
আমাৰ ধৰাখন বিভিন্ন লোক সমষ্টিৰে ভৰা৷ ধৰালৈ অহাৰ লগে লগেই যেন বহন কৰে একো একোটা দায়িত্ব৷ উশাহ ল’ব পৰা দিনৰ পৰাই যেন আৰম্ভ হয় অনুভূতিৰ৷ হাঁহি, কান্দোন, মৰম, আৱেগ আটাইবোৰৰ সংমিশ্ৰণত মানৱ শৰীৰৰ বৃদ্ধি আৰু বিকাশ হয়৷ কেৱল সুখেৰে জীয়াই থাকিবৰ বাবেই মানুহবোৰ আধুনিক যুগত যান্ত্ৰিকতাৰ ভিৰত একো একোটা যন্ত্ৰ মানৱ হৈ পৰিবলৈ যেন বাধ্য৷ কিন্তু দেহত নাই ষ্ক্ৰু¸¸¸,
ন’ট, লোহা কিম্বা বিদ্যুত৷ তথাপি চলি থাকে সংগ্ৰামৰ অনৰ্গল যাত্ৰা৷ এই যাত্ৰাৰ সাক্ষী হয় ঈশ্বৰ৷ দিন–ৰাতিৰ প্ৰভেদ থকাৰ দৰে মানুহৰ গুণ–দোষৰো প্ৰভেদ থাকে৷ কিছুমান ব্যক্তি মানৱ দৰদী গুণৰ অধিকাৰী হয়৷ যিসকলে স্বাৰ্থবিহীনভাৱে ৰাইজৰ মংগলৰ হকে চিন্তা কৰে, তেওঁলোক সমাজৰ সদায়েই আদৰৰ৷ আজি আমি ‘পূৰ্বদিশ’ৰ qw
পৃষ্ঠাত ক’ব খুজিছো এনে এজন মানৱ দৰদী ব্যক্তিৰ কথা যি ব্যক্তিয়ে কেৱল আৰ্তজনৰ আৰ্তনাদবোৰক সন্মান কৰিব জানে৷ কোনো বিনিময় নোলোৱাকৈ সহায়ৰ হাত আগবঢ়ায়৷ মৰিগাঁও জিলাৰ নেলী অঞ্চলৰ এক উজ্জ্বল জ্যোতিষ্কৰ নাম মৃণাল পাটৰ৷ শ্ৰীকান্ত পাটৰ আৰু ৰমা পাটৰৰ সন্তান মৃণাল পাটৰ নেলীবাসীৰ বাবে ঈশ্বৰ সদৃশ ব্যক্তি৷ ৰাইজৰ যিকোনো বিপদত থিয় হৈ সাহস দিয়া এই মৃণাল পাটৰৰ আছে এটি কন্যা আৰু পুত্ৰ সন্তানেৰে পৰিপূৰ্ণ এখন সুখৰ সংসাৰ৷ পত্নী মিলু ডেকা পাটৰ, পুত্ৰ উদিত পাটৰ আৰু কন্যা চয়নিকা পাটৰো তেখেতৰ দৰেই সমাজ সেৱাৰ পথত আগুৱাই যোৱা ব্যক্তি৷ উজ্বল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিৰ জীৱনৰ কিছু কথা জানিবলৈ আমি উপস্থিত হৈছিলোঁ নেলীস্থিত তেওঁৰ ফাৰ্ম হাউছত৷

ঃ নমস্কাৰ ডাঙৰীয়া৷
ঃ নমস্কাৰ৷
ঃ প্ৰথমেই আপোনাক পূৰ্বদিশ আলোচনীৰ তৰফৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ৷ আপুনি সমাজৰ এক বিৰল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি৷ অন্য কথা জনাৰ পূৰ্বে আপোনাৰ পৰা শৈশৱৰ কিছু কথা জানিব বিচাৰিছোঁ৷
ঃ ধন্যবাদ, আপোনালোককো মোৰ ফাৰ্ম হাউছত স্বাগতম জনাইছোঁ৷ আন ব্যক্তিৰ দৰে মোৰো শৈশৱ অতি মধুৰ৷ মধুৰ বুলি এইকাৰণেই কৈছো, কাৰণ শৈশৱৰ সময়ছোৱাত জীৱনৰ জটিলতাবোৰ বৰকৈ বুজিব পৰা হোৱা নাছিলোঁ৷ মোৰ মা–দেউতা আৰু ভাইটি থকা পৰিয়ালত এগৰাকী ভণ্টী বা বাইদেউৰ অভাৱ অনুভৱ কৰিছিলোঁ৷ ছোৱালী নথকা ঘৰখনত সৰুৰে পৰাই মই ঘৰৰ প্ৰায়বোৰ কাম কৰি মা–দেউতাক সহায় কৰি দিছিলোঁ৷ মোৰ শৈশৱৰ সময়ছোৱাত ঘৰখন আৰ্থিকভাৱে যথেষ্ট দুৰ্বল আছিল৷ তেতিয়া দেউতা আৰু মই কাঠৰ ব্যৱসায় কৰিছিলোঁ৷ আমাৰ কষ্ট দেখি চৰকাৰৰ ফালৰ পৰা দোকান এখন কৰি দিছিল৷ সেই কাঠৰ দোকানৰ পৰাই ব্যৱসায়িক জীৱন যাত্ৰাৰ পাতনি মেলিছিলোঁ আৰু আজি ঈশ্বৰৰ আশীৰ্বাদত স্বাৱলম্বী জীৱন এটা কটাব পাৰিছোঁ৷ শৈশৱৰ কথা কওঁতে এটা কথা ক’ব পাৰো সেয়া হ’ল ডাঙৰ হৈ সংঘাত, সংগ্ৰাম, বাস্তৱ চিন্তা সামৰি থকা সময়তকৈ শৈশৱৰ ধূলি–বালিৰে খেলা সময়খিনিয়েই জীৱনৰ শ্ৰেষ্ঠ সময়৷ কেতিয়াবা ভাব হয় আকৌ শৈশৱ ঘূৰাই পোৱা হ’লে মন খুলি হাঁহিব, খেলিব, আনন্দ কৰিব পাৰিলোহেঁতেন৷
ঃ সামাজিক কামৰ যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিল৷ কিবা বিশেষ কথাৰে আপুনি অনুপ্ৰাণিত হৈছিল নেকি?

ঃ আজিৰ পৰা ২৫ বছৰৰ আগৰ পৰা সমাজৰ হকে কাম কৰাৰ প্ৰয়াস কৰিছিলোঁ৷ জীৱ শ্ৰেষ্ঠ হ’ল মানুহ৷ মোৰ বিশ্বাস ইহ জগতৰ মানুহেই ভগৱান৷ মই কাকো উচ্চ–নীচ জ্ঞান নকৰো৷ সকলো সমান৷ ৰাইজৰ আশীষ মোৰ আভ্যন্তৰীণ শক্তি৷ ১৯৮৩ চনৰ নেলীৰ সংঘৰ্ষ মই দেখিছো৷ ধৰ্ম বিভেদ, ভাতৃ সংঘৰ্ষ, হত্যা–হিংসাৰে জৰ্জৰিত নেলীৰ পৰিৱেশ আজি শান্ত৷ কিন্তু তেতিয়া বিভেদৰ জুইয়ে সকলোৰে মন অশান্ত কৰি পেলাইছিল৷ মই ধৰ্ম বিভাজন অত্যন্ত বেয়া পাওঁ৷ মানুহক মানুহ বুলি স্বীকৃতি দিয়াটোহে জীৱ শ্ৰেষ্ঠ মানুহৰ প্ৰধান ধৰ্ম হ’ব লাগে৷ নেলীত ২০১৪ বৰ্ষত মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ এস্তেমা অনুষ্ঠান হৈছিল য’ত ৩০ লাখ মানুহৰ সমাগম হৈছিল৷ প্ৰস্তুতিৰ সময়ছোৱাতে এস্তেমা অনুষ্ঠিত কৰাত নিষেধাজ্ঞা প্ৰদান কৰা হৈছিল যদিও মোৰ আৰু স্থানীয় ৰাইজৰ সহযোগত সুন্দৰভাৱে এস্তেমা অনুষ্ঠিত কৰিবলৈ দিয়া হয়৷ ৰাইজে আশীৰ্বাদ দিছিল একেমুেখে৷ সেয়ে হয়তো জীৱনত আৰু থমকি ৰ’ব লগা হোৱা নাই৷ ৰাইজৰ মৰম, চেনেহ আৰু আশীৰ্বাদ লাভ কৰিবলৈ মই তেওঁলোকক সাধ্য অনুসৰি সহায় কৰো৷ বেলেগ কথা একো নাই৷
ঃ নেলী অঞ্চলত আপুনি এজন অত্যন্ত প্ৰিয় ব্যক্তি৷ তাৰ আঁৰৰ কথাখিনি জানিব খুজিছোঁ৷
ঃ প্ৰিয় ব্যক্তি হ’বলৈ হ’লে তেওঁলোকৰ সুখ–দুখত মাত এষাৰ দিয়াৰ সময় অকণ উলিয়াব লাগে৷ মই সেই সময়কণ দিবলৈ প্ৰয়াস কৰোঁ৷ যিকোনো সমস্যাৰ সমাধান বিচাৰি যেতিয়া মোৰ ওচৰলৈ আহে মই যথেষ্ট সুখী হওঁ৷ মোক বিশ্বাস কৰে বাবেই তেওঁলোক আহে৷ মই যি কৰিব পাৰিছোঁ সকলো ৰাইজ আৰু ঈশ্বৰৰ আশীৰ্বাদত কৰিছোঁ৷ সেয়ে নেলী অঞ্চলৰ প্ৰতিজন ব্যক্তি মোৰ বুকুৰ আপোন ব্যক্তি৷
ঃ আপোনাৰ নৱ নিৰ্মিত ফাৰ্মখনৰ বিষয়ে অলপ কওকচোন৷ এই ফাৰ্মখনৰ বিশেষত্ব??
ঃ মোৰ ফাৰ্মখন ১২ বিঘা মাটিত নিৰ্মাণ কৰিছোঁ৷ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা নাই৷ দুটা ফিচাৰিত মাছ এৰিছোঁ৷ এটাত চাৰি হেজাৰ কাৱৈ মাছ আৰু এক হাজাৰ কচ মাছ৷ আনটোত সানমিহলি মাছ এহেজাৰ এৰিছোঁ৷ ছাগলী, গৰু,
হাঁহ,
মুৰ্গী আদিও পুহিছোঁ৷ এই ফাৰ্মখনৰ বিশেষত্ব হৈছে ইয়াত ফল–মূল,
শাক–পাচলি,
মাছ–মাংস কোনো এটা সামগ্ৰীয়েই বিক্ৰীৰ বাবে নহয়৷ সকলো মই বিনামূলীয়াকৈ ৰাইজৰ মাজত ভগাই দিওঁ৷ বিশেষকৈ মাঘৰ বিহুত মোৰ পুখুৰীত মাছ মাৰি গোটেই নেলী অঞ্চলত ভগাই দিবলৈ প্ৰয়াস কৰো৷ ৰাইজ সুখী হ’লে মইও সুখী৷ ফাৰ্মখনত নতুনকৈ আগৰৰ ব্যৱসায় এটাও এই মাহতে আৰম্ভ কৰিম৷ বৰ্তমান এই ব্যৱসায় আৰম্ভ কৰিবলৈ উজনি–নামনিৰ ব্যৱসায়ীসকলৰ সতে বাৰ্তালাপ চলি আছে৷ ব্যৱসায়টোৰ নামাকৰণ আৰু ব্যৱসায়িক কথাবোৰ কিছুদিন পাছতে ব্যক্ত কৰা হ’ব৷
ঃ সামাজিক ক্ষেত্ৰৰ লগতে ৰাজনৈতিক ক্ষেত্ৰখনত আপুনি কেনেকৈ জড়িত হ’ল?
ঃ কেনেকৈ জড়িত হ’লো ঠিক ময়ো উত্তৰ বিচাৰি নাপাওঁ৷ ৰাইজে মৰম কৰিছিল বাবেই মোক আদৰি লৈ গৈছিল৷ ১৩ নং নেলী স্বায়ত্ব শাসিত পৰিষদৰ সদস্য হোৱাৰ পাছত তিনি মাহৰ বাবে ডেপুটি চেয়াৰমেন হিচাপে নিৰ্বাচিত হৈ মই অৱসৰ লৈছিলোঁ৷ শাসনভাৰ লোৱাৰ পাছত তিৱা পুঁজি আৰু মোৰ ব্যক্তিগত পুঁজিৰে ৰাইজৰ নামঘৰ নিৰ্মাণ, ৰাস্তা–ঘাট, খোৱাপানীৰ সুবিধা কৰিছিলোঁ৷ এতিয়াও বিভিন্ন অনুষ্ঠান–প্ৰতিষ্ঠানৰ সৈতে জড়িত আছোঁ৷ কেৱল চৰকাৰৰ দায়িত্ব অথবা শাসন ভাৰত থাকিলেই যে ৰাইজক সহায় কৰিব পাৰি তেনে কথা নাই৷ মই যিকোনো মুহূৰ্ততে আজিও ৰাইজক সহায় কৰি যাম৷ ৰাজনৈতিক ক্ষেত্ৰলৈ অহাৰ মোৰ কোনো পৰিকল্পনা নাছিল৷ ৰাইজৰ মৰমক নেওচা দিব নোৱাৰি মই আগুৱাই গ’লো৷ কাৰণ ৰাইজ ঈশ্বৰ৷ মানুহ মোৰ প্ৰাণৰো প্ৰাণৰ৷