by Arup Kakoti

‘‘আজি গৰম বন্ধ
গোলাপ ফুলৰ গন্ধ
মুক্ত মনে খেলিম আমি
কি যে আনন্দ/
বাৰীৰ আম, কঁঠাল, মধুৰী
পেট ভৰাই খাম
মাৰ লগত আমি
ফুৰিবলৈ যাম৷৷’’
সঁচাই, গৰম বন্ধৰ মাদকতাই সুকীয়া৷ গৰম বন্ধ বুলি কোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলৰ মনত নতুন উল্লাস৷ কিমান যে স্ফুৰ্তি, কিমান যে কল্পনা সিহঁতৰ মনত৷ তেওঁলোক সোমাই পৰে এখন সপোনৰ ৰাজ্যত৷ ছমহীয়া পৰীক্ষাৰ অন্তত জুনৰ শেষ দিনটোত গৰম বন্ধ ঘোষণা কৰাৰ লগে লগেই ছাত্ৰ-ছাত্ৰীসকলৰ মন আনন্দেৰে ভৰি পৰে৷ উৎকট গৰমৰ দিন কেইটা ঘৰত কিদৰে কটাব পাৰি বা ফুৰিবলৈ যাব পাৰি তাক লৈ সকলো ব্যস্ত হৈ পৰে৷ মামাৰ ঘৰ, পেহীৰ ঘৰ, বা নগৰ অঞ্চলত থকা সকলো গাঁৱৰ পুৰণি ঘৰলৈ যোৱা, মাক-দেউতাকৰ লগত বিভিন্ন ঠাই ফুৰিবলৈ যোৱা আদি বিভিন্ন পৰিকল্পনা৷ অকল আলহী হৈ ফুৰিবলৈ যোৱাই নহয়, বাৰীৰ আম, কঁঠাল, ডালিম, বগৰী, মধুৰীয়ে সেই কেইদিনত গছত তৰণি নোপোৱা হৈছিল৷ পুখুৰীত মাছ ধৰা, নদীত গা ধোৱা, পথাৰত বোকা খেলা আদিৰে গৰম বন্ধৰ দিনকেইটা আনন্দেৰে উপভোগ কৰিছিল৷ আনকি গাঁও অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে গৰমৰ বন্ধত ধেমালিৰ লগতে খেতিৰ পথাৰত অভিভাৱকসকলক সহায় কৰিবলৈয়ো পাহৰা নাছিল৷ সন্ধিয়া চোতালত বহি বিচনীৰ বা লৈ ককা-আইতাৰ মুখৰ পৰা জোনবাইৰ দেশৰ সাধু শুনিছিল৷
জোনাক নিশা ককাক-আইতাকৰ মুখৰ পৰা শুনা সাধুকথাৰ পৰা তেতিয়াৰ প্ৰজন্মই নৈতিকতাৰ পাঠ শিকিবলৈ পাইছিল৷ অৱশ্যে বৰ্তমান প্ৰজন্মই সাধু শুনে ইউটিউৱ চেনেল বা কাৰ্টুন চেনেলৰ জৰিয়তেহে৷ ঠিক সেইদৰে গ্ৰাম্যাঞ্চলৰ ল’ৰা-ছোৱালী বিলাকৰ বাবে খেতিৰ পথাৰতেই সিহঁতে বহুত কথা জানিবৰ সুবিধা পাইছিল৷ গৰুৰ কান্ধত দিয়া সেইখন কি…, নাঙলৰ আগত থকা লোৰ অংশটো কি? আদি এশ এবুৰি প্ৰশ্ন আৰু তাৰ উত্তৰো তেওঁলোকে তাতেই পাইছিল৷ আজৰি সময়ত সিহঁতে লগৰ সমনীয়াৰ লগত দৰা-কইনা, ৰজাই হুকুম দিছে এদিম ছেদিম বাই, গাঁৱৰ নামঘৰত দেখা ভাওনা আদি খেলেৰে নিজকে মগ্ন কৰি ৰাখিছিল৷ মুক্ত মনেৰে, বিমল আনন্দেৰে গৰম বন্ধ কটাই আগষ্টৰ প্ৰথম সপ্তাহত স্কুল খোলালৈ বৰ হেঁপাহেৰে বাট চাই ৰৈছিল…৷

নাই আজি সেই দিন নাই৷ সেই দিনবোৰ যেন এতিয়া সাধুকথা হ’ল৷ গৰমৰ বন্ধ একেই আছে৷ মাথোঁ সলনি হৈছে ইয়াৰ মাদকতা৷ আজিৰ ল’ৰা-ছোৱালীয়ে জানো সেই মাদকতা পায়? চাকৰিৰ সংক্ৰান্তত গাঁৱৰ পৰা আহি চহৰত বাস কৰা কিমানজনে নো গৰমৰ বন্ধত নিজৰ সন্তানক গাঁৱৰ সেউজ পৰিৱেশৰ মাজলৈ লৈ যায়? মাক-দেউতাকৰ লগত দীঘলীয়াকৈ আত্মীয়ৰ ঘৰত আলহী হয়গৈ? অৱশ্যে আজিকালি সকলো নিজক নিজক লৈ ব্যস্ত, আত্মীয় সকলেও চাগৈ ইমান দীঘলীয়াকৈ আলহী নিবিচাৰে…৷ সঁচাকৈয়ে, তাহানিৰ গৰম বন্ধ আৰু এতিয়াৰ গৰম বন্ধৰ মাজত এক বৃহৎ পাৰ্থক্য আহি পৰিছে৷ অৱশ্যে এইয়া সময়ৰ পৰিৱৰ্তন৷ মানি ল’বই লাগিব জীৱন বিকাশৰ বাবে সেইয়া গ্ৰহণযোগ্য হৈছে আমাৰ বাবে৷ কেৱল গৰম বন্ধৰ দিনকেইটাৰ বাহিৰে ল’ৰা-ছোৱালীয়ে আন সময়ত মুক্ত মনে খেলা-ধুলা কৰিবলৈ, নিজৰ মতে থাকিবলৈ, ফুৰিবলৈ সময় নাপায়৷ কাৰণ এতিয়া পঢ়াৰ বোজা অত্যন্ত বেছি৷ আজিকালি ছাত্ৰ-ছাত্ৰীয়ে বিচাৰিলেও হয়তো তেনে কৰিব নোৱাৰে৷ যদিও পঢ়া-শুনাত বেছি সময় দিব লাগে তথাপিও কওঁ দৈনন্দিন ব্যস্ততা আৰু যান্ত্ৰিকতাৰ পৰা মুক্ত হৈ নিজৰ সন্তানক এই গ্ৰীষ্মৰ বন্ধতে কিছু সময় দিয়ক৷ কৃত্ৰিম পৃথিৱীখনৰ পৰা অকণমান সময় উলিয়াই আনি সিহঁতক প্ৰকৃতিৰ জগতখনৰ সৈতে চিনাকি কৰাই দিয়ক৷ কিছু পৰিমাণে হ’লেও প্ৰকৃতিৰ গছ-গছনি, চৰাই-চিৰিকতিৰ সৈতে চিনাকি কৰাই দিয়ক৷ পোহনীয়া জীৱ-জন্তু, প্ৰকৃতিৰ সৈতে সম্পৰ্ক গঢ়িবলৈ দিয়ক৷ সমনীয়াৰ সৈতে কিছু সময় মুকলিকৈ খেলিবলৈ দিয়ক, নিজ আত্মীয়সকল আৰু চুবুৰীয়াৰ সৈতে এক আত্মিক সম্পৰ্ক ৰক্ষা কৰিবলৈ দিয়ক৷ চৌব্বিশ ঘণ্টাই পাই থকা কম্পিউটাৰ, টিভি, মোবাইল, ভিডিঅ’ গেম আদিৰ পৰিৱৰ্তে অন্ততঃ এই গৰম বন্ধৰ দিনকেইটাত সন্তানক সমনীয়াৰ সৈতে খেলিবলৈ দিয়ক, সাধু কথা শুনাওক বা সাধু কথাৰ কিতাপ পঢ়াৰ আনন্দ ল’বলৈ দিয়ক৷ ওচৰতে অনুষ্ঠিত হৈ থকা নৃত্য, গীত, চিত্ৰকলা, অভিনয়ৰ কৰ্মশালাত তেওঁলোকক অন্তভুৰ্ক্ত কৰি আমাৰ কৃষ্টি-সংস্কৃতিক জানিবলৈ-বুজিবলৈ সুবিধা দিয়ক৷ এইয়া মাথো সন্মানীয় অভিভাৱক সকললৈ আমাৰ মাথোঁ এটি বিনম্ৰ অনুৰোধহে৷ চাব, তেওঁলোকৰ ভাল হ’ব৷ এনেসমূহ কামৰ দ্বাৰা তেওঁলোকৰ অলপ হ’লেও শিক্ষা লাভ হ’ব৷ মনত ৰাখিব, দিন কাল একে আছে, প্ৰকৃতিয়েও একে ধৰণেৰেই কাম কৰি আছে, গৰম বন্ধও আগৰ দৰেই আহি আছে, কেৱল আমাৰ যেন মানসিকতাৰহে কিছু পৰিৱৰ্তন হৈছে৷ গতিকে এই গৰম বন্ধৰ দিন কেইটাতে ল’ৰা-ছোৱলীক আত্মীয়ৰ লগত, সমনীয়াৰ লগত সংযোগ কৰি তেওঁলোকৰ মনত সন্মান, শ্ৰদ্ধা, মৰম-স্নেহ আদি মানবীয় গুণৰ প্ৰকাশ ঘটাওক যাতে ডাঙৰ হ’লে তেওঁলোকেও শৈশৱৰ কথা গৌৰৱেৰে আনৰ আগত প্ৰকাশ কৰিব পাৰে৷ গৰম বন্ধ আনন্দময় হওক৷