সম্পাদকীয় – Purbodix.com

সম্পাদকীয়

এতিয়া কিতাপৰ দিন৷ শৰতে পাৰি দিয়া দলিচাৰে লাহে  

      লাহে সোমাই আহে শীত, কুঁৱলী আৰু গ্ৰন্থৰ সুবাস৷ এৰা/ এই কেইদিনেইতো গ্ৰন্থপ্ৰেমীৰ একান্ত নিজৰ দিন৷ নিজৰ প্ৰিয় গ্ৰন্থ বিচৰা, লিখকৰ সৈতে পৰিচয় হোৱাৰ সুযোগ৷ বছৰটোৰ এই কেইটা দিনতে পোৱা যায় বিভিন্ন গ্ৰন্থমেলাত৷ সেয়েহে সকলো গ্ৰন্থপ্ৰেমীয়ে বহু হেঁপাহেৰে প্ৰতীক্ষা কৰে শীতৰ আগমনলৈ৷ কেৱল অসমতেই নহয় সমগ্ৰ পৃথিৱীতে শীতৰ দিনতেই প্ৰধানতঃ গ্ৰন্থমেলা অনুষ্ঠিত হয়৷ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য, যেনে- পশ্চিমবঙ্গ, কেৰেলা, দিল্লী, চুবুৰীয়া বাংলাদেশৰ পৰা জাৰ্মানলৈ বিশ্বৰ সকলো প্ৰান্ততে অনুষ্ঠিত হয় গ্ৰন্থমেলা৷ তলৰ তালিকাখন চাওক- পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বিখ্যাত গ্ৰন্থমেলা সমূহৰ নাম আৰু স্থান– জেৰুজালেম ইণ্টাৰনেচনেল বুকফেয়াৰ, নিউ দিল্লী ৱল্ডৰ্ বুকফেয়াৰ, টাইপেই ইণ্টাৰনেচনেল, নেইপজিং বুকফেয়াৰ, চালোন দঁু লুভৰ (পেৰিচ), আলেক্টজেন্দ্ৰিয়া ইণ্টাৰনেচনেল, বলগনত চিলড্ৰেন বুকফেয়াৰ, বেংকক ইণ্টাৰনেচনেল, লণ্ডন বুকফেয়াৰ, বুডাপেষ্ট, থেচাঁল’নিকি, তেহৰান, আবুধাবি, নাইজেৰিয়ান, প্ৰাগ, ৱাৰচ, বুকএক্সপো আমেৰিকা, হংকং, টকিঅ’, বেইজিং, মস্কো, ফ্ৰেংকফুট, টৰণ্টো, ছাৰজাহ আৰু মেক্সিক’ ইত্যাদি৷

ইণ্টাৰনেটৰ আধিপত্যৰ দিনতো সমগ্ৰ পৃথিৱীতে কিন্তু গ্ৰন্থমেলাৰ চাহিদা কমা নাই৷ বৰং পৃথিৱীৰ বহুতো স্থানত নতুনকৈ গ্ৰন্থমেলাৰ আয়োজন হ’বহে ধৰিছে৷ ই লিখক আৰু পুঢ়ুৱৈৰ বাবে সঁচাকৈয়ে ভাল খবৰ৷

আপুনি কল্পনা কৰকচোন৷ আপোনাৰ প্ৰিয় অসমীয়া লেখক এগৰাকীৰ অহাকালি মুক্তি পাবলগীয়া কিতাপখনৰ বাবে আপুনি ওৰেনিশা দোকানৰ সন্মুখত লাইনপাতি থিয় আছে৷

কল্পনা কৰক আপোনাৰ প্ৰিয় লেখকগৰাকীয়ে নতুন কিতাপখনত লিখাৰ বাবে প্ৰকাশকৰ পৰা পাইছে শকত ধনৰ টোপোলাৰ আগধন/ বিলাসী গাড়ী অথবা এটি ফ্লেট৷

ভাবিচাওক এগৰাকী জনপ্ৰিয় লিখকৰ এটি জনপ্ৰিয় চৰিত্ৰই ভুমুকি মাৰে বোলছবিৰ পৰা স্কুলৰ ভেশচন প্ৰতিযোগিতালৈ৷ সকলোতে৷

পৃথিৱীৰ আন প্ৰান্তত এইবোৰ যদিও সাধাৰণ কথা অসমত কিন্তু এইবোৰ অসম্ভৱ এক দিবাঃ স্বপ্ন৷

কাৰণ অসমত এতিয়াও লিখকৰ বাণিজ্যিক মূল্য নাই৷ এনে নহয় যে অসমৰ লিখকে আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন লিখনি গল্প, উপন্যাস, কবিতা লিখিব নোৱাৰে৷ তেওঁলোকে লিখি আছে, কিন্তু ইয়াৰ প্ৰচাৰ আলোকপাত, সমালোচনাৰ ক্ষেত্ৰ তেনেই সীমিত৷ অসমৰ বাতৰি কাকত, আলোচনীয়ে লেখকসকলৰ লিখনিহে ছপা কৰে লেখকসকলৰ বাণিজ্যিক মূল্য বঢ়োৱাৰ বাবে একো চিন্তা নকৰে৷ টেলিভি(ন চেনেলবোৰ সাহিত্যিকসকলৰ প্ৰতি আৰু বেছি উদাসীন৷ সাহিত্যিকে তেওঁলোক টি আৰ পি বঢ়াব নোৱাৰে বুলি তেওঁলোকৰ দৃঢ় বিশ্বাস৷

পাছে সাহিত্যিকৰ গ্লেমাৰৰ বাণিজ্যিকীকৰণ নোহোৱা বাবেই আজি অসমত কোনেও গল্প, কবিতা লিখি জীৱিকা নিৰ্বাহ কৰিব নোৱাৰে৷

আমি আশা কৰো নতুন প্ৰজন্মই অসমীয়া সাহিত্যিক সকলৰ গ্লেমাৰৰ বিষয়, বাণিজ্যিকীকৰণৰ বিষয়ে অলপ নতুন চিন্তা-চৰ্চা কৰিব৷

অসমত কোনোদিনে গানৰ চৰ্চা নকৰা এজন যুৱকৰ দৈবক্ৰমত গোৱা গীত এটি জনপ্ৰিয় হোৱাৰ পাছত তেওঁ প্ৰতিখন অনুষ্ঠানৰ বাবদ যিমান পাৰিশ্ৰমিক লাভ কৰে, যিমান অনুষ্ঠানত সম্বিৰ্দ্ধত হয়, বাতৰি কাকত, চেনেলবোৰত যিমান তেওঁৰ প্ৰচাৰ হয় সিমান অসমৰ কোনো এজন লব্ধ প্ৰতিষ্ঠ সাহিত্যিকে গোটেই জীৱন যুঁজিও নাপায়৷ কিয়?

আপুনি যদি গ্ৰন্থপ্ৰেমী হয়, অসমীয়া সাহিত্য চৰ্চা কৰে তেনেহলে ইয়াৰ উত্তৰ আপুনি জানে৷

ধন্যবাদ৷

Leave a Reply

Your email address will not be published. Required fields are marked *