গুৱাহাটীৰ কৃত্ৰিম বানৰ প্ৰকৃত কাৰণ আৰু সমাধানৰ কিছু চিন্তা (সৌৰভ কুমাৰ দাস ) – Purbodix.com

গুৱাহাটীৰ কৃত্ৰিম বানৰ প্ৰকৃত কাৰণ আৰু সমাধানৰ কিছু চিন্তা (সৌৰভ কুমাৰ দাস )

গুৱাহাটীৰ কেউদিশে বানৰ কল্লোল৷ আগতে নেদেখা সৰ্বকালৰ অভিলেখ ভংগ কৰা এইবাৰৰ বান৷ মানৱ সম্পদৰ লগতে অনেক আৰ্থিক ক্ষতিয়ে গুৱাহাটী মহানগৰীক দুৰুলা কৰিছে৷ এই বানৰ বাবে ব্যক্তি বিশেষে আৰু ৰাজনৈতিক দলবোৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে গুৱাহাটী পৌৰ নিগম, স্থানীয় বিধায়ক, মন্ত্ৰী আৰু চৰকাৰক৷ এওঁলোকৰ মতে চৰকাৰেহে বানপানীৰ সৃষ্টি কৰিছে বা বানপানীৰ বাবে চৰকাৰ দায়ী৷ যদি সেয়ে হয়, তেন্তে লাগিব আগৰ অসম গণ পৰিষদ চৰকাৰ আৰু কংগ্ৰেছ চৰকাৰো তাৰ বাবে দায়ী৷ আদি বিপক্ষত বহি চিঞৰ বাখৰ কৰি সাধাৰণ মানুহৰ মন জয় কৰাৰ যি নিৰ্লজ্জ প্ৰয়াস৷ তাক এবাৰ ভাবি চাওঁকচোন তেওঁলোকৰ শাসন কালতা যে বানপানীয়ে গুৱাহাটীবাসীক জ্বলা লা খুৱাইছিল৷

               গুৱাহাটীৰ বান সমস্যাৰ বাবে যিদৰে চৰকাৰী যন্ত্ৰবোৰ দায়ী, ঠিক তেনদৰে আমি নাগৰিকবোৰো কম দায়ী নহয়৷ আমাৰ আত্মকেন্দ্ৰিক স্বভাৱ আৰু স্বাৰ্থপৰতাও তাৰ বাবে দায়ী৷ প্ৰকৃতিক ৰক্ষা কৰি আমি কিমান জনে ঘৰ বনাইছো? প্ৰকৃতিৰ বিৰুদ্ধে যুঁজিবলৈ গলে ধবংস অনিবাৰ্য৷ আজি সেইটোৱেই হৈছে৷ প্ৰকৃতিক যদি প্ৰকৃতিৰ মতে চলিবলৈ দিলোহেতেন. আজি গুৱাহাটীৰ এই দুৰৱস্থা নহ হেতেঁন৷ হাজাৰ বছৰ আগতে মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সভ্যতাই দেখুৱাই যোৱা আদৰ্শ নগৰ প্ৰণালীক তিলমানো অনুকৰণ কৰিবলৈ সক্ষম নহলো৷

               এতিয়া কোনেও কাকো সমালোচনা কৰাৰ সময় নহয়৷ গুৱাহাটীৰ বানপানীৰ সমস্যা কোনো চৰকাৰে সমাধান কৰিব নোৱাৰে৷ কাৰণ

) চানমাৰিৰ পৰা গণেশগুৰিলৈ তাহানি কেৱল চিৰিয়াখানা আৰু তাৰ বিপৰীতে বৰফ বনোৱা ফেক্টকীটোৰ বাহিৰে দুয়োফালে কেৱল জলাশয় আছিল৷

) গণেশগুৰিৰ পৰা হাতীগাঁও, জটিয়া, কাহিলীপাৰা, সৰুসজাই, বেতকুছি, বৰাগাঁও, গড়চুক উন্মুক্ত খেতিপথাৰ আছিল৷                                                                                                                                                                             

) নাৰেঙ্গীৰ ওচৰৰ বৰবাৰীৰ পৰা চচলহৈ ছয়মাইললৈ কেৱল ধানখেতি কৰা পথাৰ আৰু পিতনি আছিল৷ VIP Road টো নাছিল৷ বৰবাৰীৰ পৰা হেঙেৰাবাৰীলৈ শিলমাটিৰ লুংলুঙীয়া কেচা পথ আছিল৷ পাহাৰৰ কাষে কাৰ্বি, বড়ো জনগোষ্ঠীৰ লোক সকলৰ বসতিস্থল আছিল৷ পথটোৰ তলফালে (দক্ষিণে) বিশাল খেতি পথাৰৰ বাদে জনবসতি নাছিল৷ আনকি Down Town পিছফালে বৃহত্তৰ অঞ্চল কেৱল পথাৰজলাশয় আছিল৷

) গুৱাহাটীৰ পূৱ দিশে বিস্তীৰ্ণ আৰু বিশাল শিলসাঁকো বিল পুতি এতিয়া শেষ অৱস্থা৷ চাৰিওফালে অবৈধ দখল৷ হেেঙৰাবাৰীৰ পৰা পাব্লিক হেলথ হৈ গণেশগুৰিলৈ গোটেইখন জলাশয় আৰু পথাৰ আছিল৷

প্ত) নুনমাটিৰ মথঘৰীয়াৰ পৰা গীতানগৰ হৈ জুৰোড তিনিআলিলৈকে বিস্তীৰ্ণ অঞ্চল জলাশয় আৰু খেতি পথাৰেৰে আবৃত্ত আছিল৷

) ৰাজগড় ৰোডৰ চানমাৰিৰ পৰা ভঙাগড়লৈ দুয়োফালে খাৱৈ আছিল৷

) খ্ৰীষ্টানবস্তিৰ পৰা ভঙাগড়লৈ ৰাস্তাৰ দুয়োফালে পানী মেটেকাৰে ভৰা পিতনি আছিল৷

) ভঙাগড় চাৰিআলিৰ পাহাৰৰ ওপৰত থকা মেডিকেললৈ ঠেক আৰু কিবাকৈ দুখন গাড়ী অতিক্ৰম কৰিব পৰা সৰু ৰাস্তা আছিল৷ দুয়োফালে বিল আকাৰৰ পানী মেটেকাৰে ভৰা বৃহৎ পিটনি আছিল৷ বাৰিষাৰ পানী ধৰি ৰাখিব পৰা এই বৃহৎ পিটনিৰ ওপৰতে এতিয়া বিশাল মেডিকেল কলেজ হাস্পাতাল আৰু বাওঁদিশে (পশ্চিমে) নতুনকৈ সৃষ্টি হোৱা  Super Speciality আৰু কেঞ্চাৰ হাস্পাতাল৷

) শ্ৰীনগৰ, তৰুণ নগৰকে সামৰি বৃহৎ অঞ্চলতো কেৱল জলাশয় আছিল৷

১০) চানমাৰিৰ পৰা গান্ধীবস্তি হৈ গুৱাহাটী ৰে ষ্টেচনৰ প্ৰায় কাষলৈ দুয়োফালে জলাশয় আছিল৷

ৰৰ) শান্তিপুৰৰ পৰা ভুতনাথ, দুৰ্গাসৰোবৰ হৈ কামাখ্যা গেটৰ ৰে লাইনৰ বাওঁফালে (দক্ষিণ দিশ) মেটেকাৰে পৰিপূৰ্ণ বিশাল বিল আৰু বৃহৎ পুখুৰীও আছিল৷

১২) মালিগাওঁৰ কাষতে থকা গোটানগৰ, পদুমবড়ী অঞ্চলত বৃহৎ খেতি পথাৰ আছিল৷

১৩) কামাখ্যা ৰে ষ্টেচনৰ পিছফালে (কেন্দ্ৰীয় বিদ্যালয়ৰ পিছফালে) থকা কেইবা বৰ্গ কিলোমিটাৰৰ এখন ডাঙৰ বিল আছিল৷

১৪) জালুকবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গোটনগৰ, তেতেলীয়া, দীপৰ বিলৰ এটি বৃহৎ অংশ, বশিষ্ঠলৈকে কেৱল খেতি পথাৰ আছিল৷

১৫) বেলতলাত ৰাণীৰ ঘৰৰ কাষত মুষ্টিমেয় কেইঘৰমান মানুহৰ বাহিৰে বাকী অঞ্চল খেতি পথাৰ আছিল৷

১৬) মালিগাঁওৰ বড়িপাৰাৰ পৰা জালুকবাৰীৰ ৰে লাইনৰ কাষলৈকে মছজিদটো আৰু কেইঘৰমান মানুহক বাদ দি গোটেইখিনি পানী মেটেকাৰে ভৰা পিটনি আছিল৷

১৭) বৰ্তমানৰ আদাবাৰী বাছ আস্থানটো স্থাপন কৰাৰ আগতে সেই অঞ্চলটো বহু অঞ্চল জুৰি বিল আছিল৷ বাৰিষাৰ পানী গৈ তাত জমা হৈছিল৷ প্ৰথম অৱস্থাত আস্থানটি গুৱাহাটীৰ ভিতৰতে এটি সুন্দৰ আৰু জাকত জিলিকাকৈ সজাই পৰাই নিৰ্মাণ কৰিছিল৷ আমাৰ সচেতনতা আৰু স্বভাৱৰ দুখত এতিয়া জঘন্য আৰু কদৰ্যময়৷ এতিয়া অসৎ মানুহৰ আদ্দা, চুৰ, ঠগপ্ৰৱঞ্চকৰ ঘাটিত পৰিণত হৈছে৷

১৮) জালুকবাৰীৰ চাৰিআলিত যেতিয়া উৰণীয়া সেতু নাছিল, তেতিয়া তাৰ কাষতেই অসম আৰ্হিৰ ঘৰৰ পুলিচ থানাখন আছিল৷ তাৰ পিছফালৰ পৰা গোটেইখন খেতি পথাৰ আছিল৷ শৰাইঘাট দলঙলৈ যোৱা পথটোৰ সোফালে খাৱৈ আছিল বৰ্তমানৰ বিত্তমন্ত্ৰী অজন্তা নেওগ (দাস) অসম আৰ্হিৰ ঘৰ আৰু ২যৰ ঘৰ মানুহৰ বাহিৰে কোনো নাছিল৷ অজন্তা নেওগ (দাস) দেউতাক প্ৰয়াত শশধৰ দাস আৰু মতৃ ৰেৱতী দাস এই সমষ্টিৰ এম.এল. আছিল৷ বিশাল খেতিপথাৰৰ সৈতে মৰাসুঁতিটো পুটি তাত মহানগৰলৈ পানী যোগানৰ Plant বহোৱা হৈছে৷

১৯) গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ কাষত দুটি বিশাল পুখুৰী আছিল৷ তাক আমি ফিচাৰী বুলি কৈছিলোঁ৷ উৰণীয়া সেতু নিৰ্মাণ কৰি পুখুৰী দুটা পুটি পেলোৱা ল৷ সমাধিক্ষেত্ৰৰ ৰাস্তাৰ কাষৰ পশ্চিম কোণৰ পোষ্ট অফিচৰ পৰা (এতিয়া ভাঙি পেলোৱা হৈছে) অতিথিশালৰ বিপৰীত দিশত থকা ঘৰবোৰৰ প্ৰত্যেকৰ সন্মুখত একোটিকৈ পুখুৰী আছিল৷ তাত বাৰিষাৰ পানীবাৰ গৈ পৰিছিল৷ বিশ্ববিদ্যালয়ৰ বজাৰখনৰ পিছফাল দুটামান হোষ্টেলৰ বাদে গোটেইখন খেতিপথাৰ আছিল৷ বাৰিষাৰ পানী এইপথেদি গৈ ব্ৰহ্মপুত্ৰৰ কাষৰ মৰাসুঁতিটোত পৰিছিলগৈ৷ এতিয়া সেই পথাৰবিল পুতি ৰাষ্ট্ৰীয় ঘাইপথ (বাইপাছ) নিৰ্মাণ কৰা ল৷ বাৰিষাৰ পানী ওলাই যোৱাত বাধাৰ প্ৰাচীৰ ল৷

২০) ব্ৰহ্মপুত্ৰৰ শৰাইঘাট দলংৰে উত্তৰে বাওঁদিশে (পূৱে) আমিনগাঁওৰ গোটেই অঞ্চলটো বিস্তীৰ্ণ এলেকা পিটনিৰ বাদে একো নাছিল৷ পশ্চিম দিশে তলত এখন আশ্ৰম আৰু এখন শ্মশান আৰু নিশা লে এন্ধাৰ আৰু ভয়াল ঠাই আছিল৷

               এতিয়া এইবোৰৰ অস্তিত্ব নাই৷ বিল, পিটনিৰ ঠাইত উদ্যোগ, অট্টালিকা৷ আজি উপৰোক্ত প্ৰতিটো অঞচলৰ আগৰ অস্তিত্ব নাই৷ কতো খালী ঠাই নাই৷ কেৱল জন অৰণ্য সকলো পুতি পেলোৱা ল৷ অপৰিকল্পনাহীন দুৰদৰ্শিতাহীনভাৱে ঘৰ সজা ল৷ ৰাস্তা কিমান বহল , নলাৰ বাবে কিমান বহলকৈ মাটি এৰি দিয়া তাৰ কোনো পৰিকল্পনা নোহোৱাকৈ পৌৰ নিগমে ঘৰ বনোৱাৰ অনুমতি দিলে৷

               এতিয়া নলাবোৰ পানী যাবলৈ বনোৱা নহয়. কেৱল জাৱৰ প্লাষ্টিকৰ পেলনীয়া সামগ্ৰী পেলোৱাৰ বাবে ব্যৱহাৰ হয়৷ ভাবি চাওকচোন, গোটেই গুৱাহাটীৰ বাৰিষাৰ পানী এসময়ত সুন্দৰকৈ গৈ দীপৰ বিলত পৰিছিল৷ আজি কোনে বাধা দিছে? আমিবোৰেই নহয় জানো? সেয়ে কওঁ, গুৱাহাটীৰ জটিল সমস্যা কংগ্ৰেছ চৰকাৰেই হওঁক, অগপ চৰকাৰেই হওঁক, ভাজপা চৰকাৰেই হওঁক বা ভবিষ্যতে কোনো নতুন দলৰ চৰকাৰ আহক কোনেও সমাধান কৰিব নোৱাৰে, কাৰণ চৰকাৰৰ অনুমতি সাপেক্ষে ম্যাদী মাটিত সজা ঘৰ, অট্টালিকা, উদ্যোগ, ব্যৱসায়, শিক্ষানুষ্ঠানবোৰ জানো উচ্ছেদ কৰিব পাৰিব? নি( কোনো চৰকাৰে নোৱাৰে৷

               একমাত্ৰ উপায়কলকাতা মহানগৰৰ দৰে গুৱাহাটীৰ প্ৰতিটো পথৰ তলত বৃহত RCC Drain নিৰ্মাণ কৰি ওপৰটো ধালাই কৰি পানী সৰকিব পৰা ঢাকনি লগাই দি নলাবোৰ সংলগ্ন কৰি ভৰলুশিলসাঁকোৰ (এইখন বোন্দাৰ শ্লুইচ গেটেৰে ব্ৰহ্মপুত্ৰতলৈকে) সৈতে সংযোগ কৰক৷ ভৰলুশিলসাঁকো আৰু বাহিনী নৈৰ দুয়োফালৰ অবৈধ দখল উচ্ছেদ কৰি প্ৰয়োজন লে ম্যাদী মাটি লেও উপযুক্ত ক্ষতিপূৰণ দি চৰকাৰে ক্ৰয় কৰি তিনিগুণ বহন আৰু দকৈ খান্দি শ্লুইচ গেটেৰে বিশাল পাম্প ব্যৱহাৰ কৰি সিচি ব্ৰহ্মপুত্ৰও পেলাওঁক৷ বৰিপাৰাৰ উৰণীয়া সেঁতুৰ তলৰ পৰা পাণ্ডুৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষলৈ যোৱা পুৰণি ৰে পথটো আৰু উজানবজাৰৰ পুৰণি ৰে যোৱা পথটোৰ মাটিখিনিৰ তলেৰে গভীৰ আৰু বিশাল পকী নলা নিৰ্মাণ কৰি ব্ৰহ্মপুত্ৰৰ সৈতে সংযোগ কৰিলে (ইয়াত শ্লুইচ গেট থাকিব লাগিব) কৃত্ৰিম বানৰ পৰা বহুখিনি সকাহপোৱা যাব৷

               প্ৰয়োজন লে গুৱাহাটীৰ IIT বিশেষজ্ঞৰ সহায় লওক৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৰ্তমান অসম চৰকাৰৰ অধীনত কাম কৰা অভিযন্তাসকলৰ Skill সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাওক৷ গুৱাহাটী বানপানীৰ সমস্যাটোৰ উপৰোক্ত সমাধানটি অতি ব্যয়বহুল৷ ৰাইজৰ কৰ কাটল বা চৰকাৰৰ ৰেভিনিউৰে সম্ভৱ নহয়৷ বিশ্ব বেংক, এছিয়ান ডেভেলপমেণ্ট বেংক অথবা কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰ সহযোগত এই দীৰ্ঘম্যাদী সমস্যাটি চিৰদিনলৈ সমাধান বুলি ভাবো৷

               বিঃদ্ৰঃ উপৰোক্ত অঞ্চলৰ বাহিৰে গুৱাহাটীৰ তেনেকুৱা বহু অঞ্চল আছে, সংক্ষপতে উল্লেখ কৰা সম্ভৱ নহয়৷ আন সদাশয় ব্যক্তিয়ে উল্লেখ কৰিলে আমিও নজনা কথাৰ সম্ভেদ পাম৷ এই জটিল সমস্যাটোক বৰ্তমান সময়ত কোনেও ৰাজনৈতিক দৃষ্টিকোণেৰে  চোৱা নহয়৷ অতীতৰ ভুল খুচৰি থাকিলে বৰ্তমানৰ সমস্যাৰ সমাধান নহয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *