অসমৰ সমাজ আৰু সংস্কৃতিত গুৰুজনাৰ অমূল্য অৱদান ঃ নামঘৰ (জুন্টি বৰদলৈ) – Purbodix.com

অসমৰ সমাজ আৰু সংস্কৃতিত গুৰুজনাৰ অমূল্য অৱদান ঃ নামঘৰ (জুন্টি বৰদলৈ)

শংকৰ গুৰু আমাৰে ….

                              মাধৱ গুৰু আমাৰে

লুকাই আছা দেখা নাযায়               

                              মণিকুটৰ ভিতৰে

অসমীয়া ভাষাসাহিত্য সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে সমাজ সংস্কৃতিলৈ আগবঢ়োৱা অমূল্য আৱদানেই হৈছে নামঘৰ৷ যদিও মূলতঃ নামঘৰ ধৰ্মানুষ্ঠান তথাপিও অসমৰ সমাজ জীৱনত নামঘৰৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আৰু অতুলনীয় অৱদান আছে৷ নামঘৰ অসমীয়া সংস্কৃতিৰ এক আপুৰুগীয়া সম্পদ আৰু সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ৷ যদিও গুৰুদুজনাই তেওঁলোকৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবেই ৰাইজৰ সেৱাৰ থলী হিচাপে নামঘৰৰ সৃষ্টি কৰিছিল যদিও এই ধৰ্মৰ ধাৰণাৰ মাজতেই সোমাই আছিল আচাৰৰীতি, কৰ্মঅকৰ্ম, পবিত্ৰঅপবিত্ৰ, দয়া, ক্ষমা, প্ৰেমত্যাগ আদি সকলো আনুষ্ঠানিকতা৷ আৰু এই আনুষ্ঠানিকতা প্ৰকাশৰ মাধ্যম হিচাপে নামঘৰসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ হিন্দু ধৰ্মাৱলম্বীৰ লোকসকলে বিশেষকৈ অসমত এই নামঘৰসমূহৰ মাধ্যমেৰে ভগৱানক উপাসনা কৰি আহিছে৷ সেয়েহে নামঘৰসমূহ অতি পবিত্ৰ স্থান৷ ধাৰ্মিক পৰম্পৰা, ৰীতিনীতি মানি নামঘৰৰ যাৱতীয় কৰ্তব্য দৈনিক পালন কৰা হয়৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৃষ্ণ সংস্কৃতিৰ জৰিয়তে যি বৈজ্ঞানিক সমাজবাদৰ আন্তঃগাঁথনি ৰচনা কৰিছিল, সেই সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ আছিল নামঘৰ৷ নামঘৰত বৈষ্ণৱসকলে নামেৰে ভগৱানক উপাসনা কৰে৷ বৈষ্ণৱসকলৰ নাম ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম৷

অসমৰ চহৰনগৰ, গ্ৰাম্যাঞ্চলত থকা সৰুবৰ ৰাজহুৱা প্ৰাৰ্থনাস্থলী হিচাপে নিৰ্মিত হোৱা ঘৰেই হৈছে নামঘৰ৷ সনাতন ধৰ্মত নামঘৰৰ অতীৱ প্ৰয়োজন৷ মতাদৰ্শ বেলেগ বেলেগ লেও সকলোৱে মন্দিৰ, সত্ৰ আৰু নামঘৰকে উপাসনাৰ থলী হিচাপে ব্যৱহাৰ কৰি আহিছে৷ ব্যক্তিগতভাৱেও বহুতো পৰিয়ালে ঘৰতে গোঁসাইঘৰ বা নামঘৰ সাজি উপাসনা কৰে৷ নামঘৰসমূহে গঞা তথা নগৰীয়া জনগণৰ সমূহীয়া মিলনৰ আৰু উপাসনাৰ থলী হিচাপে বিশেষ গুৰুত্ব বহন কৰি আহিছে৷ এই নামঘৰৰ পবিত্ৰ মজিয়াতেই বিভিন্ন ধৰ্মীয় উৎসৱপাৰ্বন, গুৰুদুজনাৰ তিথি, কৃষ্ণৰ জন্মাষ্টমী, দৌলোৎসৱ, ভাদমহীয়া নাম, ভাওনা, পালনাম, বিহুসংক্ৰান্তি আদি অনুষ্ঠিত কৰি আহিছে৷ এই নামঘৰসমূহে জাতিধৰ্মবৰ্ণ নিৰ্বিশেষে সকলোকে ভক্তিৰ বান্ধোনেৰে আৰু একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে৷ আনহাতে নামঘৰ উপাসনাৰ স্থলী হোৱাৰ উপৰিও গাঁৱৰ বিভিন্ন অস্বাভাৱিক কাৰ্যৰ বিচাৰ কৰি দোষীজনক উপযুক্ত দণ্ড বিহাৰো ব্যৱস্থা আছে৷ সেয়েহে নামঘৰকে অসমৰ প্ৰথমখন জাতীয় আদালত বুলি লেও ভুল কোৱা নহব৷ আনহাতে এই নামঘৰৰ পবিত্ৰ ভূমিতেই নাটভাওনা, বৰগীত, দিহানাম আদিৰ চৰ্চাৰে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন সমৃদ্ধ হৈছে৷ সেয়েহে নামঘৰক জাতীয় নাটশাল বুলিও কোৱা হৈছে৷

নামঘৰ সদায়েই পুবাপশ্চিমাকৈ নিৰ্মাণ কৰা হয়৷ নামঘৰৰ পূবত মণিকূট সজা হয়৷ নামঘৰৰ মণিকূটৰ প্ৰধান অংগ হৈছে থাপনা বা সিংহাসন বা গুৰু আসন৷ মন্দিৰ বিলাকত যেনেকৈ থাপনা সাজি মূৰ্তি ৰখা হয়, ঠিক তেনেকৈ নামঘৰসমূহতো সিংহাসন তেনেদৰে ৰখা হয়৷ থাপনাৰ ওপৰত চন্দ্ৰতাপ আঁৰি দিয়াটো অসমীয়া নামঘৰৰ এটা বৈশিষ্ট্য৷ এই সিংহাসন সজা হয় কাঠেৰে৷ কিছুমানৰ মতে ইয়াত চেগুন আৰু গমাৰি কাঠহে ব্যৱহাৰ কৰা হয়৷ আন কিছুমানৰ মতে বেল গছৰ পৰাহে আসন সজোৱা হয়৷ কিয়নো বেলগছ পবিত্ৰ গছ৷ গুৰু আসন বা সিংহাসন তিনিখলপীয়া, পাঁচখলপীয়া আৰু সাতখলপীয়া৷ সিংহাসন যিমানেই খলপীয়া নহওঁক কিয় তাত উপাস্য দেৱতাৰ বিগ্ৰহ ৰখা হয়৷ অৱশ্যে নৰবৈষ্ণৱসকলে সিংহাসনত মৰ্ত্যৰ কল্পতৰু ভাগৱত গ্ৰন্থ বা গুণমালা ৰাখে৷ আসনৰ মূল উপাদান কাছ, হাতী আৰু সিংহ৷ হাতীৰ ঠাইত গৰুড়ো থাকিব পাৰে৷ কৰ্ম অৱতাৰৰ যি গূঢ়াৰ্থ হৈছে সংযমৰ প্ৰতীক৷ আসনৰ ভিত্তিমূলক থকা কাছয়ো তাকেই অৱগত কৰে৷ হস্তী পাপৰ প্ৰতীক, এই পাপ হস্তীক দমন কৰে নামসিংহই৷ নামঘৰৰ আৰ্হি সকলো ঠাইতে একেই দেখা যায়৷ ইয়াৰ প্ৰতিটো অংশৰে তাৎপৰ্য আছে৷ দুয়ো মূৰে টুপ ভঙা চৈধ্যটা খুটাৰ এটি বৃহৎ ঘৰ৷ মূল ঘৰ চৈধ্যটি খুটাক বৈকুণ্ঠৰ চৈধ্যজন পাৰিষদৰ প্ৰতীক বুলি ভবা হয়৷ মূল কীৰ্তন ঘৰ বা মণিকূটৰ সাত খলপীয়া সিংহাসনত থকা সাতটা খলপে সাত বৈকুণ্ঠৰ সপ্তদ্বাৰৰ প্ৰতীক বুলি ভবা হয়৷ হৰিনামৰ সাত কাৰ্য সিদ্ধি কৰে বুলি ভবা হয়৷ সেইকেইটা () পাপ বিনাশ, () পূণ্য উদয়, () বিষয় বিভক্তি, () কৃষ্ণ ভকতি বঢ়ায়, () সমস্ততে বিষ্ণুৰূপ দৰ্শন, () মায়াছিন্ন আৰু () হৰিৰ চৈতন্য মূৰ্তিৰ সৈতে সংযোগ স্থাপন আৰু আসনৰ চাৰিটা খুৰা গুৰু, দেৱ, নাম, ভকতৰ প্ৰতীক৷ সিংহাসনৰ কাষতে বৈকুণ্ঠৰ দ্বাৰৰক্ষক ৰূপে জয়বিজয়ৰ মূৰ্তি খোদিত কৰা হয়৷ মূল গৃহৰ প্ৰথম কোঠাৰ চতুৰ্থ স্তম্ভটিক লাইখুঁটা জ্ঞান কৰা হয়৷ এই খুঁটা সাধুজনৰ আশ্ৰয়স্থল বুলি ভবা হয়৷

হৰি নাম ৰসে           বৈকুণ্ঠ প্ৰকাশে               

প্ৰেম অমৃতৰ নদী৷

শ্ৰীমন্ত শংকৰে          পাৰ ভাভি দিলে

বহে ব্ৰহ্মাণ্ডক ভেদি৷৷

গুৰুজনাই এই নামঘৰ বা সত্ৰসমূহৰ জৰিয়তে হৰিনামৰ প্ৰেম অমৃতৰ নদী বোৱাই সকলোকে আধ্যাত্মিকতা আৰু প্ৰেম ভাতৃত্বৰ দোলেৰে বান্ধি থৈ ল৷ এই নামঘৰৰ পৰাই গুৰুদুজনাই গীতমাত, নাটভাওনা ৰচনা কৰি এই নামঘৰৰ জৰিয়তে সংস্কৃতিৰ বৰভেটি নিৰ্মাণ কৰি থৈ ল৷ এই নামঘৰৰ মাধ্যমেৰেই হৰি ভকতিত মন নিমজ্জিত কৰি সকলোকে সোণালী সূতাৰ এনাজৰীৰে বান্ধি ৰাখি এক বৃহত্তৰ অসমীয়া সমাজ গঠন কৰি থৈ ল৷

সঁচাই নামঘৰ অসমীয়া জাতিৰ প্ৰাণ স্পন্দন, সংস্কৃতিৰ সম্পদ৷ এই নামঘৰ অসমীয়া জাতিৰ জনজীৱনৰ প্ৰতীক৷ এই নামঘৰৰ পবিত্ৰতা আৰু গুৰুদুজনাৰ আদৰ্শ গোটেই বিশ্বতে প্ৰসাৰিত হওক৷ আজিৰ ব্যস্তময় জীৱনৰ ব্যস্ততাৰ মাজতো মানুহৰ মনত শান্তিসম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়াকৈ ৰখাত এই নামঘৰটিয়েই এইদৰেই আগ ভাগ লৈ থাকক৷ ভক্তি আৰু সংস্কৃতিৰ মহা মন্ত্ৰৰে অসমীয়া সমাজখন জীপাল কৰি ৰাখক৷ নামঘৰৰ ডবাকাঁহ, শংক আৰু উৰুলিৰ ধবনিৰে সংস্কৃতিৰ জয়ধবজা উৰুৱাই দশোদিশ মুখৰিত কৰক…… সকলোতে কেৱল বিৰাজিত হওক শান্তিশান্তি আৰু শান্তি৷

বাজক ডবা বাজক শংখ

বাজক মৃদংগ, খোল

অসম আকৌ উন্নতিৰ পথত

জয় আই অসম বোল৷৷

Leave a Reply

Your email address will not be published. Required fields are marked *