ঊজিনামনি বৰা

শৰত! এক অনুপম ৰিতু তুমি৷ তুমি আহিয়েই মতলীয়া কৰা সকলোৰে হিয়া–মন৷ হয়তো এনে কোনো নোলাব, যি তোমাৰ প্ৰেমত পৰা নাই এবাৰৰ বাবে হ’লেও৷ কঠিনৰ পৰা কঠিন হৃদয় এখনতো দোলনি তোলে শৰতে৷ শৰত এক অনাবিল সৌন্দৰ্যৰ আকৰ৷ শৰতৰ মনোমোহা ৰূপে প্ৰেমত পেলায় সকলোকে৷ শৰত, যাৰ ৰূপ–লাৱণ্যত সকলো মতলীয়া–আহিন, শেৱালি, নিয়ৰ, দূবৰি, জোনাক, কঁহুৱা৷ শৰত অহাৰ বতৰা পাই আৰম্ভ হয় আকাশৰ নীলাবোৰৰ মাজে মাজে শুকুলা মেঘৰ খেলা৷
শৰতক শেৱালি, কঁহুৱা আৰু আলসুৱা কপাহ–কোমল ডাৱৰে যেন আবাহন জনায় মৰতত স্নিগ্ধতা বিলাবলৈ৷ শৰত, তোমাৰ স্পৰ্শৰ আকুলতাত জোনাক নামে নিয়ৰ সৰে শেৱালি–কঁহুৱাই মিচিকি হাঁহে৷ আহিনে তোমাক আদৰি আনে কুঁৱলিৰ মাজেৰে৷ কিন্তু শৰত, আহিছা তুমি আহিনৰ বাবে নে শেৱালিৰ বাবে৷ অথবা নিয়ৰৰ বাবে নে তুমি আহা কুঁৱলিৰ বাবে৷ আচলতে তুমি আহিবা বুলি জানি আহিন আগেয়ে আহে৷ শৰত অহাৰ বতৰা লৈ আহিন আহে৷ সুন্দৰ হৈ উঠে ধৰা৷ বিনন্দীয়া হৈ পৰে প্ৰকৃতি৷ আহিন আৰু শৰত পৰস্পৰেই যেন অতুলনীয় হয় পৰস্পৰৰ সান্নিধ্যত৷ আহিন আহিলেই শৰত আহে৷ শৰত আহিলেই নিয়ৰ সৰে৷ দূবৰিৰ ওপৰত নিয়ৰৰ মুকুতা সৰে৷ শৰত আহিলেই পুৱাৰ ফিৰফিৰিয়া বতাহজাকে কঢ়িয়াই আনে এটি মিঠা সুবাস৷ সেই সুবাস যে সকলোৰে নিচেই চিনাকি৷ হয়, শেৱালি ফুলিছে৷ সেয়াযে শেৱালিৰ সুবাস৷ আমোলমোল শেৱালিৰ গোন্ধ, যাওঁ বুলি যাবই নোৱাৰিচোন৷
কিন্তু প্ৰকৃতিৰ এই মনোমোহা পৰিৱেশত কাৰ উচুপনি বিৰিখে বিৰিখে ঠেকা খাই প্ৰতিধ্বনিত হৈ আহে? জোনাক কোমল নিশাত কাৰ চকুপানী নিয়ৰকণিকা হৈ সৰে? আহিনে কয়…. সেয়া শেৱালিৰ চকুপানী নিয়ৰকণিকা হৈ সৰিছে৷ শেৱালিৰ চকুপানীৰে বিনন্দীয়া প্ৰকৃতি সেমেকি উঠিছে৷ কাৰবাবে? কিয় বাৰু শেৱালিয়ে উচুপে?
শাৰদীয় জোনাক নিশা ৰাতি ফুলা ফুল শেৱালি হেনো বিষাদৰ প্ৰতীক৷ qw বগা, কমলা ৰঙৰ ঠাৰিৰে শৰতৰ জোনাক নিশা পৰম আৱেগেৰে পাহি মেলি ৰাতিবোৰ মায়াময় কৰি তোলা শেৱালি ফুলৰ আছে হেনো এক জন্ম ৰহস্য৷ ৰাতিৰ ৰাণী শেৱালি কেৱল ৰূপৰেই বিভূষিতা নহয়, গুণতো অনুপম৷ তথাপিও কোৱা হয় শেৱালিক বিষাদৰ প্ৰতীক৷
শেৱালিৰ আৱেগভৰা হাঁহিৰ আঁৰত থকা কি এই জন্ম ৰহস্য? কিয় কয় শেৱালিক বিষাদৰ প্ৰতীক?
আমি পঢ়িবলৈ পাইছিলোঁ যে– বিষ্ণু পুৰাণ মতে শেৱালি ব্যৰ্থ প্ৰেমৰ প্ৰতীক৷ বৰ্ণিত কাহিনীমতে পাৰিজাতক নামৰ এগৰাকী ৰাজকুমাৰীৰ সৈতে সূৰ্য দেৱতাৰ গভীৰ প্ৰেম আছিল৷ প্ৰেমৰ সাগৰত দুয়ো উটি–ভাঁহি ফুৰিছিল৷ কিন্তু দিন যোৱাৰ লগে লগে পাৰিজাতকৰ প্ৰতি সূৰ্য দেৱতাৰ আৰ্কষণ কমি আহিবলৈ ধৰে আৰু এদিন হঠাতে নিষ্ঠুৰভাবে পাৰিজাতকক প্ৰতাৰণা কৰি সূৰ্য দেৱতা আঁতৰি যায়৷ সূৰ্য দেৱতাৰ প্ৰতাৰণাত হৃদয় চূৰ্ণ–বিচূৰ্ণ হোৱা পাৰিজাতকে হেৰুৱাই পেলায় জীৱনৰ সমস্ত আশা–বিশ্বাস আৰু জীয়াই থকাৰ উ২৬৩াস৷ শেষত দুখৰ পৰিত্ৰাণ বিচাৰি তেওঁ বাচি লয় আত্মহত্যাৰ পথ৷ প্ৰতাৰিত ৰাজকন্যা পাৰিজাতকৰ মৃতদেহ সৎকাৰৰ পাছত ছাঁইৰ মাজত গজি উঠে এজোপা শেৱালি ফুলৰ গছ৷ অভিমানী প্ৰেমিকা পাৰিজাতকৰূপী শেৱালিয়ে পিছে কোনোকালেই নাচালে প্ৰতাৰক প্ৰেমিক সূৰ্য দেৱতাৰ মুখ৷ সেইবাবেই পৰম আৱেগেৰে হেঁপাহৰ পাহি মেলি ৰাতিবোৰ মায়াময় কৰি তোলা শেৱালিয়ে পুৱালৈ সূৰ্যোদয়ৰ পূৰ্বেই মাটিত সৰি পৰি পৃথিৱীক সাৱতি ধৰে৷ সেয়েহে শৰতৰ নিশা শেৱালিৰ চকুপানী নিয়ৰ কণিকা হৈ সৰে৷ আৰু তেতিয়াৰে পৰা বিশ্বাস কৰা হয় বিষাদৰ প্ৰতীক হেনো শেৱালি ফুল৷