আমেৰিকাৰ ডায়েৰী (১৬) – গীতাঞ্জলি বৰুৱা – Purbodix.com

আমেৰিকাৰ ডায়েৰী (১৬) – গীতাঞ্জলি বৰুৱা

বন্ধু মানুহৰ জীৱনৰ অপৰিহাৰ্য অংগ আৰু বন্ধুৰ লগত কটোৱা সময়খিনি অতুলনীয়৷ আজি মই মাৰ্চ মাহৰ এটি সুন্দৰ দিনৰ কথা ক’বলৈ ওলাইছোঁ৷ বেলিটোৱে লুকাভাকু থেলি আছিল৷ ঠাণ্ডা একেবাৰে যোৱা নাছিল যদিও আমি বন্ধুবৰ্গই একেলগে দেওবাৰৰ দিনটো হাঁহি-ধেমালিৰে পাৰ কৰাৰ সিদ্ধান্ত ল’লো৷
কথা মতেই কাম, ঠাণ্ডা যিহেতু আছিলেই, সেইবাবে বেলিটোলৈ অপেক্ষা কৰি ওলাই যাওঁতে অলপ পলম হ’ল৷ স্বামী বন্ধুৰ দুটা কণমানিৰ সৈতে আমাৰ গন্তব্য স্থল পালোগৈ Beach Lake ৷Beach৷ Lake টো এতিয়াও বৰফেৰে আবৃত৷ বৰফৰ মাজত গৈ দুই-এজনে মাছ বিচাৰিছিল৷ বৰশী টুপুৱাটো ইয়াত যেন সকলোৰে নিচা তেনেকুৱা এটা অনুভৱে হ’ল মোৰ৷ বৰফত খোজ দিয়াতো কিমান যে বিপদজনক৷ যাৰ অভিজ্ঞতা আছে তেওঁহে বুজিব পাৰিব৷ বিপদৰ কথা নাভাবি বিভিন্ন সা-সঁজুলি লৈ বৰফৰ মাজত মাছ বিচৰাটো এটি নিচাই হ’ব লাগিব৷
Lake টোৰ Beach খনত যে এগৰাকী মাতৃৰ লগত কণ কণ দুটাই কি খেলিছে, খোলা হাঁহিৰ স্বৰে পৰিৱেশটো মধুৰ কৰি তুলিছে৷ বন্ধুবৰ্গৰ লগত দুই এটা কথা পতাৰ মাজে মাজে ফটোও দুই এখন তুলিছোঁ৷ মোৰ কিন্তু চকু দূৰণিত মাছ মাৰি থকা দুজনৰ ওপৰত৷ সৰু ল’ৰা-ছোৱালী খেলিবলৈ ওচৰতে সুন্দৰ ব্যৱস্থা আছে৷ অলপ সময়ৰ বাবেতো মই মোৰ ল’ৰালি কাললৈ ঘূৰি গ’লো৷ এনেতে মোৰ চঞ্চল মনটোৱে ক’লে বৰফত খোজ পেলাবলৈ যিটো সুবৰ্ণ সুযোগ আজি আহিছে দুনাই নাহিবও পাৰে৷ গতিকে চেষ্টা এটা চলোৱাৰহে কথা৷

ভৱামতেই কাম, ইফালে সিফালে চকু ফুৰাওতে দেখিলোঁ এটা সৰু ৰাস্তা নিচিনা হৈ আছে সেইফালে খুব সম্ভৱ বৰশী লৈ মাছৰ অপেক্ষা কৰি থকা কেইজন গৈছিল৷ মইও সেই বাটৰ ওচৰলৈ গ’লো, বৰফত খোজ দি যিটো পিচল খালো জীৱ একেবাৰে উৰিয়েই গৈছিল৷ ভগৱানৰ কৃপা দৃষ্টি আছিল বাবেহে নপৰিলোঁ চাগে৷ তথাপি আগবাঢ়ি যাবলৈ চেষ্টা কৰিলোঁ, কিন্তু দুখোজমান গৈ ফটো তুলিবলৈহে গ’লো আৰু আগবাঢ়ি যাবলৈ সাহস হে নকৰিলোঁ ককাল মূৰ ভাঙে বুলি৷ শেনটো যোৱা দি গ’লো, ফেঁচাটো অহাদি ঘূৰি অহাৰ বাহিৰে গত্যন্তৰ নাছিল মোৰ৷ বতাহৰ গতি অলপ বেছি হৈ আহিল, ঠাণ্ডা বতাহজাকে বাৰুকৈয়ে আমাক চুই গৈছে৷ খোৱা-বোৱা ব্যৱস্থাৰ কথা চিন্তা কৰিলোঁ৷ আমি ঘৰতে সকলো যোগাৰ কৰি নিছিলোঁ, মাত্ৰ তাত grill কৰিলেই হ’ল৷ Beach ত grill ১ সুন্দৰ ব্যৱস্থা আছে৷ আমাৰ খাদ্য তালিকাত আছিল Chicken, Mutton, Pineahple, Corn Shrimp আদি মোৰ ভাষাৰে অঙঠাত পুৰি খোৱা৷ যাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সমূলৈ লৈয়ে গৈছিলোঁ৷ ঠাণ্ডাটো বাঢ়ি অহাৰ বাবে সকলো চিন্তাত পৰিল৷ কি কৰা যায় তাৰ গুণাগথা কৰি থাকোঁতে মোৰ চকু পৰিল মাছ মাৰি থকা এজন ব্যক্তিলৈ তেওঁ কিছু সামগ্ৰী চকালগা গাড়ী এখনৰ ওপৰত উঠাই টানি টানি আছে৷ পাৰলৈ আনি বস্তুখিনি থৈ পুনৰ থাকি অহা বস্তুবোৰ আনিবলৈ গ’ল৷ মই মাথো মানুহজনৰ সাহস আৰু ই২৬াশক্তিৰ কথা ভাবিবহে পাৰিলো৷ যিখিনি বৰফত ভৰি দিবলৈ মই হাতত সাৰে, ভৰিত সাৰে, বাৰে বাৰে ভগৱানৰ নাম লৈ গৈছিলোঁ তাকো কিছু দূৰ গৈ ঘুৰিও আহিলোঁ৷ তেওঁ ইমান আৰামত খোজকাঢ়ি গৈ আছে৷ খোজবোৰ থৰক বৰকো নাছিল৷ সঁচাই কিবা নিচা থাকিব লাগিব তেতিয়াহে সম্ভৱ৷ মোৰ সাহস আৰু ই২৬া শক্তিৰ অভাৱেই যে আগুৱাই যোৱাত হেঙাৰ হৈ পৰিল মোৰ বুজিবলৈ বাকী নাছিল৷
মই নিজৰ চিন্তাত ইমানেই মচগুল আছিলোঁ যে পাহৰিয়েই গ’লো মই যে দহজনীয়া দল এটিৰ লগত আহিছোঁ৷ তেওঁলোকে ঠাণ্ডাৰ কথা ভাবি পুনৰ ঘুৰি অহাৰে ঠিৰাং কৰিলে৷ মনতো মোৰ সেমেকি গ’ল যদিও সকলোৰে ই২৬াক সমৰ্থন জনাই আমি থকা ঘৰৰ সন্মুখতে grill ১ সুন্দৰ ব্যৱস্থা আছে লগতে বহি খাবলৈও ব্যৱস্থা আছে৷ কাৰো একো অসুবিধা নোহোৱাকৈ৷ তাতে খোৱাৰ সিন্ধান্ত ল’লে৷ সেমেকা মন লৈ ওভতিলো, কিন্তু প্ৰায় দেখি থকা ঠাইখিনিত যে সকলোৱে মিলি একেলগে কৰা কামে মনত অন্য এটা সুখ আনন্দ দিয়ে, তেতিয়াহে অনুভৱ কৰিব পাৰিলোঁ৷ কবিৰ ভাষাৰে ক’বলৈ গ’লে, ‘‘সদায় চকুৰে দেখা গছপাতটি ছবিটিত ভাল হৈ পৰে, সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ’লে প্ৰাণ টানি ধৰে’’৷ সদায় ঘৰৰ পৰা ওলাই দেখি থকা বস্তুবোৰৰ আজি অন্য এটা ৰূপেই দেখিব পালো৷
বজাৰ কৰা আৰম্ভ কৰি সকলো দায়িত্ব পুৰুষসকলেই ল’লে৷ লাচনি-পাচনি কৰাৰ সুবিধাকনো পুৰুষসকলে আমাৰ মহিলাসকলক নিদিলে৷ সকলো কাম নিজেই কৰিল৷ আমিষ আৰু নিৰামিষ দুয়োবিধ খোাৱা লোক থকাৰ বাবে কিছু সময় লাগিল৷ প্ৰায় চাৰি বাজিল৷ পেটৰ কেচুকুমতি মৰিল৷ তথাপি আমি মহিলা সকলে কিছু আড্ডা মাৰিলো ৰান্ধি থকা সময়খিনিত৷
এজন বন্ধুৰ পিতৃ-মাতৃ কেৰালাৰ পৰা আহিছিল তেওঁলোকৰ নাতিনীক লগ কৰিবলৈ৷ সেইদিনা আমাৰ সংগ দিবলৈ তেওঁলোকো আহিছিল৷ তেওঁলোকৰ ইংৰাজী বা হিন্দী দুয়োটা ভাষা বুজা বা কোৱাত কিছু অসুবিধা হয়৷ কিন্তু সেইদিনা যথেষ্ট সময় আমাৰ লগত কটালে তেওঁলোকে বহু কথাও পাতিলে৷ সেইদিনা আৰু এটা শিকিবলৈ পালো, এটা সুন্দৰ পৰিৱেশৰ লগত যদি সুন্দৰ মনৰ মানুহৰ লগত ভাৱৰ আদান-প্ৰদান কৰিবলৈ পোৱা যায়, তেন্তে ভাষা এটা কেতিয়াও প্ৰাচীৰ হৈ নপৰে৷
বেলিটো কিছু দেৰিকৈ ডুবে বাবে বাহিৰত আন্ধাৰ হোৱা নাছিল, কিন্তু খাই বই আজৰি হোৱালৈ বহু সময়ে হৈছিল৷ পুনৰ এনেকুৱা এটা সুন্দৰ দিনৰ আশাৰে সকলো নিজ নিজ ঘৰলৈ উভতি গ’লো৷

Leave a Reply

Your email address will not be published. Required fields are marked *