
শাৰী শাৰী বন্তিৰ প্ৰজ্বলিত ৰশ্মিয়ে পোহৰাই তুলিছে আজি খেৰৰ পঁজাটি৷ অন্যদিনে দুঃখ–ক্লেশ–তমসাই মুখবোৰ আ২৬ন্ন কৰি ৰাখিলেও আজি যেন চকুৱে–মুখে পোহৰ/ কেৱল পোহৰ//
সেই পোহৰ আজি মুনমুন, চুনুহঁতৰ মুখতো/ ফটকা ফুটাবলৈ, বাঁহৰ জেং প্ৰস্তুত কৰি দিবলৈ দেউতাকক সিহঁতে খাটনি ধৰিছে৷ পল্লৱীহঁতো লাগি গৈছে আল্পনা সজোৱাত৷ কোনে কিমান ধুনীয়াকৈ আল্পনা সজাই তুলিব পাৰে/– দীপাৱলীৰ এই দৃশ্য সদৌ অসম কিম্বা ভাৰতবৰ্ষৰ তথা দক্ষিণ এছিয়াৰ৷
বছৰৰ আটাইতকৈ অন্ধকাৰ দিন কাতিমাহৰ অমাৱস্যা তিথিত মূল দেৱালী পালন কৰা হয়৷ কেৱল ভাৰতবৰ্ষতে নহয় সমগ্ৰ দক্ষিণ এছিয়াতে এই উৎসৱ উলহ–মালহেৰে উদ্যাপন কৰাৰ লগতে সমগ্ৰ বিশ্বৰ ভাৰতীয় মূলৰ মাজত অতি জনপ্ৰিয় এই উৎসৱ৷
দেৱালিৰ আগে আগে মানুহে তেওঁলোকৰ ঘৰ আৰু কৰ্মস্থানৰ চাফ–চিকুণ, পুনৰ নিৰ্মাণ আৰু সৌন্দৰ্য বৰ্ধনত ব্যস্ত হয়৷ দীপান্বিতাৰ দিনা সকলোৱে সুন্দৰ সাজ পৰিধান কৰি ঘৰৰ ভিতৰত, চোতালত মিঠাতেলৰ মাটিৰ চাকি, মম, আলোকসজ্জাৰে আলোকিত কৰে৷ ইয়াৰ লগে লগে বোমা ফটকা ফুটাই আনন্দ উল্লাস কৰাতো দেৱালীৰ অন্যতম পৰম্পৰা৷
জনবিশ্বাস অনুসৰি অতি প্ৰাচীন কালৰে পৰা এই উৎসৱ উদ্যাপনৰ আছে কেইবাটাও পৌৰাণিক আখ্যান–
পৌৰাণিক আখ্যান অনুসৰি অমাৱস্যাৰ এই দিনটোতেই চৈধ্য বছৰ বনবাস খটাৰ পাছত ৰাম–লক্ষ্মণ–সীতা আৰু হনুমান অযোধ্যালৈ উভতি আহিছিল৷ এই বতৰাত আনন্দতে উল্লাসিত হৈ উঠিছিল অযোধ্যাৰ প্ৰজাগণ৷ তেওঁলোকক আদৰিবৰ বাবেই ঘৰে–পদূলিয়ে শাৰী শাৰীকৈ বন্তি প্ৰজ্বলন কৰিছিল অযোধ্যাৰ নৰ–নাৰীগণে৷
অন্য এক আখ্যান অনুসৰি দ্বাপৰ যুগত ভূমি দেৱীৰ পুত্ৰ নৰকাসুৰে ব্ৰহ্মাৰ পৰা বৰ লৈ অতি অহংকাৰী হৈ উঠে৷ অহংকাৰী নৰকাসুৰে তিনিও লোকতে ত্ৰাসৰ সৃষ্টি কৰিবলৈ ধৰিলে৷ অত্যাচাৰত তিষ্ঠিব নোৱাৰি দেৱতাসকল শৰণাপন্ন হ’ল ভগৱান শ্ৰীকৃষ্ণৰ৷ তেওঁলোকৰ অনুৰোধ অনুসৰি ভগৱান শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰি পাপৰ বিনাশ ঘটাই সমস্ত জগতক উদ্ধাৰ কৰে৷ অত্যাচাৰী নৰকাসুৰৰ নিধনত ত্ৰিলোকে আনন্দিত হৈ চাকি–বন্তি জ্বলাই আনন্দোল্লাস কৰিছিল৷
এই আখ্যানবোৰৰ পৰা বুজা যায় যে দীপান্বিতা পালনৰ তাৎপৰ্য হৈছে– দুষ্টক দমন, শিষ্টক পালন অৰ্থাৎ অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ জয়৷ অসূয়া–অপশক্তিক নিৰ্মূল কৰি সুখ–শান্তি স্থাপন কৰাই হৈছে দীপান্বিতা পালনৰ মূল উদ্দেশ্য৷ অন্য এক কথাত ক’বলৈ গ’লে হিন্দু, জৈন,
শিখ আৰু কিছুসংখ্যক বৌদ্ধ লোকে পালন কৰা দীপান্বিতা অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ, বেয়াৰ বিৰুদ্ধে ভালৰ আৰু অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়ক প্ৰতিনিধিত্ব কৰে এই উৎসৱে৷
কিন্তু অতি পৰিতাপৰ বিষয় যে যিমানেই দিনবোৰ আধুনিক হৈ গৈ আছে সিমানেই পোহৰৰ এই উৎসৱটি শব্দোৎসৱলৈ পৰিণত হোৱা পৰিলক্ষিত হৈছে৷ কিন্তু এই শব্দোৎসৱে জনস্বাস্থ্যলৈ কঢ়িয়াই আনিছে ভয়ানক ভাবুকি৷
শব্দোৎসৱৰ আধুনিক সামগ্ৰী মূল ফটকাত থাকে মূলতঃ ছালফাৰ, তাৰ লগতে বিভিন্ন প্ৰকাৰৰ ষ্টেবেলাইজাৰ্ছ,
অক্সিডাইজাৰ,
ৰিডিউছিং এজেণ্ট আৰু ৰং থাকে৷ যেতিয়া এই ফটকা–আতচবাজীবোৰ জ্বলোৱা হয় তেতিয়া তাৰ পৰা বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক গেছ বায়ুত মিহলি হৈ পৰে৷ যাৰ ফলস্বৰূপে প্ৰদূষিত হয় বায়ুমণ্ডল৷ কেৱল বায়ুৱে নহয় শব্দ প্ৰদূষণৰো ভয়াৱহতা সৃষ্টি কৰে আতচবাজীবোৰে৷ মানুহৰ কাণে নিৰ্দিষ্ট পৰিমাণৰ শব্দলৈকে কোনো ক্ষতি নোহোৱাকৈ শুনিব পাৰে; কিন্তু তাতকৈ অধিক হ’লে নেতিবাচক প্ৰভাৱ পৰিব পাৰে আমাৰ কাণত৷ ফটকাৰ ধবনিৰ স্তৰ প্ৰায় ১২৫ ডেচিবল৷ যাৰ দ্বাৰা কাণৰ প্ৰৱল শক্তি হ্ৰাস হ’ব পাৰে৷ মানুহৰ কাণে মাত্ৰ ৫ ডেচিবল শব্দলৈকে কোনো ক্ষতি নোহোৱাকৈ শুনিব পাৰে৷
কেৱল মানুহেই নহয়, জন্তুৰ ওপৰতো পৰে ইয়াৰ কু–প্ৰভাৱ৷ কুকুৰ–মেকুৰী বা আনবোৰ জন্তুৰ শ্ৰৱণ শক্তি মানুহৰ তুলনাত অধিক৷ সেইক্ষেত্ৰত ফটকা আতচবাজীৰ শব্দই অধিক প্ৰভাৱ পেলাই এই জীৱ–জন্তুবোৰৰ ওপৰত৷ প্ৰায়ে দেখা যায় দীপান্বিতাৰ সময়ত পোহনীয়া কুকুৰ–মেকুৰীবোৰে আতংকিত হৈ পৰে বা ভয় খায়৷
পৰিশেষত ঠাই ভেদে ৫ দিনীয়াকৈ পালন কৰা এই উৎসৱ সঁচা অৰ্থতেই হৈ পৰক পোহৰৰ উৎসৱ৷ পুঁজিবাদী প্ৰৱণতাৰে আতচবাজীৰ প্ৰতিযোগিতা বাদ দি ধনী–দুখীয়া নিৰ্বিশেষে সকলোৰে আনন্দ উৎসৱলৈ পৰ্যবেশিত হওক এই দীপাৱলী উৎসৱ৷ ঘৰে ঘৰে বিয়পি পৰক হাঁহি–স্নেহ আৰু ভাতৃত্ববোধ৷ ন্যায়ৰ প্ৰতিষ্ঠা হওক/ ধবংস হওক সকলো অসূয়া অপ্ৰীতি৷