স্বাস্থ্যৱান শিশু – Purbodix.com

স্বাস্থ্যৱান শিশু

(শিশু দিৱস বিশেষ)

ঊজোনাকী দেৱী কাশ্যপ

শিশুসকল শাৰীৰিক তথা মানসিক দুয়ো দিশতে স্বাস্থ্যৱান হোৱাটো জৰুৰী৷ আজিৰ শিশু কাইলৈ দায়িত্বশীল নাগৰিক, সমাজৰ গুৰিধৰোঁতা৷ গতিকে সিহঁত মানসিকভাৱেও স্বাস্থ্যৱান হোৱাটো জৰুৰী৷ স্বাস্থ্য শব্দই দৈহিক আৰু মানসিক দুয়োটা দিশেই সাঙুৰি লয়৷ দৈহিক স্বাস্থ্যই এজন ব্যক্তিৰ অংগপ্ৰত্যংগসমূহক সামৰি লয় আৰু এইসমূহ সুস্থ হৈ থাকিলে মানুহজনক স্বাস্থ্যৱান আখ্যা দিয়া হয়৷ ঠিক সেইদৰে আৱেগ, অনুভূতি, চিন্তা, যুক্তি, কল্পনা, স্মৃতি আদি মানসিক উপাদানসমূহৰ স্বাভাৱিক অৱস্থানে ব্যক্তি এজনক মানসিক স্বাস্থ্যসম্পন্ন বুলি পৰিচয় দিয়ে আৰু অস্বাভাৱিক অৱস্থানে মানসিক ৰোগগ্ৰস্তৰূপে পৰিচয় দিয়ে৷

বৰ্তমান সময়ত সমাজৰ সকলো বয়সৰ লোকৰেই মানসিক স্বাস্থ্য ৰক্ষাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয়৷ ইয়াৰ ভিতৰত শিশুৰ মানসিক স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিয়া প্ৰয়োজন৷ কিয়নো শৈশৱ, বাল্য আৰু কৈশোৰ কালত মনত গঢ় লৈ উঠা মনোভাৱ, ভাববৃত্তি, অনুভূতি আদিয়ে শিশুৰ পৰৱৰ্তী জীৱনত অনুৰূপ প্ৰভাৱ পেলাই মানসিক স্বাস্থ্য গঢ় দি তোলে৷ প্ৰত্যেকগৰাকী শিশু মানসিকভাৱে সুস্থ হোৱাটো প্ৰয়োজন৷ মানসিকভাৱে অসুস্থ শিশুৰ মাজত হতাশা, উদ্বিগ্নতা, নিৰাপত্তাহীনতা, নিঃসংগপ্ৰিয়তা, অপৰাধ প্ৰৱণতা আদি সমস্যাই দেখা দিব পাৰে৷

অসুস্থ মানসিক স্বাস্থ্যসম্পন্ন শিশুৰ লক্ষণ

জ্ঞ দৈনিক কাৰ্যকলাপখিনি কৰিবলৈ অক্ষম হয়৷

জ্ঞ খোৱা আৰু শোৱাৰ ৰুটিন সলনি হয়৷

জ্ঞ কঙাল আৰু খিংখিঙীয়া হৈ পৰে৷

জ্ঞ অকলশৰে থাকিব বিচাৰে৷

জ্ঞ মাজে সময়ে আক্ৰমণাত্মক হৈ উঠিব পাৰে৷

জ্ঞ কিছুমান অনৈতিক কাম যেনেচুৰি কাৰ্য, স্কুলৰ পৰা পলায়ন কৰা, বস্তু ভঙা আদিবোৰ কৰিব পাৰে৷

জ্ঞ কোনো কোনো শিশু আকৌ অধিক সক্ৰিয় (Hyper Active) হৈ উঠিব পাৰে৷

জ্ঞ নিজৰ মনৰ কল্পনা ৰাজ্যত বিচৰণ কৰি ফুৰিব পাৰে৷

শিশুৰ মানসিক স্বাস্থ্য অটুট ৰাখিবলৈ পৰিয়াল, বিদ্যালয় আৰু সমাজৰ যথেষ্ট ভূমিকা আছে৷ প্ৰত্যেক অভিভাৱকে নিজৰ শিশুটো দৈহিক আৰু মানসিকভাৱে সুস্থ হোৱাটো কামনা কৰে৷ শিশুৰ দেহ মানসিক বিকাশ অনুযায়ী বিভিন্ন পৰ্যায়ত দেখা দিয়া দৈহিক, মানসিক, আৱেগিক আৰু সামাজিক প্ৰয়োজনবোৰ পূৰণ কৰাটো পৰিয়াল তথা বিদ্যালয়ৰ কৰ্তব্য৷ এই প্ৰয়োজনসমূহ পূৰণত বাধাৰ সৃষ্টি লে মানসিক সমস্যাই দেখা দিব পাৰে৷ শিশুক মানসিকভাৱে সুস্থ কৰি ৰখাৰ কেইটামান উপায়

জ্ঞ শিশুক যথোপযুক্ত মৰমচেনেহ দিব লাগে৷

জ্ঞ ঘৰুৱা পৰিৱেশ অনুকূল লাগে৷

জ্ঞ আৱশ্যক অনুযায়ী শিশুক নিৰ্দেশনা দিব লাগে৷ বিদ্যালয়ত এই সুবিধা থকাটো জৰুৰী৷

জ্ঞ শিশুক পৰিত্যক্ত অথবা অতিমাত্ৰা আবদাৰ কৰিব নালাগে৷

জ্ঞ শিশুৰ ভৱিষ্য সম্পৰ্কে অধিক উদ্বিগ্ন নালাগে৷

জ্ঞ বিদ্যালয়ত শিশুৰ প্ৰতি ব্যৱহাৰ গণতান্ত্ৰিক লাগে৷

জ্ঞ পৰিয়াল তথা বিদ্যালয়ত শিশুৰ মনত আত্মবিশ্বাসৰ ভাব গঢ় দি তুলিবৰ যত্ন কৰিব লাগে৷

জ্ঞ শিশুৰ যুক্তিসংগত প্ৰয়োজনবোৰ পূৰণৰ চেষ্টা কৰিব লাগে৷

জ্ঞ শিশুক সমালোচনা কৰাৰ পৰা বিৰত থকাটো উচিত৷

জ্ঞ বিদ্যালয় সপ্তাহ অথবা বিদ্যালয়ৰ অন্যান্য কাৰ্যসূচীসমূহত অংশগ্ৰহণৰ বাবে ৎসাহ প্ৰদান কৰিব লাগে৷

জ্ঞ শিশুৰ সৃষ্টিশীলতাক ৎসাহিত কৰিব লাগে৷

শিশুৰ মানসিক স্বাস্থ্যৰক্ষাত পৰিয়াল, বিদ্যালয়ৰ প্ৰভাৱ উল্লেখনীয়৷ শাৰীৰিক বিকাশ আৰু মানসিক বিকাশ দুয়োটা সমান্তৰালাৱে বিকশিত লেহে শিশুৰ ব্যক্তিত্ব সুস্থ আৰু সুন্দৰ হৈ উঠিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *