সম্পাদকীয় (ৰবচন বৰুৱা) – Purbodix.com

সম্পাদকীয় (ৰবচন বৰুৱা)

শিল্প বা যিকোনো কলা (Art) জীয়াই থাকে 

      সৰ্বসাধাৰণ ৰাইজৰ দৈনন্দিন জীৱনৰ কৰ্মৰাজিৰ মাজত৷ আমি যি পিন্ধো, আমি যি খাওঁ, আমি ঘৰখন কিদৰে সজাও, আমি যি লিখোপঢ়ো, যি নৃত্যগীত উপভোগ কৰোএই সকলোতে প্ৰতিফলিত হয় আমাৰ শিল্পসংস্কৃতি৷ যেতিয়া শিল্পৰ কোনো এটা বিষয় কোনোবাই সাধনা কৰে আৰn প্ৰদৰ্শন কৰে তেনে ব্যক্তিকে আমি শিল্পীৰ মৰ্যদা দিওশিল্পী বুলি কওঁ৷

এই শিল্পী আৰু ৰাজনীতিৰ সম্পৰ্ক বহু যুগৰ৷ ৰাজনীতি আৰু শিল্পএজন সমাজৰ দুয়ো অতি প্ৰয়োজনীয় চালিকা শক্তি৷ ভাৰতবৰ্ষৰ অধিকাংশ ৰাজ্যতে কিছুমান আগলৈকে শিল্পীসকল প্ৰত্যক্ষভাৱে ৰাজনীতিৰ সৈতে জড়িত হোৱা নাছিল৷ দুইএজন ব্যতিক্ৰমী শিল্পীৰ বাদে৷ অৱশ্যে দক্ষিণ ভাৰতৰ ৰাজনীতিত বহুত আগৰে পৰা শিল্পীৰ প্ৰৱেশ আৰু আধিপত্য দেখা যায়৷ কিন্তু এতিয়া সমগ্ৰ ভাৰতবৰ্ষতে ৰাজনীতিৰ পথাৰত শিল্পীসকলৰ খদমদম লগোৱা দেখা গৈছে৷ এইটো সম্প্ৰতি অসমৰ ৰাজনীতিতো দেখা গৈছে৷ বিভিন্ন ৰাজনৈতিক দলে শিল্পীসকলৰ জনপ্ৰিয়তাক ৰাজনীতিত পূৰ্ণ সুযোগেৰে গ্ৰহণ কৰিছে৷ আনকি ৰাজনৈতিক দলসমূহে সংসদত নিজৰ আসন বৃদ্ধিৰ আশাত শিল্পীৰ কিনাবেচা বা প্ৰলোভনৰ পন্থাও গ্ৰহণ কৰিছে৷ ৰাজনীতিত বাৰু সকলো চলেতাত মূল্যবোধ আৰু নৈতিকতাৰ প্ৰশ্ন নাহে৷ কিন্তু শিল্পীসকলৰ? তেওঁলোকেও বাৰু ক্ৰমান্বয়ে হেৰুৱাব ধৰিছে নেকি শিল্পীৰ মৰ্যদা, মূল্যবোধ, নৈতিকতা আৰু সমাজসৰ্বসাধাৰণৰ প্ৰতি তেওঁলোকৰ দায়িত্ব? কৰ্তব্য?

আজি অসমৰ ৰাজনীতিতো শিল্পীসকলৰ উথপথপ লাগিছে৷ বিভিন্নজন বিভিন্ন দললৈ গতি কৰিছে৷ ইয়াত অংক মিলা নাইতাত মিলিছেগতিকে নিশাৰ ভিতৰতে কোনোবাই গেৰুৱা, কোনোবাই সেউজীয়া, কোনোবাই শুকুলা বস্ত্ৰ পৰিধান কৰিছে৷ এই শিল্পীসকলৰ সৰহসংখ্যকৰে নাই কোনো নিজস্ব ৰাজনৈতিক মাৰ্গৰাজনৈতিক দৰ্শন৷ নাই দেশৰ খাটি খোৱা সৰ্বসাধাৰণৰ হৈ মাত মতাৰ সাহসযিদৰে আছিল বিষ্ণু ৰাভাৰ৷ আজীৱন এক নিৰ্দিষ্ট ৰাজনৈতিক আদৰ্শত বিশ্বাস কৰি জীৱনৰ সকলো ঐশ্বৰ্যবৈভৱ ত্যাগ কৰি মাথো সৰ্বসাধাৰণৰ বাবে যুঁজি যোৱা এক অমৰ বৈপ্লৱিক সত্বা বিষ্ণুৰাভা৷

সময়ে কিন্তু বিষ্ণু ৰাভাকহে মনত ৰাখিছে আৰু আগলৈও ৰাখিব৷ ক্ষমতা, অৰ্থৰ লোভত ৰাজনীতিলৈ অহা শিল্পীসকলে মনত ৰখা উচিত যে ৰাজনীতি এক ক্ষন্তেকীয়া খেল৷ শিল্প গৰিমাৰ তুলনাত ৰাজনৈতিক গৰিমা তেনেই নিস্প্ৰভ৷ সেয়ে মোৰ ৰাজনৈতিক শিল্পী বন্ধুসকলক অনুৰোধ কৰিম যে পাৰে যদি ৰাজনীতিকো তেওঁলোকে এক শিল্পলৈ পৰিবৰ্তন কৰক৷ সৰ্বসাধাৰণৰ মাজত থাকি আৰু জাতিৰ স্বাৰ্থত আঘাত লগা কোনো বিষয়তে আপোচ নকৰি নিজৰ সবল স্থিতি পদৰ্শন কৰক৷ ধন্যবাদ৷

Leave a Reply

Your email address will not be published. Required fields are marked *