীয়া লগতে ৰেডীচিলী পাউদাৰ দি লৰাই লৰাই অলপমান গৰম পানী দিলো৷ অলপ উতলাৰ পিছত পালেঙৰ ক’ফ্‌টাকেইটা তাতে দি ভালকৈ তল-ওপৰ কৰি লৰাই থাকিলোঁ৷ প্ৰায় দহমিনিটমান উতলাৰ পিছত কৰ্ণফ্লৰ অকণমান পানীত গুলি তাতে দি দিলোঁ৷ এক উতল অহাৰ পিছত পালেঙৰ ক’ফ্‌টা কেইটা ফুলি উঠাত উঠাত নমাই থ’লো৷ হৈ গ’ল পালেং ক’ফ্‌টা কাৰী আৰু সুন্দৰকৈ পৰিৱেশন কৰিলোঁ৷
জাতিলাওৰ সন্দেশ

উপকৰণ ঃ
ৰ৷ জাতিলাও- এডোখৰ
২৷ চুজি- আধাবাতি
৩৷ নাৰিকলৰ গুৰি- আধাবাতি
৪৷ চেনী- আধাবাতি
প্ত৷ ঘি- ৩য৪ চামুচ
৬৷ ইলাচী গুৰি- আধা চামুচ
প্ৰণালী ঃ
প্ৰথমতে জাতিলাও টুকুৰাৰ বুকু অংশ পেলাই ৰুকণিত মিহিকৈ ৰুকি ল’লো৷ এখন কেৰাহীত ঘিখিনি দি গৰম হোৱাত জাতিলওখিনি বহাই লৰাই ভাজি থাকিলোঁ৷ ভালদৰে সিজাত প্ৰথমতে চুজিখিনি দি কিছু সময় ভাজিলো৷ তাৰ পাছত জাতিলাও আৰু চুজিখিনি বান্ধ খোৱাত নাৰিকলৰ গুৰিখিনি দিলো আকৌ অলপ লৰাই শেষত গুৰিচেনী আৰু অলাচী গুৰিখিনি দি পুনৰ ভালদৰে লৰাই অলপ ভাজি সুন্ধৰকৈ বান্ধ খোৱাত এটা চাৰিকোণীয়া বাতিত ঘি সানি হেতাৰে টিপি টিপি প্ৰায় এঘণ্টামান ঠাণ্ডা হ’বলৈ দিলো৷ তাৰ পাছত আধা ঘণ্টামান ফ্ৰিজত থ’লো৷ তাৰ পাছত এলমণ্ডেৰে সজাই পৰিৱেশন কৰিলোঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *