জয় বিশ্বকৰ্মা – কৰবী বৰ্মন কলিতা – Purbodix.com

জয় বিশ্বকৰ্মা – কৰবী বৰ্মন কলিতা

বিশ্বকৰ্মা স্থাপত্যবিদ্যা আৰু শিল্পৰ হিন্দু দেৱতা৷ ঋকবেদৰ মতে তেওঁ তেওঁৰ সৃজনশীল শক্তিৰ বলত গোটেই বিশ্বক ধৰি ৰাখিছে৷ তেওঁক দৈৱিক স্থাপত্যবিদ, অভিযন্তা আৰু বিশ্বৰ সৃষ্টিকৰ্তা হিচাপে গণ্য কৰা হয়৷  লোকবিশ্বাস অনুসৰি , এই দেৱশিল্পীয়ে নিৰ্মাণ কৰিছিল ইন্দ্ৰপুৰী, স্বৰ্গলোক, যমপুৰী আদি দৃষ্টিনন্দন ৰম্যপীঠ৷ বিশ্বকৰ্মাই দেৱতাসকলৰ সকলো ৰথ আৰু অস্ত্ৰ-শস্ত্ৰ তৈয়াৰ কৰিছিল যাৰ ভিতৰত আছে ইন্দ্ৰ দেৱতাৰ বজ্ৰ৷
 বিশ্বখনিকৰৰ পূজা উপলক্ষে ৰাজ্যৰ কল-কাৰখানা, উদ্যোগ-প্ৰতিষ্ঠান, গেৰেজ, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত ভীষণ ব্যস্ততাই বিৰাজ কৰে প্ৰতিবছৰে৷ এদিন আগৰে পৰাই  ধুই-পখালি পৰিস্কাৰ কৰি   তোলা হয়  কল-কাৰখানাৰ যন্ত্ৰসমুহ, মানুহৰ অন্যতম জীৱন সাৰথি তেওঁলোকৰ বাহনসমুহ৷ তাৰ পিছত  বিশ্ব খনিকৰৰ আৰাধনা আৰম্ভ হয়৷ বিশ্বকৰ্মাৰ জয় ধ্বনিৰে মুখৰিত হয়   আকাশ-বতাহ৷ মহানগৰীত  বিশ্বকৰ্মা পূজাৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে৷ অগণন পূজাস্থলীত চলে  দেৱশিল্পী বিশ্বকৰ্মাৰ আৰাধনা খুব উলহ-মালহেৰে৷  যোৱা কিছুবছৰৰ পৰা ভাৰতৰ বিভিন্ন স্থানত জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে বিশ্বকৰ্মা পূজাৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে বাঢ়ি অহা পৰিলক্ষিত হৈছে৷
  বিশ্বকৰ্মা পূজা বা বিশ্বকৰ্মা জয়ন্তী ভাৰতৰ কৰ্ণাটক, অসম, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু ত্ৰিপুৰা আদি প্ৰদেশত প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তি বা কন্যা সংক্ৰান্তিত পালন কৰা হয়৷ প্ৰতি বছৰে ১৭ আৰু ১৮ তাৰিখে বিশ্বকৰ্মা পূজা আয়োজন কৰা হয়৷ হিন্দু ধৰ্মৰ নিয়মমতে কৰিবলগা বিভিন্ন পূজা-পাৰ্বণৰ  বাবে জ্যোতিষ শাস্ত্ৰৰ জৰিয়তে কিছুমান নিৰ্দিষ্ট দিন আৰু নিৰ্দিষ্ট সময় নিৰ্ণয় কৰি লোৱা হয়৷ বিশ্বকৰ্মা পূজাও ইয়াৰ ব্যতিক্ৰম নহয়৷ বছেৰেকীয়া বিশ্বকৰ্মা পূজাৰ বাবে আগতে দেৱালীৰ পাছৰ দিনটো ধাৰ্য কৰা হৈছিল বুলি গণ্য কৰা হৈছিল  যদিও অসম আৰু পশ্চিম বঙ্গত ইয়াক চান্দ্ৰমাহ সংলগ্ন গণনাৰ পৰা আঁতৰাই বহুদিনৰ পৰা ভাদ মাহৰ সংক্ৰান্তিত পাতি অহা হৈছে৷ উল্লেখযোগ্য যে, হিন্দু ধৰ্মৰ নিয়মমতে কিছুমান ধৰ্মীয় কাৰ্যৰ বাবে সৌৰমাহৰ সংক্ৰান্তিৰ দিনবিলাক উপযুক্ত বুলি গণ্য কৰা হয়৷ সাধাৰণতে অসমীয়া পঞ্জিকা মানি চলাসকলে ভাদ মাহত অন্য কোনো বৈদিক পূজা-পাতল আদি নকৰে যদিও ভাদৰ শেষ দিনটোত সৌৰ মাহৰ সংক্ৰান্তি হোৱাৰ হেতু এইভাগ পূজাৰ আয়োজন কৰে৷ এই পূজাভাগ ইংৰাজী বৰ্ষৰ চেপ্টেম্বৰ মাহৰ ১৬১ পৰা ১৯ তাৰিখৰ ভিতৰৰ কোনোবা এটা দিনত পৰে৷ পৰিসংখ্যাৰ ফালৰ পৰা চাবলৈ গ’লে দেখা যায় যে ভাদ মাহৰ সংক্ৰান্তি আৰু চেপ্টেম্বৰৰ ১৭ তাৰিখটোৰ মাজত সম্পৰ্ক অতি ওচৰ চপা৷ পিছে, দেখা যায় যে বহুতো শিক্ষিত লোকে এই ক্ষেত্ৰত এক ভুল ধাৰণাৰ বশৱৰ্তী হৈ বিশ্বকৰ্মা পূজাক ইংৰাজী তাৰিখৰ হিচাবত ১৭ চেপ্টেম্বৰৰ দিনাহে পালন কৰা হয় বুলিহে ভাবে আৰু তাত জ্যোতিষ শাস্ত্ৰৰ উপস্থিতিৰ কথা মানিব নিবিচাৰে৷ কিন্তু প্ৰকৃততে কথাটো  তেনে নহয়৷  দেখা গৈছিল  যে ১৭ চেপ্টেম্বৰত সংক্ৰান্তি নোহোৱা বছৰকেইটাত কিন্তু সেইদিনাখন বিশ্বকৰ্মা পূজা পতা হোৱা নাছিল৷  গতিকে নিৰ্দিষ্ট এটা বিশেষ তাৰিখে কেৱল বিশ্বকৰ্মা পূজা হ’ব বুলি ধাৰণা কৰিব নোৱাৰি৷
   ভগৱান বিশ্বকৰ্মাই অসমবাসীৰ  সকলো প্ৰচেষ্টাত সফলতাৰ আশীৰ্বাদ দিয়ক; বিশ্বকৰ্মা দিৱসত উষ্ম শুভেচ্ছা জনালোঁ ৷
‘জয় জয় শ্ৰী বিশ্বকৰ্মা ভগৱানা
জয় জয় শ্ৰী বিশ্বেশ্বৰ কৃপা নিধান৷’  vv

Leave a Reply

Your email address will not be published. Required fields are marked *