অসমীয়া ছবি আৰু ভ্ৰাম্যমাণ থিয়েটাৰকিছু আশা – প্ৰত্যাশা আৰু চিন্তা……..ৰঞ্জন শৰ্মা – Purbodix.com

অসমীয়া ছবি আৰু ভ্ৰাম্যমাণ থিয়েটাৰকিছু আশা – প্ৰত্যাশা আৰু চিন্তা……..ৰঞ্জন শৰ্মা

যোৱা সংখ্যাৰ পিছৰ পৰা…
অসমীয়া ছবিয়ে বানিজ্যিক ভাৱে অপাৰ সফলতা লাভ কৰাৰ উপৰিও  ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো বিভিন্ন সময়ত অসমীয়া ছবি উজ্বলি উঠি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ এইয়া অসমীয়া চলচিত্ৰৰ বাবে এক গৌৰবোজ্জল ইতি হাস৷
    অসমীয়া চলচিত্ৰৰ এই জয়জয় ময়ময় অৱস্থাৰ মাজতেই বিভিন্ন সময়ত অসমীয়া ছবিলৈ বহুতো প্ৰত্যা্‌হ্বান আহিছে আৰু মাজে মাজে কিছু  স্থবিৰতা অহাটো নোহোৱা নহয়৷ কেইবাখনো সুস্থ ৰুচীৰ বানিজ্যিক ভাৱে সফল মনোৰঞ্জনধম¹ অসমীয়া ছবিৰ জয়যাত্ৰা চলিথকাৰ সময়তেই যধে মধে একাংশ প্ৰযোজক পৰিচালকে হিন্দী ছবিৰ পৰা ধাৰ কৰা কাহিনীলৈ ছবি নিমাৰ্ন কৰি অমসীয়া ছবিৰ উদ্যোগটোক কিছু পৰিমানে হ’লেও নিশকতীয়া কৰি পেলোৱাৰ উপক্ৰম ঘটাইছিল৷ তাৰ মাজতে ধুমকেতুৰ দৰে পাইৰেছিয়ে অসমীয়া ছবি জগতৰ কঁকাল বেঁকা কৰি পেলাইছিল৷ উগ্ৰপন্থী সমস্যাৰ বাবে হললৈ মানুহ নোযোৱাৰ কথাটোতো আছিলেই কিন্তু তাৰ মাজতো শ্ৰদ্ধাৰ প্ৰয়াত মুনীন বৰুৱা, বাণী দাস, অশোক কুমাৰ বিষয়া, ৰাজেশ ভূ ঞা, চন্দ্ৰ মুদৈ, প্ৰয়াত অচ্যুত ভাগৱতী, যদুমনি দত্ত, বিশ্বজিৎ বৰা আদি বহুজনে ৰুচিশীল মনোৰঞ্জনধম¹ ছবি নিমাৰ্ন কৰি অপাৰ বানিজ্যিক সফলতাৰে অসমীয়া ছবি উদ্যোগতোলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছিল৷ সমান্তৰালভাৱে  ড॰ ভবেন্দ্ৰ নাথ শইকীয়া চাৰ, জাহ্নু বৰুৱা, মঞ্জু বৰা আদিৰ ছবিয়ে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পযাৰ্য়ত সুনাম অৰ্জন কৰি অসমলৈ গৌৰব কঢ়িয়াই আনিছিল৷ মাজতে কভিদ মহামাৰীয়ে সমগ্ৰ বিশ্বৰ চলচিত্ৰৰ উদ্যোগটোক ক্ষতি কৰাৰ লগতে অসমীয়া ছবিকো যথেষ্ট ক্ষতিসাধন কৰে৷ কিন্তু শেহতীয়াকৈ হাৰ্টথ্‌ৰব জুবিন গাৰ্গ, যতীন বৰা, আদিয়ে ব্যৱসায়িক সফল ছবি নিমাৰ্ণ কৰি অসমীয়া ছবি উদ্যোগটোলৈ পুনৰ আঁশাৰ ৰেঙণি কঢ়িয়াই আনিছে৷ এই মুহুৰ্তত কেইবাখনো অসমীয়া ছবি মুক্তিৰ অপেক্ষাত আছে আৰু  আনহাতে মানস বৰুৱা(ৰিজু), মঞ্জিত শমাৰ্, বলিন শমাৰ্, প্ৰশান্ত শইকীয়াকে আদি কৰি বহুকেইজন নৱাগত পৰিচালকৰ বহুকেইখন অসমীয়া ছবি নিৰ্মিয়মান অৱস্থাত আছে৷ আনহাতে মঞ্জুল বৰুৱা, ভাষ্কৰ হাজৰীকা, বিশ্বজিৎ বৰা, প্ৰদ্যুৎ কুমাৰ ডেকা, জয়চেং দহোতিয়া, হিমাংশু প্ৰসাদ দাস, আদি নৱপ্ৰজন্মৰ বহুকেইজনো মননশীল পৰিচালকৰ ছবিয়ে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পযাৰ্য়ত সমাদৃত হৈ অসমীয়া ছবিলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ই অসমীয়া ছবিৰ বাবে অতিকে আশা ব্যঞ্জক খবৰ৷
    শেহতীয়াকৈ পূৰ্বৰ সব্বাৰ্নন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰখন আৰু বৰ্তমানৰ ড॰ হিমন্তবিশ্ব শমাৰ্ৰ নেতৃত্বাধীন চৰকাৰখনে অসমীয়া চলচিত্ৰৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্টখিনি ইতিবাচক চিন্তা হাতত লৈছে৷ ই নিশ্চিতভাৱে  অসমীয়া চলচিত্ৰৰ বাবে অতিকে শুভ লক্ষণ৷ আমিও আশা ৰাখিছোঁ, অসমীয়া ছবিৰ দীৰ্ঘদিনীয়া অভাৱ সমূহ দূৰ হঁওক৷ প্ৰয়াত চিৰসেউজ অভিনেতা বিজু ফুকন, প্ৰয়াত বিশিষ্ট পৰিচালক মুনিন বৰুৱা আদি বহুজনে লাগি থকা ছবি ঘৰৰ অভাৱত নিমাৰ্তা সকলে সততে অনুভৱ কৰা মিনি চিত্ৰগৃহৰ কথাটো  চৰকাৰে বিবেচনা কৰি মিনি চিত্ৰগৃহ স্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক৷ সকলোৱে পুনৰ ওলাই  আহি অসমীয়া ছবি চাওক, অসমীয়া ছবি উদ্যোগটো জীয়াই ৰাখক …৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰতিষ্ঠা কৰি থৈ যোৱা এই উদ্যোগটো পুনৰ ঠন ধৰি উঠক…পুনৰ অসমীয়া ছবিৰ জয়জয়- ময়ময় অৱস্থা হওঁক….. আমি আশাবাদী….৷৷  vv
v

Leave a Reply

Your email address will not be published. Required fields are marked *