
আমি পঢ়া কিতাপৰ লগতে আমাৰ আশে–পাশে থকা লোকে আমাৰ মানসিকতাক গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ এখন কিতাপে দিয়া জ্ঞান আৰু অবিৰাম আমাৰ কাণলৈ ভাহি অহা কথাবোৰে দহ বছৰৰ পিছৰ মই জনক নীৰৱে গঢ় দি থাকে৷ গতিকে ভৱিষ্যতৰ মই জনক কেনেদৰে গঢ় দিব বিচাৰিছোঁ, সেইয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে আমি আমাৰ মগজুৰ পোষণ কেনেদৰে কৰিছোঁ৷ সেয়ে নিজৰ বাবে এক অসাধাৰণ জীৱনৰ বাঞ্চা কৰিলে, প্ৰথমে জ্ঞান বৰ্ধক কথাৰে নিজৰ মনৰ বিকাশ কৰিব লাগিব৷
মহান দাৰ্শনিক প্লেটোৱে কৈছে , “
Book gives a soul to the Universe, wings to the mind, flight to the imagination
and life to everything .”
এখনি গ্ৰন্থ সদায়ে এজন বিজ্ঞ পৰামৰ্শকৰ দৰে, যাৰ সহায়ত আমি কঠিন গ্ৰন্থিবোৰ মোকলাবলৈ সক্ষম হওঁ ৷আমাৰ নিজৰ জীৱনৰ লগতে ভিন্ন লোকৰ জীৱনক জী উঠো ৷ আনৰ অভিজ্ঞতাৰে পথ মুকলি কৰোঁ৷ চাবি কাঠীৰ দৰে গ্ৰন্থৰ সহায় লৈয়ে এখন বিশাল পৃথিৱীত আমি পদাৰ্পণ কৰোঁ৷
আমাৰ জীৱন যাত্ৰাত বিভিন্ন ঠাইত বিভিন্ন জনক লগ পাওঁ, য’ত অধিকাংশই সময়ৰ সোঁতত উটি–ভাহি অন্য কোনো দিশেৰে গুচি যায় আৰু ৰৈ যায় আঙুলিৰ মূৰত গণিব পৰা কৈ মাত্ৰ কেইজনমান বন্ধু৷ কিন্তু সময় আগুৱাই যোৱাৰ লগে লগে ৰৈ যোৱা সেই সীমিত বন্ধুৰ মাজৰ পৰাও আমি এজন এজনকৈ হেৰুৱাবলৈ আৰম্ভ কৰো প্ৰকৃতিৰ নিয়মৰ ওচৰত৷ সময় বাগৰিবলৈ ধৰে আৰু ক্ৰমান্বয়ে হৈ পৰো অকলশৰীয়া ৷ বৰ্তমানৰ কথা নাভাবি জুপুকা মাৰি বহি থাকো ,মাত্ৰ পাৰ কৰি অহা দিনবোৰৰ আৰু ভৱিষ্যতৰ চিন্তাত৷ বসন্ত পাৰ হৈ বৰ্ষা আহে, বৰ্ষা গৈ শৰত, কিন্তু জীৱনৰ পটচিত্ৰ লাহে লাহে হৈ পৰেহি নিষ্প্ৰভ তথা নিৰস৷ কিন্তু মনে সদায়ে বিচাৰে আকৌ এবাৰ উভতি যাবলৈ সেই দিনবোৰলৈ৷ পুনৰ নিজৰ জীৱনটোক কৰিব খোজে উদযাপন ৷অকলশৰীয়া সময়বোৰত খুঁচৰি ফুৰে অতীতৰ মধুৰতম স্মৃতিবোৰক৷ সেয়ে নিজে নিজৰ বন্ধু হ’বলৈ শিকাতো ,নিজৰ লগত কথা পতাটো অতিকৈ আৱশ্যক আজিৰ দিনত৷ অন্যথা হতাশা, নিঃসংগতাৰ জালে গ্ৰাস কৰি পেলাবহি সকলোকে৷
স্বামী বিবেকানন্দই কৈছিল “দিনটোত অন্ততঃ এবাৰ নিজৰ লগত কথা পাতিবলৈ চেষ্টা কৰিবা ,যদি নকৰা মনত ৰাখিবা পৃথিৱীৰ এজন শ্ৰেষ্ঠ ব্যক্তিৰ সান্নিধ্যৰ পৰা তুমি বিৰত হৈ ৰ’লা
”৷ এই কথাষাৰ শুনি মই নিজকে যেতিয়া প্ৰশ্ন কৰিছিলোঁ,
মই মোৰ অকলশৰীয়া সময়বোৰত গ্ৰন্থকেই নিজৰ উৎকৃষ্ট বন্ধু ৰূপত পাইছিলোঁ৷ ইয়াত কোনো সন্দেহ নাই ,আমাৰ জীৱনৰ এই অকলশৰীয়া দিনবোৰত এখন কিতাপৰ দৰে সঁচা বন্ধুহৈ চিৰদিনৰ বাবে আন কোনোৱেই থাকিব নোৱাৰে৷ নানান সংঘাত আৰু বিষন্নতাৰে ভৰা মানৱ জীৱনত বন্ধ হৈ পৰা মনৰ দুৱাৰখন এখন কিতাপেই মুকলি কৰি দিয়ে৷ আমাক বুজাইহি “জীৱন মানে কি”৷ জনা নজনা নানা বিষয়ৰ চৰ্চাৰে আমাৰ লগত বাৰ্তালাপ কৰে এখন কিতাপে৷ অন্ধকাৰত বুৰ গৈ থকা জনক অতীতৰ মকৰা জালৰ পৰা উলিয়াই আনি ভৱিষ্যতক কেনেদৰে সজাই তুলিব লাগে তাৰ পথ দেখুৱায়৷
আজিৰ আধুনিক সমাজত মানুহ বৰ অকলশৰীয়া৷ আমাৰ সমাজত বিভিন্ন উৎসৱ পৰ্ব আহে৷ এই ক্ষণ কণেই হৈছে নিজৰ মন আৰু দেহক শিথিল কৰাৰ ,অনাগত দিনবোৰৰ বাবে পুনৰ নিজকে মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ৷ প্ৰয়োজন হয় কিছু মানসিক ব্যায়ামৰ৷ এই বিৰতিৰ সময়চোৱাতে আমি বিচাৰি যাওঁ পুৰণি বন্ধু–বান্ধৱ,
নিজৰ ভাই–ভনীহঁতক৷ কিন্তু আজিৰ দিনত বিৰতিৰ সময়তো মানুহৰ আজৰি নাই৷ কৰ্মসূত্ৰে এজনে আনজনৰ পৰা আঁতৰি যাবলৈ ধৰিছে৷ যাৰ বাবে লাহে লাহে মানুহ হৈ পৰিছে অকলশৰীয়া৷ কিন্তু যিসকল লোকে কিতাপ পঢ়াৰ অভ্যাস নিজৰ মাজত গঢ়ি তুলিছে,তেওঁলোক সদায়েই নিঃসংগতাৰ জালৰ পৰা মুক্ত৷ প্ৰকৃতিৰ সেই সুন্দৰ দিনবোৰত কিতাপ পঢ়াৰ অভ্যাসে আমাৰ মন–মগজুক চাপমুক্ত কৰাৰ লগতে মনলৈ সতেজতাও আনে৷ আজিও পৃথিৱীয়ে একে দিশেই পৰিভ্ৰমণ কৰি আছে ৷ না সলনি হৈছে গতিৰ, না প্ৰকৃতিৰ৷ সৰুৰে পৰা আমাৰ মনত উৎসৱে আঁকি অহা ৰামধেনুক বয়সৰ বিয়লি বেলাতো সেয়ে মোহাৰি পেলোৱাতো অসহজ হৈ পৰে,কাৰণ সলনি একোৱেই নহয়৷ সলনি হৈছে যদি আমাৰ সংগৰ, যাৰ লগত মিলি আমি প্ৰতিটো বসন্ত প্ৰতিটো শৰত কৰি তুলিছিলোঁ ৰঙীণ আৰু প্ৰাণময়ী৷ সেয়ে কয় কিতাপৰ লগত মিতিৰালি কৰা, ই তোমাৰ জীৱন অৱসাদ মুক্ত কৰি ৰাখিব, প্ৰস্তুত কৰি তুলিব তোমাক সকলো পৰিস্থিতিৰ কাৰণে৷ তৃপ্তহৈ অকলেই মুখত হাঁহি বিৰিঙাই আদৰিব পাৰিবা জীৱনৰ শেষ মুহুৰ্তলৈকে প্ৰতিটো উৎসৱক৷
এখন কিতাপৰ জৰিয়তে এই সুন্দৰ সময়কনত ভিন্ন কথাৰ সোৱাদেৰে আমাৰ মনক আগতকৈ অধিক স্থিৰ আৰু শক্তিশালী কৰি তুলিব পাৰো৷ উৎসৱৰ সময়কনেই হৈছে ব্যস্ততাৰে পৰিপূৰ্ণ মানুহৰ জীৱনত নানান কিতাপৰ সোৱাদ লোৱাৰ আটাইতকৈ উত্তম সময় ৷ কাৰণ সেই সময়চোৱাত চৌপাশৰ পৰিৱেশ আনন্দমুখৰ হৈ পৰে৷ প্ৰকৃতিয়ে সলোৱা ৰঙক দেখি আমাৰ মনলৈ বহু পৰিৱৰ্তন আহে ৷এই বিৰতিৰ সময়কনত পঢ়া কিতাপৰ পৰাই আমি আমাৰ মাজত পুনৰ আনৰ প্ৰতি সহানুভূতিৰ ভাব, কষ্ট কৰিবলৈ প্ৰয়োজন হোৱা একাগ্ৰতা, চিন্তাশক্তি আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কল্পনা শক্তিক জগাই তুলিব পাৰো ৷
মই এবাৰ ডেলহাউজীৰ খাজিয়াৰ নামৰ ঠাইলৈ গৈছিলোঁ শাৰদীয় বতৰত৷ এই ঠাইক হিমাচলৰ মিনি ছুইজাৰলেণ্ড কোৱা হয়৷ প্ৰকৃতিৰ এক সুন্দৰ ৰূপ বিৰাজ কৰে সেই ঠাইত৷ চাৰিওফালে সেউজীয়াৰ আৱৰণ এখন লৈ থিয় হৈ থকা দেৱদাৰু গছ আৰু দূৰৈৰ পৰা মুৰত বৰফৰ বগা টুপি পিন্ধি চাই থকা হিমালয়ৰ পৰ্বতমালাবোৰ৷ সেই ঠাইলৈ ফুৰিবলৈ অহা বহুলোকক ,হাতত এখন কিতাপ নতুবা এখন ডায়েৰীলৈ সেউজ পৰিৱেশৰ মাজত আপোন পাহৰা হৈ থকা দেখিবলৈ পাইছিলোঁ৷ লাহে লাহে খোজ কাঢ়ি যেতিয়া চৌপাশ ফুৰিছিলোঁ,
তাত এখন প্ৰাথমিক স্কুলো দেখা পাইছিলোঁ, য’ত এজন শিক্ষকে আঙুলিৰ মূৰত গণিব পৰা তেওঁৰ ছাত্ৰ–ছাত্ৰী কেইজনমানক মুকলি আকাশৰ তলত শৰতৰ এটি সুন্দৰ পুৱাত পাঠদান কৰোৱাই আছিল৷ সেই গোটেই পৰিৱেশটোক চাই মই বুজি পাইছিলোঁ, কিতাপ পঢ়া আৰু পৰিবেশৰ লগত মানুহৰ মনৰ এটি মধুৰ সম্পৰ্ক আছে৷ বিভিন্ন ঋতুৱে প্ৰকৃতিৰ একোটা সুন্দৰ ৰূপৰ সৈতে লৈ অহা উৎসৱ পৰ্ববোৰে আমাৰ মনক প্ৰফুল্লিত কৰি তোলে৷ ফৰকাল নাইবা প্ৰফুল্লিত হৈ থকা মনে এখন কিতাপৰ সোৱাদ সহজেই ল’ব পাৰে৷ সেয়ে এই সময়চোৱাত ঋতু বিশেষ আলোচনীসমূহে লৈ আহে ভিন্ন স্বাদৰ লিখনিৰ সম্ভাৰ৷ প্ৰকাশ পায় বহু মূল্যৱান কথাৰে ভৰপূৰ নানান গ্ৰন্থ, সমাজৰ ছবি দাঙি ধৰা উপন্যাস,গল্প আৰু প্ৰকৃতিয়ে সলনি কৰিবলৈ ধৰা ৰূপত মনমুগ্ধ হৈ কবিৰ কল্পনাৰ পৰা জন্ম পোৱা কিছুমান সুন্দৰ কবিতাই ৷
নতুন ঋতুৰ আগমনৰ এটি সুন্দৰ পুৱাত সতেজ মনেৰে একাপ চাহৰ সৈতে এখন কিতাপৰ পাতনি মেলাৰ আনন্দই বেলেগ৷ সেই সময়ত পঢ়াৰ অভ্যাস নথকা এজনৰ মনতো কিতাপৰ শব্দই এক গভীৰ সাঁচ বহুৱাই থৈ যাব পাৰে৷ ভিন্ন দেশৰ ভিন্ন সংস্কৃতি, তাৰ ঐতিহাসিক জ্ঞান, খাদ্যোভ্যাস, কলা, নৃত্য, ৰন্ধন প্ৰণালী, সাজ–সজ্জা, ৰূপ–চৰ্চা, জীৱনৰ নানান কাহিনী আদিকে ধৰি বিভিন্ন সোৱাদে পৰিতৃপ্ত কৰি তোলে আমাৰ জীৱনৰ কিছু ক্ষণ আৰু বিকাশিত কৰি তোলে আমাৰ কল্পনা শক্তিৰ৷ কোনোবাই কৈছে পঢ়ুৱৈৰ মাজৰ পৰাই এজন লেখকৰ জন্ম হয়৷ তেওঁৰ মনৰ মাজত আগৰে পৰা সুপ্ত হৈ থকা ভাবনা, বেদনা, আনন্দ, জীৱনক চোৱাৰ দৃষ্টিভংগীক কলমৰ যোগেৰে শব্দত ৰূপান্তৰিত কৰাৰ আঁৰতেই হৈছে কিতাপ৷ এখন কিতাপেই আমাক নতুন ৰূপত গঢ় দি পুনৰবাৰলৈ প্ৰস্তুত কৰি তোলে, আহিব লগীয়া ব্যস্ততা পূৰ্ণ দিনবোৰৰ কাৰণে৷ এইয়াই হৈছে উৎসৱৰ বতৰত কিতাপ পঢ়াৰ আনন্দ৷