মহিলা আৰু কৰ্কট ৰোগ – ডাঃ প্ৰণবিকা গোস্বামী – Purbodix.com

মহিলা আৰু কৰ্কট ৰোগ – ডাঃ প্ৰণবিকা গোস্বামী

কৰ্কট ৰোগ মানে কি?
আমি সকলোৱে জানো, আমাৰ শৰীৰৰ প্ৰতিটো অংগৰ গঠন কোষৰ দ্বাৰা হয়৷ কোষৰ বিকাশ আৰু বৃদ্ধিৰ জৰিয়তে এটি শিশু ক্ৰমাৎ এজন পৰিপক্ক মানুহৰ ৰূপ লয়৷ কোষ বিভাজন দেহৰ গঠন আৰু বৃদ্ধিৰ বাবে অনিবাৰ্য৷ এনে কোষ বিভাজন এক সন্তুলিত হাৰত হোৱাৰ বাবে বিকাশৰ প্ৰতিটো স্তৰত দৰকাৰী উপাদানসমূহ উপলব্ধ হয়৷ এনে সন্তুলিত কোষ বিভাজনত কেতিয়াবা ব্যাঘাত জন্মে আৰু দৰকাৰতকৈ অধিক হাৰত কিছুমান কোষৰ বিভাজন আৰম্ভ হয়৷ মাত্ৰাধিক কোষ বিভাজনৰ ফলত সেই অংগৰ আকাৰ অস্বাভাৱিকভাৱে বৃদ্ধি হয় যাক কৰ্কট ৰোগ বুলি কোৱা হয়৷ এনে কোষ বিভাজনৰ ফলত বিৰ্দ্ধত অংগৰ বাবে দৰকাৰী ৰক্তচালনৰ বাবে সীৰা-ধমনী আদিৰো বিকাশ আৰু বৃদ্ধি হয়৷ সেয়েহে এনে কোষ দ্ৰুতগতিত বাঢ়ি যায় আৰু খুব সোনকালে কম সময়ৰ ভিতৰতে ৰোগীৰ অৱস্থা সংকটজনক হৈ পৰে৷
 এই নিবন্ধত সকলো প্ৰকাৰৰ কৰ্কট ৰোগৰ পৰিৱৰ্তে মহিলাৰ জনন অংগত সৰ্বাধিক হাৰত হোৱা দুবিধ কৰ্কট ৰোগৰ বিষয়ে সামৰি লোৱা হৈছে৷ মহিলাসকলে এই কথা জনা উচিত যে আগতীয়াকৈ ধৰা পৰিলে কৰ্কট ৰোগী সহজে আৰোগ্য হয়৷ সেয়েহে এই বিষয়ে মহিলাসকল সজাগ আৰু সতৰ্ক হোৱাতো বাঞ্চনীয়৷
অৱশ্যে বিশ্বজোৰা সমীক্ষাৰ তথ্যমতে মহিলাৰ মাজত কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা পুৰুষৰ তুলনাত কম৷ নেচনেল কেঞ্চাৰ ইনষ্টিটিউট (National Cancer Institute)ৰ গৱেষণাৰ তথ্যত প্ৰকাশ পোৱা মতে প্ৰত্যেক তিনিগৰাকী মহিলাৰ ভিতৰত এগৰাকী মহিলাৰ জীৱন কালত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে, ইয়াৰ বিপৰীতে প্ৰত্যেক দুজন পুৰুষৰ ভিতৰত এজনৰ জীৱন কালত কৰ্কটৰোগ হোৱাৰ আশংকা দেখা যায়৷ ইয়াৰ উপৰিও মহিলাসকলৰ আৰোগ্যৰ হাৰ পুৰুষৰ তুলনাত অধিক৷ গৱেষণাত দেখা গৈছে যে পুৰুষসকলৰ জীৱনশৈলী বা কৰ্কট ৰোগৰ কাৰক যেনে, চিগাৰেট সেৱন, মাদক দ্ৰব্য সেৱন, সঘনাই চৰ্বিযুক্ত খাদ্য গ্ৰহণ পুৰুষসকলৰ বিৰ্দ্ধত কৰ্কট ৰোগৰ কাৰণ হ’ব পাৰে৷
মহিলাসকলৰ জনন অংগ আৰু স্তনৰ কৰ্কট ৰোগ পুৰুষৰ তুলনাত যথেষ্ট অধিক৷ স্তনৰ কৰ্কটৰোগ পুৰুষৰ তুলনাত মহিলাৰ প্ৰায় এশ শতাংশ অধিক দেখা যায়৷ তাৰোপৰি জৰায়ুৰ দ্বাৰৰ কৰ্কটৰোগৰ প্ৰাদুৰ্ভাৱ ভাৰতবৰ্ষত অধিক দেখা যায়৷ মহিলাৰ অন্যান্য জনন অংগ যেনে জৰায়ু, ডিম্বাশয়, ভেজিনা, ভালভা, ফেল’পিয়ান টিউব আদিতো কৰ্কট ৰোগ তুলনামূলকভাৱে কম পৰিমাণে হোৱা দেখা যায়৷
মহিলাৰ কৰ্কট ৰোগৰ কাৰক আৰু প্ৰতিকাৰক ব্যৱস্থা ঃ

মহিলাসকলৰ কৰ্কট ৰোগ হোৱাৰ নানান কাৰক থাকিব পাৰে৷ কোনো মহিলাৰ বিশেষকৈ মাতুল বংশত যদি কাৰোবাৰ কৰ্কট ৰোগ হয়, তেন্তে তেওঁৰ এনে ৰোগ হোৱাৰ আশংকা অধিক হয়৷ ত্ৰিশ বছৰৰ ঊৰ্দ্ধত প্ৰথম সন্তানৰ মাতৃ হোৱাসকলৰ কৰ্কট ৰোগৰ আংশকা অধিক৷ ৰজোঃনিবৃতিৰ সময়ত কিছুসংখ্যক মহিলাৰ হৰমন বাঢ়ি যোৱাৰ ফলতো কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ বাঢ়িব পাৰে৷ তাৰোপৰি মাত্ৰাধিক ওজন বৃদ্ধি, অসুস্থ জীৱনশৈলী এনে ৰোগৰ কাৰক হ’ব পাৰে৷
কৰ্কট ৰোগ কিয়, কেনেকৈ, কাৰ হয় তাৰ সঠিক নিৰূপণ আজি পৰ্যন্ত সম্ভৱ হোৱা নাই৷ তথাপি গৱেষণাত দেখা গৈছে যে এক সুস্থ জীৱনশৈলী, সন্তুলিত খাদ্যাভাস, সন্তুলিত ওজন আৰু দৈনিক শ্ৰম বা ব্যায়াম আদি কৰা মহিলাসকলৰ মাজত কৰ্কট ৰোগ কম হোৱা দেখা যায়৷
আগতীয়াকৈ কৰ্কট ৰোগ ধৰা পেলোৱাৰ উপায় ঃ
মহিলাসকলৰকৰ্কট ৰোগৰ ভিতৰত ভাৰতবৰ্ষত স্তন আৰু জৰায়ুৰ দ্বাৰত কৰ্কট ৰোগ অধিক হোৱা দেখা যায়৷ জৰায়ুৰ দ্বাৰৰ কৰ্কট ৰোগৰ অন্যতম কাৰণ হিউমেন পেপিলমা নামৰ এবিধ ভাইৰাছ৷ এইবিধ ভাইৰাছ জৰায়ুৰ দ্বাৰৰ কৰ্কট ৰোগৰ উপৰি ভাল্‌ভা (Valva) আৰু ভেজিনা (Vagina) আদি কৰ্কট ৰোগৰো কাৰক৷ সেয়েহে বৰ্তমান জৰায়ুৰ দ্বাৰৰ কৰ্কট ৰোগ আগতীয়াকৈ ধৰা পেলাবৰ বাবে ভাইৰাছবিধৰ উপস্থিতিৰ পৰীক্ষা কৰা হয়৷ এই ভাইৰাছৰ উপস্থিতিত বিশেষকৈ HPদ্দ, ১৬, ১৮ জৰায়ুৰ দ্বাৰা কোষৰ অস্বাভাৱিক বৃদ্ধি আৰু বিকাশৰ বাবে দায়ী৷ এনে বৃদ্ধি আৰু বিকাশ হোৱাৰ ফলত ভৱিষ্যতে কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা গৱেষণাত বহুত বেছি পোৱা গৈছে৷ সেয়েহে HPদ্দ DNট্ট পৰীক্ষা প্ৰত্যেক পাঁচ বছৰত মহিলাসকলে কৰি থাকিলে জৰায়ুৰ দ্বাৰৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বহুত গুণে কমাব পাৰি৷ তদুপৰি এই ভাইৰাছৰ প্ৰতিষেধক বেজিও কিশোৰ অৱস্থাৰ পৰা উপলব্ধ৷ এনে প্ৰতিষেধকে প্ৰত্যক্ষভাৱে জৰায়ু দ্বাৰৰ কৰ্কট ৰোগৰ পৰা মহিলাসকলক ৰক্ষা কৰিব পাৰে৷
জৰায়ুৰ দ্বাৰৰ কৰ্কট ৰোগৰ আগতীয়া পৰীক্ষণৰ অন্য এক উপায় হৈছে Paps smear test. এনে পৰীক্ষাৰ দ্বাৰা কৰ্কট ৰোগ হোৱাৰ আগতে প্ৰাগ্‌ কৰ্কট কোষসমূহ চিনাক্ত কৰে৷ চিনাক্ত হোৱা কোষসমূহৰ বিশেষ কিছুমান চিকিৎসা কৰা হয় আৰু মহিলাগৰাকীক ভৱিষ্যতে হ’ব পৰা কৰ্কট ৰোগৰ পৰা ৰক্ষা কৰিব পৰা যায়৷ Paps smear কৰোঁতে যদি অস্বাভাৱিক কোষ ধৰা পৰে তেন্তে কল্পস্কোপৰ জৰিয়তে জৰায়ু দ্বাৰৰ পৰীক্ষা কৰা হয়৷ এনে পৰীক্ষাত যদি সন্দেহ হয় তেন্তে বায়’স্পী (Biospy) ১ দ্বাৰা তাত কৰ্কট ৰোগৰ উপস্থিতি নিশ্চিত কৰা হয়৷ সেয়েহে Paps test আগতীয়াকৈ জৰায়ুৰ দ্বাৰৰ কৰ্কট ৰোগ ধৰা পেলাবৰ বাবে এক অন্যতম প্ৰক্ৰিয়া৷ সেয়েহে একৈশ বছৰৰ ঊৰ্দ্ধৰ প্ৰত্যেক মহিলাই প্ৰতি তিনি বছৰত এই টেষ্ট কৰা উচিত৷ যদি কোনো মহিলা Paps test আৰু HPদ্দ এবাৰ ঠিকেই থাকে, তেন্তে তেওঁ পাঁচ বছৰৰ মূৰে মূৰে Paps test, HPদ্দ test কৰিব পাৰে৷
স্তন কৰ্কট ৰোগৰ ক্ষেত্ৰত মহিলাসকলে নিজৰ স্তনযুগল নিয়মিতভাৱে পৰীক্ষা কৰাতো দৰকাৰ৷ কোনো মহিলাই যদি নিজে পৰীক্ষা কৰোঁতে গোটা বস্তু এটা অনুভৱ কৰে, স্তনৰ ওপৰত থকা ছালখন সোঁতোৰা পৰা দেখা বা কমলাৰ বাকলিৰ দৰে ছালখন সংকুচিত হয়, স্তনৰ পৰা ৰঙা পানী ওলায় তেন্তে অনতি পলমে চিকিৎসকৰ কাষ চপা প্ৰয়োজন৷ চিকিৎসকে সাধাৰণতে মেম’গ্ৰাফী বা আল্ট্ৰাছাউণ্ড আৰু বায়’পচি কৰিবলৈ দি ৰোগবিধ সঠিকভাৱে ধৰা পেলায়৷ যিসকল মহিলা চল্লিশ বছৰৰ ঊৰ্দ্ধৰ আৰু নিজে কৰা স্তন পৰীক্ষাত ওপৰত উল্লেখিত কোনো ধৰণৰ লক্ষণ নাথাকে তেওঁলোকে বছৰত এবাৰকৈ মেম’গ্ৰাফী পৰীক্ষা কৰি নিজকে স্তন কৰ্কট ৰোগ প্ৰাৰম্ভিক পৰ্যায়ত ধৰা পেলাব পাৰে৷ স্তনত গোটা পোৱাৰ প্ৰায় দুবছৰ আগতেই মেম’গ্ৰাফীত কিছুমান বিশেষ প্ৰাৰম্ভিক লক্ষণ ধৰা পৰে৷ ফলত মহিলাগৰাকীৰ কৰ্কট ৰোগ হ’লেও প্ৰাৰম্ভিক স্তৰত ধৰা পৰাৰ বাবে সম্পূৰ্ণ সুস্থ হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি৷ কোনো মহিলাৰ বংশত যদি স্তন বা ডিম্বাশয়ৰ কৰ্কট ৰোগ হৈছে তেন্তে তেওঁ বছৰি মেম’গ্ৰাফী কৰাৰ উপৰিও MRI পৰীক্ষা কৰাই থাকিব পাৰে৷ সোনকালে ধৰা পেলাব পাৰিলে স্তনৰ কৰ্কট ৰোগৰ সম্পূৰ্ণ চিকিৎসা কৰিব পৰা যায়৷ মেম’গ্ৰাফী, দ্ধ-Ray ১ দৰে এবিধ পৰীক্ষা কেৱল স্তনযুগল ধৰি ৰাখিব বাবে এক বিশেষ সঁজুলি লগত সংযোগ কৰা হয়৷
মহিলাৰ সাধাৰণতে হোৱা কৰ্কট ৰোগৰ লক্ষণ ঃ
দৰাচলতে কৰ্কট ৰোগৰ লক্ষণ দেখা দিয়াৰ সময়লৈ এনে ৰোগে শিপায় যায়৷ সেয়েহে প্ৰত্যেক মহিলাই প্ৰাক্‌ কৰ্কট ৰোগ স্তৰত প্ৰাৰম্ভিক স্তৰত এনে ৰোগ ধৰা পেলোৱাৰ বাবে দৰকাৰী পৰীক্ষাসমূহ কৰা উচিত৷ কোনো মহিলাৰ যদি নিম্নলিখিত লক্ষণসমূহ হয় তেন্তে ই কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে আৰু অনতিপলমে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷
(ৰ) কোনো মহিলাৰ স্তনৰ ছালখন অস্বাভাৱিকভাৱে সংকুচিত হোৱা বা স্তনত টান গোটা কিবা অনুভৱ কৰা৷
(২) সংগমৰ সময়ত বা তাৰ পিছত মাহেকীয়াৰ মাজত যদি কোনো মহিলাৰ ৰক্তস্ৰাৱ হয় তেন্তে ই জৰায়ুৰ দ্বাৰৰ কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে৷
(৩) ৰজোঃনিবৃতিৰ পিছত হোৱা ৰক্তস্ৰাৱ কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে৷
(৪) দুৰ্গন্ধযুক্ত বগা স্ৰাৱ জৰায়ুৰ দ্বাৰৰ কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে৷
(৫) তলপেটত মাত্ৰাধিক বিষ বা সংগমৰ সময়ত পেটৰ বিষ কৰ্কটৰোগৰ আগজাননী হ’ব পাৰে৷
এনে উপসৰ্গ বা বিসংগতি প্ৰত্যক্ষ কৰিলে মহিলাগৰাকীয়ে ইয়াক অৱজ্ঞা কৰাৰ পৰিৱৰ্তে চিকিৎসকৰ পৰামৰ্শ লোৱা আৱশ্যক৷ ওপৰত উল্লেখ কৰা সামান্য সজাগতাৰে মহিলাসকলে কৰ্কট ৰোগৰ ভয়াৱহতাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *