by Arup Kakoti

পোন্ধৰশ-ষোল্লশ শতিকাত দেশজুৰি চলা ভক্তি আন্দোলনৰ ঢৌৱে অসমকো চুই গৈছিল আৰু তাৰেই ফলশ্ৰুতিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰিছিল ‘‘এক শৰণ নাম ধৰ্ম’’৷ তেৰাৰ প্ৰৱৰ্তিত ধৰ্মৰ চৰ্চা, প্ৰচাৰ আৰু প্ৰসাৰৰ নিমিত্তে গুৰুজনা আৰু তেৰাৰ অনুগামীসকলে প্ৰতিষ্ঠা কৰিছিল সত্ৰসমূহ৷
ধৰ্ম প্ৰচাৰৰ বাবে নৃত্য, গীত, নাট আদিক প্ৰভাৱশালী মাধ্যম হিচাবে গণ্য কৰি গুৰুজনা আৰু তেখেতৰ প্ৰপন্ন শিষ্য শ্ৰীশ্ৰী মাধৱদেৱে বৰদোৱা সত্ৰত অনুষ্ঠিত কৰা চিহ্নযাত্ৰাৰ যোগেদিয়েই তাৰ শুভাৰম্ভ কৰে৷ নৱ বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা শ্ৰীকৃষ্ণৰ উপাসনাৰ নিমিত্তে ভৰত নাট্য শাস্ত্ৰৰ আধাৰত আৰু থলুৱা উপাদানৰ সংমিশ্ৰণত সত্ৰৰ চাৰিবেৰৰ মাজত তেৰা সৱে সৃষ্টি কৰা নৃত্য শৈলীকে পিছৰ কালত ‘‘সত্ৰীয়া নৃত্য’’ অভিধাৰে বিভূষিত কৰা হয়৷ প্ৰায় পাঁচশ বছৰৰ আগতে সৃষ্ট এই নৃত্য পৰম্পৰা, সত্ৰ পৰম্পৰাৰ মাজেৰে প্ৰতিপালিত আৰু পৰিবাহিত হৈ আহি বৰ্তমান অৱস্থা পাইছেহি৷ এই নৃত্যৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সত্ৰ সমূহে এক বলিষ্ঠ ভূমিকা পালন কৰি আহিছে৷
নাট, নৃত্য আৰু গীতৰ জৰিয়তে জনসাধাৰণৰ মাজত আধ্যাত্মিক চিন্তা-চেতনাৰ উন্মেষণ ঘটাই সমাজ সংস্কাৰ কৰিবলৈ সক্ষম হোৱা গুৰুজনাই, তেৰাৰ দ্বাৰা প্ৰৱৰ্তন কৰা ধৰ্মৰ প্ৰচাৰ ব্যাপক আৰু অধিক ফলপ্ৰসু কৰি তুলিবৰ নিমিত্তে নৃত্যক সৰ্বোৎকৃষ্ট মাধ্যম ৰূপে গণ্য কৰি বৰদোৱা থানত নিজে অনুস্থিত কৰা ‘চিহ্নযাত্ৰা’ নাটত ইয়াৰ সমাৱেশেৰে শুভাৰম্ভ কৰে আৰু তেতিয়াৰে পৰা প্ৰায় পাঁচশ বছৰ কাল এই নৃত্যধাৰা সত্ৰসমূহৰ মাজত পৰম্পৰাগতভাৱে শিকন-শিক্ষণৰ জৰিয়তে প্ৰৱাহিত হৈ আহিছে৷
বৰ্তমান আমাৰ দেশত শাস্ত্ৰীয় নৃত্য পৰম্পৰা হিচাবে স্বীকৃত আৰু প্ৰতিষ্ঠিত নৃত্যৰাজি, যেনে– ভাৰত নাট্যম, কুচিপুড়ী, ওড়িছী, মণিপুৰী, কথক, কথাকলি, মোহিনীআট্টম আদি গৰিষ্ঠসংখ্যক নৃত্যধাৰাই বিলুপ্তিৰ পৰা পুনৰুদ্ধাৰৰ দ্বাৰা অতীতৰ ভেতিত পুননিৰ্মাণ কৰা হৈছে৷ ইয়াৰ বিপৰীতে পাঁচশ বছৰৰো অধিক কাল নিৰৱিচ্ছিন্নভাৱে ভক্তিসাধনৰ মাধ্যমৰূপে চৰ্চিত হৈ অহা সত্ৰীয়া নৃত্য এক জীৱন্ত পৰম্পৰা৷ দেশ-বিদেশৰ নৃত্যানুৰাগীসকলৰ সত্ৰীয়া নৃত্যৰ প্ৰতি আকৰ্ষণৰ ইয়ো এক অন্যতম কাৰণ৷ অসম আৰু অসমীয়াৰ বাবে নি(য়কৈ ই এক গৌৰৱৰ বিষয়৷
২০০০ চনত সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতি পোৱাৰ পিছৰে পৰা ইয়াৰ প্ৰতি মানুহৰ আকৰ্ষণ বৃদ্ধি পোৱাৰ লগতে এসময়ত সত্ৰীয়া নৃত্য বুলি ক’লে নাসিকা কুঞ্চন কৰা মানুহৰো এই নৃত্যৰ প্ৰতি এতিয়া আগ্ৰহ বৃদ্ধি পাইছে আৰু তাৰেই ফলশ্ৰুতিত ৰাজ্যৰ চুকে-কোণে গঢ় লৈ উঠিছে এই নৃত্য শিক্ষাৰ অলেখ প্ৰতিষ্ঠান৷ এইবোৰ নি(য়কৈ ইতিবাচক দিশ যদিও, ইয়াৰ কেতবোৰ নেতিবাচক দিশো নথকা নহয়৷ দেখা যায় যে তেনে বহু নৃত্যানুষ্ঠানৰ প্ৰশিক্ষকসকলে নিজেই সুপ্ৰশিক্ষিত নহয় অথবা নিজেই অৰ্ধশিক্ষিত৷ সেইসকল প্ৰশিক্ষক আৰু তেওঁলোকৰ প্ৰশিক্ষণেৰে প্ৰশিক্ষিত হৈ উঠা ছাত্ৰ-ছাত্ৰীসকলৰ হাতত পৰি সত্ৰীয়া নৃত্যই স্বগৰিমা তথা স্বকীয়তা হেৰুৱাই বিকৃত হোৱাৰ উপক্ৰম হৈছে৷ গতিকে, নৃত্য পৰম্পৰাটোৰ অনুৰাগী আৰু শ্ৰদ্ধাশীল লোকসকল এই সময়ত সচেতন নহ’লে গুৰুদুজনাৰ অমূল্য সৃষ্টি, জীৱন্ত পৰম্পৰা সত্ৰীয়া নৃত্যই শুদ্ধ ৰূপ হেৰুৱাই বিকৃত হৈ পৰিব৷ এই ক্ষেত্ৰত অভিভাৱকসকলেও নিজৰ সন্তানক ‘শিকাব লাগে বাবে শিকাইছোঁ’ ধৰণৰ মনোভাৱ পৰিত্যাগ কৰি সন্তানে যাতে উপযুক্ত গুৰুৰ ওচৰত, শুদ্ধ ৰূপত নৃত্যশৈলীটো আয়ত্ত্ব কৰিব পাৰে তাৰ প্ৰতি যত্নবান হ’ব লাগিব৷