অসমীয়া ছবি আৰn ভ্ৰাম্যমাণ থিয়েটাৰ িকছু আশা – প্ৰত্যাশা আৰু চিন্তা…….. (- ৰঞ্জন শমাৰ্ -) – Purbodix.com

অসমীয়া ছবি আৰn ভ্ৰাম্যমাণ থিয়েটাৰ িকছু আশা – প্ৰত্যাশা আৰু চিন্তা…….. (- ৰঞ্জন শমাৰ্ -)

 

               ভৰত মুনিৰ নাট্য শাস্ত্ৰৰ চৌষষ্ঠি কলাৰ অন্যতম শ্ৰেষ্ঠ কলাটোৱেই হৈছে অভিনয়৷ এই অভিনয় আমি নাটক, চলচ্চিত্ৰ আদি বিভিন্ন মাধ্যমেৰে আমি উপভোগ কৰো৷ নাটক আৰু চলচ্চিত্ৰ হৈছে সমাজৰ দাপোণ প্ৰতিফলিত হয় সমাজৰ সভ্যতা, সাহিত্য, সংস্কৃতি আৰু সমাজৰ এখন বাস্তৱ প্ৰতিচ্ছবি৷ অভিনয়ৰ স্বতঃ¦£ৰ্ুত তাগিদাৰে মানুহে প্ৰকাশ কৰিব পাৰে মনৰ ভাৱ৷ সেয়েহে অভিনয়কে (নাটক চলচ্চিত্ৰ) জনসংযোগৰ আটাইতকৈ শক্তিশালী মাধ্যম হিচাপে গণ্য কৰা হৈছে৷ মনোৰঞ্জন আৰু এটা  সুস্থ বাতাৰ্ৰে সমাজক জাগ্ৰত কৰিবৰ বাবেই গঢ়ি উঠি ছিল ভ্ৰাম্যমাণ থিয়েটাৰ আৰু চলচ্চিত্ৰ৷ এই দুয়ো শক্তিশালী গণমাধ্যমে তেতিয়াৰ পৰা এতিয়ালৈকে মানুহক ৰুচিশীল মনোৰঞ্জন প্ৰদান কৰাৰ লগতে সমাজলৈ এক সুস্থ বাতাৰ্ প্ৰেৰণ কৰি আহিছে৷ প্ৰথমেই আঁহো ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰসংগলৈ……….

               মঞ্চ সম্ৰাট ব্ৰজনাথ শমাৰ্ আৰু ভ্ৰাম্যমাণৰ জনক অচ্যুৎ লহকৰে অতি কষ্টৰে ৰোপন কৰা ভ্ৰাম্যমাণ নামৰ এই বটবৃক্ষৰ পুলিটোৱে মাটিত ভালদৰে খামোচ মাৰি ধৰি আজি পূণাৰ্ংগ বটবৃক্ষত পৰিণত হৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নাট ্য প্ৰদৰ্শন কৰি আহিছে৷ দৈনিক হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত নাটক প্ৰদৰ্শন কৰি মনোৰঞ্জন দি অহা ভ্ৰাম্যমাণ নাট্যদলসমূহক জনসংযোগৰ অন্যতম আহিলা বুলি পাৰি৷ অসমৰ এই ভ্ৰাম্যমাণ থিয়েটাৰ  পৃথিৱীতেই বিৰল৷ অসমীয়া ছবি চলা নচলা দোমোজাৰ মাজতো কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰ আটোমটোকাৰিকৈ চলি আছে আৰু বছৰে বছৰে নতুন নতুন নাট্য দলৰ সংখ্যা বৃদ্ধি পাই আছে৷ সেই হিচাপে ভ্ৰাম্যমাণকে এতিয়া প্ৰধান বিনোদনৰ আহিলা বুলি পাৰো৷ কিন্তু ভিড অতিমাৰিৰ ফলত ভ্ৰাম্যমাণৰো সেই জয়জয়ময়ময় অৱস্থাৰ কিছু লেও ক্ষতি সাধন হৈছে অৱশ্যে এই প্ৰতিবেদন লিখি থকাৰ সময়ত পুনৰ নতুন উদ্যমেৰে ভ্ৰাম্যমাণ নাট্য দলসমূহে নাট প্ৰদৰ্শনৰ বাবে কঁকালত টঙালি বান্ধিছে৷ ভ্ৰাম্যমাণৰ শিবিৰত এতিয়া যুদ্ধকালীন তৎপৰতাৰে নাটকৰ আখৰা চলিছে৷ এক কথাত, উদুলি মুদুলি এতিয়া ভ্ৰাম্যমাণৰ পদূলি……… নিজৰ প্ৰচাৰ আৰু পৰিকল্পনা লৈ প্ৰযোজক সকলৰ ব্যস্ততা বাঢ়িছে  লগতে দৰ্শক সকলেও ওচৰৰ পৰা নিজৰ আপোন চিনাকি অভিনেতাঅভিনেত্ৰীসকলৰ অভিনয় চাবলৈ আগ্ৰহেৰে বাট চাই আছে৷ নি( এক শুভ লক্ষণ৷ জন্ম লগ্নৰে পৰা আজি পৰ্যন্ত ভ্ৰাম্যমাণ নাট্যদলসমূহে সামাজিক আৰু অৰ্থনৈতিক দিশত যথেষ্টখিনি অৰিহণা যোগাই আহিছে৷ বহু মানুহক কৰ্মসংস্থাপন দি এক প্ৰকাৰ নিবনুৱা সমস্যাৰ সমাধানত এক যুগান্তকাৰী ভূমিকা পালন কৰিছে৷ আনহাতে প্ৰতি বছৰে প্ৰতিখন নাট্যদলে সুন্দৰ সুন্দৰ নাটকেৰেদৰ্শকক মনোৰঞ্জন দিয়া আৰু সমাজলৈ বাতাৰ্ প্ৰেৰণ কৰাৰ লগতে অসমীয়া নাট্য সাহিত্যৰ ভঁৰালও চহকী কৰিবলৈ সক্ষম হৈছে৷ ভবেন্দ্ৰ নাথ শইকীয়া, মহেন্দ্ৰ বৰঠাকুৰ, সেৱাব্ৰত বৰুৱা, মুনিন বৰুৱা, ভৱেন বৰুৱা, মহেশ কলিতাৰ পৰা আদি কৰি বৰ্তমানৰ অভিজিৎ ভট্টাচাৰ্য্য, ধ্ৰুৱজ্যোতি শমাৰ্, চম্পক শমাৰ্, সমৰেন্দ্ৰ বৰ্মন, ৰাজদ্বীপ, হিমাংশু প্ৰসাদ দাস, প্ৰনৱ বৰুৱাকে আদি কৰিবহু জনৰ বহুকেইখন কালজয়াী আৰু জনপ্ৰিয়  নাটকে অসমীয়া নাট্য সাহিত্যক সমৃদ্ধ কৰিছে৷ তথাপিও আজিকালি সততে এটা অভিযোগ শুনা যায় যে, ভ্ৰাম্যমানৰ  বৰ্তমানৰ দুই এখন নাটকৰ বাহিৰে আগৰ নাট্যকাৰ সকলৰ নাটকৰ তুলনাত আজিকালি নাটকৰ মানদণ্ড যেন হ্ৰাস হৈছে আজিকালি নাটকতকৈ প্ৰচাৰতহে বেছি গুৰুত্ব দিয়া যায়৷ কেৱল চমক আৰু মনোৰঞ্জনৰ নামত জনপ্ৰিয় হিন্দী ছবি আৰু দক্ষিণ ভাৰতীয় ছবিৰ ধাৰ কৰা কাহিনীৰে নাটক সৃষ্টি কৰি দৰ্শকক আভূৱাভৰা হয়৷ এনে হোৱাটো উচিৎ নহয়৷ এইয়া ভ্ৰাম্যমানৰ কাৰণে শুভ লক্ষণ নহয়৷ কেৱল চমকৰ বাহিৰে তেনে নাটকৰ পৰা দৰ্শকৰ পাব লগা একো নাথাকে৷ আনহাতে গ্লেমাৰ শিল্পীৰ কথা চিন্তা কৰি এটা বা দুটা চৰিত্ৰক অত্যাধিক গুৰুত্ব দি নাটক লিখাৰ বাবে বহু প্ৰতিভাবান শিল্পীয়ে অভিনয় কৰিবলৈ বিশেষ সুযোগ নোপোৱা বুলিও অভিযোগ শুনা যায়৷ গতিকে এই ক্ষেত্ৰত নাট্যকাৰ আৰু থিয়েটাৰ প্ৰযোজক  সকল সচেষ্ট হোৱাৰ অতিকে প্ৰয়োজন৷ নহলে হয়তো এটা বিভাজন আহিপৰি পাৰে৷ কাৰণ ভ্ৰাম্যমান থিয়েটাৰ সদায়েই জাকত জিলিকা হৈ থকাটো প্ৰতিজন অসমীয়াই কামনা কৰে৷ ভ্ৰাম্যমান থিয়েটাৰ প্ৰতিজন অসমীয়াৰ গৌৰব আৰু সম্পদ৷ সেয়েহে প্ৰযোজক সকলেও সামাজিক দায়বদ্ধতাক অধিক গুৰুত্ব দি সংস্কৃতিৰ জোনাকী বাটেৰে ভ্ৰাম্যমানক আগুৱাই নিয়ক লগতে আমাৰো আশা আৰু প্ৰত্যাশা, অসমৰ ভ্ৰাম্যমান থিয়েটাৰ বিশ্বদৰৱাৰত উজ্জলপ্ৰোজ্জল হিনুৰৰ দৰে জিলিকি থাকক

এতিয়া আঁহো অসমীয়া ছবি প্ৰসংগলৈপ্ৰথম ভাৰতীয় সবাক চলচিত্ৰআলমআৰা ১৯৩১ চনত মুক্তি লাভ কৰাৰ মাত্ৰ চাৰি বছৰৰ পাছতেই ১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাইজয়মতীছবি নিমাৰ্নেৰে অসমীয়া চলচিত্ৰৰ ভেঁটি নিমাৰ্ন কৰিথৈ যায়৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নিমাৰ্ন কৰা অসমীয়া চলচিত্ৰৰ ভেঁটিত তেতিয়াৰ পৰা এতিয়ালৈকে কেইবাজনো স্বনাম ধন্য প্ৰযোজকপৰিচালকে অসমীয়া ছবি নিমাৰ্ন কৰি অসমীয়া চলচিত্ৰৰ ভেঁটি মজবুত কৰে৷ অসমীয়া ছবিয়ে বানিজ্যিক ভাৱে অপাৰ সফলতা লাভ কৰাৰ উপৰিও  ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো বিভিন্ন সময়ত অসমীয়া ছবি উজ্বলি উঠি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ এইয়া অসমীয়া চলচিত্ৰৰ বাবে এক গৌৰবোজ্জল ইতি হাস৷

               অসমীয়া চলচিত্ৰৰ এই জয়জয় ময়ময় অৱস্থাৰ মাজতেই বিভিন্ন সময়ত অসমীয়া ছবিলৈ বহুতো প্ৰত্যা্হ্বান আহিছে আৰু মাজে মাজে কিছু  স্থবিৰতা অহাটো নোহোৱা নহয়৷ কেইবাখনো সুস্থ ৰুচীৰ বানিজ্যিক ভাৱে সফল মনোৰঞ্জনধম¹ অসমীয়া ছবিৰ জয়যাত্ৰা চলিথকাৰ সময়তেই যধে মধে একাংশ প্ৰযোজক পৰিচালকে হিন্দী ছবিৰ পৰা ধাৰ কৰা কাহিনীলৈ ছবি নিমাৰ্ন কৰি অমসীয়া ছবিৰ উদ্যোগটোক কিছু পৰিমানে লেও নিশকতীয়া কৰি পেলোৱাৰ উপক্ৰম ঘটাইছিল৷ তাৰ মাজতে ধুমকেতুৰ দৰে পাইৰেছিয়ে অসমীয়া ছবি জগতৰ কঁকাল বেঁকা কৰি পেলাইছিল৷ উগ্ৰপন্থী সমস্যাৰ বাবে হললৈ মানুহ নোযোৱাৰ কথাটোতো আছিলেই কিন্তু তাৰ মাজতো শ্ৰদ্ধাৰ প্ৰয়াত মুনীন বৰুৱা, বাণী দাস, অশোক কুমাৰ বিষয়া, ৰাজেশ ভূ ঞা, চন্দ্ৰ মুদৈ, প্ৰয়াত অচ্যুত ভাগৱতী, যদুমনি দত্ত, বিশ্বজিৎ বৰা আদি বহুজনে ৰুচিশীল মনোৰঞ্জনধম¹ ছবি নিমাৰ্ন কৰি অপাৰ বানিজ্যিক সফলতাৰে অসমীয়া ছবি উদ্যোগতোলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছিল৷ সমান্তৰালভাৱে  ভবেন্দ্ৰ নাথ শইকীয়া চাৰ, জাহ্নু বৰুৱা, মঞ্জু বৰা আদিৰ ছবিয়ে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পযাৰ্য়ত সুনাম অৰ্জন কৰি অসমলৈ গৌৰব কঢ়িয়াই আনিছিল৷ মাজতে কভিদ মহামাৰীয়ে সমগ্ৰ বিশ্বৰ চলচিত্ৰৰ উদ্যোগটোক ক্ষতি কৰাৰ লগতে অসমীয়া ছবিকো যথেষ্ট ক্ষতিসাধন কৰে৷ কিন্তু শেহতীয়াকৈ হাৰ্টথ্ৰব জুবিন গাৰ্গ, যতীন বৰা, আদিয়ে ব্যৱসায়িক সফল ছবি নিমাৰ্ণ কৰি অসমীয়া ছবি উদ্যোগটোলৈ পুনৰ আঁশাৰ ৰেঙণি কঢ়িয়াই আনিছে৷ এই মুহুৰ্তত কেইবাখনো অসমীয়া ছবি মুক্তিৰ অপেক্ষাত আছে আৰু  আনহাতে মানস বৰুৱা(ৰিজু), মঞ্জিত শমাৰ্, বলিন শমাৰ্, প্ৰশান্ত শইকীয়াকে আদি কৰি বহুকেইজন নৱাগত পৰিচালকৰ বহুকেইখন অসমীয়া ছবি নিৰ্মিয়মান অৱস্থাত আছে৷ আনহাতে মঞ্জুল বৰুৱা, ভাষ্কৰ হাজৰীকা, বিশ্বজিৎ বৰা, প্ৰদ্যুৎ কুমাৰ ডেকা, জয়চেং দহোতিয়া, হিমাংশু প্ৰসাদ দাস, আদি নৱপ্ৰজন্মৰ বহুকেইজনো মননশীল পৰিচালকৰ ছবিয়ে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পযাৰ্য়ত সমাদৃত হৈ অসমীয়া ছবিলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ অসমীয়া ছবিৰ বাবে অতিকে আশা ব্যঞ্জক খবৰ৷

               শেহতীয়াকৈ পূৰ্বৰ সব্বাৰ্নন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰখন আৰু বৰ্তমানৰ হিমন্তবিশ্ব শমাৰ্ৰ নেতৃত্বাধীন চৰকাৰখনে অসমীয়া চলচিত্ৰৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্টখিনি ইতিবাচক চিন্তা হাতত লৈছে৷ নিশ্চিতভাৱে  অসমীয়া চলচিত্ৰৰ বাবে অতিকে শুভ লক্ষণ৷ আমিও আশা ৰাখিছোঁ, অসমীয়া ছবিৰ দীৰ্ঘদিনীয়া অভাৱ সমূহ দূৰ হঁওক৷ প্ৰয়াত চিৰসেউজ অভিনেতা বিজু ফুকন, প্ৰয়াত বিশিষ্ট পৰিচালক মুনিন বৰুৱা আদি বহুজনে লাগি থকা ছবি ঘৰৰ অভাৱত নিমাৰ্তা সকলে সততে অনুভৱ কৰা মিনি চিত্ৰগৃহৰ কথাটো  চৰকাৰে বিবেচনা কৰি মিনি চিত্ৰগৃহ স্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক৷ সকলোৱে পুনৰ ওলাই  আহি অসমীয়া ছবি চাওক, অসমীয়া ছবি উদ্যোগটো জীয়াই ৰাখক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰতিষ্ঠা কৰি থৈ যোৱা এই উদ্যোগটো পুনৰ ঠন ধৰি উঠকপুনৰ অসমীয়া ছবিৰ জয়জয়ময়ময় অৱস্থা হওঁক….. আমি আশাবাদী….৷৷

                                                                                                                                                                     – ৰঞ্জন শমাৰ্ – 

Leave a Reply

Your email address will not be published. Required fields are marked *