
উপকৰণ:
ফ্ৰেচ নাৰিকলৰ গাখীৰ ২/কাপ
কণফ্লোৰ_৪/৫ চামুচ
চেনী ২/কাপ
নিমখ এচিকুট
শেষত পুডিং ৰ ওপৰত সজাবৰ বাবে পিস্তা কেইটামান।
পদ্ধতি:_
প্ৰথমতে মই নাৰিকলৰ গাখীৰ খিনিৰ পৰা আধা কাপ বেলেগ কৰি তাত কণʼফ্লোৰ ৪/৫চামুচ মিহলাই বেলেগে কৰি থৈছো। পাছত দিবলৈ।
এতিয়া থাকি যোৱা বাকী নাৰিকলৰ গাখীৰৰ লগত চেনী গুৰি কৰি লোৱা ৪/৫চামুচ মিহলাই , আৰু নিমখ এচিকুট দি
ভালদৰে গোটেই খিনি মিহলাই গেছ আন কৰি লাহে লাহে কম জুইত ৩/৪মানৰ পাছত অলপ গাখীৰ আৰু চেনীৰ ঠিক মিশ্ৰণ খিনি হোৱা পাচত , প্ৰথমতে মই ৰেডি কৰি ৰখা নাৰিকল আৰু কণʼফ্লৰৰ মিশ্ৰণ খিনি একেলগে মিহলাই দি দিছোঁ । আৰু যেতিয়া অলপ ডাঠ হৈ অহা নিচিনা হোৱাৰ পাছত গেছ অফ কৰি এটা পুডিং বাতিত ভৰাই ওপৰত কেইটামান পিস্তা দি সজাই ২/৩ঘন্টা মান সময় ভালদৰে পুডিং খিনি চেক হ’বৰ বাবে নৰমেল ফিজ্ৰাৰত ৰাখি থলো। পাছত আমাৰ পুডিং ৰেচিপি ধুনীয়াকৈ ৰেডি হৈ গ’ল।
তৰমুজৰ খিৰ (ৰশ্মি শইকীয়া)

প্ৰকৃতিৰ অৱদান ,আৰু বতৰৰ ফল এই তৰমুজ আৰু আমাৰ সকলোৰে কাৰণে বহুত উপকাৰী ফল হয়। এই ধুনীয়া ফল বিধৰ পৰা বিভিন্ন ধৰণৰ ভিটামিন, প্ৰ’টিন,ফাইবাৰ, আৰু কেলৰি পোৱা ৰায়। সেইহে গৰমৰ দিনত আমাৰ সকলোৰে শৰীৰৰ বাবে অতি উত্তম বুলি জনা যায়।
এই খিৰি ৰেচিপি টো বনাবলৈ ব্যৱহাৰ কৰা সামগ্ৰী সমূহ হৈছে___
উপকৰণ:_
ওৱাটাৰমেলনৰ ভিতৰত থকা ৰঙা অংখ খিনি ভালদৰে মিহিকৈ কাটি লোৱা ২/কাপ
চেনী ৩/৪ টেবুল চামুচ(সোৱাদ টো নিজৰ সোৱাদ জোখাৰে ব্যৱহাৰ কৰিব)
গাখীৰ ৩/কাপ
ঘিউ ২/টেবুল চামুচ।
শেষত খিৰি ওপৰত দিয়া বাবে কেইটামান কাজু, আৰু খিচমিচ
প্ৰনালী:।
প্ৰথমতে মই এখন কেৰাহীত বাক্সাৰ কেইচামুচ দি তৰমুজ খিনি ভালদৰে গৰম কৰি অলপ সময় ফ্ৰাই কৰি লৈছো । তৰমুজ থকা পানী টো যাতে অলপ ড্ৰাই হয়।
তাৰ পাছত এই খিনি বেলেগে থৈ বেলেগ এটা চচপেন লৈ গাখীৰ খিনি ওতলাই লৈ চেনী খিনি দি ভালদৰে গোটেই খিনি ওতলাই লৈ তাত মই তৰমুজ খিনি মিলাই দি যেতিয়া গোটেই খিনি ভালদৰে অলপ গ্ৰেভী হৈ আহিলে তেতিয়া এটা বাউলত নমাই থৈ কেইটামান কাজু আৰু খিচমিচ মিহলাই দি পৰিবেশনৰ বাবে তৰমুজৰ খিৰি ৰেচিপি ৰেডি হৈ গ’ল।