by Arup Kakoti

২০১৩ চনৰ জুন মাহৰ ২৫ তাৰিখৰ আবেলি সময়৷ তেতিয়া ২.০৫ বাজিছে৷ AI-ৰৰৰ Air India বিমানেৰে ভাৰতৰ ৰাজধানী দিল্লী চহৰৰ পৰা লণ্ডন অভিমুখে আকাশী যাত্ৰা আৰম্ভ কৰিছিলোঁ তেতিয়াৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰ আৰু তেওঁৰ পৰিয়ালৰ সৈতে৷ সেইদিনাই গধুলি ৬.১০ বজাত লণ্ডনৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ হিথ্ৰ’ত আমাৰ বিমানে প্ৰায় ৮ ঘণ্টা একেৰাহে আকাশ মাৰ্গেৰে যাত্ৰা কৰাৰ পিছত অৱতৰণ কৰিছিলগৈ৷ ভাৰত-লণ্ডনৰ সময়ৰ ব্যৱধান চাৰে চাৰিঘণ্টা৷ পশ্চিমলৈ যাত্ৰা কৰাৰ বাবে সেই সময়খিনি লাভ কৰিছিলোঁ৷ আমাক উষ্ম আদৰণি জনাইছিল লণ্ডনস্থিত ভাৰতীয় আয়ুক্তৰ উচ্চ পদস্থ বিষয়া ক্ৰমে শ্ৰী মেঘনাথন আৰু শ্ৰী প্ৰশান্ত পিছে (HOট্ৰ)৷বিমান বন্দৰত অতি বিশিষ্ট ব্যক্তিসকলৰ বাবে সংৰক্ষিত কক্ষত ভাৰতলৈ প্ৰত্যাবৰ্তন কৰিবলৈ অপেক্ষা কৰি থকা তেতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী মাননীয় শ্ৰী পৱন সিং ঘাটোৱাৰ আৰু তেখেতৰ ব্যক্তিগত সচিব শ্ৰী নিৰজ বাৰ্মা (IAS বিষয়া)৷ হৃদয়ৰ সাঁচতিত বা বান্ধি ৰখা সেই স্বৰ্ণিল পলবোৰে আজিও স্মৃতিৰ বঙিয়াইদি ৰিঙিয়াই মাতে উমাল অতীতলৈ৷ তেওঁলোকৰ পৰা বিদায় লৈ আমি ছেণ্ট জেমছ্ প্লাজা হোটেলৰ অভ্যৰ্থনা কক্ষত উপস্থিত হৈ নিজ নিজ কোঠাত প্ৰৱেশ কৰিছিলোঁ৷ ভাগৰে আৱৰি ধৰা শৰীৰক বিছনাত এৰি দি নিদ্ৰাৰ কোলাত নীৰৱে কটালো ৰাতিটো৷ পিছদিনা পুৱাতেই উঠি আমাৰ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুযায়ী নেহৰু প্লেচলৈ গৈছিলোঁ আৰু গগৈ ছাৰৰ লগতে মই, আমাৰ লগত অসমৰ পৰা সহযাত্ৰী হোৱা অসম চৰকাৰৰ উচ্চ পদস্থ IAS বিষয়া শ্ৰী আ১. টি. জিন্দাল মহোদয় আৰু আমাক আগবঢ়াই লৈ যোৱা লণ্ডনৰ নিবাসী শ্ৰীমতী ৰিণী কাকতি বাইদেউ আটায়ে ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ প্ৰতি২৬বিত পুষ্পাঞ্জলি অৰ্পণ কৰিলোঁ৷ লণ্ডন সংসদৰ ভিতৰত তেতিয়াৰ এম. পি. লৰ্ড স্বৰাজ পাল ডাঙৰীয়াৰ আতিথ্যত দুপৰীয়াৰ আহাৰ পৰিতৃপ্তিৰে গ্ৰহণ কৰিলোঁ৷
তেখেতক চেনেহ, শ্ৰদ্ধাৰ দীঘ-বাণীৰে অসমীয়া শিপিনীৰ হাতেৰে বোৱা ফুলাম গামোচা আৰু এটি কাঠৰ গঁড় উপহাৰ দি তেখেতৰ আতিথ্যৰ প্ৰতি আন্তৰিক সন্মান আৰু ধন্যবাদ জনাই হোটেললৈ বুলি ৰাওনা হ’লো৷
আবেলি জিণ্ডল ছাৰ আৰু মই দুয়ো ছাৰৰ পিছদিনা অনুষ্ঠিত হ’বলগীয়া মূল সভাৰ বিষয়বস্তুৰ ওপৰত আৰু কিছু তথ্য সংগ্ৰহ কৰাৰ কামত ব্যস্ত হৈছিলোঁ৷ গগৈ ছাৰক London School of Economics ১ Dr. Ruth, Dr. Harry, Dr. Sarasaya য়ে ছাৰৰ লগত সৌজন্যমূলক সংক্ষিপ্ত সাক্ষাৎ কৰি আমি তেওঁলোকৰ লগত London School of Economics ১ প্ৰাঙ্গণলৈ গৈছিলোঁ আৰু ন’বেল বঁটা প্ৰাপক বিদগ্ধ পণ্ডিত প্ৰবৰ, অৰ্থনীতিবিদ Prof. Amartya Sen মহোদয়ৰ বিশ্ব অৰ্থনীতিৰ ওপৰত দুঘণ্টা জোৰা জ্ঞানসমৃদ্ধ সৰোবৰৰ পৰা নিগৰি অহা সাৱলীল বক্তব্য শুনিছিলোঁ৷ প্ৰজ্ঞাৰে প্ৰৌজ্জ্বল, অৰ্থনীতিৰ ভাণ্ডাৰ স্বৰূপ, বিশ্ববৰেণ্য নমস্য শিক্ষাবিদ, বৌদ্ধিক সত্বাৰ ৰূপসজ্জাৰে জীৱনৰ বাকৰি আলোক মণ্ডিত হোৱা সেইগৰাকী বিশিষ্ট পণ্ডিত প্ৰবৰৰ সাক্ষাৎ আৰু ক্ষন্তেকীয়া সান্নিধ্য অথচ আজীৱন স্মৃতিৰ কৰণি বৰ্ণময় হৈ পৰিল৷ লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা লণ্ডন স্কুল অৱ ইকনমিকচৰ প্ৰশস্ত চৌহদলৈ এই সুদীৰ্ঘ সেন্দুৰীয়া বাটত খোজ দিবলৈ পোৱাৰ বাবে মোৰ মন হৃদয় শিক্ষাগুৰুসকলৰ প্ৰতি কৃতজ্ঞতা আৰু শ্ৰদ্ধাৰে ওপচি পৰিছিল৷ ইয়াৰ আগতেও কেইবাবাৰো লণ্ডনলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈ ছাৰৰ লগত চৰকাৰী কাৰ্যসূচীত গৈছিলোঁ যদিও এই ভ্ৰমণ আছিল এক সুকীয়া গাম্ভীৰ্যপূৰ্ণ আৰু মাদকতা ভৰা৷
তাৰ পাছদিনা গগৈ ছাৰে Chatham House ত এখন বিশেষ সভাত অংশগ্ৰহণ কৰি বক্তব্য ৰাখিছিল আৰু সভাৰ উদ্যোক্তা Dr. Gareth Price য়ে ছাৰক বিশেষভাৱে প্ৰশংসা কৰিছিল আৰু তেখেতৰ সাৰগৰ্ভ বক্তব্যৰ শলাগ লৈছিল৷ আমি সভাৰ মাজতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি পৰৱতীৰ্ কাৰ্যসূচীত ভাল ল’লো পুনৰ৷ এইখিনিতেই আনন্দ আৰু গৌৰৱেৰে ক’ব বিচাৰো যে সেই সময়ত লণ্ডনৰ ইণ্ডিয়ান হাই কমিচনৰ শীৰ্ষ বিষয়াজন (হাই কমিচনাৰ) আছিল ৰত্নগৰ্ভা অসমী আইৰ পৱিত্ৰ উদৰত জন্মলাভ কৰা জাতিৰ গৌৰৱ শ্ৰীযামিনী ভাগৱতী৷ আমাক তেখেতে বিশেষভাৱে যত্ন লোৱা দেখিছিলোঁ৷ তেখেতে এবাৰ ইউৰোপৰ বেলজিয়ামত ভাৰতীয় দূতবাসৰ ৰাষ্ট্ৰদূত (Indian Embassy — Embassador) হৈ থাকোঁতেও তেখেতৰ ৰাজভৱনত সম্পূৰ্ণ অসমীয়া খাদ্যৰ জুতিৰে নৈশ ভোজ পৰম তৃপ্তিৰে গ্ৰহণ কৰিছিলোঁ৷ সেই চৰকাৰী বাসভৱনৰ পদূলিটো আমাৰ তাহানি দিনৰ গ্ৰাম্য সমাজ জীৱনৰ আভিজাত্যৰ চানেকি বহন কৰা দীঘলীয়া পদূলিৰ দৰে আছিল৷ তেতিয়া ভাগৱতী ছাৰৰ পৰিবাৰ আমেৰিকাৰ নিউয়ৰ্ক চহৰত কৰ্মৰত আছিল আৰু একমাত্ৰ দুহিতা জাপানত আছিল৷ এটা সম্ভ্ৰান্ত বিদ্যাৱন্ত সংস্কৃতিবান গোলকীয় পৰিয়ালৰ আৰ্হি আছিল তেওঁলোক৷

লণ্ডনস্থিত High Commission of India ই আমাক ২৭ জুনৰ সন্ধিয়াৰ অভ্যৰ্থনাত লঘু আহাৰেৰে আপ্যায়িত কৰিছিল সকলোকে৷ সেইদিনা ছাৰক বাৰ্কিংহাম পেলেচৰ নাতিদূৰত অৱস্থিত প্লাজা হোটেলত সৌজন্যমূলক দেখা কৰিবলৈ অসম এছ’চিয়েছনৰ শ্ৰী জিতেন বৰকাকতিৰ নেতৃত্বত এটা সঁজাতি দল আহিছিল আৰু অসমৰ বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰি বহুসময় বাৰ্তালাপত মিলিত হৈছিল৷ লণ্ডন চহৰ সঁচাকৈয়ে বৰ মনোৰম, নয়নাভিৰাম সৌন্দৰ্যৰে মহীয়ান৷ সুন্দৰ উদ্যান, ফুলৰ বাগিচা, ধুনীয়া অট্টালিকা, আহল-বহল বাটপথ, পৰিপাটি চহৰখন চাই সকলো পৰ্যটকে দৃষ্টিনন্দন সৌন্দৰ্য উপভোগ কৰে৷ Hyder Garden, Kingston Garden, Green park বিশেষভাৱে লেখত ল’বলগীয়া৷ তাৰ মাজতে আজৰি সময় উলিয়াই মই সুবিধা অনুযায়ী পৰ্যটকৰ মনোগ্ৰাহীকৈ সজাই-পৰাই আটকধুনীয়া কৰি ৰখা কিছু ঠাই, বজাৰ আদি চাবলৈ চেষ্টা কৰো৷ সৰু সৰু উপহাৰ কিনি আনো বন্ধুবৰ্গলৈ৷
এইবাৰ ভ্ৰমণত বিশেষ আকৰ্ষণীয় আন এটা কথা আছিল গাড়ীৰে কৰা দুঘণ্টাৰ পথ যাত্ৰা৷ London প পৰা Coventry লৈ যাওঁতে মাজ বাটত গৌৰৱ গগৈৰ হ’বলগীয়া জীৱন সঙ্গিনী এলিজাবেথৰ Lewes Sussex ত থকা ঘৰত উপস্থিত হৈ পৰিয়ালৰ সৈতে পাহালগাম নামৰ হোটেলত দুপৰীয়াৰ আহাৰ তৃপ্তিৰে খালো৷ আবেলি পুনৰ ছাৰৰ ভাতৃ ননী গগৈ পৰিয়ালে বসবাস কৰা সৰু চহৰ Coventry লৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ৷ তেওঁলোকৰ ঘৰৰ পদূলিত পদধুলা পেলাওঁতে তেতিয়া গধুলি ৮.৩০ মিনিট হৈছিল৷ তেওঁলোকৰ ঘৰত এক একাত্মীয় ঘৰুৱা পৰিৱেশত পৰিয়াল আৰু অতিথিৰ সমন্বিতে নৈশ ভোজ খাই আমালৈ ৰাতিটো কটাবলৈ ব্যৱস্থা কৰি থোৱা De Vere- Richo Arena stadium ১ হোটেলত সেই ৰাতি কটালো৷ পিছদিনা পুৱা ছাৰৰ লগত তেওঁৰ ভাতৃ ননী গগৈৰ পৰিয়ালৰ লগতে আমি সকলোৱে একেলগে পুৱাৰ আহাৰ গ্ৰহণ কৰি তেখেত লোকক ধন্যবাদ জনাই বিদায় মাগিলো আৰু লণ্ডন অভিমুখে গাড়ীৰে যাত্ৰা আৰম্ভ কৰিলোঁ৷ ঘুৰি আহোঁতে আমাৰ চালকে গ্ৰাম্যাঞ্চলৰ মাজেৰে লৈ আহিছিল৷ কি যে নয়নবিমোহিত প্ৰাকৃতিক সৌন্দৰ্যৰে মহীয়ান সেই দৃশ্যবোৰ৷ কৰ্দৈসিৰীয়া চিৰসেউজ পৰ্বতৰ দাঁতিয়েদি আহোঁতে পাৰ হৈ অহা অপৰূপ মনোমোহা নিৰ্মল পৰিৱেশে বিৰাজমান কৰা ঠাইবোৰ পৰাণ জুৰাই চাইছিলোঁ৷ স্মৃতিৰ মণিকোঠত আজিও সজীৱ হৈ আছে সময়বোৰ, নয়নাভিৰাম দৃশ্যৰাজি, নয়নত গোপনে ভুমুকি মাৰেহি সোণসেৰীয়া সেই পলবোৰে৷ আমি লণ্ডনৰ ছেণ্ট জেমছ্ হোটেল পাওঁতে মুকলি ঠাইখিনিত Sushil Sehgal, Ajoy Devgan বহি থকা ঠাই দেখা পাই তেওঁলোকক নমস্কাৰ জনাই মাত এষাৰ দিবলৈ পাই আপ্লুত হৈছিলোঁ৷ সেইদিনা ৰাতিলৈ লণ্ডনত আমি এখন থাই ৰেষ্টোৰেণ্ট ক্টBlue Elephantক্ট ত মেনকা পি পি বৰা বাইদেউ আমাৰ লগত নিশাৰ খাদ্য একেলগে খাইছিল৷ নিশাটো কটাই পিছদিনা Indian High Commissioner Sri Jaimini Bhagawati ছাৰ আৰু Smt. Kasturi Counsellor Education, IHC ১ পৰা তেওঁলোকৰ আতিথ্যৰ শলাগ, ধন্যবাদ আৰু কৃতজ্ঞতা জনাই Hithrow বিমান বন্দৰলৈ যাত্ৰা কৰিলো৷ অৱশেষত London যাত্ৰাৰ যৱনিকা পেলাই London ১ পৰা Delhi লৈ Air India বিমান AI-ৰ১৬ ৰে ভাৰতলৈ প্ৰত্যাবৰ্তন কৰিলোঁ৷